Monday, December 21, 2020

তোমাক ভালপাওঁ

তোমাক ফুলৰ দৰে ভালপাওঁ। আজিলৈকে গছৰ পৰা ফুল ছিঙা মনত নাই।

তোমাক পথাৰৰ দৰে ভালপাওঁ, আজিলৈকে পথাৰত হাল বাই পোৱা নাই।
তোমাক নদীৰ দৰে ভালপাওঁ, আজিলৈকে সাতুৰিবলৈকে শিকা হোৱা নাই।
তোমাক আকাশৰ দৰে ভালপাওঁ, বহুদিন আকাশলৈ মূৰ তুলি চোৱা মনত নাই।
ভালপোৱাৰ অধিকাৰ আছেনে নাই সুধি চোৱা নাই নিজকে।
ভালপাৱা মোৰ ক্ষমতাই কুলায় নে নাই সুধি চোৱা নাই নিজকে।
নিশকতীয়া শৰীৰ। অস্থিৰ মন। জল্পনা-কল্পনা কিম্বা পৰিকল্পনা একো নাই।
এদিন তুমিও মোক ভালপাওঁ বুলিবা আৰু তাকে শুনি হাৰ্টফেইল কৰি মৰিম
জীৱনত ইচ্ছা বুলিবলৈ সেইকণেই ৰ’ল।
ৰাস্তাৰ কাষত পৰি থকা শিল এটুকুৰাৰ দৰে ভালপাওঁ
উঁই হাফলুৰ দৰে নে কুমজেলেকুৱাটোৰ দৰে?
অথবা এই পৃথিৱীত বিৰাজমান যিকোনো হক অনাহক অস্তিত্বৰ দৰেই
তোমাক ভালপাওঁ।
প্ৰাৰ্থনা গাবলৈ যেতিয়াৰ পৰা এৰিলোঁ
মুখেৰে বিৰবিৰাই থাকিবলৈওতো কিবা এটা লাগিল
সেয়েই হয়তো ভালপাওঁ ভালপাওঁ বুলিয়ে আওৰাওঁ তোমাৰ নাম
তোমাক তোমাৰ দৰে ভালপাওঁ
পিছে কেনেকৈনো ক’ব লাগে কথা এষাৰ সেইটোকেই শিকা হোৱা নাই।



Sunday, August 16, 2020

আমি যুঁজি যাম বান্ধৈ


আমি যুঁজি যাম বান্ধৈ, এই বিষন্ন বতৰৰ বাবে
আমি যুঁজি যাম বান্ধৈ, কৃতদাস আকাংক্ষাৰ বাবে

আমি বুটলিম বান্ধৈ, জীৱনৰ তলসৰা
হাতুৰি এতিয়াও চলে, উৰুঙা নিহাৰিত
হাল এতিয়াও চলে আৰ্ত ধৰিত্ৰীৰ বুকুত

এই যুঁজ জানো আমাৰ কাম্য আছিল? প্ৰশ্নই নাচিবলৈ লয়
সেই প্ৰশ্নৰ কান্ধতে উঠি লৈ
আমি যুঁজি যাম বান্ধৈ

আমাৰ নিহত হেঁপাহবোৰৰ শপত খাই
প্ৰশমিত দৃষ্টিবোৰৰ শপত খাই
হাতত থকা দাগবোৰৰ শপত খাই
আমি যুঁজি যাম বান্ধৈ

আমি তেতিয়ালৈকে যুঁজিম
যেতিয়ালৈকে ছাগলীৰ মূত্ৰপান কৰি বাচে
ছাগলী চৰোৱা ল'ৰা
ফুলি থকা সৰিয়হৰ ফুলক
যেতিয়ালৈকে কৃষকে নিজেই আহি নুশুঙে
আৰু সেই উখহি থকা চকুৰ
গাঁৱৰ অধ্যাপিকাৰ স্বামী যেতিয়ালৈকে
যুদ্ধৰ পৰা উভতি নাহে

যেতিয়ালৈকে পুলিচৰ চিপাহীয়ে
আপোন ভাতৃৰ ডিঙি চেঁপিবলৈ বাধ্য হয়
এৰা, চাকৰীয়াল বাবুৱে
যেতিয়ালৈকে লিখে তেজেৰে আখৰ

