Tuesday, May 16, 2017

থেৰো গেৰো (চনেট)

প্ৰেমত মধ্যম পন্থাৰ কোনো স্থান নাই।    
একেটা সূত্ৰতেই মধ্যম পন্থা নাখাটে  
কবিতাত। কবি হোৱাৰ কোনোটো পথতে    
অকবি হোৱাৰ অৱকাশ মুঠেই নাই।    

থাকিলে হেৰুওৱাৰ ভয়, প্ৰেম হেৰায়।
থেৰো গেৰো খোজে নিব নোৱাৰে কোনো বাটে।     
সৎ কিম্বা অসৎ। নৰয় একো তাৰ মাজতে।    
আচলতে ৰাজনীতিতো সূত্ৰ একেটাই।    

বুৰালে আপাদমস্তক বুৰায়, আৰু নুবুৰালে নাই।   
ভাললগাৰ দুবৰি ভালপোৱাৰ পথাৰত নগজে ।
ভ্ৰমণৰ কথা ভবাৰ লগে লগেই আৰম্ভ হৈ যায়  
ভ্ৰমণ প্ৰক্ৰিয়া। ওভতনিৰ আকাংক্ষাও য’ত নৰজে।  
বাৰু, জীৱন এটাকো জানো কোনোবাই আধাকৈ জীয়ায়?   
খুশ্ৰুৰ নদীখনত পাৰ নুবুৰিলে নাপাবা সহজে।    


Sunday, May 7, 2017

চাতকৰ দেশ [চনেট]

অজীণপাতকী ৰ'ল। আচিন সাধক।   
"নেলাগে নিজৰা জুৰি নেলাগে সাগৰ  
বাট চাই ৰ'ম মই নেলাগে ভাগৰ"...  
ওষ্টাগত প্ৰাণাকুল। চৰাই চাতক।।    

তথাগত চাতক কি নতুন জাতক?  
"দেখিছোঁ ধাৱমান সৌ আকাশে ডাৱৰ
নক'বা আজি মোক সময় যে তাকৰ"...  
জীৱন তৃষা সন্ধানী - আপোন ঘাতক।

গুৰু গুৰু গুৰু সেয়া মেঘে গৰজিছে...    
নিজে গঢ়িলি চাতক নিজৰে ফাটক।  
ৰুণু জুনু ৰুণু জুনু মেঘে বৰষিছে,   
লহেপহে গছে ছন্দে তুলিছে পুলক -  
সুদূৰ বিদেশে যে। এই দেশেও পিছে   
আকূল প্ৰাণেৰে কেৱে মেঘক মাতক...।।  


Thursday, May 4, 2017

তিলক কামোদ আৰু কুলিয়ে পদা আম

দীপ সন্দীপ তালেৰে তিলক কামোদেৰে গায়কে গালে
...আমৰ ডালত বহি কুলিয়ে গালে
                তনিক না আৱত চেন...
ইফালে কাণখোৱাই থেনথেনালে

তাই হেনো কুলিয়ে পদা আমটোহে খাবলৈ দিলে।।   


ধনশ্ৰী (চনেট)

ছাগামাপানিছা… সখি আজি তুমি কাৰ ছবি আঁকিছা?   
পিঠিত তুলি সৌৱা যক্ষৰ চিঠিৰ মেটমৰা বোজা    
আকাশত অম্বুদ ৰথৰ কাজলবৰ্ণ জয়ধ্বজা    
কেনে ৰাজসিক গম্ভীৰ গতি তুমিতো সেয়া দেখিছা !!   

বুঢ়া মেথাই মূৰ তুলি চাইছে আকাশ একোবাৰ    
এফালৰ পৰা গুমৰি আহিছে এন্ধাৰৰ উছৱ।   
এয়া যে সত্যৰ আগমনী। উঠিছে নতুন গুজৱ-     
এই এন্ধাৰ কাৰাগাৰৰ শিকলি খহোৱা এন্ধাৰ।     

কেনেকৈ এন্ধাৰ হৈ আহিছে চা এই ভৰ দুপৰীয়াতে  
কেনেকৈ যে ৰাগীয়াল আজি ধনশ্ৰীৰ এই দুপৰীয়া!
ধন মোৰ, ভালপোৱাৰ কথাখিনি কৈ পেলাম ইয়াতে  
পানী পাই যেতিয়ালৈ লহপহ হ'ব মাটিৰ ঢেঁকীয়া…   
(মানুহে বুজি উঠে মানে জ্যোতিৰ উঁহ থাকে আন্ধাৰতে) 
আমি নিজকে ফুচুলাম - আমাৰ আলাপৰে ফল সেয়া।।   

