Thursday, October 26, 2017

কাণখোৱাৰ মৃত্যু

         থি খবৰ গৰ্ম কি গালীব কে উড়েঙ্গে পুৰ্জে
            দেখনে ত' হম ভী গয়ে থে মগৰ তামাছা না হুৱা
গালিব

কাণখোৱা ঢুকাল বুলি খবৰ এটা ওলাল
নেদেখাজনলৈ সেৱা এটা জনাই প্ৰাৰ্থনা কৰিলোঁ
গাঁৱৰ মানুহক মাত একোষাৰ লগাই
সৎকাৰৰ বাবে ওলালোঁ

ধূপ ধুনা আৰু সুগন্ধি ফুল অলপো লগতে ল'লোঁ

অঙহী-বঙহী সকলো আহিল
জাতি বাঁহত ঘাপ পৰিল
কান্দোনৰ ৰোল উঠিল
সকলো আহিলকোনো বাকী নৰ'

সকলো যেতিয়া আহিল,
দোকানৰ পৰা শুধ বগা কাপোৰ এখন কিনি লৈ
কাণখোৱাও আহিল


Tuesday, October 17, 2017

হেমন্তিকা

হিম সেমেকা সৌ আকাশৰ
দিপাৱলী
হেমন্তিকাই আঁচল মেলি
ৰাখিলে ঢাকি... 

ঘৰে ঘৰে পঠালে খবৰ,
দিপালিকাৰে কৰা পোহৰ,
কৰা পোহৰ, পোহৰে নিজৰ,
পোহৰে সজাই এই ধৰিত্ৰী।।

ফুলনি আজি তেনেই যে উকা,
কুলি কেতেকীয়ে নুশুনোঁ মতা,
     কঁহুৱানি সৰি যায় নদীৰ চৰে ।
যাক অৱসাদ বিষাদ যিবোৰ,
দিপালিকাৰে কৰা পোহৰ,
কৰা পোহৰ, পোহৰে নিজৰ,
শুনোৱা পোহৰৰ জয়বাণী।।

দেৱতাসৱে আছে নিৰিখি
উঠাহে ধৰাৰ অছালি
পোহৰে জগোৱা এই যামিনী।
শেষ হল দিন নামিল আন্ধাৰ
দিপালিকাৰে কৰা পোহৰ,
কৰা পোহৰ, পোহৰে নিজৰ,
জয় কৰা আজি এই তামসী।।

(ৰবীন্দ্ৰনাথৰ গান)



Tuesday, October 3, 2017

ক (৭)

[জ আহমদ ফইজৰ নামেৰে]

ক বুলিলেই কথা এটা বাৰু কেনেকৈনো কৈ দিওঁ   
নকওঁ বুলিয়ো আক’ কেনেকৈ নোকোৱাকৈ থাকোঁ   
কোৱা উচিত, ক’বই লাগিব - মাথোঁ ভাবি থাকোঁ     
কোৱা হৈ নুঠেগৈয়ে, মুখ খুলি একো এটা কথাও   

কিয় জানো এনে হয়, সেপ ধুকিব নোৱাৰা হওঁ    
নকওতে নকওতে জিভাখন শুকাই আহে   
শুকাই জিভাখন একেবাৰে নোহোৱা হৈ আহে  
আত্মাৰ মৌনতা লৈ দলে দলে জিৰাফ যেন হওঁ   

ফঈজ চাহাব, তপত লোহাত আঘাত কৰিব নোৱাৰি   
নিজে উমি উমি জ্বলা জুই হৈ পুৰিলোঁ।   
প্রতিবাদৰ আঘাতত দেৱাল এখন খহাব নোৱাৰি  
নিজে এখন নির্বাক দেৱাল হৈ ৰ’লোঁ।   
ক’ব খুজিও নোকোৱাকৈ থকা কথাবোৰেই আজি আবৰি  
মোক কৰি থ’লে চোৱা এটা নষ্ট পলু।    


ক (৪)

(ফইজ় আহমদ ফইজ়ৰ কবিতা)

