Wednesday, September 19, 2018

গু


"এনে মানৱ জমি ৰ'ল পৰি ছন
আবাদ কৰা হ'লে ফলে তাতে সোণ  
কৃষি কাম নাজান অ' হে'ৰ মন
কৃষি কাম নাজান অ' হে'ৰ মন"

ল'ৰাটোৱে এদিন হাতত দোতাৰাখন লৈ
দুচকু মুদি গাইছিল ৰামপ্ৰসাদী।  
নাজানো। কৃষি কাম নাজানো। নাজানো
এই মানৱ শৰীৰে সোণ কেনেকৈ ফলায়।
দৌৰি গ'লোঁ দৌৰি আহিলোঁ
সোণৰ টেকেলি এৰি থৈ আহিলোঁ
মাথোঁ সেইকণেই মনলৈ আহে
সৰুকালৰ ধেমেলীয়া পদ।
গু। সোণবৰণীয়া গু।

সকাতৰে চাওঁ বন বিৰিখ
ৰ লাগি চাওঁ চৰাই চিৰিকতি
ধাৰাল পানীয়ে নিমজ কৰি অনা শিলৰ টুকুৰা
ৰঙ বিৰঙৰ তুলিকা বোলোৱা পিঠিৰে
এটা অচিনাকি পোক।
দেখি দেখি শুনি শুনি বাৰে বাৰে অবাক হৈ ৰোৱা
কাৰো একো প্ৰয়োজন পূৰণ কৰিব নোৱৰা
মই সবাক কবি।
পেখম তুলিব নোৱাৰোঁ। মকৰাৰ দৰে
জাল ব'ব নোৱাৰোঁ। চাক সজিব নোৱাৰোঁ মৌৰ দৰে।
অকৰ্মণ্য এই শৰীৰ কেৱল নিতৌ এটা
গু নিষ্কাষণ কৰা মেচিন।

শুঙি চাওঁ ফুল, জিভাৰে চাকি চাওঁ সোৱাদ।
কোনো সুন্দৰতাৰ নিৰ্মাণেই সম্ভৱ নহয়
মোৰ এই দেহাৰে
কেৱল উৎপাদ ব্যতিৰেকে  
গু।

নিত্য নৈমিত্তিক গু।
আজন্ম গু।
আমৃত্যু গু।।

শিল্পী- মৌমিতা ঘোষ