…থি খবৰ গৰ্ম কি গালীব কে উড়েঙ্গে পুৰ্জে
দেখনে ত' হম ভী গয়ে থে
মগৰ তামাছা না হুৱা…
গালিব
কাণখোৱা ঢুকাল
বুলি খবৰ এটা ওলাল।
নেদেখাজনলৈ
সেৱা এটা জনাই প্ৰাৰ্থনা কৰিলোঁ।
গাঁৱৰ মানুহক
মাত একোষাৰ লগাই
সৎকাৰৰ বাবে
ওলালোঁ
ধূপ ধুনা
আৰু সুগন্ধি ফুল অলপো লগতে ল'লোঁ
অঙহী-বঙহী সকলো আহিল
জাতি বাঁহত
ঘাপ পৰিল
কান্দোনৰ
ৰোল উঠিল
সকলো আহিল। কোনো বাকী নৰ'ল।
সকলো যেতিয়া
আহিল,
দোকানৰ পৰা
শুধ বগা কাপোৰ এখন কিনি লৈ
কাণখোৱাও
আহিল