Ragmala: Dhanashree

ইমনৰ আবেলি

আবেলিটোৱে ছহিদ স্মাৰক মৌন শোক সভা পাতিব খুজিছে
ক’লাই ছানি অনা আকাশ আমিয়েই পোহৰাই ৰাখিম বুলি
আপ্ৰাণ যুঁজি যুঁজি
এতিয়া বোকাত লুতুৰি পুতুৰি হৈ আছে যোদ্ধা সোণাৰুৰ ফুল

মন ভাল লগা বিষাদৰ জামৰি পৰা মালা এধাৰি
লিৰিকি বিদাৰি
উচুপি আছে ইমন কল্যাণ

বৰষুণৰ শেষত সকলো ৰৈছে স্থিৰে

মাথোঁ মূৰ দুপিয়াই শুনিছে কচুপাতবোৰে।।  



Wednesday, May 3, 2017

ভূপালী

সুৰফাক তালেৰে পাখোৱাজ বাজিছে

দেওপাহাৰৰ টিঙকো দেই আহি
মোৰ বাৰীৰ তামোলজোপাত লাগি ৰয়হি
যি
মেঘালী

চতুৰংগৰ লহৰি তুলি
আজি হৈ উঠিছে বাউলী

আকাশ আগুৰি আগুৰি ছানিছে ভূপালী

কালিদাসৰ এশ এঘাৰটা স্তৱক
অছিল তোৰ বাবেও
তোৰ বাবে আছিল
ৰবীন্দ্ৰনাথৰ দুহেজাৰৰ মাজৰ এহেজাৰ গীত
মেঘালী

হাতীৰ কাণ ঘোঁড়াৰ কাণ
কাণখোৱাৰ ঘৰ থান বান

অনাহক মন বেয়া লগাবোৰ পুলিয়ে পোখাই উঘালি 
মহতীয়াই নে, আজি মহতীয়াই নে

মেঘালী।।

Etching: Samudra

Monday, May 1, 2017

মৰম

গহৰা গজাদি বাঢ়িছে মৰম  

ক্ষোভে অভিমানে কাটিছে কাল 
বাৰীৰ ক'লা কচু কাটি হে ৰাম 

শেষ বাৰিষাৰ আহুকাল 

শেলুৱৈৰ দৰে মৰমে ছানি ধৰিছে 
অহংকাৰৰ ঘৰ কাণখোৱা


জেকনি লাগি দুৱাৰ বেৰ খহিছে...  


টাটু

আহ ধুমুহা তোক বুকু পাতি লওঁ
হতাহতিত হৰুৱা
তোকেই মো ডাকোৱাল পাতি লওঁ 

গছ এজোপা উঘালিয়েই তো অতপালি
এইবাৰহে পিছে শ’লঠেকত পৰিলি

আহ ধুমুহা, তো দুবাহুত মো নামটো
টাটুৰি থওঁ ...

Art: Neelim Mahanta



আহ্বান

মোৰ উৰুখা চালেৰে সৰকা তুমি এটোপাল নিঠৰুৱা পানী

তুমি মাটি গোন্ধোৱাই যোৱা এটা বিৰাট কোলাহল
কচুপাতৰ ডিঙি মুচৰি যোৱা এটা উৎসৱ
ধনশিৰিৰ পাৰত তুমি এটা আকস্মিক খুন্দা


আহা নিজকে নিঃস্ব কৰি তোমাক ধাৰণ কৰোঁ।। 


মেটেকা ফুল

বুঢ়াটোৱ কলমৌ খাওতেই
নগৰখনত জুই লাগি যোৱা কথাটো যদি সঁচা
তেনেহ’লে মোৰ কথাটোও সঁচা

এতিয়া মোৰ কথা কেনেকৈ বিশ্বাস নকৰকৈ থাকা চাওঁ

শিয়ালীৰ কাণখন কাটি
তুমি যদি চাকি এগছি জ্বলাব পাৰা
আৰু যদিহে শুই শুই মই বগৰি এজোপা 
ৰুব পাৰোঁ বুলি মানিব পাৰা

মই কোৱা কথাবোৰ তুমি নেমানি পাৰিবানে বাৰু

মেটেকা ফুলৰ গোন্ধ পোৱাৰ পিছতো
কিয় যে তুমি মোৰ ঘৰটো বিচাৰি নাপাওঁ বুলি কোৱা

তুমি মন মাৰি থাকিলেই যদি
তামোলৰ ঢকুৱা সৰে
জোনাকি পৰুৱা জ্বলে

তেনেহ’লে মই তোমাৰ কথা ভাবিলেই
মেটেকা ফুলাৰ কথাটোও সচাঁ

মেটেকা ফুলৰ গোন্ধ পোৱাৰ পিছতো

 কিয় যে তুমি মোৰ ঘৰটো বিচাৰি নাপাওঁ বুলি কোৱা...

A backdrop from the performance "Jetuki Bai"