Tuesday, December 4, 2018

পৰিদৰ্শক (Invigilator)


পৰিদৰ্শনৰ দায়িত্বত থকা দায়িত্বজ্ঞানহীন এজনে
মোৰ পিছফালে ৰৈ মোৰ কান্ধৰ ওপৰেদি অনবৰতে
মোৰ কাণ্ডকাৰখানা চাই থাকে।

পৰীক্ষাৰ হলত এনে অভিজ্ঞতা আপোনাৰো হৈছিলনে?
থমকি ৰৈছিল নেকি আপোনাৰ কলম?
লুকুৱাবলৈ চেষ্টা কৰিছিল নেকি আপুনি, আপুনিও,
আধালিখা উত্তৰকাকত?
উশাহ বন্ধ কৰি কামনা কৰিছিল নেকি
দায়িত্বত থকা এইজন পৰিদৰ্শক
সোনকালে আঁ‌তৰিলেই হয় বুলি?

সময় তাকৰ। সময় সকলো সময়তেই তাকৰ।
অলপ কিবা এটা ভবাৰ দৰে কৰোঁ।
উত্তৰকাকতখন ঢাকি ধৰি প্ৰশ্নকাকতখনকে
প্ৰশ্নবোৰ আৰু ভালকৈ বুজিবলৈ চেষ্টা কৰাৰ দৰে পঢ়োঁ‌।
কিন্তু কিমান পৰ? মোৰ পিছফালৰ এই একান্তই অনাকাংক্ষিত
দ্ৰষ্টাজন যে আঁ‌তৰি নাযায় হে নাযায়।

জীৱনৰ প্ৰতিটো দিনেই পৰীক্ষাৰ দিন।
মই যিহকে নকৰোঁ কিয়, মোৰ পিছফালে অনাহূত উপস্থিতি তেওঁৰ।
কিহৰ শংকা? কিহৰ দ্বিধা? কিয় লুকুৱাব খোজোঁ কি কৰি আছোঁ?
মই যি লিখি আছোঁ, মোৰ উত্তৰকাকত নিৰীক্ষকে পৰ্যবেক্ষণ কৰিব।
এইজন মামুলি গাৰ্ড- তেওঁৰ কি কাম ইয়াত?
মইতো নকল কৰা নাই! মইতো নিৰ্দেশনা অমান্য কৰা নাই
পৰীক্ষা-পদ্ধতিৰ বিধি বিধানত বিধি-পথালি মইতো দিয়া নাই!
নিজকে প্ৰবোধ দিবলৈ চেষ্টা কৰোঁ, হেৰৌ এয়া উত্তৰকাকতহে,
নিৰীক্ষকলৈ বুলি প্ৰেমপত্ৰতো নহয়!
তেনেহ'লে মোৰ এই সংশয় কিহৰ? এয়া মাত্ৰ নৈমিত্তিক কাৰ্য-
প্ৰশ্নকাকতৰ বিনিময়ত উত্তৰকাকতৰ প্ৰস্তুতি।

জীৱন এটা জীয়াই থকাৰ দৰে, অৱধাৰিত বাধ্যবাধকতাক
একান্ত বাধ্য ছাত্ৰৰ দৰে পালন কৰি জন্মৰ মুহূৰ্তটোৰ পৰা
অনিশ্চিত অথচ নিশ্চিত
মৃত্যুৰ মুহূৰ্ত এটাৰ ফালে অগ্ৰসৰ হোৱাৰ দৰে।

পৰীক্ষাহলত কোনো পৰীক্ষাৰ্থীৰ কোনো গত্যান্তৰ নাথাকে।
যদি মই নকল কৰা নাই, কুকাৰ্য কৰা নাই
তেন্তে মোৰ সংকোচভাৱৰ কোনো কাৰণ থাকিব নালগিছিল।
কিন্তু কাৰণ সেইটোৱেই।
যদি মই নকল কৰা নাই, কুকাৰ্য কৰা নাই
মোৰ পিছফালে এই পৰিদৰ্শকজন, মামুলি গাৰ্ডজন আহি
ৰৈ থকাৰো কোনো যুক্তি নাই।

