Friday, January 1, 2016

জয়মতী আইদেউ

 A piece of Performance Text, one of the three texts under the Disposable Womaen, a Disposable Theatre venture by Kankhowa, Performed at MC Ghia Hall, Kala Ghoda, Mumbai, February 2015 


স্বৰ্গদেউ ওলালে বাটচ'ৰা মুখলৈ
দুলীয়াই পাতিলে দোলা
কাণত জিলিকিছে মকৰ কুণ্ডল
গাতে গোমেচেঙৰ চোলা।

স্বৰ্গৰ পৰা হেনো নামি আহিছিল স্বৰ্গদেউ।
কৰিছিলে শাসন এই অসম দেশত।
সেই আহোমৰে তুংখুঙীয়া ফীদৰ গদাপাণিৰ পত্নী
জয়মতী কুঁৱৰীয়ে প্ৰাণ দিছিলে স্বামী আৰু দেশৰ নামত।

গদাপাণি ক'তে আছে ধৰি তাক আনি   
ল'ৰাৰজাৰ আদেশ মতে কৰিব অঙ্গহানি।।
চলাথ কৰি বিচাৰি নাপাই গদাপাণি  
শাস্তি দিলে জয়মতীকে চাওদাঙে ধৰি আনি।।  
জেৰেঙাৰে পথাৰত কোটকোৰা গছত
বান্ধি ল'লে জয়মতীক সোধা পোচাৰ নামত।।
দিনৰ পিছত দিন গ'ল ৰাতিৰ পিছত ৰাতি
নুখুলিলে জয়াই মুখ ইতিহাসেই সাখী।।
তেৰ দিন তেৰ ৰাতি যাতনাতে ভূগি
ইহলীলা সম্বৰিলে চৈধ্যদিনে সতী।।

¾     সেই যে তেৰ দিন তেৰ ৰাতি শাস্তি ভূগি জয়মতীয়ে মৃত্যু বৰণ কৰিলে, তাৰ মাজতে হেনো গদাপাণি এবাৰ আহিছিল চাবলৈ নগাৰ বেশ ধৰি। তেওঁৰ অতিকে চেনেহৰ জয়মতীয়ে ইমানকৈ দুৰ্ভোগ ভূগি থকাটো তেওঁৰ সহ্য নহ'ল। তেওঁ ক'লে, হে'ৰ ছোৱালী, গিৰিয়েৰৰ কথানো কৈ নিদিয় কিয়? ইমানকৈ শাস্তি খাই মৰিছ কিয় হঞে? জয়মতীয়ে হেনো চিনিও নিচিনাৰ ভাও ধৰি ক'লে, ক'ৰে নগা ল'ৰা তই নিজ বাটে যা। নকওঁ মই মোৰ কোঁৱৰৰ কথা। কোঁৱৰ মোৰ সঠিক সময়তে আহিব দেশ উদ্ধাৰিবহি আহি।

¾     কিন্তু এটা কথা। গদাপাণিয়ে যদি তাইৰ দুখ কষ্ট দেখি তাই তাৰ ঠিকনা কৈ দিয়াটোকেই বিচাৰিছিল, তেওঁ দেখোন তাতেই আছিল। তেওঁ নিজেই কৈ দিলেই দেখোন হ'ল হেতেন যে ময়েই গদাপাণি।

¾     অহ... ধ্যেৎ এইজনী মনে মনে থাক।


¾     I do not cry for Joymoti, but for Aideu Handique. Aideu was born in 1915, this year completing her 100 years. She was the first film actress of Assamese cinema who acted in Jyoti Prasad Agarwala's film Joymoti in 1935. She remained unmarried because she called her co-actor Bongohordeo (husband) in the film. Her life turned up miserable just like Joymoti herself. Like Joymoti, she was shunned by neighbours, and sank into solitude and obscurity. Villagers would not drink from the pond from which she fetched water, her family were fined by a kangaroo court and no man would marry her. Only in 1985, when Assam celebrated the golden jubilee of the state's cinema, was her role acknowledged. An erratically paid pension was instituted and, in 1991, a girls' school was named after her in her village. Her life was a reflection of society which had failed to recognize her. Once she had taken a bold step, and in bearing with courage and fortitude the consequences, she herself embodied the quintessential Assamese women of her time.



