Saturday, May 25, 2013

পঁইতাচোৰা

(কবি নৱকান্ত বৰুৱাৰ নামেৰে)

…I believe in the immortality of
all creatures…
Egon Schiele

সভ্যতাৰ আৰু অসভ্যতাৰ প্রাচীনতম তত্রাচ অধুনা জীৱিত
স্বেতৰক্তী কীট।
অষ্টদশ জানু। ষষ্ঠপদী। সদা সতর্ক সম্বিৎ। 

আটাইতকৈ বেছি অভিযোগ ৰহিত সত্তা
ভোজন পচনত নাই কোনো বাচ-বিচাৰ
কাকো ক’তো প্রাত্যক্ষিকভাবে কৰা নাই অপকাৰ
দিয়া নাই বিকাৰ

এন্ধাৰে
পোহৰে
জাৰে
জহে

অজাতশত্রু ...

স্পর্শপ্রিয় নিমাখিত। কেশসম ছিদ্রতেই বাস।
বাজলৈ ওলাই আহিলেহে মাথোন সন্ত্রাস
খাদ্য অবিহনে এমাহতকৈয়ো অধিক দিন বাচি থাকিব পাৰোঁ
জলবায়ুৰ আর্দ্রতা মাথোঁ জৰুৰী বিষয়
যাৰ জলনির্মিত শৰীৰ, সৃষ্টিৰ অভ্যন্তৰীণ নির্যাস

পথালিমুখ। দলবদ্ধ জীৱ। ক্ষিপ্রগতি। 
একান্তই অনভিপ্রেত মম উপস্থিতি
আনৱিক বিস্ফোৰণেও নস্যাৎ কৰিব নোৱাৰিলে যাৰ অস্তিত্ব
ভীষ্ম পিতামহৰ দৰে দেখি আহিছোঁ মহাকাব্যৰ উজান ভাটি।  

নৰদেহ ক্ষতস্থানত মোৰ ৰক্তই দিয়ে উপশম
তথাপিও বিষাক্ত আৰু ক্ষতিকাৰী বুলি বদনাম

বুদ্ধিহীন। অবিবেচক।
মস্তিষ্ক বিচ্ছেদতো বাচি থাকিব পাৰোঁ বহুতো দিন
মৈথুনৰ অবিহনেও মই থিতাপি লওঁ মাতৃগর্ভত

তুষাৰাবৃত অঞ্চলৰ পৰা শুষ্ক বালিচৰলৈকে সকলোতে বিদ্যমান

মোক তুমি কেনেকৈ নিঃশেষ কৰিবা
এন্ধাৰে যে মোক সুৰক্ষা দিয়ে
তদুপৰি
পোহৰো মোৰ শত্রু নোহে 

উৰিব পাৰিলেও মই ভালপাওঁ মাটি
ভালপাওঁ পিঁয়াজ
ভালপাওঁ মানুহৰ আৱর্জনা।
জানো, মানুহ নেথাকিলেও থাকিব আৱর্জনা। 

সর্বভোজী মই। ওঠৰ ঘণ্টাকৈ মোৰ দৈনিক বিশ্রাম
ডাইনোচৰতকৈয়ো প্রাচীনতৰ মোৰ ইতিহাস বীক্ষণ 

পৃথিৱীৰ প্রথমখন মহাকাব্যৰ পাত ময়ে লুটিয়াইছিলোঁ
পৃথিৱীৰ প্রথমটো কবিতা ময়ে আওৰাইছিলোঁ

বিশ্বত যিমান দিনলৈকে এন্ধাৰ থাকিব
পঁইতাচোৰা থাকিব
যেনেকৈ শস্য আৰু মৈথুন থকালৈকে মানুহ থাকিব
এন্ধাৰ আঁতৰোৱাৰ প্রার্থনা থকালৈকে

থাকিব কবি আৰু কবিতা। 


Thursday, May 23, 2013


হুঁ
সমুদ্র কাজল শইকীয়া

 I am just an actor, what can I do, why blame me…
I am just an actor what do they want from me?
Mephisto



[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009] 




