Saturday, August 7, 2021

মোৰ দেশ

 

এদিন শুই উঠিয়ে ভাবিলোঁ
মোৰ দেখোন দেশ নাই!
এই অসম দেশ মোৰ দেশ নহয়, এই ভাৰত বা ইণ্ডিয়া
যি নামেৰেই নোবোলা ইয়ো মোৰ দেশ নহয়।
তেন্তে মোৰ দেশখন ক’ত?
প্ৰতিজন মানুহৰে গাইপতি একোখন দেশ থকা উচিত।



জোন

 কি হয় সেইটো বুজাবলৈ সি কি নহয় সেইটো

মন কৰিলেও হয়। দৰ্শনৰ (তৰ্কবিদ্যাৰ) তত্ব।

কি প্ৰয়োজনীয় সেইটো বুজাবলৈ কি প্ৰয়োজনীয় নহয়

সেইটো হিচাপ কৰিলেও হয়।

ভাড়াঘৰ সলনি কৰা মানুহে এইটো আটাইতকৈ ভালকৈ বুজে।

 

সাধাৰণীকৰন উচিত নহয় বুলি জানিও এই কথা ক’বই পাৰোঁ-

একোৰে একো কামত নহা বস্তু এবিধ

আমাৰ সকলোৰে জীৱনত আছে

সি হ’ল এই জোনটো

জোনটো নাথাকিলে আপোনাৰ জীৱনত কি সলনি হ’লহেতেন?

পূৰ্ণৰূপত জোনটোতো সদায়ে নাথাকে

অমাৱশ্যা বুলিয়ে কোনোবা ক’ৰবাত আওমৰণে মৰিছে নেকি?

জোনহীন পৃথিৱীত

মোৰ কি হ’লহেতেন? তাইৰ কি হ’লহেতেন? আপোনাৰ একা?

এই পৃথিৱীখনৰেই বা কি হ’লহেতেন?

তথাপি জোনটো থাকিল। আছে।

 

নিজৰ মতে।

তয়ো থাক।

শালিকী এ ৰতৌ তৌ

থাক থাক থাক।। 




পাহৰন

 মই তোমাক কাহানিও পাহৰিব নোৱাৰিম

এই কথাষাৰকে ক’বলৈ তোমাৰ ঘৰলৈ গৈছিলোঁ।

কিন্তু কেতিয়া গৈছিলোঁ তাৰ দিন-বাৰ-তাৰিখ

মোৰ মনত নাই

পাহৰিলোঁ।

 

(মিচিং কবি নৰহৰ কবিতাৰ অসমীয়া অনুবাদ]

#কাণখোৱাৰঅনুবাদ




গোপন

 কথা আছিল কথাবোৰ

আমাৰ কথাবোৰ

মানে আমাৰ নিজৰ মাজৰ কথাবোৰ

তেনেকৈয়ে থাকক। নিজৰ মাজতে। গোপনে।

কিন্তু মই যে কবি। আৰু তুমি?

তুমিতো কেৱল মোৰ নহয়, তুমি কবিৰো প্ৰেমিকা।

মোৰ যেনেকৈ তুমি, মোৰ মাজৰ কবিজনৰো তুমি! 

মই কবিয়ে এটা কবিতা লিখিলোঁ।

মই কবিয়ে এটা কবিতা লিখিলে।

(থাৰ্ড পাৰ্ছন চিংগুলাৰ নাম্বাৰ- সেয়া বৈয়াকৰনিকৰ বিচাৰ্য)!

এতিয়া কবিতাটো সকলোৰে

আমাৰ কথাবোৰ সকলোৰে।

তুমি মই আমি সকলোৰে।

 

[আৰ্জেণ্টিনাৰ কবি জুৱান অ’ৰ’জক’ৰ (Juan Orozco) কবিতাৰ অসমীয়া অনুবাদ]

#কাণখোৱাৰঅনুবাদ




আমি

 বহুসময় হ’ল তুমি আৰু মই

নদীবোৰৰ পাৰত বহি আছোঁ

বহুসময় হ’ল তোমালোক আৰু মই

মুকলি আকাশবোৰৰ তলত বহি আছোঁ

বহুসময় হ’ল তোমালোক আৰু আমি

ঘাঁহনিবোৰত বহি আছোঁ

 

আমি একেলগে আছোঁ।

 

[পাৰস্যৰ কবি হাতিফ ফাৰুকিৰ কবিতাৰ অসমীয়া অনুবাদ]




এটা মৌলিক কবিতা

 প্ৰ’ষ্ঠেটিক হৃদয় এখন লৈ

মৌলিক কবিতা এটা লিখিবলৈ বহে কবি

পিছে হৃদয়ৰেতো আৰু কবিতা নিলিখে

মগজুত কিলবিলাই উঠে সমালোচক শব্দ

কবিতা যদি লিখিবই লাগে কবিতা মৌলিক হ’ব লাগে

কবিয়ে খুচৰি চায় অভিধান আৰু বিশ্বকোষ

মৌলিক বুলি কোনো মৌলিক শব্দ

কবিয়ে বিচাৰি নাপায়।


[চেকোস্লোভাকিয়াৰ কবি জোচেফ ৱেইনাৰৰ কবিতাৰ অসমীয়া অনুবাদ (Josef Weiner, Czechoslovakia)]





জেঠী

 একোৰেই যত্ন লৈ নাপালোঁ-

না নিজৰ দেহাটোৰ, না বেদান্তই দিয়া কলমটোৰ

মন্মীতে জন্মদিনত দিয়া জলকীয়া পুলিটো

পানী নাপাই দুদিনতে মৰহিছিল। 


কুকুৰ পুহিব নোৱাৰোঁ, মন গ’লেও নোৱাৰোঁ

কাৰণ আবদাৰ বিচাৰে, বিচাৰে আদৰ

(এই হেন উখৰা দেহজমিত সেয়া আৰু ক’ত)?