আমাৰে আইদেউ নিচেই কুমলীয়া
যেন কলাপাতৰ থুৰি’ ,
ই বোলে আইদেউ সি বোলে আইদেউ
আইদেউ তিয়ঁহৰ জালি।

¾     এজনী ষোল্ল বছৰীয়া ছোৱালী। তেতিয়াও সেই সময়টো তাইৰ বাবে হয়তো পখিলা খেদি ফুৰাৰেই বয়স আছিল। নতুন পৃথিৱী এখন আৱিষ্কাৰ কৰা বয়স সেইটো। এদিন এজন মানুহ আহিল সিহঁতৰ ঘৰলৈ। সেই কিশোৰী জনীক লগ ধৰিলে কলিকতাত ডাঙৰ ডাঙৰ জাহাজ চাবলৈ। ডাঙৰ ডাঙৰ জাহাজ!! সেই সময়ত  সেয়া দেখাৰ সৌভাগ্য কেইজনৰ হয়? তাকো কলিকতাত!! ওলাল তাই জাহাজ চাবলৈ, লগত গ'ল তাইৰ ভায়েক।

ওলাই আহা আইদেৱে
ঐ শশী, দুৱাৰদলীৰ বাজে,
ওলাই আহা আইদেৱে
ঐ শশী, নকৰিবা লাজে।….

¾     কিন্ত তাই সঁচাকৈয়ে জাহাজ দেখা পালেনে? জাহাজ দেখিলে ঠিকেই, কিন্তু তাইৰ বাবে ৰৈ আছিল বিস্ময়কৰ, আচহুৱা তিনিটা শব্দ - লাইট, কেমেৰা আৰু একচন। হয়, এয়াই আছিল এগৰাকী কিশোৰীৰ অন্ধকাৰ জীৱন এটাৰ আৰম্ভণি। এই কিশোৰী গৰাকীয়েই আছিল আইদেউ, যাক আমি আইদেউ সন্দিকৈ হিচাবে জানো। এনে এগৰাকী মহিলা, যি গোটেই জীৱনটো কটাইছিল এক অন্ধকাৰ গহ্বৰত। মাথো এটাই আছিল দোষ, প্রথম অসমীয়া চিনেমাখনত অভিনয় কৰিছিল।

¾     I see an Irony here. One who represented a woman character for sacrifice also lived a life of sacrifice for herself!

¾     আদৰ্শৰ মাধূৰ্যৰ কথা লক্ষ্মীনাথ বেজবৰুবাদেৱেও বৰ ধুনীয়াকৈ স্বীকাৰ কৰি থৈ গৈছে জ্যোতিপ্ৰসাদলৈ লিখা এখন চিঠিত- 'মোৰ কিতাপত লেখা জয়মতী কাহিনীয়েই Universally admitted and known fact, অথবা জয়সাগৰ, জয়দৌলবোৰ আসাৰ্থক। গদাপাণি কেতিয়াও নিস্ফলঙ্ক Hero নহয় আৰু হ'বও নোৱাৰে। জয়মতীহে ideal নেত্ৰী heroine…”

পাতৰে সাজে মোক নেলাগে নানিবি
নানিবি শপতে কাণৰে কেৰু
শুচিতা যি সাজে পিন্ধালি সৰুতে
সেয়েহে বিয়াতে শুৱাব বাৰু
সোণৰ খাৰু নেলাগে মোক, বিয়াৰ বাবে আই
চেনেহজৰী তই দিয়া মোক, হাততে শুৱাই ।

