Friday, September 5, 2014

আইলৈ

কোনে শিকাইছিল তোমাক
তেনেকৈ জুপি জুপি ফুল বাছিবলৈ

কোপাই নদীৰ পাৰৰ বতাহৰ সোঁ-সোৱনিত
শুনিছোঁ তোমাৰ তাঁতশালৰ নাচনীৰ ছন্দ
চাওঁতাল গাঁৱৰ বাঁহনিৰ আঁৰত খোলৰ চাপৰ

খোলাখিৰিকীখনেদি পুৱতি নিশাতে
কোনোবাই কৈ গ'ল ভুনভুনাই
    বকুল বাগৰিছে ববচা বনতে
        বুটলি বিলাওগৈ ব'লা

তলসৰা গুলঞ্চ ফুলৰ আঙঠিত
লুকাই আছে আমাৰ শৈশৱ
ডবাৰ কোবত জীণ যোৱা গধূলি
অলপ ধূলি-মাকতি

অনেক দেখিছোঁ ছন পৰা বৃন্দাবন
তালিকা অনুযায়ী হঁহা-মতা অনেক শ

খোলত চাপৰ নপৰা হয়
মুক্তাৱলিত আউল, থমকি ৰ'ব খোজে জীৱনৰ নাট
আখৰাৰ মাজতে কাণে কাণে কয় কোনে
      নোৱাৰিছোঁ আৰু হৰেশ্বৰ
      থ, আজিলৈ নাটখন সামৰ

মই বোলে প্রতিটো কথাই জোখতকৈ বেছিকৈ ভাবোঁ
হয়নে?
কৰ্কৰা ভাত খাই ধনশ্রী ৰাগ টনা
মুখত তোমাৰ ভূচিত্রাৱলীৰ মেপ

তোমাৰ গুণগুণনি শুনি ঘৰমুৱা হয় গৰু
ভৰিত শুকান মেদেলুৱাৰ জুনুকা পিন্ধি
ক'লীয়াৰ নাচ নচা ল'ৰাটো তোমাৰ এতিয়াও সৰু



প্রথম প্রকাশ- 'প্রান্তিক'

Tuesday, August 26, 2014

প্রভাতফেৰী


চেঙেলীয়া চৰাইৰ শুনিছোঁ কিৰীলি।  
পূৱে ঙা হৈ উঠিছে চন্দ্রতাপ।  
ঙ্গপ্রৱে বাবে সাজু হৈছে বেলি।
চকু চাৎ মাৰি ধৰা মথুৰা পাগ। 

বেলিৰ মেক-আপৰ হাতনি পেৰাটোত আশ পাতি
বোন্দাপৰ দি থাকিল কাণখোৱা চোৰ ওৰেটো ৰাতি...    

সশব্দ জাগ্রত সহস্র আখি যেতিয়া উছাহে উত্তাল,  
ঈর্ষাম্বিত দুৰাচাৰী কাণখোৱা চোৰে মাৰিলে নিতাল।    

গ্রেনাইট খোদিত সমভঙ্গ প্রতিভাস! চৌর্যবৃত্তি মোৰ ইপ্সিত নোহে।   
মাথোঁ তোৰ এচিকটা ৰঙেৰে এবাৰ ৰঙাই চাব খুজিছিলোঁ নিজকে।। 

প্রৱেশ


বাটচ’ৰাত মূৰটো দোঁৱাই এবাৰ সন্মুখলৈ চাওঁ
জয় বিজয়ে বাট মোকলাই দিলে ঠিকেই, তথাপিও
দিকগজ খুটাবোৰে আগুৰা এটা দীঘলীয়া বাট

দুয়োকাষে তিৰবিৰ চকুৰ জাৰণি
দান্তে তৃণ। এই মণি এই নমণি -
চিত্রকূট

কাণখোৱাই ধেই বোলে

আঁতৰি যায় মণিকূট

Saturday, August 23, 2014

ভেম দেহা


খুটি এটা পুটি মাটিত মানুহে নাম লিখি থয় ফলকত
এই মাটি মোৰ মাটি
এই ভেম দেহা মাটি হয় আকৌ কোন বা পলকত
হয় কাণখোৱা ই কথা খাটি

মোৰ নামেৰে ক'তো মাটি নিকিনিবি পিতাই
বৰষুণ সেমেকা মাটিত চুমা এটা খালোঁ
ভালপাই
তাৰেই পৃথিৱীখন নিজৰ কৰি ল'লোঁ

মোৰ নামেৰে ক'তো ঘৰ নাসাজিবি পিতাই
কিমান ঘৰ কেনেকে পুৰি ছাই হ'ল, দেখা নাই?

