তোমাক ফুলৰ দৰে ভালপাওঁ। আজিলৈকে গছৰ পৰা ফুল ছিঙা মনত নাই।
Monday, December 21, 2020
তোমাক ভালপাওঁ
Sunday, August 16, 2020
আমি যুঁজি যাম বান্ধৈ
আমি যুঁজি যাম বান্ধৈ, এই বিষন্ন বতৰৰ বাবে
আমি যুঁজি যাম বান্ধৈ, কৃতদাস আকাংক্ষাৰ বাবে
আমি বুটলিম বান্ধৈ, জীৱনৰ তলসৰা
হাতুৰি এতিয়াও চলে, উৰুঙা নিহাৰিত
হাল এতিয়াও চলে আৰ্ত ধৰিত্ৰীৰ বুকুত
এই যুঁজ জানো আমাৰ কাম্য আছিল? প্ৰশ্নই নাচিবলৈ লয়
সেই প্ৰশ্নৰ কান্ধতে উঠি লৈ
আমি যুঁজি যাম বান্ধৈ
আমাৰ নিহত হেঁপাহবোৰৰ শপত খাই
প্ৰশমিত দৃষ্টিবোৰৰ শপত খাই
হাতত থকা দাগবোৰৰ শপত খাই
আমি যুঁজি যাম বান্ধৈ
আমি তেতিয়ালৈকে যুঁজিম
যেতিয়ালৈকে ছাগলীৰ মূত্ৰপান কৰি বাচে
ছাগলী চৰোৱা ল'ৰা
ফুলি থকা সৰিয়হৰ ফুলক
যেতিয়ালৈকে কৃষকে নিজেই আহি নুশুঙে
আৰু সেই উখহি থকা চকুৰ
গাঁৱৰ অধ্যাপিকাৰ স্বামী যেতিয়ালৈকে
যুদ্ধৰ পৰা উভতি নাহে
যেতিয়ালৈকে পুলিচৰ চিপাহীয়ে
আপোন ভাতৃৰ ডিঙি চেঁপিবলৈ বাধ্য হয়
এৰা, চাকৰীয়াল বাবুৱে
যেতিয়ালৈকে লিখে তেজেৰে আখৰ
আমি যুঁজি যাম, যেতিয়ালৈকে
পৃথিৱীত যুঁজি যোৱাৰ প্ৰয়োজনখিনি বাকী থাকে
বন্দুক নাথাকিলেও তৰোৱাল থাকে
তৰোৱালো যাৰ নাই, যুঁজাৰ অকাংক্ষা থাকে
ৰণনীতি কাক কয় যদি বুজিও নাপাওঁ
যুঁজাৰ প্ৰয়োজনীয়তাখিনি বুজোঁ ঠিকেই
আৰু আমি যুঁজি যাম, বান্ধৈ
আমি যুঁজিম
কাৰণ নুযুঁজাকৈ আমি আজিলৈকে একো পোৱা নাই
আমি যুঁজিম
এই কথা ভাবিয়ে যে এতিয়ালৈকে কিয়নো নুযুঁজিলোঁ
আমি যুঁজিম
নিজৰ অচেতনতাৰ শাস্তি মূৰ পাতি ল’বৰ বাবে
যুঁজি যুঁজি যি মৰি গ’ল
তেওঁলোকৰ স্মৃতিক জীয়াই ৰাখিবৰ বাবে
আমি যুঁজি যাম
-পাছ (অৱতাৰ সিং সান্ধু)
Thursday, July 23, 2020
কৰ অশ্ৰু দূৰ ভাই
- ওঁ
কৰ কৰ কৰ কৰ অশ্ৰু দূৰ ভাই
কৰ কৰ কৰ কৰ কৰ কৰ কৰ কৰ
অশ্ৰু দূৰ ভাই
সংগ্ৰামেহে আজি অস্তিত্ব সোঁৱৰায়
আবেগ বেদনাৰ অশ্ৰু বোৱাবৰ
আজি সময় তোৰ নাই
সেয়ে কৰ, অশ্ৰু দূৰ ভাই
গা জীৱনৰ গান
বজ্ৰকণ্ঠে আকাশ কঁপাই।।
পুঞ্জীভুত ক্ষোভ চকুপানী হ’লে আজি
মাটি সেমেকাই ঘৰহে খহাব,
বহ্নিশিখা হৈ আকাশ ৰঙালে
সিহে দেশ তৰাব।
সমুখত যদি আজি বাট নাই,
কাৰ বাবে আছ তই বাট চাই
অশ্ৰু নিগৰাই?
