Sunday, April 30, 2017
Friday, April 28, 2017
বৰষুণে তিয়াই মাটি কৰিছে জীপাল (গান)
এন্ধাৰত
শব্দই পায় প্রাণ
টোপ টোপ
চকুলোৰ ছন্দতে তোৰ
জাগে মোৰ
গান...
বৰষুণে তিয়াই মাটি কৰিছে জীপাল
লুণীয়া চকুলোৰে তোৰো তিতিছে দুগাল।
তাতে নো কি সোণ ফলে
তাতে নো কি ফল ধৰে
হাতৰ তলুৱাত মোকো দি দে এটোপাল
তাৰ
দি দে এটোপাল...
অথলে যাব নেকি এই মুকুতা ধাৰি
যতনে গোপনে ৰখা নোকোৱা কথা
হিয়াৰে তাপত গলি আহে নিগৰি
এন্ধাৰতে তাক জাহ যাব নিদিবি...
টোপাল টোপাল গণি পোৱাল মণি
তোৰ চকুলোৰে হ’ম মই যে ধনী
নৈ হৈ যদি বয় দুচকুৰ পানী
তাতে মই বাই যাম সাহ তৰণী...
![]() |
| Artist: Jesingpha |
মল্লাৰ
হঠাৎ সুলকি পৰিল মেঘৰ চঞ্চল খোপা
গিৰিসাই উঠিল বিৰিণানিত ঢোল
কালিৰ কথাই তোমাক বেছিকৈ বিচলত কৰে
নে কাইলৈৰ কথাই
আহা কাইলৈক পাহৰি
অলপ জী লওঁ
মাজনিশাৰ এজাক ধাৰাষাৰ মূর্ছনা
মই যেন এটা ডিছপ্রিনৰ বড়ি হওঁ
ঢোলৰ মাত তানপুৰাৰ মাত
ঝিলীৰ পাখি বাজে আৰু বাজে ভেকুলীৰ ডিঙি
তোমাৰ দেহছন্দত মই বুৰ যাব খোজোঁ
লীণ হ’ব খোজোঁ তোমাৰ
ওঁঠৰ কম্পনত
নিজকে সাঁচি থ’ব খোজোঁ তোমাৰ চকুৰ পতাত
পাহৰণিৰ হাঁচতিত ৰৈ যাওক তোমাৰ অহমিকা
মোৰ মাজত তুমি জী উঠা
তোমাৰ মাজত মই
কাইলৈক পাহৰোঁ আহা
গৰীয়ান এই যে লহমাৰ কাৰণে জী উঠা
কি যে গভীৰ চঞ্চলতা
কাইলৈক পাহৰোঁ আহা।
ডিছপোজেবল প্রেমৰ চনেট ২
[বেঞ্জামিন ৰোলাঁৰ কিতাপখন]
সিদিনা আমি মুকলি পথাৰখনৰ আলিত বৰষুণত তিতিছিলোঁ।
ধেৰেকনি মাৰোতে তই মোক জোৰেৰে সাবটি ধৰিছিলি। নহয়, ভুল।
আচলতে তই মোক জোৰেৰে সাবটি ধৰোতেহে ধেৰেকনি মাৰিছিল।
সেই তোৰ মুখৰ মাত বন্ধ হৈছিল, আমি শৰীৰেৰে কথা পাতিছিলোঁ।
চেঙেলীয়া ল’ৰাৰ দৰে ডাৱৰে আমালৈ চাই কিৰিলি পৰা শুনিছিলোঁ
তালগছৰ আঁৰে আঁৰে এটা চৰাই খেদা চঙে উকি মাৰি চাইছিল
কাষেদি পাৰ হৈ যোৱা ৰেলগাড়ীয়ে অসময়ত উকি এটা মাৰিছিল
ৰেলৰ কোনোবা যাত্রীয়ে আমাক দেখিবও পাৰে বুলি জানো
ভাবিছিলোঁ?