উৎসর্গ 
মেহবুব-এ-ইলাহী


চিলা উৰুৱাব নাজানোঁ
গাড়ী চলাব নাজানোঁ
দোতাৰা বজাব নাজানোঁ

তোমাক নেদেখাকৈয়ে ইমান ভাল পাওঁ
দেখা পোৱাৰ পিছত কিমান ভাল পাম নাজানোঁ 

কবিতা লিখিব নাজানোঁ




থিয়েটাৰ ইন্‌ ফাটেহগঞ্জ


In public nobody can escape from it; everyone is forced to be either spectator or performer. Some performers perform their refusal to perform. They play insignificant “little men”, or, if they are many they may play a cohort of “the silent majority”. The change-over from performer to spectator is almost instantaneous. It is also possible to be both at the same time…

JOHN BERGER

Theatre of Indifference

Written in 1975, coll. in THE SENSE OF SIGHT (ed. Lloid Spencer, Vintage International, NY 1985, pp. 68-73)

  

ফাটেহগঞ্জ গলিটোৰ গুমটি এটাৰ সমুখত
সঁজাত বন্দী ভাটৌ এজনী আছে|
ভাটৌজনী থাকিলে পার্ছি ছোৱালীজনী নাথাকে গুমটিটোত
হয়তো, তাইকো বন্দী কৰি ৰাখিবৰ সঁজা এটা আছে|

ফাটেহগঞ্জ গলিটোৰ গৰুবোৰ কলৈকো নাযায়, বাটতে থাকে|
মানুহবোৰো বাটতে থাকে, বাটতে খায়, শোৱে, গা ধোৱে সদায়|
সিহঁতৰ ঘৰবোৰৰ ভিতৰবোৰত বাহিৰ এখন আছে
সেই বাহিৰত খাবলৈ শুবলৈ গা ধুবলৈ সিহঁতৰ লাজ লাগে হবপায়|

ফাটেহগঞ্জ গলিটোৰে গৈ শেহৰ ফালে মোৰো ঘৰ এটা আছে|
বহুতো ঘৰৰ ভিতৰেদি সোমাই গৈ মই মোৰ ঘৰটোত সোমাওঁ|
চাৰিবেলাৰ নামাজ, চাইবাবাৰ কাৱালি আৰু পেটুৱা গণেশৰ উন্মাদ নাচে
মোৰ ঘৰটো ভৰাই ৰাখে| সোণ, কেনেকৈ কওঁ যে তোমাকেই ভালপাওঁ|

ফাটেহগঞ্জ গলিটোৰ গুৰিতে থকা মাহীজনীয়ে আজি হাঁহি এটা মাৰিলে|
সদায়ে গোষ্ঠী উজাৰি গালি পৰা মাহীয়ে জানে
চহৰৰ পুলিচৰ ক্ষমতা প্রদর্শণৰ নমুনা, মাহীৰ চাহৰ দোকানখন ভাঙিলে|
ইয়াতকৈ বেয়া দিন আৰু কি আহিব? তথাপি সুধিলোঁ, মাহী ভালনে?
  
ফাটেহগঞ্জ গলিটোৰে খোজ কাঢ়োঁতেও আকাশত জোন দেখা পাওঁ|
বহুতো খিৰিকীৰ পর্দা একে সময়তে কঁপি উঠে|
ফাটেহগঞ্জ গলিটোৰে খোজ কাঢ়োঁ আৰু জুমি জুমি চাওঁ
জোনটোলৈ ঈর্ষা হয়| এখনো পর্দা নাই যি খন মোৰ বাবে কঁপি উঠে|

তোমাৰ দাসীন্য আৰু মোৰ ঔৎসুক্যৰ থিয়েটাৰ খন
অহর্নিশে চলি থাকে ফাটেহগঞ্জ বাটে পথে|
ব্যস্ত পথত ব্যতিব্যস্ত মই, লোলুপ গোপন অপৰাধী দর্শক,
মানুহৰ থিয়েটাৰ বিচাৰি ফুৰোঁ ফাটেহগঞ্জ বাটে পথে| 




[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

এদিন শলগুৰিত, কঁঠাল গছ এজোপাত কের্কেটুৱা এটাই...