এই অয়বৰ বাহিৰে মাটি ক'ত? মাটি?
এই শৰীৰ যদি মাটিৰ হয়, সঁচায়ে,
এই শৰীৰক ভালপালেই চোন মাটিক ভালপোৱা হয়

শইচৰ শাহ বিয়পক মাটিয়ে মাটিয়ে। 

Wednesday, July 23, 2014

এন্ধাৰে গৰকা দিনৰ কবিতা

পেলেষ্টাইনৰ গাজাত ইজৰাইলে চলাই থকা সামৰিক অভিযানত যোৱা কেই সপ্তাহত সহস্রাধিক মানুহৰ প্ৰাণহানি হৈছে। এই ইজৰাইলী আগ্ৰাসনত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিশু সকল। বিশ্বজুৰি পেলেষ্টাইনৰ জনতাৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শিত হৈছে আৰু এনে সময়ত শিল্পী আৰু সাংস্কৃতিক কৰ্মী সকলেও ঠায়ে ঠায়ে মাত মাতিছে। আমাৰ নকান্ত বৰুৱাদেৱেও বহুকাল আগতেই পেলেষ্টাইন শীৰ্ষক কবিতাৰে পেলেষ্টাইনৰ জনতাৰ পক্ষত ঠিয় দিছিল। আজিও বিশ্বজুৰি কবিকণ্ঠ সোচ্চাৰ হৈ উঠিছে। ইয়াত প্ৰাসঙ্গিক কেইটিমান কবিতাৰ অসমীয়া ভাঙনি আগবঢ়োৱা হ'ল। - সমুদ্র কাজল শইকীয়া

Artist: Amir Schiby
The artist created this image as a tribute to Mohammed, Ahed, Zakaria and Mohammed Bakr, the 4 boys killed on the beach in Gaza on 16/07/2014
এন্ধাৰে গৰকা দিনৰ কবিতা (১)

চামিহ অল্কাজিম (পেলেষ্টাইন)

যিদিনা তুমি মোক হত্যা কৰিবা  
মোৰ জেপত তুমি
যাত্ৰাৰ টিকট পাবা
শান্তিলৈ বুলি,
পথাৰৰ ফালে, বৰষুণৰ বাটেৰে
- মানুহৰ চেতনাৰ দিশে।
টিকটবোৰ অথলে যাবলৈ নিদিবা। 


এন্ধাৰে গৰকা দিনৰ কবিতা (২)

মুছাব ইকবাল

মোৰ জোতা পাত
কাইলৈৰ বাবে সাঁচি ৰাখা। 
যতনাই ৰাখিবা মোৰ জোতা
ক্ষত বিক্ষত হৈ মৰিবলৈ ধৰা এটা কাইলৈৰ বাবে
মোৰ জোতা পাত যতনাই ৰাখিবা।
ক্ষয়ক্ষতিৰ যাদুশালাৰ বাবে।
সেই যাদুশালাৰ বাবেই মই তোমাক দিছোঁ
মোৰ জোতা - মোৰ তেজেৰে ধোৱা জোতা
- হতাশাই শুহি লোৱা মোৰ শব্দবোৰ
- আশাৰে সানমিহলি মোৰ চকুপানীবোৰ
- নৈশব্দত জাগি উঠা মোৰ যন্ত্ৰণাবোৰ...।
ফুটবলটোও বুটলি ল'বা সাগৰ তীৰৰ পৰা।
যদি সম্ভ তেজৰ চেকোৰা নলগা
অথচ উচ্চ ক্ষমতাৰ কাপুৰুষালিৰে ভিজা কিছু অংশ যদি পোৱা
মোৰ সোঁৰণি সেই বোমাৰ খোলাতে সোমাই আবদ্ধ হৈ আছে।
প্ৰতিধ্বনিত উচুপনিত, চিৰবিদায়ৰ চুমাৰ পৰশত,
জীনৰ সকলো ৰঙেই বিষময় হ'ল,
আৰু সকলো সপোনেই মাৰাত্মক ৰসায়নিকেৰে ভৰা
কলীয়া ডাৰৰে ঢাকি পেলোৱা হ'ল। 
তোমালোকক ৰাতি ৰাতি আহি আমনি কৰা দৃশ্যবোৰ যে-
আৰু দিনত (অসৰৰ বেলা) আমাৰ বিষয়ে পঢ়িবলৈ পোৱা কথাবোৰ যে-
সেই দৃশ্যবোৰে আমাক আমনি নিদিয়ে, একোৱেই আমনি নিদিয়ে আৰু

