Friday, September 5, 2014

আইলৈ

কোনে শিকাইছিল তোমাক
তেনেকৈ জুপি জুপি ফুল বাছিবলৈ

কোপাই নদীৰ পাৰৰ বতাহৰ সোঁ-সোৱনিত
শুনিছোঁ তোমাৰ তাঁতশালৰ নাচনীৰ ছন্দ
চাওঁতাল গাঁৱৰ বাঁহনিৰ আঁৰত খোলৰ চাপৰ

খোলাখিৰিকীখনেদি পুৱতি নিশাতে
কোনোবাই কৈ গ'ল ভুনভুনাই
    বকুল বাগৰিছে ববচা বনতে
        বুটলি বিলাওগৈ ব'লা

তলসৰা গুলঞ্চ ফুলৰ আঙঠিত
লুকাই আছে আমাৰ শৈশৱ
ডবাৰ কোবত জীণ যোৱা গধূলি
অলপ ধূলি-মাকতি

অনেক দেখিছোঁ ছন পৰা বৃন্দাবন
তালিকা অনুযায়ী হঁহা-মতা অনেক শ

খোলত চাপৰ নপৰা হয়
মুক্তাৱলিত আউল, থমকি ৰ'ব খোজে জীৱনৰ নাট
আখৰাৰ মাজতে কাণে কাণে কয় কোনে
      নোৱাৰিছোঁ আৰু হৰেশ্বৰ
      থ, আজিলৈ নাটখন সামৰ

মই বোলে প্রতিটো কথাই জোখতকৈ বেছিকৈ ভাবোঁ
হয়নে?
কৰ্কৰা ভাত খাই ধনশ্রী ৰাগ টনা
মুখত তোমাৰ ভূচিত্রাৱলীৰ মেপ

তোমাৰ গুণগুণনি শুনি ঘৰমুৱা হয় গৰু
ভৰিত শুকান মেদেলুৱাৰ জুনুকা পিন্ধি
ক'লীয়াৰ নাচ নচা ল'ৰাটো তোমাৰ এতিয়াও সৰু



প্রথম প্রকাশ- 'প্রান্তিক'