Monday, July 15, 2013

মৈত্রেয়ী (চনেট)



তোমাক ক'ব খোজা কথাষাৰনো মই ক'ত কেনেকৈ ক'ম? 
নদীৰ পাৰত ক'লে নৈয়ে শুনে, হাবিত ক'লে বিৰিখে শুনে। 
অৰঙে দৰঙে গা ঘেলাই ফুৰা নৈ চৰিত্র কি বখানিম?  
জানাইতো সকলো, বিৰিখৰো যে বতাহৰ স'তে মেল জমে।

বাৰে বাৰে কিবা এটা ক'ব খোজোঁ এটি দুটি কবিতাতে    
নিশকতীয়া কবি মই, মোৰ কবিতাৰোতো কোনো ভাৰসা নাই
আজিলৈকে একো কামেই কৰিব পৰা নাই ঠিকমতে
কাৰো অশ্রু মচিব পৰা নাই, ক'তো জুই নুমুৱাব পৰা নাই  

যিমানে খুলি দিওঁ হাতৰ মুঠি, ঘূৰি মোৰ এন্ধাৰলৈকে সোমাই আহে
নিজতে গুজৰি নিজতে গুমৰি মোৰ কবিতা নিজতে জামৰি পৰে  
মোৰ শব্দবোৰ কেনেকৈ জিয়াব বাৰু তোমাৰ উশাহৰ উম নাপালে?  
মোৰ কবিতা হৈ পৰিল নন বায়োডিগ্রেডেবল্‌ আৱর্জনাৰ দৰে  

নগৰে চহৰে ঘূৰি ঘৰে ঘৰে বহু দুৱাৰত টুকুৰিয়ালে   
তোমাৰ তেজৰ বাটটোহে মোৰ কবিতাই আজিলৈ নিচিনিলে।  

ৰং




ৰং অলপ ধাৰলৈ দিয়া। এদিন
জীৱন দি সুজিম ঋণ

কাণখোৱা পলাশ বনলৈ গ’ল
হাত পাতিলে শিমলুৰ কাষত
ব’গেনভেলিয়াৰ চুবুৰিলৈ গ’ল
নামী অনামী বননিত পাতিলে হাত

সকলোৱে একেটা কথাকে ক’লে- 

হে’ৰ কাণখোৱা ধূঁৱাখুলীয়া
মাটি শুঙি চা
মাটি শুঙি চা

ভৰিৰ তলৰ মাটি বিচাৰি
শূণ্যত ওপঙে কাণখোৱা

   (হুঁ! ধাৰ সুজিবলৈ আহে!!!)

আকৌ জোনৰ বাবে জোৱাৰ উঠিছে





আকৌ জোনৰ বাবে জোৱাৰ উঠিছে। জোন নির্বিকাৰ।
এতিয়া মোক তীখৰ তৰা এটা লাগে
সাগৰৰ বাতৰি লৈ গৈ যিয়ে টুকুৰিয়াব জোনৰ দুৱাৰ।
মেঘবোৰ বেছিয়ে চঞ্চল, সিহঁতলৈ লাজ লাগে।

মই যে সাগৰ,
নিজতেই গুজৰি নিজতেই গুমৰি সমাধিস্থ বাৰম্বাৰ 
নিজকে পোৱাৰ খবৰ সুধি উত্তৰ দিওঁ নোপোৱাৰ

মেঘৰ স’তে নেখেলিবি জোন, সিহঁতৰ
কোনো ভৰসা নাই
তাতকৈ আহ পাৰি দে তোৰ ৰূপালী চাদৰ
বহুদিন মোৰ চকুত টোপনি নাই

হয়তোবা এই ডিছপোজেবল্‌ কবি



শুনিছোঁ বহুতো তৰা আছে এনে 
যাৰ এঢিমিকি পোহৰে আহি পাই
তোমাৰ চকুত ধৰা দিয়েহি মানে
ইতিমধ্যেই সিহঁতবোৰ জ্বলি পুৰি ছাঁই 

আজি যি সুগন্ধিয়ে তোমাৰ দেহাটি শুৱায় 
সেই সুগন্ধিৰ ফুল
কোন কাহানিবাই
নিঃশেষিত হ’ল

মোৰ কবিতাই যিদিনা তোমাক বিচাৰি উলিয়াব
আৰু হয়তোবা তোমাৰ মন নিব হৰি
তেতিয়ালৈ নিঃশেষিত হৈ যাব
হয়তোবা এই ডিছপোজেবল্‌ কবি

টোপনি




তোৰ যে টোপনি নাহে
তোৰ বাবে নিচুকণি গীত এটা ৰচিবলৈ লৈছিলোঁ।
কিবা নহয় কিবা কাৰণত সেইটো বাৰে বাৰে আধৰুৱা হৈ ৰয়।
এৰাতি গ’ল
দুৰাতি গ’ল
ছন্দ নিমিলা হ’ল।
আজি বহুৰাতি মোৰ চকুত টোপনি নাই।

ফাগুণ মোৰ আহবায়িত নির্যাতন



অ’ তই আহিলিয়েই হবলা
হঠাৎ যে নৈশব্দৰ কোলাহল... 