এদিন শলগুৰিত, কঁঠাল গছ এজোপাত কের্কেটুৱা এটাই...

মোৰ কথা শেষ নহল, সাতশ চল্লিশ নম্বৰ বাছখন আহি ৰলহি।
আমি জাঁপ মাৰি উঠিলোঁ। কথাষাৰ আকৌ আৰম্ভ কৰোঁ বুলি ভাবোতেই
কণ্ডাক্টৰটোৱে হাতখন আগবঢ়াই দিলেহি।
বাছৰ ঠেলা হেঁচাত মোৰ আৰু কথাটো কোৱা নহলেই।

মাণ্ডি হাউচত বাছৰ পৰা নামি উশাহটো দ-কৈ লৈ ভাবিলোঁ এইবাৰ কব পাৰি,
এদিন শলগুৰিত, কঁঠাল গছ এজোপাত কের্কেটুৱা এটাই...
ভোকত পেটটো পকাই ধৰিলে। ঘড়ীটো চালোঁ, নাটক এখন চাব পাৰি
পিছে নাটক চাবলৈ হলে বেছি পলম কৰা উচিত নহয়।

এখোজ দুখোজ অগা পিছা কৰি দোধোৰ মোধোৰ হৈ শেষত নাটক চোৱাৰ সিদ্ধান্ত বাতিল।
তাতকৈ ভাল বাটৰ কাষৰ দোকান এখনতে কিবা অলপ খাওঁ
ৰ শলগুৰি, কৰ কঁঠাল, কৰে বা কের্কেটুৱা মোৰ কি আহিল কি গ
কিজানিবা এনেকৈ কোৱা, তাকেই ভাবি গুণি গাঁঠি থাকিলোঁ কথাটো কওঁ নে নকওঁ।

চাহৰ কাপত সোহাটো মাৰিয়ে সমুখত আহি ৰোৱা আৰু গুছি যোৱা বাছবোৰলৈ চাই থাকিলোঁ
কিজানিবা হাতত কোমল চাউলৰ টোপোলাটো লৈ শলগুৰিৰ জেঠাইজনী আহি নামেহি কৰবাৰ পৰা।
জানোঁ, আন কোনেও নুশুনিলেও জেঠায়ে মন দি শুনিব মোৰ কথা। জেঠাইকে কম, ঠিৰাং কৰিলোঁ
এদিন শলগুৰিত, কঁঠাল গছ এজোপাত কের্কেটুৱা এটাই...


[সাদিন, বিশেষ সংখ্যাতো প্রকাশিত] 

[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

কঁতৰা

বহুপৰ ৰ লাগি চাই দেখিলোঁ
চকুৰে দুধাৰি বৈ আহিছে তাৰ
ড্রয়িং ৰুমৰ বেৰখন কঁপাই
হঠাৎ শিংবোৰ জোকাৰি উঠিল
ঝৰঝৰাই সৰি পৰিল মকৰাৰ জাল

ময়ে সোণৰ হৰিণ। সোণতকৈও সোণৰ
এ হয় কি নহয়, হয়
বুকু চমেচমাই যায়, এনে শুৱনি চাল

চকুৰ আন্ধাৰত হাজাৰটা নিদ্রাহীন ৰাতি, তাৰ
এৰাতিতে কবচ সী শত্রু গিলিব পৰা হাত হাজাৰখন
বনগীত সুৰীয়া বিৰিণাৰ পাত হেন
দুৰু দুৰু চকুৰ পতা

উৱলি যোৱ ফটোৰ ফ্রেমবোৰ খহি পৰি
ফটোৰ মানুহবোৰ জাকে জাকে ওলাই আহিল
ৰাতিপুৱাৰ ৰদ পুৱালে, আৰু ...
(প্রভাত ফেৰি গালে কোনে)
আৰু এঙামুৰি এটা দিওঁতেই

পুৰণা গ্রামোফোণৰ দৰে হাঁ কৰি মুখ মেলি থকা
গুলঞ্চ ফুল এপাহ সৰি সমুখতে পৰিল
মুখেদি তাৰ ওলাই আহিল হালধীয়া হুমুনিয়াহ এটা

