Monday, May 27, 2019

ভৰিত শিকলি লৈ আজি জনসমাগমলৈ ব'লা

সিক্ত দুনয়ন, অশান্ত মন-
এয়াই সকলো নহয়।
গোপন ভালপোৱাৰ প্ৰতিপালন-
এয়াই সকলো নহয়।
ভৰিত শিকলি লৈ আজি জনসমাগমলৈ ব'লা। 
জোনাকী হাতেৰে, প্ৰফুল্ল মনেৰে, নাচি বাগি ব'লা.
ধূলিয়ৰি মস্তকেৰে ব'লা, তেজলগা আঁচলেৰে ব'লা।  
সেই মৰমী নগৰীলৈ ব'লা, সকলোৱে বাট চাই আছে য'ত-    
শাসকেও, সাধাৰণ জনগণেও,
অভিযোগৰ কাঁড়বোৰেও, অপবাদৰ শিলবোৰেও,
হতাশাৰ পূৱাবোৰেও, ব্যৰ্থতাৰ দিনবোৰেও...
সিবোৰৰ লগ বুলিবলৈ আমাৰ বাদে আৰু আছেনো কোন কোৱা?
মৰমী নগৰীত নিষ্কলুষ আৰু কোনো নৰয়
ঘাতকৰ হাতত আৰু বাকী ৰোৱা নাই কোনো।
হৃদয়-সাহোন বান্ধি লোৱা, ক্ষত হৃদয়কে সাবটি লৈ ব'লা

আকৌ আমিয়েই নিহত হৈ আহোঁ বন্ধুহঁত ব'লা। 

ফইজ আহমদ ফইজ


Still from "Aaj Bazaar Mein Pa Ba Jolan Chalo", Samudra Kajal Saikia




Sunday, May 5, 2019

ঘূৰ্ণাৱৰ্ত


নৈৰ পাৰলৈ নাযাওঁ‌
গৈনো কি হ'
মিছাতে কাৰোবালৈ মনতহে পৰিব।
পাহাৰৰ ফালে নাচাওঁ‌
চাইনো কি হ'
মিছাতে মনতহে পৰিব
হাবিয়েদি বাট বুলিবলৈ -
কথা একেটাই।

তেনেতে হঠাৎ মনত পৰিল
মোৰ দেখোন মনত পেলাবলৈ
কোনোৱেই নাই

সেয়ে মই নৈৰ পাৰত বহিলোগৈ এখন্তেক
পাহাৰলৈ চালোঁ‌ ৰ লাগি
হাবিয়ে হাবিয়ে বনালোঁ‌

এতিয়া ঘূৰিছোঁ‌ ঘৰলৈ বুলি
ওৰেটো বাট
তোৰ কথাকে ভাবি।