¾     বেলশিৰি নামৰ এটি চৰিত্রৰ মুখেদি নিগৰি ওলাইছে জয়মতীৰ গৌৰৱ- “বুজা নাছিলো ডাঙৰীয়া, বুজা নাছিলো। আজি নিজে দেখিহে বুজিছো। এই বোৰ সোণৰ গহণা গহণাই নহয়। জয়মতী কুঁৱৰীক যি গহণা পিন্ধা দেখিলো সেইহে তিৰোতাৰ গহণা। এই বোৰ মই আপচু হাত-মূৰ-ডিঙিত ওলোমাই লৈ ফুৰিছোঁ। আপচু আপচু।”
“তিৰোতাৰ সতীত্ব, ধৈর্য্যৰ, পবিত্রতাৰ গহণাত জয়মতী দেৱী গোসাঁনীৰ দৰে জিলিকিব লাগিছে, আৰু মই এইবোৰ সোণৰ কেৰু-মাদলি ওলোমাই মোৰ তিৰোতাৰ আত্মাটোক চেপি হেঁচি আৱর্জনাৰে আন্ধাৰ কৈ থৈছো।”

আজি মই ওলালো অ’ জোনে জোনালী
নতুন এঘৰলৈ অ’ জোনে জোনালী
আজি মই ওলালো অ’ জোনে জোনালী
নতুন এঘৰলৈ অ’ জোনে জোনালী ।

¾     যাক লৈ আমি এতিয়া গৌৰৱ অনুভৱ কৰো, সেই গৌৰৱখিনিয়েই সেই সময়ৰ ৰক্ষণশীল সমাজখনত কাল হৈ পৰিছিল আইদেউ নামৰ সেই কিশোৰীজনীৰ বাবে। সেই চিনেমা খনত অভিনয় কৰাৰ পাছত যেতিয়া আইদেউ নিজৰ ঘৰলৈ ঘুৰি আহিছিল, ৰাইজে জনোৱা নাছিল ফুলৰ থোপাৰে আদৰণি, প্রথমখন অসমীয়া চিনেমাৰ অভিনেত্রী হিচাবে, আদৰণি জনাইছিল ঠাট্টা মস্কৰাৰে আৰু এক তীব্র ঘৃণাৰে। যাৰ ফলত আইদেউৰ গোটেই পৰিয়ালটোক সমাজে বহিষ্কাৰ কৰিছিল। কেৱল সমাজেই নহয় সমাজৰ পৰা বহিষ্কৃত হোৱা পৰিয়ালটোয়েও নিজাকৈ বহিষ্কাৰ কৰিছিল আইদেউক। ঘৰৰ বাৰীৰ চুকত এটা ঘৰত অকলে থাকিবলৈ দিয়া হৈছিল আইদেউক। ঠিক হোৱা বিয়াখনো ভাঙি গৈছিল একমাত্র চিনেমাত 'বঙহৰদেউ' বুলি অইন অভিনেতাক কোৱা বাবেই। ফলত আজীৱন থাকি যাবলগীয়া হ'ল অবিবাহিতা হিচাবে।

¾     মাথোঁ অৱহেলা, লাঞ্চনাৰে বহু বছৰ ধৰি অন্ধকাৰকেই সাৱটি থাকিল এইগৰাকী নাৰীয়ে। আৰু যেতিয়া কিছু স্বীকৃতি পাবলৈ আৰম্ভ কৰিলে তেতিয়ালৈ বহু পলম হৈ পৰিছিল। জয়মতী হৈ পৰিছিল প্রতিজন অসমীয়াৰ বাবে আশীৰ্বাদ, কিন্তু এগৰাকী নাৰীৰ বাবে ই আছিল আজীৱন এক অভিশাপ স্বৰূপ।

তেজৰ টোপাল চকুলো ওলাল
নয়নৰ পাহি ফালি,
কলিজাৰ চাকি জালিলে দীপালি
বুকুৰ অগনি জালি
...