কিন্তু যিয়ে আমাক আমনি কৰিছে আজি সেয়া হ'ল
তোমাৰ মৌনতা, তোমাৰ ধৈৰ্য,
তোমাৰ ভাবাকুল চানি, তোমাৰ পাপভৰা প্ৰতীক্ষা। 
ক্ৰোধ আজি নিজগুণে মহীয়ান,  
আমাৰ ৰূপান্তৰিত ধৈৰ্য হওক আমাৰ প্ৰতিৰোধ। 



এন্ধাৰে গৰকা দিনৰ কবিতা (৩)
আহাৰণ শাবটাই (ইজৰাইলী কবি)

মই পঢ়া সুন্দৰ কিতাপবোৰৰ নামত
মই খোৱা চুমাবোৰৰ নামত
        সৈন্যবাহিনী পৰাজিত হওক। 


এন্ধাৰে গৰকা দিনৰ কবিতা (৪)
সুহেইৰ হাম্মাদ

তোমাৰ যুদ্ধৰ ঢোলৰ ছেত মই নানাচোঁ।
মোৰ আত্মা কিম্বা মোৰ হাঁড়-মঙহ, একো বিসৰ্জন নিদিও তোমাৰ যুদ্ধৰ ঢোলত।
সেই ছেওটোত মই নানাচোঁ।
মই জানোঁ সেই ছেও।
ই প্ৰাণহীন।
যি চামড়াখনত তুমি কোবাই আছা তাক মই আন্তৰিকতাৰে চিনি পাওঁ।
এসময়ত ই জীয়াই আছিল, চিকাৰ কৰা হ'ল, চুৰি কৰা হ'ল, টনোৱা হ'ল।
ছেও তুলি জগাই তোলা যুদ্ধৰ ঢোলত মই নানাচোঁ।
তোমাৰ বাবে মই হাত নেমেলো, দুবাহু নোতোলো, টাকুৰি ঘূৰাদি নুঘূৰোঁ।
তোমাৰ বাবে মই ঘিণ কৰিবলৈ নিশিকোঁ, তোমাকো ঘিণ নকৰোঁ।
তোমাৰ বাবে মই খুন নকৰোঁ।
বিশেষকৈ মই তোমাৰ বাবে মৰিবলৈ সাজু নহওঁ।
হত্যাৰে কম্বা আত্মহত্যাৰে, মৃতকৰ বাবে দুখ-বিলাস মই নকৰোঁ।
মাত্ৰ বাকী সকলোৱে নাচিছে বুলিয়েই মই
তোমাৰ পক্ষত মই ঠিয় নিদিওঁ, বোমাৰ শব্দত নাচি নুঠোঁ।
সকলোবোৰেই ভুল হ'ব পাৰে।
জীন এটা অধিকাৰ, নিশ্চিতি যেনেকৈ নাই, তেনেকৈয়ে ই ধেমালি নহয়।
ক'ৰ পৰা মোৰ আগমণ মই নাপাহৰোঁ।
মই মোৰ নিজৰ ঢোল নিজে সাজিম।
ভালপোৱা জনক কাষলৈ আনিম, আৰু আমাৰ মন্ত্ৰেৰে আমি নাচিম।
আমাৰ গুণগুণনিৰে আমি নাচিম।
মই আনৰ দ্বাৰা বাদিত নহওঁ।
তোমাৰ ছেত মোৰ নাম কিম্বা মোৰ ছন্দ- জাহ যাবলৈ নিদিওঁ।
মই নাচিম আৰু প্ৰতিৰোধেৰে নাচিম, মই নাচিম আৰু নেৰানেপেৰাকৈ নাচিম,
নাচি থাকিম আৰু নাচি থাকিম