আমি যুঁজি যাম, যেতিয়ালৈকে
পৃথিৱীত যুঁজি যোৱাৰ প্ৰয়োজনখিনি বাকী থাকে
বন্দুক নাথাকিলেও তৰোৱাল থাকে
তৰোৱালো যাৰ নাই, যুঁজাৰ অকাংক্ষা থাকে
ৰণনীতি কাক কয় যদি বুজিও নাপাওঁ
যুঁজাৰ প্ৰয়োজনীয়তাখিনি বুজোঁ ঠিকেই

আৰু আমি যুঁজি যাম, বান্ধৈ
আমি যুঁজিম
কাৰণ নুযুঁজাকৈ আমি আজিলৈকে একো পোৱা নাই
আমি যুঁজিম
এই কথা ভাবিয়ে যে এতিয়ালৈকে কিয়নো নুযুঁজিলোঁ
আমি যুঁজিম
নিজৰ অচেতনতাৰ শাস্তি মূৰ পাতি ল’বৰ বাবে
যুঁজি যুঁজি যি মৰি গ’ল
তেওঁলোকৰ স্মৃতিক জীয়াই ৰাখিবৰ বাবে
আমি যুঁজি যাম

-পাছ (অৱতাৰ সিং সান্ধু)



Thursday, July 23, 2020

কৰ অশ্ৰু দূৰ ভাই

- কি হ’ল? মন বেয়া?
- ওঁ

কৰ কৰ কৰ কৰ অশ্ৰু দূৰ ভাই
কৰ কৰ কৰ কৰ কৰ কৰ কৰ কৰ
অশ্ৰু দূৰ ভাই
সংগ্ৰামেহে আজি অস্তিত্ব সোঁৱৰায়
আবেগ বেদনাৰ অশ্ৰু বোৱাবৰ
আজি সময় তোৰ নাই
সেয়ে কৰ, অশ্ৰু দূৰ ভাই
গা জীৱনৰ গান
বজ্ৰকণ্ঠে আকাশ কঁপাই।।

পুঞ্জীভুত ক্ষোভ চকুপানী হ’লে আজি
মাটি সেমেকাই ঘৰহে খহাব,
বহ্নিশিখা হৈ আকাশ ৰঙালে
সিহে দেশ তৰাব।
সমুখত যদি আজি বাট নাই,
কাৰ বাবে আছ তই বাট চাই
অশ্ৰু নিগৰাই?
সেয়ে কৰ, অশ্ৰু দূৰ ভাই।।

ভণ্ড প্ৰতাৰকৰ কাৰাগাৰ আজি তোৰ গানেৰে জ্বলাই
সমস্বৰে ক : দে আমাক আমাৰ মতে ৰ’বলে’ জীয়াই।
আজি মুখ খুলি ক : অ’ শাসক শিশুপাল সামৰা জঞ্জাল
জনাৰ্দনৰ আজি ক্ষমাৰ ক্ষমতা যায় হেৰাই।।

“সংগ্ৰাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰে জয় জনতাৰে…”

জিলিকা জিলিকা বুটা বচা সৌ


ধিমা ধিমা ধিমাধিমা ধিম ধিম ধিমক ধিমক ধিম


জিলিকা জিলিকা বুটা বচা সৌ আকাশৰ তৰাকো চা
জোনাকী হৈ যে জ্বলি আছ তয়ো ঘূৰি এবাৰ নিজলৈকো চা।

লাখৰ মাজত আছে এটা তৰা
নেমানে যি কথা আভূৱা ভৰা
আপোন বাটে চলে আপোনাতে জ্বলে
পোহৰ পাই আপোনপাহৰা

একতাৰাৰ তানে গুঞ্জে কাণে কাণে
সুৰ ধৰা ঐকতানে

*
धीमा धीमा धीमाधीमा धीम धीम
धीमक धीमक धीम

जगमगाते जो सितारे रात भर उनको भी देख
जुगनू बन कर जल रहा है तू एक नज़र खुद को भी देख

एक हैं तारा लाखों में
आये किसी की वो बातों में
रहे वो चल कर खुद में जल कर
अपनी चाहत की राहों में

इकतारा बोले चले चलो चले
एक बनकर हम अनेक...