আমি লাহে লাহে বুজিকে নোপোৱা হৈ আহিছিলোঁ কোনখননো জিভা কাৰ।
হাতবোৰ আমি এনেকৈহে আগবঢ়াই নিছিলোঁ যেন সিন্ধি খন্দা চোৰ।
ইটো সিটোৰ দেহলে’ সোমাই গৈ এটা কৰি পেলাইছিলোঁ দুটা শৰীৰ।
সিদিনা বৰষুণৰ পানী, দেহৰ ঘাম, মুখৰ লেলাৱতী একাকাৰ।
পঢ়িবলৈ অনা লাইব্রেৰীৰ কিতাপ বোকাৰে লুতুৰি পুতুৰি সিবাৰ।
আজিও পঢ়া নহ’ল কি যে আছিল কিতাপখনত বেঞ্জামিন ৰোলাঁৰ।
![]() |
| Artist: Divya Narang |
কাণখোৱাৰ ঘৰটো হেৰাল (চনেট)
এজাক আকষ্মিক ধুমুহাৰ বাবে মই সম্পূর্ণ প্রস্তুত
আছিলোঁ।
থান বান হৈয়ে যাওক মোৰ সাতাম পুৰুষীয়া
এৰিবও নোৱাৰা ধৰিবও নোৱাৰা ঘৰ এয়া।
এজাক ধুমুহা আহিবই আহিব - বিশ্বাস এটা সাঁচি
ৰাখিছিলোঁ।
এজাক ধুমুহাৰ প্রত্যাশাৰে ঘৰ বাজ হৈ দুহাত মেলি ধৰিলোঁ
ধুমুহা? হাতৰ তলুৱাত এটোপাল পানী, উৱা!
পলমকৈ বুজিলোঁ কাৰোবাৰ চকুপানীহে সেয়া।
অসময়ৰ নিয়ৰ। হিম চেঁচা নহয়। তপত। কাকো নেদেখিলোঁ-
তেওঁক বিচাৰি দিবা নিশিথ একাকাৰ। ঘৰ বাহিৰ তেনেই
হুৱাদুৱা।
কাৰ চকুপানী বুজাৰ আগেই যাৰ চকুপানী তেওঁ চকুৰ আঁৰ হ’ল
ঘৰ থান বান হ’ল, দিক বিদিক বিচাৰি অঘৰী হ’ল ঘূৰি কাণখোৱা।
ভালেদিন হ’ল। মোৰ পুৰণা ঘৰটো নাই। এটা ন ঘৰৰ নক্সাও
নৰ’ল।
আকষ্মিক কিহবাৰ প্রত্যাশা থাকিলে সেই আকষ্মিকতা আকৌ
কেনেকুৱা !
ধুমুহা আহিল গ’ল, সম্বিৎ নহ’ল। মুঠতে কাণখোৱাৰ ঘৰটো
হেৰাল...