বুকুৰ এই ধপধপনিৰ শব্দ মৃত্যুৰ পদধ্বনিতকৈ ডাঙৰ।
যুদ্ধৰ ঢোল-ডগৰ এই উশাহৰ শব্দতকৈ ডাঙৰ নহয়।  


৫ চেপ্তেম্বৰ ২০১৪-ত "সাদিন"ত প্ৰকাশিত।

Saturday, July 12, 2014

যুদ্ধ হৈ আছে বুলি শুনিছোঁ

যুদ্ধ হৈ আছে বুলি শুনিছোঁ।
বহুত মানুহ মৰিছে ছাগৈ তাত।
বস্তু বাহানি আৰু স্মৃতি নিমিষতে কৰি ধূলিষ্যাৎ।
যুদ্ধ বিৰোধী গান আৰু কবিতাৰে
এখন যুদ্ধমুক্ত পৃথিৱী সাজিব নোৱাৰিলে মানুহে।
অথবা এনেকুৱাও হ'ব পাৰে কথাটো

গান আৰু কবিতাৰ বাবে

সময় উলিয়াব নোৱাৰিলে কিছুমান মানুহে... 

Monday, June 9, 2014

ডিছপোজেবল্‌ সূর্য ৭ (চনেট)

For if the sun breed maggots in a dead dog, being a
god kissing carrion…
[HAMLET, Act 2, Scene ii]
  
কিহৰ ইমান খঙৰ ভমক তোৰ?  
হে’ৰ বলিয়া বেলি, নে নে, ততালিকে 
আজিয়েই নে দেই পুৰি সকলোকে
তেনেহে যদি মন ভৰে ভৰক তোৰ...      

মেঘত আশ বৃথা হে’ৰ চাতক তোৰ  
পৰদেশত ঘূৰ বিধিৰে বিপাকে 
কাণখোৱা, দেশত তোৰ মেঘে ডাকে
গুণাহ তোৰ ই ফকিৰী বেশত ঘোৰ

এটাও যদি জীৱ বাচি থাকে পৃথিৱীত, ইতিহাস দোহাৰিব অর্বুদ বর্ষৰে।
পিপাসী গুৰুদত্তই গায়, জ্বলাই দে দুনিয়া। দূৰ প্রান্তত বেসুৰা মালিতা। 
বেলি নিহালি, ঘাম পখালি কামলৈ ওলাইছে মানুহৰ জাক, অকলে লগেৰে। 
মৰা-কুকুৰ-দেহত পোক। আনহাতে দেখিছোঁ সৰু চৰাই, মুখত খৰিকা।
তথাপি, জানিবা, হেতেন, আকৌ, হবলা, হয় নে, এৰা, নেকি, আৰু, বাৰু, অব্যয়েৰে

বিৰিখে পেলায় কলি; বাঢ়ে আৰু বাঢ়েহে মাথোঁ ৰ’দে ঘামে লহেপহে কবিতা...  

Wednesday, June 4, 2014

কিবাৰ পৰা কিবা

এজন বুদ্ধিজীৱীয়ে সমাজ পৰিৰ্তনৰ বাবে
লিখিব খুজিছিল এটা লেখা।
তেওঁ লিখি অটোৱালৈকে সমাজখন সলনি হৈ
কিবাৰ পৰা হ'লগৈ কিবা।

এজন প্ৰকৃতিপ্ৰেমীয়ে পৰিবেশ সংৰক্ষণৰ বাবে
উলিয়াব খুজিছিল কিছু নতুন পদ্ধতি।
তেওঁৰ গৱেষণা চলিল যি চলিলেই
পৰিবেশৰ ৰূপ
কিবাৰ পৰা হ'লগৈ কিবা।

এজন নিবনুৱাই নিজাকৈ উদ্যোগ এটা গঢ়িব খুজি
গুণা গঁঠা কৰিলে বহুত।
পুঁজি সংগ্ৰহ হয় মানে তেওঁৰ, অৰ্থনীতিৰ মানে
কিবাৰ পৰা হ'লগৈ কিবা।

আমি ভাবিছিলোঁ
এটা নতুন সম্পৰ্ক আৰম্ভ কৰাৰ কথা।
আখৰা খছৰা আৰু মত অমতৰ পৰ্ব
চলিয়েই থাকিল, সম্পৰ্ক গৈ-


