Sunday, November 4, 2018

সুধীবৃন্দ


১)
সুধীবৃন্দ
সুধীবৃন্দ
সুধীবৃন্দ

ৰ'ব সংলাপ পাহৰাৰ কথাই নাহে
আওৰোৱাই নহ'ল

আওৰোৱাৰ কথাই নাহে
শিকাই নহ'ল প্ৰক্ষেপণ কলা

প্ৰক্ষেপণ কলা দূৰতে থ'ক
সংলাপ লিখাই নহ'ল

সুধীবৃন্দ
এখন নিলিখা নাটকৰ অপৰিচিত মোৰ ভূমিকা

নাট্যকাৰ নাই
পৰিচালক নাই
আছে কেৱল অভিনেতা
সুধীবৃন্দ!


২)
লাইটটো নুমুৱাই দে, এবাৰ উশাহটো ঘূৰাই লওঁ
নহ'লেবা যৱনিকাখনকে এবাৰ পেলাই দে
নহ'লেবা এটা বিশেষ ঘোষণা হওক এইখিনিতে
ঠিক এইখিনিতে
কিছুসময়ৰ বাবে সকলো দৰ্শকে যেন চকু বন্ধ কৰি লয়
দুহাতেৰে কাণখন ঢাকি লয়
উশাহটো এবাৰ ঘূৰাই লওঁ
এবাৰ হামিয়াই লওঁ
এবাৰ এঙামুৰি এটাকে দি লওঁ
এইখিনিতে
ঠিক এইখিনিতে


৩)
লাইটবোৰ জ্বলি উঠিল
টলমল টলমল হাজাৰ চকু সন্মুখত
খৰখেদাত
মুখখন এবাৰ চাবলৈকে নহ'ল আইনাত  

নিৰিখিবৰ চেষ্টা কৰিছোঁ
আপোনালোকৰ হাজাৰ চকুত
বিক্ষিপ্ত প্ৰতিবিম্ব
মোৰ।



Saturday, November 3, 2018

নটসম্ৰাট


নান্দী সংগীতৰ পিছত আঁৰকাপোৰ উঠিলত
মই থিয় হ'লোঁ প্ৰখৰ পোহৰত
সহস্ৰ ৰং বিৰঙৰ শব্দৰে, অসংখ্য অভিব্যক্তিৰে
পৰিবেষ্টিত হৈ। ভীতি, আশা, অপেক্ষা।

যেতিয়া আঁৰ কাপোৰ নামি আহিল
প্ৰেক্ষালয় উদং হ'ল নিমিষতে
মোৰ সন্মুখত থকা প্ৰেক্ষালয়ৰ দৰেই সমূলি উদং হৈ
মই তাতে ৰ'লোঁ এটা অলিখিত পাণ্ডুলিপিৰে সৈতে।
অপ্ৰস্তুত। অকলে।

পিছে হয়
নাটকখনৰ কিছুমান শব্দ বতাহত তৰংগায়িত হৈ আছে এতিয়াও।
মোৰ কিছুমান আংগিক
প্ৰেক্ষালয়ৰ উদং চকীবোৰৰ বাহুত লাগি ৰৈছে
এতিয়াও।
মোৰ কিছুমান হৰ্ষ বিমৰ্ষৰ মুহূৰ্ত বৰষুণৰ টোপালৰ দৰে
প্ৰেক্ষালয়ৰ বেৰত থৰ থৰ হৈ ওলমি আছে
এতিয়াও।

ইমানেই।
মোৰ শূন্যতাখিনিৰ বাবেই সেয়াই একমাত্ৰ সন্তুষ্টি।
নাটকখন যে শেষ হৈ গ'ল তাৰ খেদ মোৰ আছে।
কেৱল নাটকেইতো নহয়, মোৰ সমস্ত অস্তিত্ব সাঙুৰি থকা
সেই তিনি ঘণ্টা সময়ৰ শেষ আছিল অৱধাৰিত।
এয়ে মোৰ শেষ।

মোৰ অস্তিত্বৰ একোটা নিৰ্যাস সহস্ৰজন দৰ্শকে
লগতে লৈ গ'ল।
মোৰ এই এক একক অস্তিত্বক বিলাই দিয়া হ'ল
এটুকুৰ এটুকুৰ কৰি হাজাৰ দৰ্শকৰ জীৱনলৈ

হয়তো
তেওঁলোকৰ স্মৃতিলৈ।

[কুসুমাগ্ৰজ (বিষ্ণু ৱামন শিৰ্ৱাডকাৰ, ১৯১২-১৯৯৯)
"নটসম্ৰাট" চিনেমাখনৰ শেষ অংশত থকা নানা পাটেকাৰৰ আবৃত্তিৰ আধাৰত।]