Saturday, June 24, 2017

কাণখোৱাৰ দুমহলীয়া ভাড়াঘৰত

তলৰ মহলাত থাকে মানুহজন,
ওপৰৰটোত থাকে কবিজন।
মানুহজন অমায়িক, কবিজন আক' উদণ্ড।
দুয়োৰে বিৰোধৰ মাজত শান্তি নাই দুদণ্ড।
মানুহজনে ভাবে মোৰ বাবে পৃথিৱীত কাৰোৱে
ক'তো একো অসুবিধা নহওক,
কবিজন বৰ্ণ টু ডিষ্টাৰ্ব! স্থিতাৱস্থাবিৰোধী কবিয়ে
অশান্তি কৰি মাৰে চুবুৰিটোক।
সকলোৱে কোৱাকুই কৰি থাকে
ইমানেই অমিল যিহেতু বেলেগে বেলেগে থাকিলেই হ'ল;
একেলগে থাকিব কিয়নো লাগে?
পিছে বুজি নাপায় মানুহবোৰে -
কবিজন থকালৈকেহে মানুহজন মানুহ
আৰু মানুহজন থকালৈকেহে কবিজন কবি।

[পুণ: -
মানুহবোৰে কোৱাকুই কৰি থকালৈকেহে কাণখোৱাই ঘৰটো ভাড়ালৈ দিয়ে
পিছে কাণখোৱা নিজে বা ক'ত থাকে!]