জেনেৰেল, আপোনাৰ টেঙ্ক এক শক্তিশালী বাহন।
ই নিমিষতে মোহাৰি পেলায় হাবি-বন আৰু মহতীয়াই নিয়ে শ
শ মানুহ।
কিন্তু ইয়াৰ এটা আঁসোৱাহ আছে-
ইয়াক চলাবলৈ এজন চালক লাগে।
জেনেৰেল, শক্তিশালী আপোনাৰ বোমাৰু বিমানখন।
ই ধুমুহাতকৈয়ো বেগেৰে উৰে আৰু হাতীতকৈয়ো বেছি বহন কৰে
ভৰ।
কিন্তু ইয়াৰ এটা আঁসোৱাহ আছে-
ইয়াক এজন মেকানিক লাগে।
জেনেৰেল, মানুহ বহুত কামত আহে।
ই উৰিব পাৰে, ই মাৰিব পাৰে।
কিন্তু ইয়াৰ এটা আঁসোৱাহ আছে-
ই চিন্তা কৰিব পাৰে।
(- বাৰ্টোল্ট ব্ৰেখট)
(- বাৰ্টোল্ট ব্ৰেখট)
