Friday, September 6, 2024

মেহপংকিল

 ভৰি থ'বলৈ ঠায়েই নাই, মেহপংকিল গোটেইখন আকাশ।

আজিও নিমিলিল দেখোন আমাৰ লগ পোৱাৰ অৱকাশ।

ৰিপ ভেন উইংকল

 ৰিপ ভেন উইংকলে পালে সাৰ

এতিয়াও বাৰিষা মানেই বান, পানীৰ নাই পাৰাপাৰ 

চকুৰ মণিত হেলিকপ্টাৰ

চকুৰ মণিত হেলিকপ্টাৰ

 

সাৰ পালে ৰিপ ভেন উইংকলে

উদাত্ত কণ্ঠৰ ভাষণ চলে, সাহিত্য আৰু নাচ-গান চলে 

নিচলা মানুহ মৰে নিৰলে

নিচলা মানুহ মৰে নিৰলে

 

সাৰ পালোঁ ভৈয়াই

সাৰ পালোঁ, সাৰ পালোঁ সাৰ পাই কি দেখিলোঁ পিতাই

কিহলৈ সাৰ পালি দুনাই

 

অসঞ্জাতী কাণখোৱাৰ পো

যি হ’ল হ’ল, এতিয়া শো