ক তোৰ মুখখন আজি আছে খোলা
ক তোৰ জিভাখন এতিয়াও তোৰ
তোৰ সুঠাম দেহটো তোৰেই দেহা
ক ধাতু এতিয়াও আছে তোৰ
চা কমাৰৰ শালৰ আঙঠা
তপত হৈ আছে, ৰঙা লোহা
খুলিব লাগিছে তলা
প্রতিডাল শিকলিৰ গাঁঠ খোলা
ক, এই অলপ সময়ো বহুত হ’ব পাৰে
দেহে মনে মৰি যোৱাৰ আগতেই
ক, যে সত্য এতিয়াও বাচি আছে
ক, যিহকেই ক’বলৈ আছে কৈ দে তই।।


Monday, October 2, 2017

শিয়াল আৰু কাণখোৱা

[নাছিৰুদ্দিন মোল্লাৰ প্ৰতি]

তাৰ কটা কাণখন কোনে নিলে চলাথ কৰি
এসময়ত শিয়ালটো দেশৰ পৰা বাজ হৈছিল।
আজি নিজৰ দেশলৈ উভতিব খুজি সি দেখে যে
তাৰ দেশখন আৰু আগৰ ঠাইতে নাই।

মৌকোলাটো গৈ লাওখোলাটো হ'ল
হিয়াৰ আমঠুটো গৈ উকমুকৰ পোৱালীটো হ'ল
সোণৰ সোলেঙৰ সো-টো গৈ লেং-টো ৰ'ল 
আলেকৰ পালেকটো গৈ মাণিকী মাকৰ কঁৰীয়াটো লৈ 
নপতা ফুকনটো হ'ল

দেশখন বিচাৰি বিচাৰি হাবাথুৰি খাই সি সুধিলে
ৰসাতলৰ বাট কেনি।
দেশখন ৰসাতলে গ'ল বুলি সি কোৱাহে শুনিছে
মোল্লা কাণখোৱাৰ মুখে
ৰসাতল বিচাৰি শিয়ালে নোপোৱা হ'ল ৰতনপুৰো চিনি 

যি হ’ল হ’ল, শিয়ালটো কেনিবা গ’ল।
এইবাৰ দেখিলোঁ মোল্লাই বিচাৰি ফুৰিছে শিয়ালটো।
কিজানি সি সন্ধান পালেই বা
ৰসাতলৰ বাট কেনি।  
এইবাৰ কাণখোৱাৰো যাবৰ মন
শিয়ালটোৱে পোণালে বাট যেনি।। 


ডিছপোজেবল সূৰ্য ১১

সূৰ্যটো যদি মৰিও যায়, কোনেও যে নেকান্দে সূৰ্যৰ বাবে   
- সি ধুৰূপ। অবাবত নষ্ট যোৱা দিস্তা দিস্তা পাতৰ বাবত,  
বুৰঞ্জী লিখি ভালপোৱা মানুহ মৰিব হয়তো সন্তাপত। 
খেনো কবি দুখত মৰিব হেৰাব খোজা এটা মাতৰ বাবে।   

ভগৱানৰো মন বেয়া হ'ব নীলা প্ৰিয়তম গ্ৰহৰ বাবে। 
সূৰ্যৰ বাবেহে কান্দিবলৈকো কোনো নাই। অনন্ত ব্ৰহ্মাণ্ডত
আন কি ভু অনেকে নাপাব যে সূৰ্যটো মৰিল কোনো প্ৰান্তত। 
মৰাৰ আগে সূৰ্য এটা যে আছিল - সিও ৰ'ব পাৰে অজ্ঞাতে।

এই মহাবিশ্বত সূৰ্যৰনো এনে কি আকাল, কালত   
বিচাৰিলেই পোৱা যাব অলেখ সূৰ্যৰ দুগ্ধসৰণি,  
সকলো জানিও সূৰ্যটো যেনেকৈ জ্বলি যায় দিনে দিনে   
- কাহানিও যেনিবা তাৰ মৃত্যু নাই এনে এক ভাবত -     
তাকে দেখি, সূৰ্যটো মৰক বা নমৰক, তাৰ সলনি  
নিন্দুক কাণখোৱাহে দেখোঁ জ্বলি পুৰি মৰে আনপিনে !!