হুমুনিয়াহটো এচেৰেঙা ভাদমহীয়া ৰদ হল
ৰবাৰ পৰা
পাখি লগা হেঙুলবুলীয়া সিংহ এটা আহি
কাবু কৰি পেলালেহি নীলা চানেকিয়া হাতীটো
হাতীটো কিমান ডাঙৰ আছিল
আমাৰ গোটেইবোৰকে সি পেটত সুমুৱাই নিব খুজিছিল
অথচ সি নিজেই নাজানিছিল সি কিমান ডাঙৰ আছিল

নামঘৰৰ খুটাৰ দৰে আস্থা
যি আকাশতকৈও ওখ
জাকে জাকে মানুহ আহিছে কথা পাতিছে
হাঁচতিত বান্ধি নিছে ঘৰমুৰি আশ্বাস
গুলঞ্চ পাহে পাছলৈ ক্রমে দীঘলীয়া আৰু জোঙা
শিৰোবস্ত্রৰে মূৰ দোঁৱাই
জুৰিলে গীত-ৰাগ-নান্দী-সুহাই

আমিও ধৰিলোঁ। আৰে জয় জয় কৃষ্ণ ঈশ্বৰ মুৰাৰি...
খোলত চাপৰ দিলোঁ, শিৰত বকুল ফুলৰ মালা

চুঃ এৰা এৰা কল্পনা বিলাস
মোক হেঁচুকি দিয়া যেন পালোঁ কোনোবাই
কেতিয়াবা ভাবোঁ বুইছা, পহুৰ শিং যুৰিয়ে কলে, মানুহে
বেৰৰ এচুকত সজাই থয় বাবেহে চাগৈ সুন্দৰ মই

এৰা, স্মৃতি বিলাস এৰা
পাৰা যদি আৰু এটা প্রলেপ দিয়া বার্ণিছেৰে

জানো!মোৰ কি হয়
কেতিয়াবা হলে মোৰ মোলৈ বৰকৈ মনত পৰে
অকস্মাতে মোৰ নিজৰ গাতে বকুল ফুলৰ গোন্ধ পাওঁ

বহুদূৰৰ পৰা কোনোবাই ৰিঙিয়াই মতা যেন শুনোঁ।


[প্রথম প্রকাশ- প্রান্তিক]




[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

মুঠি মুঠি কৰি মানুহে লৈ যাওক ঘৰমুৰি কৰি

ৰফিকুল হোচেইনৰ নামেৰে
  
এদিন আমি জামুগুৰিহাটত নাটক এখন পাতিম দেই
(এই পাতিম বোলা কথাষাৰ ভাওনা পতাৰ লেখিয়া)
ডাক বাংলো, বাপুজী ভৱন আৰু বাচ ষ্টেণ্ডৰ সেই
ত্রিভূজটোতে পাতিম থিয়েটাৰ। খোলা আকাশখনেই চান্দোৱা।

বজাৰখন সাঙুৰি লম। বাচবোৰ আহিব আৰু যাব। মানুহ উঠিব নামিব।
মই জানোঁ থিয়েটাৰ বুলিলেই জামুগুৰিৰ মানুহ বলিয়া
খেতিপথাৰ সামৰি মানুহ বাটকুৰি বাই আহিব
দাউ দাউ কৰি জ্বলিব আঁৰিয়া।

মানুহবোৰে আমাক চাবলৈ আহিব। আমাক চাবলৈ অহা মানুহবোৰক আমিও চাম।
কোনেও কাকো প্রতিনিধিত্ব কৰিব নালাগে। আখৰাৰো প্রয়োজন নাই।
বাৰখেলীয়া ভাওনাৰ দৰে সেই তিনিটা আলিৰ ত্রিভূজটোত ঘূৰি ঘূৰি নাটক কৰিম।
হেঁপাহ পলুৱাই নাটক কৰিম। সংলাপ মুখস্ত নহলেও নাই।

