Friday, September 29, 2017

ৰাৱণ

কালি সন্ধিয়া ট্রাক এখনৰ পিছফালে উঠিবলৈ পাই ৰাৱণে দাঁত নিকটাই হাঁহিছিল
আজি জ্বলি পুৰি মৰিবলৈ দেখোন অলপ সময়ো নালাগিল

আধাসেৰ জেলেপী কিনি ঘৰলৈ উভটিলোঁ
বাটত মদাহী এটাৰ স’তে ভেটাভেটী হ’ল

জ্বলাই দিলে সিহঁতে ৰাবণক, বেহেন চোদ
জয় লঙ্কাপতি ৰাৱণ কি!
অলপ সকাহ পোৱা যেন লাগিল

জয় শ্রীৰাম ধ্বনি শুনিলেই বুকুখন কঁপি উঠে
নাজানোঁ সীতাৰ অগ্নিপৰীক্ষাৰ দোহাই দি আৰু কিমান নাৰীক
জ্বলাই মাৰিবলৈ বাকী আছে
ভক্ত হনুমানৰ নাম লৈ আৰু কিমান খিলঞ্জীয়াক বহতীয়া কৰিবলৈ বাকী আছে

বুজি পালোঁ নিজৰ মৃত্যুক আহবান কৰিবলৈ পাই ৰাৱণৰ মনত কিমান পুলক...



[৯ অক্টোবৰ, ২০০৮ নতুন দিল্লী]

Thursday, September 21, 2017

তুমি যেতিয়া শুই থাকা

তুমি যেতিয়া শুই থাকা তেতিয়াই মোৰ আটাইতকৈ ভাল লাগে।
শুই থকা তোমাৰ মুখনি যে নিস্পাপ, নিষ্কলুষ, সহজ। সঁচাকে।   
মই ৰৈ ৰৈ চাই থাকোঁ, চাই থাকি কি জানো কি ভাবি থাকোঁ বাৰে বাৰে  
তুমি যেতিয়া শুই থাকা তেতিয়াই মোৰ আটাইতকৈ ভাল লাগে।  

বহুখিনি হেৰোৱা বিশ্বাস উভটি আহে। ঠিক এনেকুৱাই লাগে,   
সকলো জটিল মেৰপাক সুলকি আহে। সকলো সহজ হৈ আহে।   
এয়েতো, যাৰ অপেক্ষাত আছিলোঁ মই বছৰে বছৰে মাহে মাহে   
সৰু বৰ সকলো কথা ভাল লাগি আহে। ঠিক এনেকুৱাই লাগে   

তোমাৰ ফুল কোমল মুখনি কোলা কৰি লওঁ    
পদুম পাহি চকুৰ দুপতা চাই চাই ৰওঁ  
সদায়ে শুনিব খুজিলেও নুশুনা কাহানিও
এটা অদ্ভূত সাধুকথা নিজেই নিজকে কওঁ।
সেইবাবেই মই নিচুকণি গীত ভাল পাওঁ।   
নিশব্দে নিৰব্দে শুই থকা তোমাক ভাল পাওঁ।   

২০১০