বোন্দা এটা আহি মোৰ বিচনাৰ তলত সোমাই নোলোৱা হ’ল
কে’বাবাৰো লাঠিৰে খুচিলোঁ, পানী ছটিয়ালোঁ, ভগা ঢাৰি
কোবালোঁ।
ওহোঁ, তাক বিচনাৰ তলৰ পৰা উলিয়াবৰ সাধ্য নহ’ল।
বহুপৰৰ পিছত সি মুখ খুলিলে, তেতিয়াহে গমটি পালোঁ-
সি কথা ক’ব পাৰে। আগতে মোক কোৱা কল্কি অৱতাৰ কেতিয়া
আহিব! - হ’লোঁ অবাক। কল্কি অৱতাৰৰ স’তে তোৰ কি সম্পর্ক?
থৰ থৰ কৈ কঁপি কঁপি সি ক’লে, কিয় তোমালোকে জানো নোগোৱা
কলিৰ শেষত কল্কি আহি বোন্দামাৰ কৰিবহি... সেয়ে সতর্ক!
বোন্দাক মাৰিবলৈ এটা ন অৱতাৰৰ প্রয়োজনেই বা ক’ত?
বোন্দামাৰ নহয় হে’ৰ, শুনাতহে তেনে, ইট ইজ বুন্দামাৰ।
মোৰ হাঁহি উঠি গ’ল হঠাত অঁকৰা বোন্দাৰ পকোৱা কথাত।
কাণখোৱাৰ উচ্চাৰণ ভুল। জিভাখন ডাঠ খাই কলাখাৰ...
[পুণঃ
বোন্দা ওলাল তলৰ পৰা নিগনি দেখি চাঙত
ময়েই কল্কি তয়ে মেলেচ মৰিবি বুন্দামাৰত।।]