একেটা সময়তে মই দহটা চৰিত্র ৰূপায়ণ কৰিম। আপুনি একা?
আমাৰ নাটকত দেৱতাৰ হাতত দানৱ নমৰে
ভগৱন্তৰ দহটা অৱতাৰ যদি হব পাৰে মনত ৰাখিব ৰাৱণৰো শিৰ দহটা
আহ্‌, মোৰ দেখোন ভাবিয়েই মনটো উলাহে নধৰে।

বাৰে বাৰে ভুল কৰিম। দুনাই আৰম্ভ কৰিম। বাৰে বাৰে ।
আমাৰ হাতবোৰ ভৰিবোৰ মূৰবোৰ সোলোকাই ইজনে সিজনৰ সৈতে সলাই লম।
তেতিয়া আৰু আমাৰ ভাগৰ নালাগে। ভৰি নবিষায়। পিয়াহ নধৰে।
এদিনতে যদি শেষ নহয়, আমি দুদিন তিনিদিন বহুদিন ধৰি নাটক কৰি যাম।

নাটক কৰিব নোৱাৰি। নাটক আচলতে ঘটে। নাটকক নোৱাৰি ৰাখিব কেমেৰাৰে ধৰি।
নাটক আৰম্ভ হয়তো হয় শেষ কেতিয়াও নহয়।
মুঠি মুঠি কৰি নাটক মানুহে লৈ যায় ঘৰমুৰি কৰি
কর্মঠ আৰু সোৰোপা মাথোন এই দুই ধৰণৰ মানুহেহে নাটক ভাল পায়।

বজাৰখনকো সাঙুৰি ললে আমাৰ ত্রিভূজটো হব এটা চতুর্ভূজ
চতুর্ভূজটো দিন যোৱাৰ লগে লগে হব এটা অষ্টভূজ আৰু অষ্টভূজটো এটা বৃত্ত
(অষ্টভূজ কেনেকৈ বৃত্তলৈ ৰূপান্তৰিত হয় ইছলামী স্থপতিয়ে জানে)
দূৰ দেশান্তৰৰ মানুহ আহি বৃত্তৰ পৰিধি বহল কৰিবহি।
মানুহৰ গাঁৱে গাঁৱে ঘৰে ঘৰে চোতালে চোতালে আমাৰ নাটক বিয়পিব।


[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

গলহেকাৰি এটাকে মাৰি দিয়ক, ৰাইজ


ৰাইজ আপোনালোকে হাতচাপৰি বজাওক। এন্ধাৰ দেখিছোঁ মই।

মঞ্চৰ স্পট লাইটটোৰ প্রতি কিমান যে হেঁপাহ আছিল লৰালিৰে পৰা
এই কথাটোকে বুজিবলৈ বহুকাল লাগিল যে
এই লাইটটোৰ তলত থিয় হৈ আপোনালোকৰ হাত স্পর্শ কৰিব নোৱাৰি।
মোৰ ভিতৰৰ মই-টো আৰু ডাঙৰ হৈ উঠে।

মঞ্চৰ পৰা নামি আহি এটা নগ্ন বাল্বৰ তলত থিয় হলোঁহি।
এৰা, এয়ে ভাল। এই বাল্বটোৱে সকলো ঠাইতে সমানে পোহৰ বিলায়।
কিন্তু কথাত কথা বাঢ়িল লগতে বাঢ়িল লেঠা। ফকাচ কত?
নগ্ন বাল্বটোকে খামোচ মাৰি ধৰিলোঁ, যেন ডাঙ্কোৰ জ্বলন্ত হৃৎপিণ্ড।

অসুবিধা আঁতৰ টো নহলেই, বাঢ়িল। চকুৰ সন্মুখত বাল্বটো থকাত
মই নেদেখা হলোঁ বাল্বটোৰ সিপাৰে থকা আপোনালোকক।
আছেনে আপোনালোক? মই যে আন্ধাৰ দেখিছোঁ চকুৰে
আপোনালোকে দেখা পাই আছেনে মোক?