অশান্তি বাঢ়ি আহে। ভিতৰি ভিতৰি বিদ্ৰোহী হৈ উঠোঁ।
বিৰাট জোৰেৰে চিঞৰ এটা মাৰি দিওঁ নেকি?
লিখি থকাবোৰ ফালি ছিৰি দলিয়াই পেলাওঁ নেকি?
মোৰ নিৰপৰাধী মনটো অপৰাধপ্ৰৱণ হৈ উঠে।
ছুৰী এখন থাকিলে ভাল আছিল, নাই যিহেতু কলমটোকেই
খামোচ মাৰি ধৰি তেওঁৰ ডিঙিত সুমুৱাই দিওঁ নেকি?
অথবা থিয় হৈ ঘূৰি ৰওঁ তেওঁৰ সন্মুখত, পেণ্টটো খুলি
দুভৰিৰ মাজত ওলমি থকাডাল জোকাৰি দেখুৱাওঁ
কি চাব খুজিছ? চাবি? চা। চা।  

কিন্তু কোনোটোৱেই সম্ভৱ নহয়।
কলম থমকি ৰয়। আগবাঢ়ে। আকৌ থমকি ৰয়।
হৈ গৈ থাকে সময়ৰ ক্ষয়।



Sunday, November 4, 2018

সুধীবৃন্দ


১)
সুধীবৃন্দ
সুধীবৃন্দ
সুধীবৃন্দ

ৰ'ব সংলাপ পাহৰাৰ কথাই নাহে
আওৰোৱাই নহ'ল

আওৰোৱাৰ কথাই নাহে
শিকাই নহ'ল প্ৰক্ষেপণ কলা

প্ৰক্ষেপণ কলা দূৰতে থ'ক
সংলাপ লিখাই নহ'ল

সুধীবৃন্দ
এখন নিলিখা নাটকৰ অপৰিচিত মোৰ ভূমিকা

নাট্যকাৰ নাই
পৰিচালক নাই
আছে কেৱল অভিনেতা
সুধীবৃন্দ!


২)
লাইটটো নুমুৱাই দে, এবাৰ উশাহটো ঘূৰাই লওঁ
নহ'লেবা যৱনিকাখনকে এবাৰ পেলাই দে
নহ'লেবা এটা বিশেষ ঘোষণা হওক এইখিনিতে
ঠিক এইখিনিতে
কিছুসময়ৰ বাবে সকলো দৰ্শকে যেন চকু বন্ধ কৰি লয়
দুহাতেৰে কাণখন ঢাকি লয়
উশাহটো এবাৰ ঘূৰাই লওঁ
এবাৰ হামিয়াই লওঁ
এবাৰ এঙামুৰি এটাকে দি লওঁ
এইখিনিতে
ঠিক এইখিনিতে


৩)
লাইটবোৰ জ্বলি উঠিল
টলমল টলমল হাজাৰ চকু সন্মুখত
খৰখেদাত
মুখখন এবাৰ চাবলৈকে নহ'ল আইনাত  

নিৰিখিবৰ চেষ্টা কৰিছোঁ
আপোনালোকৰ হাজাৰ চকুত
বিক্ষিপ্ত প্ৰতিবিম্ব
মোৰ।



Saturday, November 3, 2018

নটসম্ৰাট


নান্দী সংগীতৰ পিছত আঁৰকাপোৰ উঠিলত
মই থিয় হ'লোঁ প্ৰখৰ পোহৰত
সহস্ৰ ৰং বিৰঙৰ শব্দৰে, অসংখ্য অভিব্যক্তিৰে
পৰিবেষ্টিত হৈ। ভীতি, আশা, অপেক্ষা।

যেতিয়া আঁৰ কাপোৰ নামি আহিল
প্ৰেক্ষালয় উদং হ'ল নিমিষতে
মোৰ সন্মুখত থকা প্ৰেক্ষালয়ৰ দৰেই সমূলি উদং হৈ
মই তাতে ৰ'লোঁ এটা অলিখিত পাণ্ডুলিপিৰে সৈতে।
অপ্ৰস্তুত। অকলে।