Song from the Disposable Theatre of Kankhowa
The Cloth Narrative, Baroda, 2007


#কাণখোৱাৰগান
#DisposableTheatre

Monday, May 11, 2020

বদমাচ গান


অলি বদমাচ কলি শুঙি ফুৰে
লোকৰ ফুলবনে
কুলি বদমাচ কণী পাৰি ফুৰে
লোকৰ বাহে বাহে
মন বদমাচ তুলা হৈ উৰে
দেহা বদমাচ গৰা হৈ খহে
তই বদমাচ মাথোঁ পাৱ ভালে
জোকাবলৈ পালে
মোকে জোকাবলৈ পালে,
বদমাচ! 

কি যে বদমাচ জীৱন এটা পালোঁ
নাই লিটমাছ খাৰনি টেঙেচি বুজিকে নাপালোঁ একো
সময় গ’লে কি পাবলৈ নাই, অসময়ত পালেও মূল্য নাই
বিচাৰিছিলোঁ কি পালোঁৱেই বা কি
তোকে বাৰু পালোঁ, পিছে পালোঁ জানো
পালোঁ যদি তোৰ কিমানখিনি পালোঁ
তোক পোৱা হয় ঠিক কিমানখিনি পালে
অ’ বদমাচ
বদমাচ! 


শিমলু মাগ্ৰিট


বুকুত মাগ্ৰিটৰ চকু
একোজোলা শিমলুৰ ডাৱৰ উৰি ফুৰিছে
মদৰ দোকান খোলাৰ খবৰ পাই
মানুহবোৰ ডাৱৰ গছকি আগবাঢ়িছে

এজোলা ডাৱৰে আহি
মোৰ খিৰিকীত টুকুৰিয়ায়
খিৰিকীখন খুলি দে কাণখোৱা
ভেম পাতি লাভ নাই

শিমলুৰ তুলা হৈ উৰিবৰ মন বোলা তাইক
ঘৰলৈ সুমুৱাবলৈ বিচাৰি যি ভুল কৰিছিলোঁ
কৰিছিলোঁ
এতিয়া তোকনো সোমাবলৈ দিওঁ কোন সতে?

অ’ শিমলু মেঘ, মই সূতা কাটিব নাজানো…
René Magritte: Variation for the victory, 1965




জোন সদাগৰ (গান)


মেঘ ডিঙৰাতে জোন সদাগৰে
বণিজ বেহাবলৈ যায়
জপৰা চুলিৰে এজুপি তামোলে  
ডিঙি মেলি মেলি চায়
দুগৰাহ খাই শুদাই নিকাই
সোণ মোৰ টোপনি যায়।।

ইকাণে সিকাণে কলপাতবোৰে
বিয়নী মেল বহায় 
নিশা পৰে পৰে জোন সদাগৰে 
কিনো কথা কৈ যায়     
সোধে সোণ বা শুলে নে নাই
সোণ মোৰ টোপনি যায়।।

ৰূপালী চেলেং মেৰিয়ালে গাত
ৰূপে সৰি সৰি পৰে
সোণোৱালী দাইল ৰূপোৱালী ভাত
জিলিকি জিলিকে উঠে
হেনো বাটে বাটে কৈ যায়
আজি সোণ লঘোনে নাই 
আজি কোনো লঘোনে নাই।। 




অপাংক্তেয়


ফৰিং ফুটা জোনাকত
পিৰালিৰ পৰা নঙলামুখলৈকে আমি খোজ কাঢ়িছিলোঁ
পিৰালিৰ পৰা নঙলামুখলৈকে আমি কথা পাতিছিলোঁ

চম্পা আৰু গৌৰীৰ কথা, নগৰ এখন চাৰখাৰ হৈ যোৱাৰ কথা,
নাহৰৰ গুটিৰে বাতি জ্বলোৱাৰ কথা?
কোনো কথাই সম্পূৰ্ণ নাছিল, নাছিল কোনোটো প্ৰশ্নৰে উত্তৰ
জোনাকত তামোলগছবোৰ তধা লাগি আছিল, যেনিবা কথা পতা মানা।
বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গৈ পঁইতাভাত উদঙাই খাইছিল,
আঙঠাত দি অহা আলুটো ইমানপৰে সিজিল চাগে’!
মাটিতেলৰ চাকিৰে জুপি জুপি কোনোবাই
আওঁৰাইছিল নেকি কুঁহিপাঠ? আঁহতজোপাত
সঁচাকৈয়ে আছিল নেকি বুঢ়াডাঙৰীয়া?
কথাবোৰৰ কোনো শেষ নাছিল
পিছে নঙলামুখ পাওতেই আমাৰ কাপোৰ-কানি ক’লা হ’ল

ঘৰৰ ভিতৰৰ পৰা কোনোবাই মাতিছিল নেকি আমাক?
ঘৰৰ বাজত থাকিলে ঘৰলৈ আহিছোঁ বুলি ক’ব লাগে
নে গৈছোঁ বুলি ক’ব লাগে?
ঘৰলৈ মানুহ আহে নে যায়?

