Monday, October 19, 2015

দহ্যমান

Image from Sananda Mukhopadhyay
(ক)

মোৰ এই শৰীৰটোত যেতিয়া জুই দিবা
উৎসৱ মূখৰতাত চহৰখন ৰজনজনাই যাওক
ল'ছালিহঁতে কীৰিলি পাৰক।
ফটকা ফুটাওক নগৰবাসীয়ে, বাধা কাকো নিদিবা।

আতচবাজীৰে আকাশখন ছানি ধৰক
উঠকচোন বাৰু হৰিধ্বনিৰ কলৰৱ...

প্ৰচণ্ড বিষ্ফোৰেণেৰে
বিৰাট শাব্দিক আলোনেৰে  
তুমুল কোলাহলেৰে
মই
ধ্বংস হৈ যাম

মই নষ্ট হৈ যাম। মই শেষ হৈ যাম।
মই জ্বলি পুৰি ছাই হৈ যাম।
নিঃশেষ হৈ যাম।

Image From Ram Rahman

(খ)

এই যে আজন্ম বহন কৰি আহিছোঁ এই মোৰ শৰীৰ... 
আহ্লাদেৰে
উল্লাসেৰে
ই শেষ হওক, ই শেষ হৈ যাওক... 

আনন্দৰ শেষ সীমা বুলিবলৈ ইয়াতকৈ বেছি আৰু কি লাগে?

Image From Ram Rahman

(গ)

এই যে মই জ্বলি যাম, জ্বলি শেষ হৈ যাম মই,
এই যে নাইকিয়া হৈ যাম মই

এই যে নাইকিয়া হৈ যাব মই

মোৰ মই

মোৰ
মই

মোৰ ভিতৰৰ... মোৰ মাজৰ মই...

(বুজিছেনে বাৰু, 'মোৰ' কথা কোৱা নাই কিন্তু,
কৈছোঁ 'মই'ৰ কথা) 

তাৰ পিছত

ক'ত বিচাৰি পাম মই মোক
মোৰ
মোক 

ক'ত পাম?
Image source: Internet


(ঘ)

এই যে শত্ৰুতা, তোমাৰ স'তে মোৰ, ঈশ্বৰ
এয়া আন একো নহয়, মাথোঁ, মোৰ স'তে মোৰ...

(ৰাৱণ কথা ১৩)
Image source: Internet


Image source: Internet

Image source: Internet



Image source: Internet


Image source: Internet

Friday, October 9, 2015

জোনাকী বন

দুডৰা বাঁহনিৰ মাজেদি দূৰণিৰ পথাৰখন
মনি কি নমনি
জিলমিলাই জোনাকীয়ে বঢ়াইছে এন্ধাৰৰ সৌষ্ঠৱ
ইমানকৈ জিলিকেনে সোন?
ইমানকৈ জিলিকেনে ৰূপ?

দীন মই হীন মই
ধনী নহ'লোঁ, দানী নহ'লোঁ দিবলৈ একো
যি বা আছিল, নিব খুজিলে
নিব পাৰিলিহেতেন মোৰ উদং কৰি থৈ বুকু

জিলিৰ অৰ্কেষ্ট্ৰা মন দি শুনিছোঁ
এন্ধাৰতে জীণ যাবলৈ এৰি দিছোঁ নিজকে

বাঘো নহ'লোঁ, ছাগো নহ'লোঁ
তিৰবিৰকৈ জ্বলিবলৈ এন্ধাৰতো চকু
মাথোঁ জিলিকি থকা এন্ধাৰৰ হেজাৰ চকু দেখি
ভাবিছোঁ
ইমানকৈ জিলিকেনে সোন?


ইমানকৈ জিলিকেনে ৰূপ?