সেয়েহে ৰাইজ, গলহেকাৰি এটাকে মাৰি দিয়ক, নহলে
নহলে এজাউৰি হাতচাপৰি বজাওক। আপোনালোকৰ উপস্থিতিৰ
উমান পালেহে উমান পাম মই আছোঁ নে নাই।
আন্ধাৰ দেখিছোঁ ৰাইজ।

আন্ধাৰত নিজকে খেপিয়াই বিচাৰিবলৈও মোৰ যে হাত দুখন
কেতিয়াবাই আপোনালোকক দি দিছিলোঁ।  




[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

চনেট ১ ।। নার্চিছিষ্ট অভিনেতা


মাছৰ বজাৰৰ পৰা মই কাহানিও মাছ কিনিব নোৱাৰোঁ
টেলেকা চকুৰে মাছবোৰে অনবৰতে মোলৈ চাই থাকে কটা।
অভিনেতাৰ অধিকাৰ নাথাকে নিজৰ যন্ত্রনা প্রকাশিবৰো
(সেয়েহে ভাবোঁ, মৰা মাছৰ চকুতো যদি থাকিলেহেতেন পতা!)

আত্মপ্রেমী অভিনেতা মই, সেয়ে সদায়ে হৈ ৰওঁ নজৰবন্দী।
মই যেতিয়াই আলোকিত মঞ্চত উপবিষ্ট হওঁ, হাজাৰটা
গোপন কেমেৰা জানিবা প্রেক্ষাগৃহৰ আন্ধাৰত হৈ ৰয় ফান্দী।
যদিওবা জানোঁ, আয়োনেস্কোৰ চকিবোৰ আজিও তেনেই উকা।

অভিনেতা ৰাৱণ। এজনৰ মাজতে সোমাই দহোজন থাকে।
নিজেই অভিনেতা, ৰাৱণ ৰাৱণৰ, দর্শক নিজেই নিজৰে।
কোনোবা এজনে, কোনোবা বহুজনে চাই থাকে যে অনবৰতে।
খাব-শুব নোৱাৰোঁ, উঠিব-বহিব নোৱাৰোঁ মই অকলশৰে।

অতীত আৰু ভৱিষ্যতৰ মাজৰ এডাল সৰু ৰেখাৰ ওপৰত মোৰ অৱস্থান।
অতীত অতীত হৈ যায়, ভৱিষ্যৎ ভৱিষ্যৎ হৈয়ে ৰয়, আৰু নাই কোনো বর্তমান।।




[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

চনেট ২ ।। নার্চিছিষ্ট অভিনেতা


সন্ধিয়াৰ আকাশৰ তৰাৰ চকু চোৱা সৌৱা হাজাৰ হাজাৰ
নজৰবন্দী অভিনেতা মই যে পলাবৰ উপায় নাই একো।
ওলাব নোৱৰোঁ, সোমাবও নোৱৰোঁ অসহায় বাহিৰ ভিতৰ।
উৰুখা মোৰ পঁজাৰে চাল চালৰ ফুটাৰেও সৰকিছে চকু।

সদায়ে মই ভাবোঁ, আৰু মাথোঁ ভাবোঁ, মঞ্চত উপবিষ্ট মাত্র হৈ
ঠিক এইখিনিতেই নাটকখন স্থগিত ৰাখিব পৰাহলে!
নুমুৱাই দিব পৰা হলে লাইটবোৰ। এই পোছাক খুলি থৈ
আপোনালোকৰ কোলাহলৰ মাজত হেৰাই যাব পৰা হলে!

এদিন মঞ্চৰ ওপৰত অকলশৰীয়া হৈ পৰিছিল এক
আত্মপ্রেমী অভিনেতা। দেখাতে নাছিল বিশেষ কোনোবা এজন।
আৰু সন্মুখত হাজাৰজন দর্শক। আপোনালোকে কৰক
জাউৰিয়ে জাউৰিয়ে হাজাৰ হাতেৰে অভিসম্পাত বৰিষণ।

তেহে যদি নিৰাময় হয় এই আত্মপ্রেমী অভিনেতাৰ শ্লাঘা।
অন্ত হওক হেমলেটৰ দ্বন্দ; হে সদ্যমৃত পিতাৰ প্রেতাত্মা।।



[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]