আমি পাতিছিলোঁ চিলাৰ পৰ্বতত চাৰি কড়াৰ মাটি কিনাৰ কথা।
তিলেকে যুগ যায় মানে কি? গকূলো জানো নিজা ধাম?
সুবৰ্ণৰেখা নদীৰ তীৰত আমাৰ নতুন ঘৰ হ’ব, পাতিছিলোঁ তাৰ কথা।
ডালভঙা অশোকগছজোপাৰ তললৈ গৌতম উভতি যাব পৰা নাছিল।
পিছে উঘাৰ পৰা সূতাডাল লৈ গৈ
আকৌ উভতি নাহিলে কাপোৰখনো দেখোন নোলায়।

নঙলামুখ পাওঁতে পাওঁতে আমাৰ ভোক লাগিছিল
ভোকত ঘৰৰ মানুহ ঘৰলৈ ওভতে
আমিও উভতিছিলোঁ

ভোকে ভাগৰে কণমানি ছোৱালীজনীৰ দৰে তুমি লেঙেৰিয়াইছিলা
ঘৰমুৱা বাটতো যে পৰুৱাই পায় নাজানিছিলোঁ
ভোকৰ বাটত ৰেলৰ আলিত ছিন্ন ভিন্ন হৈছিল তোমাৰ শৰীৰ

তোমৰ ছিগা হাতখন হাতেৰে ধৰি
উভতি আহি মই পিৰালি পাইছিলোঁহি

পিৰালিৰ পৰা নঙলামুখলৈ গৈ
আকৌ একেটা পিৰালিলৈকে উভতি আহিব নোৱাৰি।।
Art: Mayur Rajbonshi


Thursday, May 7, 2020

সৰিয়হ


(তিনিটা পৃথক কবিতা, বুদ্ধপূৰ্ণিমা বিশেষ আপডেট)

১)
মই কোন, মইনো কি
মহামৃত্যুঞ্জয় মন্ত্ৰৰ তিয়ঁহ এটা
তেলৰ বাবে ঘানি বিচাৰি
বাগৰি ফুৰা তিল নে সৰিয়হ এটা

২)
পৃথিৱীৰ অৱস্থা কাহিল
সৰিয়হ বিচাৰি যোৱা মানুহটো উভতি নাহিল।

৩)
(#বেণুমিশ্ৰৰ মৃত্যুত)

মুখবোৰ। মানুহবোৰ। বাঙ্ময় ৰেখাবোৰ।
ৰ'ল।
তেখেত গ'ল।
শোকত ম্ৰিয়মান হোৱাৰ সকাম নাই।
মৃত্যুও এটা উৎসৱ।
আজিও ওপঙি ৰৈছে পাহাৰ আৰু গছবোৰ।
ৰঙে ৰেখায় গঢ়ে আয়তনে উদযাপিত হওক
অনিত্যতাৰ চিৰসত্য।
বুদ্ধক দিবলৈ সৰিয়হ বিচাৰি
দিহিঙে দিপাঙে যোৱাতকৈ আহক
আমি আধা ডুখৰীয়া সপোনখিনি লৈ
আগলৈ বাট লওঁ।

কদম্ব-ক’ৰ’ণা (ননচেন্স-চনেট)


আমি কোনেও দেখা নাই, শুনিছোঁহে, পেখলোঁ আখি, (১৮)
হাতে বাঁশী মুখে হাসি গলায় কদম্বেৰ মালা-   (১৭)
আমি কোনেও দেখা নাই, এমন বৰণ কালা, (১৭)
তথাপি দেখিছোঁ বুলি মানি আহিছোঁ দেখাক দেখি।  (১৮)