Installation by Shilpa Joglekar
¾     আমিবোৰ সাংষ্কৃতিক ভাবে আগবঢ়া। অসমীয়া হিচাপে আমাৰ গৌ কৰিবলগীয়া বহুত আছে। আমি ভাৰতৰ বাকীবোৰ মানুহৰ আগত সগৰ্বে কওঁ, অসমত সতীদাহ নহয়। যৌতুকৰ নিৰ্যাতন নচলে। অসমীয়া নাৰী আগবঢ়া। সঁচা। সঁচা কথা যে অসমৰ গাঁৱে ভূঞে জীয়ৰী বোৱাৰী সকলোৱে আইনাম গাব জানে, বিয়ানাম গাব জানে, আন একো নাজানিলে বিহুৰ বতৰত এপাক বিহু নাচিব জানেই জানে। মোকো সৰুৰে পৰাই সাংষ্কৃতিক কাৰ্য কলাপত মা দেউতাহঁতে অণুপ্ৰেৰণা যোগাই আহিছে। কিন্তু- এটা পৰ্যায়লৈকে। হয়, মাত্ৰ এটা পৰ্যায়লৈকে হে। জ্যোতিপ্ৰসাদৰ জয়মতীয়ে মুক্তি পোৱা আশী বছৰ হ'ল। তাৰ পিছতো নতুনকৈ, নিজাকৈ, অথবা সোতৰ বিপৰীতে বুলিলে আমি যি বুজোঁ, তেনে অগতানুগতিক কিবা এটা কৰিবলৈ হ'লে আজিও আমি নিজকে আইদেউ-তকৈ বহুত বেছি আগবঢ়া যেন নেলাগে দেখোন।

¾     ঐ তই তোৰ নিজৰ কথা আৰম্ভ কৰিলি যে? জয়মতীৰ কথা ক।


¾     ব্ৰহ্মপুত্ৰ। আমাৰ লুইত। বৰলুইত। জয়মতী মৰি গ'ল। বৰলুইত মাথোঁ বৈ ৰ'ল। জ্যোতিয়ে গালে- লুইতৰে পানী যাবি অ' বৈ...
মাটিৰে দেহাটি এৰি জয়েমতী
জ্যোতিৰে দেহাটি লৈ
যাউতি যুগীয়া কীৰিতি ৰাখিলে
চানেকী জগতলৈ...
লুইতৰে পানী যাবি অ' বৈ...

¾     জয়মতীৰ আত্মত্যাগে পাছলৈ ভাল ফল দেখুৱায়। জয়মতীৰ আত্মত্যাগৰ বাবে জনপ্ৰবাদত তেওঁক সতী বুলি মানি লোৱা হয়।
¾     তুমি যে এই ক'লা জনপ্ৰবাদৰ কথা, এয়া জন প্ৰবাদ নে বুৰঞ্জী।
¾     বুৰঞ্জী।
¾     তেন্তে জনপ্ৰবাদ বুলি যে ক'লা।
¾     জনপ্ৰবাদ মানে বা আকৌ কি?
¾     জনপ্ৰবাদ মানে legend. Oral legend.
¾     Yes most of them were part of oral sayings. But at the same time they are histories. We heard the history as folk narratives. 
¾     And then the literary sources you have mentioned are actually modern literature.
¾     Yes, they are. The way Jyotiprasad Agarwala or Lakshminath Bezbaruah portrayed Joymoti – those evidences were part of Assamese modernism.
¾     Then they were modern constructs?


¾     কেতিয়াবা মোৰ এনে লাগে যেন সকলো কেৱল শব্দৰ খেলা। বুৰঞ্জীও এক প্ৰকাৰৰ কল্প-কাহিনী মাত্ৰ।
¾     জয়মতী তেজ আৰু মঙহৰ এটা শৰীৰ আছিল নে নাই নাজানোঁ কিন্তু কিম্বদন্তীত, মুখে মুখে চলি অহা মানুহৰ গীতত, বুৰঞ্জী নামৰ ৰচনাত সি এটা শব্দৰ শৰীৰ। দেশৰ বাবে প্ৰাণ বলিদান দিয়া এটা উপমাৰ শৰীৰ। এটা উপমা। এটা ৰূপক। এটা ইঙ্গিত। এটা প্ৰতীক। এটা চিহ্ন। এটা সূচক।

¾     Sometimes I feel, everything on earth is nothing but a game of words. History too is just a part of fiction.
¾     I do not know if Joymoti was a woman with flesh and blood, but across the legends, in the lyrical journey made in human tongues, throughout representations that we call history, Joymoti is a body of words. A body of simile that stood for someone who died for the nationhood. Yeah, a simile. A metaphor. A gesture. A symbol. A sign. A signifier.