চহৰখনৰ কিবা এটা হৈছে (চনেট)
আজি চহৰখনৰ কিবা এটা হৈছে। গোটেইখন ৰঙতে ৰঙীয়াল।
নঙঠা ডালত ভৰি ভৰি জুই হেন শিমলু ফুলিছে।
সুমথিৰা ৰঙৰ সৰা
পাতখিলাতো ৰহন চৰিছে।
ট্রেফিক জামত বন্দী হৈ আছোঁ বহুপৰ। আমনি লগা নাই, সেয়ে ভাল।
ইখন গাড়ীৰ পিছত উৰে এবাৰ সিখন গাড়ীৰ পিছত এবাৰ
সৰাপাত এখিলা। কি ৰঙে উতনুৱা! কিবা এটা হৈছে।
যমুনাৰো দুইপাৰ গোন্ধোৱা নাই আনদিনাৰ গতে
মোৰো কিবা হৈছে হবলা। চহৰখনক পাবলৈ আৰম্ভ
কৰিছোঁ ভাল ।
পাঞ্জাবী ফেমিলীটোক অটোৰিক্সাখনে স্কুটাৰৰ পৰা বাগৰাই থৈ
গ’ল।
বাটৰ কাষৰ মানুহবোৰ আগবাঢ়ি আহি যতনে ধূলি মাকটিবোৰ জোকাৰি
দিলে।
আনদিনাৰ দৰে আজি সেইখিনিতে কাজিয়া এখন দেখোন নালাগিল।
“বেহেন চোদ, ইতনা ধূল...” বিহাৰী অটোৱালা এটাই হাঁচি এটা
মাৰি লৈ নাক মচিলে,
ঘৰলৈ ফোন কৰি জানিব পাৰিলোঁ, আজি হেনো বৰষুণে কণিয়াইছিল।
ফাগুণৰ বৰষুণ! পার্বতীপ্রসাদলৈ মনত পৰিল, আজি ফাগুণৰ
পূৱাবেলাতে।
বতৰ (চনেট)
গোটেইখনকে গোমা কৰি আনিছে। মেঘে
ওন্দোলাইছে। এই মাত্র কিবা কথা এটা পাহৰিলোঁ।
পাহৰিলোঁ, কিন্তু কি পাহৰিলোঁ মই
পাহৰি থাকিলোঁ যে।
তুমি মিছা কথা নোকোৱা বুলি তুমিয়েই
কৈছিলা পাছে।
পাহৰিলা হ’বলা! তুমি যে খুব তোমাৰ
কথা মনত থাকে বুলি কৈছিলা মনত ৰাখিছিলোঁ।
মানুহে কয় সলনি হ’ল বহুতো। পিছে মই
সেই একেটাই মিছলীয়া কবি হৈয়ে থাকিলোঁ।
তোমাৰ সেইটোৱেই চোন গোকাট মিছা কথা
আছিলে
আজিও আগৰ দৰেই মিছা কওঁ। ভয় খাব
নালাগে,
মুখামুখি হ’লেই আজিও মই তোমাক
ভালপাওঁ বুলিয়ে ক’ম দিয়া, কথা যি দি থৈছিলোঁ
ঠিক অলপ আগলৈকে কেনেকুৱা আছিল আকাশখন।
আকাশৰ ৰং?
ঠিক কোনখিনিত আছিল ইমান ডাৱৰ? ক’ৰ
পৰা ওলালেহি এইজাক ফেৰফেৰীয়া বতাহ
এই কথাতে মানুহৰ মানুহ হোৱাৰ যশ।
মানুহে পাহৰে, সেয়ে ঢং।
মানুহে মিছা কথা ক’ব পাৰে। নোৱাৰিলে
অন্য জানোৱাৰ, যাৰ নাই মিছা কথা কোৱাৰ অৱকাশ।
তুমি কেতিয়াও মিছা কথা নোকোৱা বুলি
কোৱা মোৰ মনত আছে খাটাং
ন-পানী (চনেট)
সেইটি আছিল ফাগুনৰ কোনোবা এটি দিন।
অকস্মাৎ উমান পাই বৰষুণৰ এজোলোকা
খিৰিকী খুলি দিলোঁ। ধূলিয়ৰি মাটিত অধুনা
পানী পাই মুকলি হ’ল একোটা গোন্ধ নবীন।
গাটো সিৰসিৰাই গ’ল। নিভৃতে গোপনে যেন
পোৱা কোনোবা দুষ্ট প্রেমিকৰ প্রথমটি চুমা।
ঘর্মাক্ত গাৰ গোন্ধত বাঢ়ি অহা সঘন উষ্মা।
চুচুক চামাক এটা প্রথম দেৱাল লিখন।
মাটি আছে বাবেই আকাশ আছে, ডাৱৰ আছে
সঁচা সঁচা, আছে মেঘৰ বুকুত বৃষ্টি টোপাল।
উদ্বাস্তু মেঘো মাটিয়ে টানে, বুকুতে শহ সাঁচে।
মাটি আছে বাবেই যে মানুহ ইমান জীপাল।
মাটিৰ মানুহ ঘূৰি মাটি হয়। অচিন ডাকে -
মাটি পাহৰিলি কাণখোৱা। তোৰে পোৰাকপাল !