পিছে হয়
নাটকখনৰ কিছুমান শব্দ বতাহত তৰংগায়িত হৈ আছে এতিয়াও।
মোৰ কিছুমান আংগিক
প্ৰেক্ষালয়ৰ উদং চকীবোৰৰ বাহুত লাগি ৰৈছে
এতিয়াও।
মোৰ কিছুমান হৰ্ষ বিমৰ্ষৰ মুহূৰ্ত বৰষুণৰ টোপালৰ দৰে
প্ৰেক্ষালয়ৰ বেৰত থৰ থৰ হৈ ওলমি আছে
এতিয়াও।

ইমানেই।
মোৰ শূন্যতাখিনিৰ বাবেই সেয়াই একমাত্ৰ সন্তুষ্টি।
নাটকখন যে শেষ হৈ গ'ল তাৰ খেদ মোৰ আছে।
কেৱল নাটকেইতো নহয়, মোৰ সমস্ত অস্তিত্ব সাঙুৰি থকা
সেই তিনি ঘণ্টা সময়ৰ শেষ আছিল অৱধাৰিত।
এয়ে মোৰ শেষ।

মোৰ অস্তিত্বৰ একোটা নিৰ্যাস সহস্ৰজন দৰ্শকে
লগতে লৈ গ'ল।
মোৰ এই এক একক অস্তিত্বক বিলাই দিয়া হ'ল
এটুকুৰ এটুকুৰ কৰি হাজাৰ দৰ্শকৰ জীৱনলৈ

হয়তো
তেওঁলোকৰ স্মৃতিলৈ।

[কুসুমাগ্ৰজ (বিষ্ণু ৱামন শিৰ্ৱাডকাৰ, ১৯১২-১৯৯৯)
"নটসম্ৰাট" চিনেমাখনৰ শেষ অংশত থকা নানা পাটেকাৰৰ আবৃত্তিৰ আধাৰত।]


Tuesday, October 23, 2018

কৃষ্ণসংকট!


["কভি কভি লগতা হেই আপুন হি ভগৱান হেই"]

ব্যাধৰ খোজৰ শব্দ সি শুনিছিল।
পাইছিল ধনুত গুণ দিয়াৰ উমান।
এটা ঝংকাৰ ধ্বনি সি উনাইছিল,
গম পাই আছিল কেনেকৈ ধাৱমান
হৈছিল কাঁ‌ড়পাত তাৰফালে। সেইকণ সময়তে
বহুকথাই মনত খেলা কৰি গ'ল। সেয়াও বহুত সময়।
সময়ৰ ধাৰণাটোতো সদায়েই আপেক্ষিক।
চকুৰ পচাৰতে এজীৱনৰ সপোন দেখিবৰ জোখাৰে
লক্ষ লক্ষ নিউৰণ সক্ৰিয় হ'ব পাৰে।

আটাইতকৈ অবাধ্য দমৰাটোলৈ কিয় জানো
তাৰ মৰমটো অলপ বেছি। অভিমানো।
তাৰ মোহন বাঁহীয়ে বলাব নোৱৰা দমৰাটোক
"হামু কৌটি ব্রহ্মাণ্ডক নায়ক" বুলি ক'ব খোজে।
নক'লে।
নকয়।

পছিমৰ ফালে আকাশখন এতিয়াও ৰঙা।
দূৰণিৰ পৰা কান্দোন এটা ভাঁহি আহিছে। 
মানুহবোৰে আলোচনাৰ বাবে তাক বিচাৰি ফুৰিছে
ৰথ টানি টানি ক্লান্ত ঘোঁৰাবোৰে জিৰণি লোৱা
অস্তাবলটোলৈ সি সোমাইছে।
এবাৰ হাত ফুৰাই সিহঁতক মৰম কৰিবৰ মন।

কাঁড়পাত আহি আছে। সি জানে।
শ্বাটাৰ স্পীড বাঢ়ে টুটে
এফ পি এছ বাঢ়ে টুটে
একেটা স্পীডতে নুঘূৰে ৰীল
জীৱনৰো
সপোনৰো

ওৰে দিন বাঁহী বাই বাই ভাগৰত জুৰুলা ল'ৰাটোৰ
কাষলৈ আহি অবাধ্য দমৰাটোৱে ক'লে
ত্ৰিজগতপতি হৈ লোকৰ ঘৰৰ গৰু চৰাই ফুৰিছ কেহেলৈ হঞে

