পৰিদৰ্শনৰ দায়িত্বত থকা দায়িত্বজ্ঞানহীন এজনে
মোৰ পিছফালে ৰৈ মোৰ কান্ধৰ ওপৰেদি অনবৰতে
মোৰ কাণ্ডকাৰখানা চাই থাকে।
পৰীক্ষাৰ হলত এনে অভিজ্ঞতা আপোনাৰো হৈছিলনে?
থমকি ৰৈছিল নেকি আপোনাৰ কলম?
লুকুৱাবলৈ চেষ্টা কৰিছিল নেকি আপুনি, আপুনিও,
আধালিখা উত্তৰকাকত?
উশাহ বন্ধ কৰি কামনা কৰিছিল নেকি
দায়িত্বত থকা এইজন পৰিদৰ্শক
সোনকালে আঁতৰিলেই হয় বুলি?
সময় তাকৰ। সময় সকলো সময়তেই তাকৰ।
অলপ কিবা এটা ভবাৰ দৰে কৰোঁ।
উত্তৰকাকতখন ঢাকি ধৰি প্ৰশ্নকাকতখনকে
প্ৰশ্নবোৰ আৰু ভালকৈ বুজিবলৈ চেষ্টা কৰাৰ দৰে পঢ়োঁ।
কিন্তু কিমান পৰ? মোৰ পিছফালৰ এই একান্তই অনাকাংক্ষিত
দ্ৰষ্টাজন যে আঁতৰি নাযায় হে নাযায়।
জীৱনৰ প্ৰতিটো দিনেই পৰীক্ষাৰ দিন।
মই যিহকে নকৰোঁ কিয়, মোৰ পিছফালে অনাহূত উপস্থিতি তেওঁৰ।
কিহৰ শংকা? কিহৰ দ্বিধা? কিয় লুকুৱাব খোজোঁ কি কৰি আছোঁ?
মই যি লিখি আছোঁ, মোৰ উত্তৰকাকত নিৰীক্ষকে পৰ্যবেক্ষণ কৰিব।
এইজন মামুলি গাৰ্ড- তেওঁৰ কি কাম ইয়াত?
মইতো নকল কৰা নাই! মইতো নিৰ্দেশনা অমান্য কৰা নাই
পৰীক্ষা-পদ্ধতিৰ বিধি বিধানত বিধি-পথালি মইতো দিয়া নাই!
নিজকে প্ৰবোধ দিবলৈ চেষ্টা কৰোঁ, হেৰৌ এয়া উত্তৰকাকতহে,
নিৰীক্ষকলৈ বুলি প্ৰেমপত্ৰতো নহয়!
তেনেহ'লে মোৰ এই সংশয় কিহৰ? এয়া মাত্ৰ নৈমিত্তিক কাৰ্য-
প্ৰশ্নকাকতৰ বিনিময়ত উত্তৰকাকতৰ প্ৰস্তুতি।
জীৱন এটা জীয়াই থকাৰ দৰে, অৱধাৰিত বাধ্যবাধকতাক
একান্ত বাধ্য ছাত্ৰৰ দৰে পালন কৰি জন্মৰ মুহূৰ্তটোৰ পৰা
অনিশ্চিত অথচ নিশ্চিত
মৃত্যুৰ মুহূৰ্ত এটাৰ ফালে অগ্ৰসৰ হোৱাৰ দৰে।
পৰীক্ষাহলত কোনো পৰীক্ষাৰ্থীৰ কোনো গত্যান্তৰ নাথাকে।
যদি মই নকল কৰা নাই, কুকাৰ্য কৰা নাই
তেন্তে মোৰ সংকোচভাৱৰ কোনো কাৰণ থাকিব নালগিছিল।
কিন্তু কাৰণ সেইটোৱেই।
যদি মই নকল কৰা নাই, কুকাৰ্য কৰা নাই
মোৰ পিছফালে এই পৰিদৰ্শকজন, মামুলি গাৰ্ডজন আহি
ৰৈ থকাৰো কোনো যুক্তি নাই।
অশান্তি বাঢ়ি আহে। ভিতৰি ভিতৰি বিদ্ৰোহী হৈ উঠোঁ।
বিৰাট জোৰেৰে চিঞৰ এটা মাৰি দিওঁ নেকি?
লিখি থকাবোৰ ফালি ছিৰি দলিয়াই পেলাওঁ নেকি?
মোৰ নিৰপৰাধী মনটো অপৰাধপ্ৰৱণ হৈ উঠে।
ছুৰী এখন থাকিলে ভাল আছিল, নাই যিহেতু কলমটোকেই
খামোচ মাৰি ধৰি তেওঁৰ ডিঙিত সুমুৱাই দিওঁ নেকি?
অথবা থিয় হৈ ঘূৰি ৰওঁ তেওঁৰ সন্মুখত, পেণ্টটো খুলি
দুভৰিৰ মাজত ওলমি থকাডাল জোকাৰি দেখুৱাওঁ
কি চাব খুজিছ? চাবি? চা। চা।
কিন্তু কোনোটোৱেই সম্ভৱ নহয়।
কলম থমকি ৰয়। আগবাঢ়ে। আকৌ থমকি ৰয়।
হৈ গৈ থাকে সময়ৰ ক্ষয়।