সেয়ে কৰ, অশ্ৰু দূৰ ভাই।।
ভণ্ড প্ৰতাৰকৰ কাৰাগাৰ আজি তোৰ গানেৰে জ্বলাই
সমস্বৰে ক : দে আমাক আমাৰ মতে ৰ’বলে’ জীয়াই।
আজি মুখ খুলি ক : অ’ শাসক শিশুপাল সামৰা জঞ্জাল
জনাৰ্দনৰ আজি ক্ষমাৰ ক্ষমতা যায় হেৰাই।।
“সংগ্ৰাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰে জয় জনতাৰে…”
জিলিকা জিলিকা বুটা বচা সৌ
Monday, May 11, 2020
বদমাচ গান
শিমলু মাগ্ৰিট
মদৰ দোকান খোলাৰ খবৰ পাই
মানুহবোৰ ডাৱৰ গছকি আগবাঢ়িছে
মোৰ খিৰিকীত টুকুৰিয়ায়
খিৰিকীখন খুলি দে কাণখোৱা
ভেম পাতি লাভ নাই
ঘৰলৈ সুমুৱাবলৈ বিচাৰি যি ভুল কৰিছিলোঁ
কৰিছিলোঁ
এতিয়া তোকনো সোমাবলৈ দিওঁ কোন সতে?
জোন সদাগৰ (গান)
অপাংক্তেয়
পিৰালিৰ পৰা নঙলামুখলৈকে আমি খোজ কাঢ়িছিলোঁ
পিৰালিৰ পৰা নঙলামুখলৈকে আমি কথা পাতিছিলোঁ
নাহৰৰ গুটিৰে বাতি জ্বলোৱাৰ কথা?
কোনো কথাই সম্পূৰ্ণ নাছিল, নাছিল কোনোটো প্ৰশ্নৰে উত্তৰ
জোনাকত তামোলগছবোৰ তধা লাগি আছিল, যেনিবা কথা পতা মানা।
বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গৈ পঁইতাভাত উদঙাই খাইছিল,
আঙঠাত দি অহা আলুটো ইমানপৰে সিজিল চাগে’!
মাটিতেলৰ চাকিৰে জুপি জুপি কোনোবাই
আওঁৰাইছিল নেকি কুঁহিপাঠ? আঁহতজোপাত
সঁচাকৈয়ে আছিল নেকি বুঢ়াডাঙৰীয়া?
কথাবোৰৰ কোনো শেষ নাছিল
পিছে নঙলামুখ পাওতেই আমাৰ কাপোৰ-কানি ক’লা হ’ল
ঘৰৰ বাজত থাকিলে ঘৰলৈ আহিছোঁ বুলি ক’ব লাগে
নে গৈছোঁ বুলি ক’ব লাগে?
ঘৰলৈ মানুহ আহে নে যায়?
তিলেকে যুগ যায় মানে কি? গকূলো জানো নিজা ধাম?
সুবৰ্ণৰেখা নদীৰ তীৰত আমাৰ নতুন ঘৰ হ’ব, পাতিছিলোঁ তাৰ কথা।
ডালভঙা অশোকগছজোপাৰ তললৈ গৌতম উভতি যাব পৰা নাছিল।
পিছে উঘাৰ পৰা সূতাডাল লৈ গৈ
আকৌ উভতি নাহিলে কাপোৰখনো দেখোন নোলায়।
ভোকত ঘৰৰ মানুহ ঘৰলৈ ওভতে
আমিও উভতিছিলোঁ
ঘৰমুৱা বাটতো যে পৰুৱাই পায় নাজানিছিলোঁ
ভোকৰ বাটত ৰেলৰ আলিত ছিন্ন ভিন্ন হৈছিল তোমাৰ শৰীৰ
উভতি আহি মই পিৰালি পাইছিলোঁহি
আকৌ একেটা পিৰালিলৈকে উভতি আহিব নোৱাৰি।।
![]() |
| Art: Mayur Rajbonshi |
Thursday, May 7, 2020
সৰিয়হ
কদম্ব-ক’ৰ’ণা (ননচেন্স-চনেট)
(7th May, 2020)
Friday, February 14, 2020
গামোচা পুৰাণ
![]() |
| শিল্পী : ধ্ৰুৱজিৎ |