কিবাৰ পৰা হ'লগৈ কিবা।

Saturday, May 31, 2014

কুষ্মাণ্ড বৃত্তান্ত


কোমোৰাটো জ্বলি থাকে ওৰেটো ৰাতি
নান্দী সুহাই কম্পমান

ৰজা মৰে প্ৰজা মৰে
সলনি হয় দেশ, দেশান্তৰ হয় সন্ত্ৰস্ত মুণি
অৰুণ চৰণ ৰেণু উৰে, চমকিত উপবিষ্ট সভাসদ...
তৰপীয়া বৈকুন্ঠ সপ্ত উজ্বালি
কোমোৰাটো জ্বলি থাকে
কোমোৰাটো জ্বলি থাকে
নিদ্ৰালু চকুবোৰে টিপিয়ায়
ভোকৰ পেটবোৰৰ কেঁচু কুমটিয়ে দপদপায়
আউল লাগে বচন, বেসুৰা হয় পয়াৰ,
নাট পৰি আহে, মানুহ ঘৰাঘৰি যায়, আকৌ উঠি আহে
মানুহে জুমুৰি দি ধৰে
ৰাতি কাতি হৈ আহে

কোমোৰাটো জ্বলি থাকে ওৰেটো ৰাতি
উমি উমি ভাঁহে খৰমান

বগাইছিলি কোমোৰা কাৰ বা চালত
সাধিছিলি কি পুইন কোন বা কালত
কটা যায় তোৰ ধবল তনু
কাৰোবাৰ ক্ষোভৰ জ্বালাতো হেনো
হংস সহিতে তোৰ, ইও এক কথা,
মুকুতিৰ বাট মোকলে অন্যথা

ধইন ধইন কুষ্মাণ্ড অপঘন
স্তিমিত কুষ্মাণ্ডৰ তেল অলপ হাতৰ তলুৱাত ল'লোঁ

এই দেহ কুষ্মাণ্ড মোৰো থাকক জ্বলি
জগতৰ নাটঘৰ মুখৰিত কৰি

(টোকা- আমাৰ গাঁৱৰ বছেৰেকীয়া ভাওনাৰ ৰাতি কোমোৰা এটা কাটি তাতে তেল শলিতা দি ভোটা জ্বলোৱা হয়, সেই ভোটাৰ পোহৰতে নাটখন মঞ্চস্থ হয় অন্যান্য গাঁৱত কোমোৰা কাটি ভোটা জ্বলোৱা প্ৰথা আছে নে নাই নাজানোঁ) 





Friday, May 16, 2014

দবা (চনেট)


কোনো সিদ্ধান্তৰ বাবেই জীন থমকি নৰয়     
এই যে থমকি ৰোৱা পদে পদে, কাৰণ অকাৰণ-    
সেয়া সাময়িক। ক্ষণিক চাঞ্চল্য, ক্ষণিক সম্বৰণ। 
তথাপি ভাবি গুণি দিবা খোজ- গুণীজনেও কয়।   

মোৰ প্ৰত্যেকটো চাল বাৰে বাৰে প্ৰতিহত হয়   
তোমাৰ বাধাত। ৰুধিত কৰা মোৰ ইপ্সিত চলন  
তোমাৰ হাতেৰে লাঞ্ছিত হোৱাৰ যি মাদকতাকণ-    
তোমাৰে সৈতে দবা খেলো তাৰ বাবেইতো নিশ্চয়।  

এই খেলা এনে এক খেলা কোনেও কাকো হৰুৱাব নোৱাৰে য'ত   
কোনোবাখিনিত নিজে নকৰিলে ভুল- অজানিতে কিম্বা স্বেচ্ছায়।    
একোটা ভুল সিদ্ধান্ত লৈ বুজি উঠোঁ, কিবা এটা ভুল হ'ল- তৎক্ষণাৎ   
বুজি উঠোঁ অনিবাৰ্য পৰিণতি তাৰ কি হ'ব, মাথোঁ পৰাজয়।  
আজিলৈ তুমি জিকিলা, মই হাৰিলোঁ। টপ্‌কৈ চুমা দিলা কপালত,  

ক'লা, তুমি হাৰি যে মোক জিকালা, এই জয়োতো তোমাৰেই জয়।