![]() |
| Image from: Pradyumna Kumar Gogoi |
ধতুৰা ফুলৰ গ্রামোফোনত বর্ষাৰ গান (চনেট)
ধতুৰা ফুলৰ
গ্রামোফোনত বাজে বর্ষাৰ গান
বর্ষণগীত হল মুখৰিত মেঘমন্দ্রিত
ছন্দে,
ঈষৎ বেঙেনাবুলীয়া কণ্ঠ উজাৰি কলমৌ
বন-
কদম্ববন গভীৰ মগন আনন্দঘন
গন্ধে...
শাম কাটিলেই নাৰাজ উদ্বাউল শ্রোতামণ্ডলী
ছন্দিত প্রাণৰ উৎসৱ আজি হওক অনর্গল।
লাগে, লাগে, মাথোঁ আৰু লাগে, নিঃশেষ কৈ
লাগে বুলি
জাউৰিয়ে জাউৰিয়ে
উদ্ভ্রান্ত ভেকুলীৰ
কোর্হাল
জীর্ণ শীর্ণ তৃণকায় শোক-বেথা মষিমূৰ কৰি
সাৰ অসাৰ নমনা অভিসাৰী অভিলাষী গতি
চৌদিশে যে। ক’লাকচুৰো চুবুৰি লুতুৰি
পুতুৰি।
নজৰত ৰাখে কোনে কাৰ আজি কেনে মতি
গতি...
উছৱে মজিছে গুজবে ৰটিছে কাণখোৱা তোৰ
প্রেম
গৰাটি খহাদি খহি যে পৰিছে সাত শতৰুৰ ভেম !!
![]() |
| Art: Mainao Mampi Das |
Saturday, April 22, 2017
অভিনেতাৰ দেহ-ঘৰ
১
নজৰবন্দী
ওৰেৰাতি আকাশৰ তৰাই মোক নজৰবন্দী কৰি ৰাখে
কাণখোৱাৰ ঘৰৰে চাল উৰুখে
বাহিৰলৈ ওলাব নোৱাৰোঁ
ভিতৰলৈ সোমাব নোৱাৰোঁ
২
অভিনেতা মই
অভিনেতা মই। সীমিত সামর্থ্য মোৰ।
উচ্চ শিক্ষাৰ নামত বহু দিন হ’ল মোৰ ঘৰ এৰি অহা।
জানোঁ, আপোনালোকৰ বহুতৰে কাহিনী একেধৰণৰেই।
কিন্তু এজন অভিনেতা হোৱাৰ স্বত্বেই এই শৰীৰটোৰ মাজতে মোৰ
বাস।
মোৰ এই শৰীৰটোৱেই মোৰ ঘৰ।
মই য’লৈকে যাওঁ মোৰ এই ঘৰটো কঢ়িয়াই লৈ ফুৰোঁ।
অথবা ক’ব পাৰোঁ,
এই ভ্রাম্যমাণ ঘৰটোৱে নিজৰ মাজতে মোক কঢ়িয়াই লৈ ফুৰে।
মই এই ঘৰটোৰ পৰা বাজলৈ ওলাব নোৱাৰোঁ।
যদিহে সেয়া হৈ উঠে মই আৰু অভিনেতা হৈ
নাথাকিলোঁ দেখোন।
কেতিয়াবা মই ভাবোঁ,
মই নিজেই মোৰ এই ঘৰটোৰ ভিতৰলৈ
সোমাবকে নোৱাৰিলোঁ।
কথাবোৰ শুনি আপোনালোকৰ হাঁহি উঠিব
পাৰে,