¾     মই কোন? ময়ো জানো এই এটা শৰীৰ মাত্ৰ? মোৰ পৰিচয় কিহেৰে নিৰমিত হয়? শব্দেৰে নহয় জানো? পূৰ্বৰে পৰা নিৰ্ধাৰণ কৰি দিয়া কিছুমান সূচকেৰে নহয় জানো?
¾     Who am I? This very body of mine- is it me? What makes my identity? Is it not created through words? Is it not through a process of pre-defined signifiers?

¾     I get a life by dying in your history.
¾     I achieve immortality in your collective imagination due to a painful death.
¾     Suffering, agony and death - they made my body of existence throughout myth, history and social reality.
¾     I am body of words, images and metaphors.
¾     I am body of words, images and metaphors.
¾     I am body of words, images and metaphors.
¾     I am your image. I am your nation. I am your imagination.

¾     I spend my life time tongue to tongue.



“Disposable Womaen” is a Disposable Theatre venture by Kankhowa based on three woman characters from Assamese cultural inhabitation: Mythology, History and Folklore. Chitralekha, a mythological character of a woman painter who plays a role in the Usha-Aniruddha love story anticipating the Vaishnava incursion over a Shaivite region here comes up as an individual with subjective position. Joymoti is a historical character, a martyr woman who devoted her life to save her husband and the glory of the state during the reign of the Ahom Dynasty. Tejimola is a popular name in Assamese folktales who dies out of the hatred of her step mother but gets afterlife or incarnations in several non-anthromorphic forms again and again. Bringing the three characters together the multilingual performance attempts to generate dialogues around representation of woman’s body in cultural production system along with the mapping of history and desire.  





Tribute to: Aaideu Handiqui on her birth centenary year.Tribute to: Lakhsminath Bezbaruah (Burhi Aair Xadhu and Sati Joymoti).Tribute to: Ananta Kandali (Kumar Haran), Chandra Kumar Agarwala (Tejimola), Jyoti Prasad Agarwala (Sonit KunwariChitralekhaJoymoti), Bishnu Prasad Rabha, Bhupen Hazarika
Sources/ We are thankful to all of them:
Uddipana Goswami (Tejimola Forever), Monalisha Saikia (Several Writings), Mridul Sharma (তেজীমলাৰ মাকৰ সাধু), Bidyut Sagar (জাতীয়তাবাদ আৰু ইতিহাসকিছু প্ৰসংগ), Himjyoti Talukdar (যাৰ বাবে 'জয়মতীআছিল এক অভিশাপ), Deva Bhushan (সতী জয়মতী), Nayan Jyoti Nath (জয়মতী বোলছবিত নাৰী চৰিত্রৰ ধনাত্মক প্রকাশ), Manoj Barpujari (Filming A Classic), Anjal Borah (অসমীয়া সাহিত্যত মালিতা বা কাহিনী প্ৰধান গীত), Bibi Bero (How a Bird Saved the Villagers and Other Stories), Diganta Saikia (for making many Assamese articles available in Unicode), Mousumi Bhuyan Chaudhury (reading of the tale Tejimola)...
Debakanta Gogoi‎, Sarma Raktim,‎ Tsao Mayur Chetia, Debabrot Gogoi‎, Chao RoongCheng Gogoi, Babul Baishya, Sarma Raktim, Bhupen Boruah, Mintu Borgohain (their discussions in অসমীয়াত কথা বতৰা)...
poems on Tejimola from:Nilamani Phukan, Rafikul Hossain, Nilim Kumar, Kabiranjan Saikia, Subhas Saha, Bipuljyoti Saikia, Archana Pujari, Ram Gogoi, Anandeshwar Sharma, Bijanlal Chaudhury, Mohankrishna Mitra, Gautam Prasad Baruah,
Koushik Borah, Raju Kalita, Mili Sharma, Tridip Tiken Gogoi, Kandarpajit Kallol, Himanshu Gogoi, Nishanka Milan, Rup Goswami, Parag Pinku, Jayjit Deka, Nibedita Phukan, Ranjit Patgiri...
Songs on Tejimola:from Anima Chaudhury, Joy Barua (Lyrics - Ibson Lal Baruah)