অই আহিলেই মোৰ পদূলি উৰুঙা হয়
হাতত হাত থ’লেই তই নিঃসংগ হৈ পৰোঁ মই
বুকুত তই সাবটি ল’লেই দূৰত্ব বাঢ়ি আহে
মোৰ নিজৰ পৰা নিজলৈ
                                                               
তোৰ বাবেই মই নাৰী হ’লোঁ
হেইনাৰ মূলাৰৰ দূৰন্ত আশা

তোৰ অবাধ্য হাতৰ পৰশত মই লাঞ্ছিত হওঁ
নিজৰ ভিতৰতে নিজেই নিঃশেষ হৈ যাওঁ

তই কোৱা প্রতিটো কথাতে মই শব্দহীনতাত ভূগোঁ
বুকু উজাৰ কৰি দিয়া ভালপোৱাৰ পিছত
আৰু একো বাকি নাথাকে
মৃত্যু
কিম্বা
জীৱন

আহ ফাগুণ। মোৰ দুৱাৰ খোলা।
বাধা দিব পাৰি জানো তোৰ অবাধ অভিসাৰ?

মৃত্যু


(ইৰম শর্মিলাৰ প্রতি)

মৃত্যু, তই তেনেই নিশকতীয়া হ'লি এথোন
তোৰ কোলাত আশ্রয় লব'লৈকে টান।
অথবা অতিকে কঠিণ তোৰ আকোৰগোজালি,
পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীকে সাবটি ল'ব নোৱাৰিলি।
মৃত্যু, হে'ৰ অনন্তৰ অপৰাজেয় বীৰ
ভাৰতীয় সেনাবাহিনীৰ সন্মুখত তই তেনেই লজ্জিত আৰু নতশিৰ; 
তোৰ নিজৰ বচন ফাকি আঁওৰাব নোৱাৰ আজি ভাৰত ৰাষ্ট্রযন্ত্রৰ ভয়ত।
মৃত্যু, যদিহে তোৰ ভাও নির্ভৰ কৰে মানুহৰ চকুপানীৰ ওপৰত,
এইবাৰ তোৰ অভিনয় হ'ব বৃথা, আমি আৰু নাকান্দোঁ তিলমাত্র।
আজি তই মনুষ্যত্বৰ ইতিহাসৰ পৃষ্ঠাৰ এটা ক্ষুদ্র দাগ মাত্র।

মৃত্যু, নাকেৰে উজাই পেটলৈকে নিয়া এডাল কৃত্রিম খাদ্যনলীতে তই আবদ্ধ।
আজি সময়ো সেয়ে স্তব্ধ ।
ইউনিফর্ম পৰিহিত মানুহবোৰহে আজি মাথোঁ সশ্চল,

আচলতে যাৰ আত্মাৰ মৃত্যুৰো হৈ গৈছে বহুকাল 

ইৰম শর্মিলাৰ কবিতা- শান্তিৰ সুবাস


জীৱনৰ সমাপ্তিত
মোৰ এই নিষ্প্রাণ দেহাটো
লৈ যাবা দেই
কুব্রু পিতাৰ মাটিত থাপি দিবাগৈ।

কুঠাৰেৰে কাটি কোৰেৰে খান্দি সকলো প্রকাৰে
নিঃশেষিত কৰা মোক
মোৰ মৃতদেহ জ্বলন্ত শিখাৰ মাজৰ ছাই হৈ ৰওক
আত্মা পূর্ণ হৈ ৰ'ব মোৰ প্রতিবাদী অন্তর্সত্বাৰে

নিশ্চয় শুকাই নিঃশেষিত হ’ব বর্হিসত্বা মোৰ,
মাটিৰ তলতে পচি যাওক মোৰ শৰীৰ
ভবিষ্যৎ প্রজন্মৰ প্রয়োজনত কোনো উপাদেয় হৈ উঠক
মোৰ এই শৰীৰ ভাবীকালৰ খনিজাত ধাতু হৈ উঠক।

মোৰ জন্মস্থান কাংলেইৰ মাটিৰ পৰা
অনাগত যুগ যুগান্তৰলৈ
শান্তিৰ সুবাস মই বিয়পাই দিম
বিশ্বজুৰি ই বিয়পি পৰিব এদিন।






বিহুৰ বতৰত বব ডিলান



(বাতৰিঃ ব্রহ্মপুত্রও শুকাই আহিছে)


কিমানটা ঢোলে একেলগে গৰজিলে মেঘে ওন্দোলাই আনে
কিমানজনী নাচনীয়ে একেলগে নাচিলে পৃথিৱীও কঁপে
কিমানখন শালৰ গৰকাৰ চাবে ধূলিৰ ধুমুহা আনে 
কিমানটা গগণা বা একেলগে বালে বা-ত গছপাত সৰে

ডিলান, জানো, সকলোৱে জানো, বতাহতে বাতৰি উৰে

যি বতাহত টাকুৰি ঘূৰে, যি বতাহত নাচনী ঘূৰে 
ঘূৰি মেৰপাক খায়, মাথোঁ মেৰপাক খায়
পুঁজিপতিৰ আঙুলি ঘূৰে

কেইঘৰত ঢেঁকীয়ে খুবলি খুন্দিলে মানুহ সাৰ পাই উঠে

হে’ৰ ককাই, অ’ ৰাংঢালী বাই
তহঁত সাৰে থাকোতেই দেখোন বৰলুইত শুকায়