কিন্তু এইবোৰ কথাই মোক সততে
ব্যতিব্যস্ত কৰি থাকে।
অভিনয় যদি শিল্প হয়,
মই মোৰ এই শৰীৰটোকেই এটা শিল্পকর্মলৈ
ৰূপান্তৰিত কৰোঁ,
আৰু আপোনালোকৰ সন্মুখত পৰিবেশণ কৰোঁ।
প্রিয় দর্শকবৃন্দ, চাওক, মোলৈ চাওক,
এই মুহূর্ততো মই তাকেই কৰি আছোঁহক।
এই মুহূর্তত মই মন গ’লেই বাহিৰলৈ
ওলাই যাব নোৱাৰোঁ,
কলাঘূমটি মাৰিব নোৱাৰোঁ।
চাহ একাপত সোহা এটা মাৰিবগৈ নোৱাৰোঁ।
৩
মোক কিনি লওক
কেতিয়াবা ভাবোঁ, যদি নাপিত হৈ
আপোনালোকৰ ছুলি কাটিব পাৰিলোহেতেন
আৰু তাকে কৰি টকা ঘটিব পাৰিলোঁহেতেন।
সীমিত সামর্থ্য মোৰ।
চিলা উৰুৱাব নাজানোঁ
গাড়ী চলাব নাজানোঁ
দোতাৰা বজাব নাজানোঁ
তোমাক নেদেখাকৈয়ে ইমান ভাল পাওঁ
দেখা পোৱাৰ পিছত কিমান ভাল পাম
নাজানোঁ
কবিতা লিখিব নাজানোঁ
এজন খেতিয়ক হোৱাই ভাল আছিল। নহ’লে
এজন কাপোৰৰ বেপাৰী।
উৎপাদিত সামগ্রী বেচি পইচা ঘটিব
পাৰিলোঁহেতেন।
মোক কিনক। কিনি লওক মোক। মই পণ্য।
ভাল হ’লহেতেন যদি মই এজন চিত্রকৰ
হ’লোহেতেন।
ছবি আঁকিলোহেতেন আৰু তাকে বেচি পইচা ঘটিলোহেতেন।
কিন্তু মই এজন অভিনেতা মাত্র।
মোৰ এই শৰীৰটোৱেই মোৰ শিল্পকর্ম।
মোক কিনি লওক।
মই পইচা ঘটিব বিচাৰোঁ।
মোক কিনি লওক।
মোৰ ঘৰ নাই যাক বেচি পইচা ঘটিব
পাৰোঁ।
মই ঘৰ এটা ভাৰালৈ লৈ বাস কৰিব
নোৱাৰোঁ।
ঘৰ এটা মই লৈ ফুৰোঁ এই দেহৰ মাজতেই,
সকলো সময়তে।
৪
মই এজন অভিনেতা
অভিনেতা এজন হোৱাৰ আগতেই মই এজন
দর্শক।
মই চাওঁ। মই চাব পাৰোঁ।
মই চোৱাটো জৰুৰী। আন মানুহবোৰে মোলৈ
চাই থকাটো মই চাব লাগে।
সেয়েহে, যদিহে মই এজন অভিনেতা,
মোৰ মাজতেই বহুতো দর্শক সোমাই আছে,
মোৰ ঘৰটোৰ মাজতে তেওঁলোকৰ বাস।
ফলত মোৰ খেলিমেলিখন লাগি যায়, মোৰ এই
ঘৰটোত কিমানজন মানুহ বাস কৰে!
