Sunday, August 11, 2019

মেঘ-কথা (ডিছপোজেবল মেঘ)


১) 
মেঘ-মৃত্যু


কবিৰা, 
ভঙা কলহটোৰ সুখেই সৰি পৰা মেঘৰো সুখ। 
আত্মবিলোপনৰ আনন্দ? নে ভৱিষ্যতৰ এখন জীপাল ধৰা? 
নিজে শেষ হৈ যাবলৈ পয়োধৰ সদা উন্মুখ।

২) 
মেঘ-চক্ৰ

ফকিৰা, ই দেশ সি দেশ পৰিভ্ৰমী গৈ 
মেঘে নাপাহৰে কোন আছে ৰৈ।
কোনোবা প্ৰান্তিকৰ এটা মাত্ৰ চাতকৰ 
আহ্বানত ঘূৰ্ণায়মান জলচক্ৰ সমস্ত। সকাতৰ।

৩) 
মেঘ-বৰ্ণ

মাটিত ফুলা ফুলৰ ৰংবোৰো মেঘে গোটায় সূৰ্যৰ পৰা 
মুহূৰ্তে মুহূৰ্তে সলনি হয় তৰপে তৰপে ৰং মেঘদেশৰ
আমি সকলোবোৰ সেই প্ৰাচুৰ্যৰ তলসৰা।

৪) 
মেঘ-পুঙা

পৃথিৱীখন আৱৰি মেঘ ঘূৰে। 
পৃথিৱীখন সাৱটি মেঘ ঘূৰে।

মূৰ্খ মাটিৰ মানুহেহে ভাবে মেঘডোঙা 
আলাসত ওপঙা 
উৰুলিপুঙা।

৫)
মেঘ-ওহাৰ

যমুনা ওফন্দি আহে। ওলমি পৰিছে মেঘ ওহাৰ। 
বুকু ভৰে, বুকু ভাগে, বুকু কোমলে, বুকু ওপচে 
মেঘশ্যাম দেখি উথলি বুকু টান হৈ আহে ৰাধাৰ।

৬) 
মেঘ-খেল

মেঘে জিৰণি লয়। ধাৱমান হয় মেঘ ত্বড়িৎ গতিত। 
মেঘে মেঘে সখি পাতে। মেঘে মেঘে পতা মুখচুপতিত 
উৰাবাতৰি বয়। খেলিয়াখেলি লাগি চাগে 
মেঘৰ সবাহতো কাৰোবাৰ সংসাৰ ভাগে! 
ভূমাখচিত বাৰিবাহ মেঘ অৱশেষত ভূপতিত।

৭)
মেঘ-নীতি

মেঘে মেঘে সংঘাত হয়, আকাশত ফিৰিঙতি চিটিকায়। 
বৰ মেঘে সৰু মেঘক খায়।
বৰ মেঘে সৰু মেঘক খায়।
পৃষ্ঠটান স্বভাৱৰ অচিলা লৈ চলে মেঘৰ মৎস্যন্যায়।

৮)
মেঘ-ঘৰ

চিৰপৰিব্ৰাজক হ'লেও কিন্তু মেঘৰো এখন দেশ থাকে দেখোন। 
দেশ বুলিলে দেশান্তৰণৰো কাহিনী হেনো থাকিবই লাগে। 
এখন হেৰোৱা ঘৰৰ স্মৃতি আৰু এখন নোহোৱা ঘৰৰ সপোন 
ঘৰহীনতাই মন বেয়া কৰা মেঘৰো আছে। মেঘৰো থাকে।

৯)
মেঘ-ডাক

নীলা আকাশৰ সমুদ্ৰত মেঘজাহাজৰ জলযাত্ৰা
মেঘৰ সিপাৰে এখন দেশ আছে। গুছি যাওঁ গুছি যাওঁ লাগে। 
গৈ কোনো কাহানিও উভতি নহাসি দেশ। 
যামগৈ বুলিয়ে মাটিয়ে বনে বিৰিখে চুমা একোটাকৈ যাচোঁ। 
প্ৰতিটি চুমাই শেষ চুমা। 
প্ৰতিটি গানেই শেষ গান।

মেঘৰ চিঠিত যেন সেই অজানা দেশৰ আহ্বান
কোন কুবেৰৰ দেশ, কোন ঐশ্বৰ্যৰ দেশ, 
নাজানো। জনাৰ উপায় নাই। 
কোনোদিনে নেদেখা কোনোদিনে নোপোৱা 
কিবা এটাৰ বাবে কিবা কিবা লগা মোৰ
মেহ-পৰাণ।