Title of the project: Disposable Womaen (Spelling violation intended)Date of the performance:  9TH FEB 2015
Time of the performance:  7 PM
Venue of the performance: - MC GHIA HALL (BEHIND RHYTHM HOUSE , ABOVE COPPER CHIMNEY RESTAURANT)
Genre: Disposable Theatre, Interactive, Installation Based, Musical, Space and Time specific, Experimental Theatre
Production and Support: Kahini Foundation
Production Coordination: Chandan Kumar DekaWorking Team: Kankhowa
Language: Multilingual (Assamese, English, Hindi, Marathi and Gibberish)
Concept, Text and Design: Samudra Kajal Saikia
Duration: One Hour (and may be lifetime)
Special Attraction: Joy Barua Live as a part and extension of the project
Casts: Mridupankhi Rajkumari, Pallavi Dutta, Papori Medhi, Srishti Shreyam
Spatial Design and Interaction: Shilpa Joglekar, Mahan Jyoti Dutta, Jitendra
Soundscape: Ankita Baruah, Shakti Bhatt
Documentation: Monali Bharadwaj Rehearsal: Nine Schools of Art

তেজীমলা

তেজ ফুল
 A piece of Performance Poetry, one of the three texts under the Disposable Womaen, a Disposable Theatre venture by Kankhowa, Performed at MC Ghia Hall, Kala Ghoda, Mumbai, February 2015


"যাতনাৰ পৃথিৱীৰ শেষ গৰাকী নাৰী হবলৈ বিচাৰিছিলোঁ..!!
কিন্তু তেজীমলাই পুনৰ জনম লয়..!" (মনালিছা শইকীয়া)





মাজৰাতি কেতিয়াবা খকমকাই সাৰ পাই উঠোঁ
কোনোবাই যেন দুৱাৰত টুকুৰিয়াই গ'ল
                 সাৰে আছানে
                 সাৰে আছানে?

 

এই যেন প্রথম শুনিলোঁ সেই মাত
ইমান নিজান
ক'ৰে নাৰীয়া তই[1]

মৃত্যু মোৰ বাবে সহজ। এটা প্ৰাত্যহিক ঘটনা।
সহজ মোৰ বাবে জী উঠা।


তই মাটিৰ বুকুত শিপা মেলা সেউজীয়া
তেজীমলা।
মোৰ স্বদেশ ক'লা, এডিঙি শুনি কৰি
আন্ধাৰ... [2]

মানুহৰ চোঁতালত    মাধুৰী ফুটিলে
    মানুহে নিচিনি হায় ,
সাৰি, তুলি, ছিঙি     মোহাৰি পেলালে
    -মানুহৰ মৰমো নাই ।[3]


বাৰে বাৰে তাই মৰে। বাৰে বাৰে তাই জীয়ে।
বাৰে বাৰে আমি শুনোঁ সেই একেটি সাধু।
বাৰে বাৰে আমি ভালপাওঁ শুনি। বাৰে বাৰে আমি উচুপি উঠোঁ।
বাৰে বাৰে আমি মৰোঁ। বাৰে বাৰে আমি জী উঠোঁ।
বাৰে বাৰে আমি কওঁ।
বাৰে বাৰে আমি শুনোঁ।
বাৰে বাৰে
বাৰে বাৰে বাৰে বাৰে বাৰে বাৰে
বাৰে বাৰে
আকৌ এবাৰ। নতুনকৈ। দুনাই। পুণৰাই।
বাৰে বাৰে
তেজীমলা...