মোৰ এই নিজৰ ঘৰটোৰ মাজতেই মই নিজকে
হেৰুৱাওঁ।
মোৰ ঘৰটোৰ মাজত ইমান মানুহৰ ভীৰ যে,
মই নিজে মোৰ এ ঘৰটোৰ ভিতৰলো সোমাব
নোৱাৰোঁ।
লালন ফকীৰলৈ মনত পৰে। কবীৰলৈ মনত
পৰে।
৫
মই বাহিৰলৈ সোমাওঁ, ভিতৰলৈ ওলাওঁ
মোৰ এই ঘৰটোত আৰু কোনোবা এজন থাকে
নেদেখোঁ। চুব নোৱাৰোঁ। মই চিনিকে
নেপাওঁ যাক।
চিনিকে নেপালেও তেওঁৰ দুখবোৰ যেন
বুজি পাওঁ।
ঘৰে ঘৰোৱা। কিন্তু লক্ষ যোজন ফাঁক।
তেখেতৰ নামত কেতিয়াও ডাকত চিঠি অহা
নাই
মই তেওঁৰ বিষয়ে একোকে নেজানিলেও
তেওঁৰ দুখবোৰ জানোঁ।
তেখেতৰ বাবে টেলিফোনটোৱে কাহানিও ৰিং
নকৰে।
তেওঁৰ কথা ভাবিয়েই সদায়ে বজাৰৰ পৰা
পাছলি অলপ বেছিকৈ আনোঁ।
তেওঁ ঘৰটোৰ বাজলৈ নোলায় দেখিয়েই ঘৰৰ
বাহিৰৰ পৰা
তলা মাৰি থৈ মই দূৰলৈ যাব নোৱাৰোঁ।
হাঁপানি বেমাৰীৰ দৰে তেওঁ গোটেই ৰাতি
শুব নোৱাৰে
মোৰো বাৰে বাৰে ঘুমটি ভাঙে, কি যে
কৰোঁ।
মই খোলত বোল দিলেই তুমি যে ভোৰতালযোৰ
তুলি লোৱা
মাজত ধৰি বেসুৰা ৰাগ দি থৈ যায় কোনে
তুমি ৰং বাকি দিলে মই তুলিকাৰে ছবিখন
আকোঁ
তাকে আকৌ নষ্ট কৰি থৈ যায় কোনে
মই তেওঁক বিচাৰিয়েই বাৰে বাৰে ভিতৰলৈ
সোমাওঁ বাৰে বাৰে বাহিৰলৈ
ওলাওঁ। সোমাওঁ আৰু ওলাওঁ আৰু সোমাওঁ
আৰু ওলাওঁ আৰু...
এনেকৈয়ে এটা সময়ত মই বুজিব নোৱাৰা
হওঁ, ভিতৰত আছোঁ নে বাহিৰতে
আছোঁ। মই বাহিৰলৈ সোমাওঁ, ভিতৰলৈ
ওলাওঁ।।
৬
ঘৰৰ ভিতৰত ঘৰ আছে
মৰমৰ,
ভিৰৰ মাজত মই তোমাক বিচাৰি ফুৰোঁ।
ঘৰৰ ভিতৰত ঘৰ আছে
ঘৰৰ ভিতৰৰ ঘৰটোৰ
ভিতৰত আৰু এটা ঘৰ আছে।
ঘৰৰ ভিতৰৰ ঘৰৰ
ভিতৰৰ ঘৰটোৰ ভিতৰত
আৰৰ এটা ঘৰ আছে।
ঘৰৰ ভিতৰৰ ঘৰৰ
ভিতৰৰ ঘৰৰ ভিতৰৰ ঘৰটোৰ
ভিতৰত আৰ এটা...
নাজানোঁ, কোনটো ঘৰত
তুমি আছা।
তোমাক বিচাৰি মই
ইঘৰলৈ সোমাওঁ, তুমি সিঘৰলৈ যোৱা।
মই সিঘৰলৈ সোমালে
তুমি যোৱা অন্য এটা ঘৰলৈ।
এনেকৈয়ে মোৰ দিন
পাৰ হয়।
আজি বহুদিন হ’ল মই
ঘৰলৈ সোমাব পৰা নাই
মই বাহিৰলৈ ওলাব
পৰা নাই।
কিমানটা ঘৰেৰে মোৰ
ঘৰটো সজা মই নাজানোঁ।
কোনেনো সাজিছিল
তাকো নাজানোঁ।
জানোঁ মাথোঁ ইয়াৰে
কোনোবা এটাত তুমি আছা।
তুমি আছা। অহৰহ
ক’ৰবাৰ পৰা
জুমি আছা।
Subscribe to:
Comments (Atom)