মেকুৰী পুহিব নোৱাৰোঁ, জানাইতো স্বৰূপ, 

নাকাৰ-ডেমাকীয়ে মোৰ মে’ল ইগ’ নামানিব ধূৰুপ।


ভগৱান এজনাকে পুহিম বুলিছিলোঁ, বিচাৰি পাবলৈ টান।


সেয়েহে এইবাৰ নিজগুণে আহি আৱিৰ্ভাৱ হোৱা 

জেঠী এজনীকে পুহিছোঁ।

সৌৱা কাণখোৱাৰ ঘৰৰ 

ৰান্ধনীশালৰ বেৰত আপোনমনে গৃহগোধিকা;


আৰু এইফালে মই হাৰাধনলৈ মনত পেলাই গুণগুণাও

‘তুমি যা দিয়েছো আপন মনে এবাৰ সকল ফিৰে নাও’…




কণিকিয়া

আজি গোটেই দিনটো বৰষুণে কেৱল কণিয়ালে।   

গুলঞ্চজোপাৰ ফুলবোৰে চোতালত বুটা বাচিলে  

(সৰি যোৱা ফুলৰ বাবে গছে দুখ নকৰে কিজানি!)।    

দূৰে-নিকটে টোপালবোৰৰ ডল্বি-ডিজিটেল ধ্বনি।   

অলেখ শব্দবৈচিত্ৰ্যৰ কোলাহলৰ মাজতো শুনি 

শব্দহীন গান এটাৰহে নিৰন্তৰ গুণগুণনি।   

পুণৰ্জন্ম নামানো, যদি পাওঁ তেনে কিহবাৰ গম,  

অহাটো জনমত কচু হ’ম, অথবা ঢেকীয়া হ’ম।    





ৰুণুমীৰ ব’হাগ ২০২১

 মাকোটো সোমোৱাদি সোমাল ব’হাগ মাকোটো ওলোৱাদি ওলাল। 

গুণীৰ গুণ গুণগুণাই, ব’হাগ-গুণাসূতাৰ ঘূণ নমনি।    

আঙুলিৰ নখত দাগ। তেনেই উখামুখা মাকোহাত চলিল।

এতিয়া ঘূণীয়া গুণা যোৰা দিওঁতেই এপৰ যাব অ’ ৰুণুমী!




গানৰ বাইদেউ

 আপুনি যেতিয়া আমাৰ সন্মুখত গান গাই আছিল, আপুনি তেতিয়া ক’ত আছিল?

ধূলিয়ৰি বামৰলী তেতিয়া পৃথিৱী ৰঙা কৰাৰ আখৰাত মগ্ন।

আপোনাৰ আঙুলিবোৰে হাৰমনিয়ামটোৰ ৰীডখিনিৰ ফালে আপোনাক টানিছিল।

আপোনাৰ চকুদুটাই সযতনে আপোনাৰ নশিকাৰু সকলক নিৰিখিছিল।

আপুনি আমাৰ চকুবোৰলৈ চাইছিল, আমাৰ মনবোৰলৈ ভুমুকিয়াইছিল।

আপোনাৰ সুৰত সুৰ মিলাবলৈ গৈ আমি আমাক পাহৰিছিলোঁ।

আপোনাৰ ওঁঠ দুটিয়ে আপোনাক টানিছিল সন্মুখত থকা প্ৰচেনিয়াম বক্ৰৰেখাৰ ফালে।

আপোনাৰ ডিঙিত ভাঁজ এটা হৈছিল। থুতৰি আৰু কপাল একেটা উলম্বৰেখাত নাথাকিছিল।

যত্নৰ আঙুলিবোৰ, যত্নৰ চাৱনিবোৰ, যত্নৰ ওঁঠযুৰি দেখিছিলোঁ।

আপুনি আমাৰ সন্মুখতে আছিল।

দেহৰ বনত কুলিৰে সুহুৰি কঁপিলে

গান এটা ঘটিছিল। সেইখিনিতে জন্ম হৈ সেইখিনিতে মৰা গান এটা।

যত্নৰ আঙুলিবোৰ, যত্নৰ চাৱনিবোৰ, যত্নৰ ওঁঠযুৰি দেখিছিলোঁ,

দেখি তধা লাগি ৰৈ ভাবিছিলোঁ

আপুনি তেতিয়া ক’ত আছিলে

যেতিয়া বনৰ ফাগুন আহিলে…

আপুনি সেইখিনিতে আছিলে

বা, আমি তেতিয়া ক’ত আছিলোঁ? আপুনি হয়তো জানিছিলে…