১০)
মেঘ-দেশ

বায়বীয় গতিও অবাধ নহয়। মেঘদেশ উত্তাল হয়।
বিজতৰীয়া মেঘৰ অনুপ্ৰৱেশ ঘটে। 
ধৰাশায়ী মেঘ পথাৰত ৰয়।

বিজুলীৰ চমক দেখাতেহে ক্ষণিক 
অনুপ্ৰৱেশ, আগ্ৰাসন আৰু অধিকাৰৰ নেৰেটিভ
মেঘদেশতো পৌনঃপুনিক।



Monday, August 5, 2019

হুঁ‌


১) নিজগুণে

নঙলা মুখত ৰৈ থাকক কটাৰীৰে পিঠিৰ ঘামচি খজুৱাই।
মানুহ এজন চাইকেলখনেৰে বাটেদি পাৰ হৈ যাওক।
"হেই ইয়্যে"
এনেকুৱা কিবা শব্দ এটা ওলাওক।
হে'ৰা কি খবৰ, ভালনে, এনেকুৱাই কিবা এটা বুলি
বুজি লওক নিজগুণে।
উত্তৰটো দিব খুজিছিল-
অঁ‌ এয়াহে, এনেয়ে ৰৈ আছোঁ‌, বাকী ঘৰত ভালেই আৰু।
কিন্তু আপোনাৰ মুখেৰে ওলাল-
"এয়্যাও"
নে এনেকুৱাই কিবা গেঙনি বা গোঁ‌গোৱনি এটাহে।
বুজোতাই তাতে বুজিলে বুজিব লগাখিনি
নিজগুণে।
বৰদেউতাককাই নামৰ শেষত
"ঔৱা গৰৰৰ"
বুলি কৰা শব্দটোৰ দৰে। প্ৰত্যুত্তৰত সমস্ত ৰাইজে
"হৌ উৱা ভৰৰৰ"
বুলি কৰা গলহেকাৰিৰ নিচিনা শব্দবোৰৰ দৰে।
নেদেখাজনে নিজগুণে বুজি লয়
এই গেঙনি, গোঁ‌গোৱনি, ভোৰভোৰনিৰ দৰে শব্দবোৰেই
তেৰাৰ নাম লোৱা বুলি।
নিজগুণে মানুহবোৰ মানুহৰ স'তে বান্ধ খাই থাকে।
নিজগুণে মানুহবোৰ মানুহৰ স'তে বান্ধ খাই থাকে।
হাজাৰ কথাবাৰ্তা আৰু বাকবিতণ্ডাৰ শেহত এই
ভোৰভোৰনিকণেই সাৰ।

২) ভোৰভোৰনিয়েই সাৰ

দুহাতে গেবাৰি খাটে মুখে ভোৰভোৰনি সাধে।
ভোৰভোৰাই থকা মানুহজনীৰ মুখখন
বন্ধ কৰিবলৈকে পুতেকলৈ এজনী চপাই দিলে।
ভোৰভোৰনিৰ পোৰণিত ন বোৱাৰী পুৰণি হ'ল।

ভোৰভোৰনিতে নাতি হ'ল নাতিনী হ'ল। ভোৰভোৰনি নকমিল।
ভোৰভোৰনিতে এখন ঘৰ দুখন হ'ল।
ভোৰভোৰনিতে মথুৰা বৃন্দাবন। ভোৰভোৰনিতে
সাউৎকৈ পাৰ হয় কোন সৌটো জপনামুখ!
মনৰ শান্তি নহ'ল। ভোৰভোৰনি শান্ত নহ'ল।
ভোৰভোৰনিতে নুমাব ধৰা ভোটাটোত তেল অকণ পৰিল
ভোৰভোৰনিয়ে হোৱা ভাতক কৰিলে চাউল

ভোৰভোৰনি বুঢ়ীয়ে জীৱনত বিচাৰিছিলে কি
কোনেও নুবুজিলে। এদিন হঠাৎ
ভোৰভোৰনি নোহোৱা হ'ল। ঘৰখন নিজম পৰিল।

কথাবোৰ কথাই। ভাষাৰে নাটে।
ভোৰভোৰনিতে কথা, বেথা, লেঠা। ভোৰভোৰনিতে
জীৱনৰ এঠা।

ভোৰভোৰা বৌটি ভোৰভোৰা।
ভোৰভোৰা আইতা ভোৰভোৰা।

গয়া কাশী বৃন্দাৱন সকলো অসাৰ,
ৰুমালত ফুল তুলি থকাৰ মাজতে তাই গুণে-গাঁ‌ঠে
বৌটি তোৰ ভোৰভোৰনিহে সাৰ।।