শেষ হৈয়ো শেষ নোহোৱা সাধু
কলিতে মৰহা এটা জী
উশাহৰ শাহত এলাই বাদু
আৰম্ভ হোৱাৰ আগতেই শেষ হোৱা এটা গান 

তোমালোকে যে কোৱা প্ৰগতিৰ গতি ইতিহাসৰ
বৃথা প্ৰয়াস সেয়া ৰৈখিক গতিদানৰ
ইতিহাসৰো শেষ আছে। যিদৰে আছে সভ্যতাৰ।


তোমালৈ বুলি যিপাহি ফুল আনো তুলি
তুমি বাজত নাই, সেই ফুলপাহতেই তুমি।


যি গান তুমি ভাল পোৱা শুনি
সি গানৰ তুমিয়ে ৰচক
কাৰণ
সি গানৰ মাথোঁ তুমি হে ৰোচক


কীটাণুৰ দৰে, শেলাই ভেঁকুৰৰ দৰে, উঁইপোকৰ দৰে
বাঢ়ে ভালপোৱা মোৰ বাৰে বাৰে

ভালপোৱা মানে আন একো নহয়
মাথোঁ এটি হাবিয়াস
জীনৰ দৰে

উপশমৰ ভ্ৰান্ত সন্তুষ্টিয়ে মাৰিব খুজিও মাৰিব নোৱাৰা
যন্ত্ৰণাটোৰ দৰে

বন্দুকেৰে হেঁচা মাৰি ধৰিব খোজা কণ্ঠটোৰ দৰে
চাদৰৰ ফটা আঁচলত বান্ধি ৰখা সংষ্কৃতিৰ সংজ্ঞাটোৰ দৰে


এই যে বাৰে বাৰে ন-কৈ বুজি উঠোঁ ভালপোৱা
সেইবাবেই হয়তো, হয়তো সেইবাবেই
ঘৃণাও কাম্য

ঋতুমতী তেজীমলা পানীত নামিলে ৰঙা হয় ব্ৰহ্মপুত্ৰ
পছিমত ডিছপোজেবল্‌ সূৰ্য

প্ৰতিজোপা গছে জানে, প্ৰতিপাহ ফুলে জানে
পল্লবে পল্লবে আছে সেই খবৰ
তেজীমলাৰ সাধু

তেজে তেজে ফুলে যি ফুল...
A merchant had a beautiful and beloved daughter named Tejimola. Once the merchant had to go abroad for business and during his absence the step-mother started torturing Tejimola. A cruel fight started around a pair of silk-cloth. The step mother smashed Tejimola's right hand in the rice pondering spot. Then she smashed her left hand, right leg, left leg and then her head. Tejimola died. At place where Tejimola's dead body was buried, a tree grew up with beautiful fruits. When some boys tried to take off the fruits the tree started singing, "don't spread your arms, don't unplug me brothers, I'm non but Tejimola". The stepmother cuts the tree and throws it somewhere else, but there also grows a tree. Similarly the tree sings a song, "Don't spread hands... I'm non but Tejimola". The same happens again and again. Finally the tree was cut and thrown to the river. There again, Tejimola blooms as a beautiful lotus. By the time the father merchant came back sailing the river and he saw the beautiful lotus. He thought of taking the flower to his daughter and he spread hand to take off the flower. As soon as the flower started singing, "Don't spread hand, don't take off the flower, I am non but Tejimola...". The Father sensed something wrong and at the end he gave a life to Tejimola and punished her stepmother...
Perhaps Tejimola is the popular most story, much retold among the Assamese folktales. Hundreds of poems have been written on the character and the sensibility of the tale and a number of stories and novels are also appearing in Assamese contemporary literary practice. Thus happens in music, theatre and other cultural practices. Why the story remains so popular? The recurring life after life has something in itself and insisted the creative minds to re look into the story. Sometimes it is a desire that springs up again and again. Sometimes it is a symbol of the suppressed voice. As it is also a tortured woman's body, at the same time it is also revival of aspirations. It is art and life, life and nature integrity story that keeps us involved with all its sensibilities.



“Disposable Womaen” is a Disposable Theatre venture by Kankhowa based on three woman characters from Assamese cultural inhabitation: Mythology, History and Folklore. Chitralekha, a mythological character of a woman painter who plays a role in the Usha-Aniruddha love story anticipating the Vaishnava incursion over a Shaivite region here comes up as an individual with subjective position. Joymoti is a historical character, a martyr woman who devoted her life to save her husband and the glory of the state during the reign of the Ahom Dynasty. Tejimola is a popular name in Assamese folktales who dies out of the hatred of her step mother but gets afterlife or incarnations in several non-anthromorphic forms again and again. Bringing the three characters together the multilingual performance attempts to generate dialogues around representation of woman’s body in cultural production system along with the mapping of history and desire.  