সিও ভাবে মাজে মাজে
সময়মতে মথুৰালৈ গুছি যোৱাহ'লেই কিজানি ভাল আছিল
বৃন্দাৱনৰ ধিতিঙালি এৰি
মাথোঁ সময় নষ্ট, সম্ভাৱনাৰ অপচয়

অস্তাৱলৰ ঘোঁৰা এটাই কলাঘূমটিৰ মাজতে কৈ উঠিল
ত্ৰিভূৱনৰ কিমান ডাঙৰ কামৰ দায়িত্ব আছে কোনে বা জানে
অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ সমস্ত
কাষৰীয়া কৰি লোকৰ ড্ৰাইভাৰ হৈ
সময়ৰ অপচয় কিয়নো কৰ তই

সিও ভাবে মাজে মাজে
কৰিব পাৰোঁ বুলিয়েই যিকোনো কাম কৰি ফুৰা উচিত নহয়

কি কৰিবলগা আছিল। কি হ'বলগা আছিল।
হৈ নুঠাবোৰৰ বাবে হয়তো আৰু এটা জীৱন কাম্য
নে মানি লোৱা ভাল যি হ'ল, যি হ'লোঁ, সেয়াই ভৱিতব্য?
সাধ্যৰ বাজত একো নৰয়, সাধ্যমান এয়ে এখুদ জীৱন
এয়ে পৰম প্ৰাপ্তিৰ মহাপ্ৰয়াণ

কাঁড়পাত আহি আছে
অপ্ৰত্যাশিত স্পীড ৰেম্পিং প্ৰত্যাশিত

ডাঙৰ কাম এটা আছে, কিযে আৰু তই!
কবিতা লিখি সময়বোৰ অপচয় কিয় কৰ?
ই-মেইলটো খুলি দেখুৱাই কাণখোৱায় কয়।
মইস নাজানিলো সিটো কাণখোৱা স্ৰজিলেক কোন জনা।।



Thursday, October 4, 2018

কাণখোৱাৰ দেহতত্ব


১)
বগৰী

তোৰো বৰকৈ বগৰী খাবৰ মন গৈছিল হ'ব পায়
বাৰীত মই বগৰী ৰুম বুলিয়ে জন্ম দিছিলি আই।  

কাণখোৱাৰ ঘৰৰ কাষতে আছে এটা ভাতৰ পাহাৰ
পাহাৰৰ বুকুৱেদি বৈ আহি থাকে নদীখন দাইলৰ
আঞ্জাৰ হাবিয়ে আগুৰি আছে পাহাৰৰ ইপাৰ সিপাৰ।
সৌখিনিতে খৰিছানি তলত কাণখোৱা চাহেবৰ ঘৰ

পকি সৰি যোৱা বগৰী
এজোপা বিচাৰি বিচাৰি
চাহেব পৰবাসী হয়।।



২)
পলসৰ চনেট

"ম্যেঁ তেনু ফিৰ মিলাংগী"

গজালি ওলোৱা বুটমাহ এটালৈ চাই এনে লাগে   
ইয়ো এক বিস্মৃত হাবিয়াসৰ ৰোমন্থন প্ৰমাণ।   
মনালিছাই ভাবে, বাঁহীৰ মাতটো কৰুণ ইমান;  
উদং বাঁহডালৰ শূন্যতাখিনিৰ কাৰণেই চাগে'। 

পানীত পৰা মৌজোলৰ দেখোঁ টোপাল এটাতো জাগে   
স্মৃতিৰ ষড়ভূজাকৃতিৰাধাকৃষ্ণৰ ছবি অংকণ 
কৰা বেৰত ওলমি থকা আঁহত পাতৰ শুকান   
আঁহে আঁহে সেই গছজোপাৰ শিপাৰ বিন্যাস থাকে  

