কালি সন্ধিয়া ট্রাক এখনৰ পিছফালে উঠিবলৈ পাই ৰাৱণে দাঁত
নিকটাই হাঁহিছিল
আজি জ্বলি পুৰি মৰিবলৈ দেখোন অলপ সময়ো নালাগিল
আধাসেৰ জেলেপী কিনি ঘৰলৈ উভটিলোঁ
বাটত মদাহী এটাৰ স’তে ভেটাভেটী হ’ল
জ্বলাই দিলে সিহঁতে ৰাবণক, বেহেন চোদ
জয় লঙ্কাপতি ৰাৱণ কি!
অলপ সকাহ পোৱা যেন লাগিল
জয় শ্রীৰাম ধ্বনি শুনিলেই বুকুখন কঁপি উঠে
নাজানোঁ সীতাৰ অগ্নিপৰীক্ষাৰ দোহাই দি আৰু কিমান নাৰীক
জ্বলাই মাৰিবলৈ বাকী আছে
ভক্ত হনুমানৰ নাম লৈ আৰু কিমান খিলঞ্জীয়াক বহতীয়া কৰিবলৈ
বাকী আছে
বুজি পালোঁ নিজৰ মৃত্যুক আহবান কৰিবলৈ পাই ৰাৱণৰ মনত কিমান
পুলক...
[৯ অক্টোবৰ, ২০০৮ নতুন দিল্লী]