Tribute to: Aaideu Handiqui on her birth centenary year.
Tribute to: Lakhsminath Bezbaruah (Burhi Aair Xadhu and Sati Joymoti).
Tribute to: Ananta Kandali (Kumar Haran), Chandra Kumar Agarwala (Tejimola), Jyoti Prasad Agarwala (Sonit Kunwari, Chitralekha, Joymoti), Bishnu Prasad Rabha, Bhupen Hazarika



Sources/ We are thankful to all of them:

Uddipana Goswami (Tejimola Forever), Monalisha Saikia (Several Writings), Mridul Sharma (তেজীমলাৰ মাকৰ সাধু), Bidyut Sagar (জাতীয়তাবাদ আৰু ইতিহাস: কিছু প্ৰসংগ), Himjyoti Talukdar (যাৰ বাবে 'জয়মতী' আছিল এক অভিশাপ), Deva Bhushan (সতী জয়মতী), Nayan Jyoti Nath (জয়মতী বোলছবিত নাৰী চৰিত্রৰ ধনাত্মক প্রকাশ), Manoj Barpujari (Filming A Classic), Anjal Borah (অসমীয়া সাহিত্যত মালিতা বা কাহিনী প্ৰধান গীত), Bibi Bero (How a Bird Saved the Villagers and Other Stories), Diganta Saikia (for making many Assamese articles available in Unicode), Mousumi Bhuyan Chaudhury (reading of the tale Tejimola)...

Debakanta Gogoi‎, Sarma Raktim,‎ Tsao Mayur Chetia, Debabrot Gogoi‎, Chao RoongCheng Gogoi, Babul Baishya, Sarma Raktim, Bhupen Boruah, Mintu Borgohain (their discussions in অসমীয়াত কথা বতৰা)...

poems on Tejimola from:
Nilamani Phukan, Rafikul Hossain, Nilim Kumar, Kabiranjan Saikia, Subhas Saha, Bipuljyoti Saikia, Archana Pujari, Ram Gogoi, Anandeshwar Sharma, Bijanlal Chaudhury, Mohankrishna Mitra, Gautam Prasad Baruah,

Koushik Borah, Raju Kalita, Mili Sharma, Tridip Tiken Gogoi, Kandarpajit Kallol, Himanshu Gogoi, Nishanka Milan, Rup Goswami, Parag Pinku, Jayjit Deka, Nibedita Phukan, Ranjit Patgiri...

Songs on Tejimola:

from Anima Chaudhury, Joy Barua (Lyrics - Ibson Lal Baruah)


Title of the project: Disposable Womaen (Spelling violation intended)
Date of the performance:  9TH FEB 2015
Time of the performance:  7 PM
Venue of the performance: - MC GHIA HALL (BEHIND RHYTHM HOUSE , ABOVE COPPER CHIMNEY RESTAURANT)
Genre: Disposable Theatre, Interactive, Installation Based, Musical, Space and Time specific, Experimental Theatre
Production and Support: Kahini Foundation
Production Coordination: Chandan Kumar Deka
Working Team: Kankhowa
Language: Multilingual (Assamese, English, Hindi, Marathi and Gibberish)
Concept, Text and Design: Samudra Kajal Saikia
Duration: One Hour (and may be lifetime)
Special Attraction: Joy Barua Live as a part and extension of the project
Casts: Mridupankhi Rajkumari, Pallavi Dutta, Papori Medhi, Srishti Shreyam
Spatial Design and Interaction: Shilpa Joglekar, Mahan Jyoti Dutta, Jitendra
Soundscape: Ankita Baruah, Shakti Bhatt
Documentation: Monali Bharadwaj
 Rehearsal: Nine Schools of Art



[1] নীলমণি ফুকন
[2] বিপুলজ্যোতি শইকীয়া
[3] চন্দ্রকুমাৰ আগৰৱালা