মানুহ স্মৃতিৰ সৌধ। অযুত আলোকবৰ্ষৰ আগেয়ে নজনা  
কোনোবাখিনিত বিস্ফোৰণক্ৰমে জন্মিছিল মোৰ শৰীৰ।  
অনস্তিত্বৰ পৰা অস্তিত্বৰ প্ৰতি থকা সেই দুৰ্বাৰ তাড়না  
নিনাদিত হ'ল, অসতোমা সদ্গময়, উপনিষদৰ কবিৰ। 
মই চমৎকাৰ চমৎকৃত স্মৃতি গা। অৱলীলাই চহাই অনা
ফচলতৰপে তৰপে স্মৃতিৰ পলস। আৱৰ্তমান প্ৰবীৰ।   



৩)
উত্তৰ-কাৰ্টেজীয়

"অস্তিত্বটোৱেই কবিতাৰ আচল সংজ্ঞা তথা পৰিচয়"

এই বিপুল মহাবিশ্বত কুমজেলেকুৱাটোৰ কি কাম।
গেজেপানি লগা হাবিখনলৈ সোমাওতেই কুমজেলেকুৱাটোক পালোঁ‌।
"আছোঁ‌, আছোঁ‌, মই আছোঁ‌ দেই, ময়ো আছোঁ‌" ।
কুমজেলেকুৱাটোৱে ক'লে।
কেনে আছা বুলি সুধিলেই ভাল বুলি দিয়া উত্তৰটোৱে আমুৱাইছে আজিকালি।
থোৰতে কেৱল "আছানে" বুলিয়ে সুধি থওঁ‌।
এৰা অ', আছোঁ‌ আছোঁ‌ বোলা মাতষাৰে পৰম তৃপ্তি দিয়ে।
অসতো মা সৎ গময়। এই এটা মন্ত্ৰৰেই ধূলিবোৰ উৰিছে।
মকৰাজালত গছৰ শুকান পাত এখিলা ওলমি আছে।
খাটনিয়াৰৰ ঘৰৰ পিৰালিত মানিমুনি শাক।
ব্ৰহ্মাণ্ডখন ঘূৰি আছে। সৰ্ৱে সন্তু, সৰ্ৱে ভৱন্তু।
শালিকী এ ৰতৌ তৌ । থাক থাক থাক।


৪)
গু

"এনে মানৱ জমি ৰ'ল পৰি ছন
আবাদ কৰা হ'লে ফলে তাতে সোণ
কৃষি কাম নাজান অ' হে'ৰ মন
কৃষি কাম নাজান অ' হে'ৰ মন"

'ৰাটোৱে এদিন হাতত দোতাৰাখন লৈ
দুচকু মুদি গাইছিল ৰামপ্ৰসাদী।
নাজানো। কৃষি কাম নাজানো। নাজানো
এই মানৱ শৰীৰে সোণ কেনেকৈ ফলায়।
দৌৰি গ'লোঁ দৌৰি আহিলোঁ
সোণৰ টেকেলি এৰি থৈ আহিলোঁ
মাথোঁ সেইকণেই মনলৈ আহে
সৰুকালৰ ধেমেলীয়া পদ।
গু। সোণবৰণীয়া গু।

সকাতৰে চাওঁ বন বিৰিখ
ৰ লাগি চাওঁ চৰাই চিৰিকতি
ধাৰাল পানীয়ে নিমজ কৰি অনা শিলৰ টুকুৰা
ৰঙ বিৰঙৰ তুলিকা বোলোৱা পিঠিৰে
এটা অচিনাকি পোক।
দেখি দেখি শুনি শুনি বাৰে বাৰে অবাক হৈ ৰোৱা
কাৰো একো প্ৰয়োজন পূৰণ কৰিব নোৱৰা
মই সবাক কবি।
পেখম তুলিব নোৱাৰোঁ। মকৰাৰ দৰে
জাল ব'ব নোৱাৰোঁ। চাক সজিব নোৱাৰোঁ মৌৰ দৰে।
অকৰ্মণ্য এই শৰীৰ কেৱল নিতৌ এটা
গু নিষ্কাষণ কৰা মেচিন।

শুঙি চাওঁ ফুল, জিভাৰে চাকি চাওঁ সোৱাদ।
কোনো সুন্দৰতাৰ নিৰ্মাণেই সম্ভৱ নহয়
মোৰ এই দেহাৰে
কেৱল উৎপাদ ব্যতিৰেকে
গু।

নিত্য নৈমিত্তিক গু।
আজন্ম গু।
আমৃত্যু গু।।



৫)
স্থপতি

পাহাৰটো খহি নপৰে বুলি জানিও
শিলৰ গুহাৰ মূধাৱৰণত কিয় কাটিছিলি
ৰুৱা পান্তি মাৰলি?

অ' পিটলখোৰৰ স্থপতি
শিলৰ ঘৰত জিৰণীয়া
বা মাৰলি।



টোকা-
"ম্যেঁ তেনু ফিৰ মিলাংগী" - অমৃতা প্ৰীতম
"অস্তিত্বটোৱেই কবিতাৰ আচল সংজ্ঞা তথা পৰিচয়"- নৱকান্ত বৰুৱা
"এনে মানৱ জমি ৰ'ল পৰি ছন..."- ৰামপ্ৰসাদ সেন



সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building, New Delhi – 110001

mobile: +91 9811375594

Wednesday, September 19, 2018

গু


"এনে মানৱ জমি ৰ'ল পৰি ছন
আবাদ কৰা হ'লে ফলে তাতে সোণ  
কৃষি কাম নাজান অ' হে'ৰ মন
কৃষি কাম নাজান অ' হে'ৰ মন"

ল'ৰাটোৱে এদিন হাতত দোতাৰাখন লৈ
দুচকু মুদি গাইছিল ৰামপ্ৰসাদী।  
নাজানো। কৃষি কাম নাজানো। নাজানো
এই মানৱ শৰীৰে সোণ কেনেকৈ ফলায়।
দৌৰি গ'লোঁ দৌৰি আহিলোঁ
সোণৰ টেকেলি এৰি থৈ আহিলোঁ
মাথোঁ সেইকণেই মনলৈ আহে
সৰুকালৰ ধেমেলীয়া পদ।
গু। সোণবৰণীয়া গু।

সকাতৰে চাওঁ বন বিৰিখ
ৰ লাগি চাওঁ চৰাই চিৰিকতি
ধাৰাল পানীয়ে নিমজ কৰি অনা শিলৰ টুকুৰা
ৰঙ বিৰঙৰ তুলিকা বোলোৱা পিঠিৰে
এটা অচিনাকি পোক।
দেখি দেখি শুনি শুনি বাৰে বাৰে অবাক হৈ ৰোৱা
কাৰো একো প্ৰয়োজন পূৰণ কৰিব নোৱৰা
মই সবাক কবি।
পেখম তুলিব নোৱাৰোঁ। মকৰাৰ দৰে
জাল ব'ব নোৱাৰোঁ। চাক সজিব নোৱাৰোঁ মৌৰ দৰে।
অকৰ্মণ্য এই শৰীৰ কেৱল নিতৌ এটা
গু নিষ্কাষণ কৰা মেচিন।

শুঙি চাওঁ ফুল, জিভাৰে চাকি চাওঁ সোৱাদ।
কোনো সুন্দৰতাৰ নিৰ্মাণেই সম্ভৱ নহয়
মোৰ এই দেহাৰে
কেৱল উৎপাদ ব্যতিৰেকে  
গু।

নিত্য নৈমিত্তিক গু।
আজন্ম গু।
আমৃত্যু গু।।

শিল্পী- মৌমিতা ঘোষ


Monday, July 30, 2018

আধাটোপনিত


আধাটোপনিত শুনিছিলোঁ‌
ল'ৰাবোৰে উত্ৰাৱল হৈ
ঢোলত চাপৰ মাৰিছিল
ছোৱালীহঁ‌তে কিৰীলি পাৰি
হাঁ‌হি খিকিন্দালি কৰিছিল
আধাটোপনিত শুনিছিলোঁ‌
মানুহে ৰাউচি জুৰি কান্দিছিল

আধাটোপনিত
দেখিছিলোঁ‌ নাৰ্জী ফুলৰ মালা
দেখিছিলোঁ‌ তামোলৰ থোক
দেখিছিলোঁ‌ আমপাতৰ মালা

আধাটোপনিত জ্বলিছিল
কটা কোমোৰাৰ ভোটা
বঘাসুৰ মৰিবৰ সময় হৈ আহিছিল
আধাটোপনিত
মানুহবোৰে হৰিধ্বনি দিছিল
কোনোবাই হেঁ‌চুকি দি কৈছিল-
আঁ‌ঠু ল, আঁ‌ঠু ল

আধাটোপনিত কোনোবাই কৈছিল,
জগাই দে
আধাটোপনিত কোনোবাই কৈছিল,
নজগাবি

আধাটোপনিত কোন কালৈ পলাই গৈছিল
আধাটোপনিত কোন অকালতে ঢুকাইছিল
আধাটোপনিত শৰাইঘাট দলঙত
ওফৰি পৰা খুচুৰা পইচাৰ শব্দ শুনিছিলোঁ

শুনিছিলোঁ ঘৰ এৰি পলোৱাৰ গান
শুনিছিলোঁ ঘৰলৈ ওভতাৰ গান
আধাটোপনিত

আধাটোপনিত নেওতা এখন মুখস্ত হৈছিল
কাণচেপাটোলৈ ভয় নোহোৱা হৈছিল
আধাটোপনিতে
দুৱাৰৰ চেপত টকৌ এটা ভাঙি খাইছিলোঁ
আধাটোপনিত বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গৈছিল

আধাটোপনিত দেখিছিলোঁ‌-
হাতত জোৰ লৈ এজাক মানুহ
আধাটোপনিত শুনিছিলোঁ‌-
এই জুই জ্বলিছে, জ্বলিছে, জ্বলিবই
আধাটোপনিত শেষ ৰাতিৰ চিঞৰি চিঞৰি কৰা
মাইকৰ ঘোষণাটোও তল পৰে
আধাটোপনিত ফুচফুচনিও বৰ হৈ আহে
বৰ হৈ আহে
আধাটোপনিত দুৱাৰত পৰা টোকৰবোৰ
আধাটোপনিত বুটজোতাৰ শব্দবোৰ

আধাটোপনিত নথকাহ'লে কিজানিবা
তই আগবঢ়াই দিয়া হাতখনত ধৰিলোঁ‌হেতেন
কিজানি দিলোঁ‌, কিজানিবা নিদিলোঁ‌
তই সোধা প্ৰশ্নটোৰ উত্তৰ
আধাটোপনিতে

আধাটোপনিত সময়ৰ হিচাপ নাথাকে
বহুত পলম হৈ গ'ল আৰু সময় এতিয়াও আছে
দুয়োটা কথাৰ মানে একেটাই হৈ পৰে
আধাটোপনিত
মই কি দেখা নাছিলোঁ‌, কি দেখিও নেদেখাৰ ভাও জুৰিছিলোঁ‌
তই কান্দিছিলি অভিযোগত
আধাটোপনিত চিলমিলকৈ তোক পালোঁ‌ নে নেপালোঁ‌
কাক পালোঁ‌ কি হেৰুৱালোঁ‌ কি আছিল কথাবোৰ কি হ'ল
চিলমিলকৈ কি দেখিলোঁ‌ আৰু কি কি শুনিলোঁ

আধাটোপনিৰ এটা কথা ভাল
ইয়াত আৰু অলপ সময় সাৰে থকাৰ ইচ্ছা
আৰু আৰামেৰে টোপনিত ঢলি পৰাৰ ইচ্ছা
দুয়োটাই এক হয়
এনেকুৱা আধাটোপনিতে জীৱন এটা জীয়াই থাকোঁ‌
ঢলি পৰাৰ আগে আগে

মৰাটো, বা নিজকে শেষ কৰি পেলোৱাটো
একো ডাঙৰ কথা নহয়
কিন্তু তাৰ পিছত কি হ'ল সেয়া চাই যাবলৈ নাপাম যে
চাই যাবলৈ আমাৰ দুৰ্বাৰ হেঁপাহ
আৰু অলপ চাই যোৱাৰ হাবিয়াসখিনি এৰিব নোৱাৰোঁ‌

আধাটোপনিত
মোৰ কপালত
কোনোবাই হাত
এখন ফুৰাই দিছিল

কাৰ জানো হাত আছিল সেইখন
আধাটোপনিত