দুটা এপাৰ্টমেণ্ট ছীল কৰি পুলিচ আছে ৰখি, (১৮)
কাষৰ গলিটোতো ভেটা দি বন্ধ ৰাখিছে তলা; (১৭)
এজোপা কদম গছ আছে বাৰিষাকালি ফুলা,  (১৭)
জপনামুখতে সেইখিনিতে, খিৰিকীৰেই দেখি।  (১৮)

কদমৰ ফুলমঞ্জৰি গোল, ফুলবোৰ থাকে বাজলৈ মেলি,  (২২)
ক’ৰ’ণা ভাইৰাছটোও দেখিবলৈ হেনো তেনেকুৱাই কিবা।  (২২)
দেখা নাই, শুনিছোঁহে, কোনোবাই ক’লে মাইক্ৰ’স্ক’পত দেখি। (২২)
ঘৰৰ ভিতৰতে আছে ৰাধা, পাবলৈ নাই পান-বিড়ি-চাধা,  (২২)
কাণখোৱাৰ চকুত ধূলি দিম বুলি লকডাউন নামানি (২২)
সৌৱা চোৱা, বাইৰ হুৱা আছে দেখো সই কানু হাৰামজাদা।। (২২)


(7th May, 2020)

Friday, February 14, 2020

গামোচা পুৰাণ


(গামোচা সাৰাংশ)

গামোচা ব’বলৈ সহজ
বাচিবলৈ টান গামোচাৰ ফুল
ফুট গধূলি কাঠি গণি গণি
মাটিতেলৰ পোহৰত জুপি জুপি
কৰা
সিও এক বিৰাট অংক

আপোনাৰ হাতত থকা গামোচাখন
অজস্ৰ উপাখ্যানৰ কেৱল সাৰাংশ

পদ্ধতিবোৰ বা সূত্ৰবোৰ সম্পূৰ্ণ শুদ্ধ হ’লেও
ফলাফল বা ঠিকেই ওলায় নে নোলায়

মৰমৰজনলৈ এখন
সমাজলৈ এখন

গৰকাৰ চাবে
প্ৰেমৰো
ভক্তিৰো
জীৱনৰো
ছন্দ মিলায়।।

(গামোচা প্ৰসাদ)

আগলৈ নহয়, আগলৈ নহয়, আগলৈ খোজ নিদিবি
অঁ অঁ অঁ তেনেকৈ পিছলৈ এখোজ এখোজকৈ আহ
গামোচাখন তললৈ নমাই এনেকৈ ধৰ
মাটিত চোঁচৰাই আনি থাক
গামোচাখনে তোৰ ভৰিৰ খোজবোৰ মচি আনিব লাগিব

হ’ব দে, এতিয়া আঁঠু ল

নিজৰে খোজৰ চিহ্ন মচি অনা গামোচাখনকে
আথেবেথে দুহাতত লৈ সি সেৱা ল’লে
ৰাইজে আশীৰ্ৱাদ জুৰিলে

ৰাইজৰ আশীৰ্বাদ সেই গামোচাখনতে সামৰি
ৰাইজৰ প্ৰাৰ্থনাত সেমেকি উঠা চকুহাল
সি মচি ল’লে

সি যতনোৱা প্ৰসাদখিনি ৰাইজে এমুঠিকৈ খালে
আৰু বাকীখিনি একোখনকৈ বান্ধি
ঘৰমুৰি কৰি নিলে

গামোচাৰে।।

(গামোচা অলিংগ)

সকলো বস্ত্ৰতে পুৰুষ আৰু নাৰীৰ বিভাজন স্পষ্ট
কাপোৰে নিৰ্ধাৰণ কৰি যায় আপোনাৰ পুৰুষত্ব কিম্বা নাৰীত্ব
অথবা আপোনাৰ পুৰুষত্ব কিম্বা নাৰীত্বই ঠিৰাং কৰে আপোনাৰ বস্ত্ৰ।

কেৱল গামোচাখন পৃথক।
গামোচাখন পুৰুষৰো
গামোচাখন নাৰীৰো।

গামোচাৰ লিংগ নাই। গামোচা অলিংগ।

(গামোচাৰ ৰং)

অসমক প্ৰতিনিধিত্ব কৰা নাটকীয় পৰিৱেশনা সম্পৰ্কীয় কথা বতৰা চলি আছিল
আমাৰ প্ৰযোজকে সুধিলে, অসম বুলিলেই কি ৰং-টো মনলৈ আহে?
মই ক’লোঁ ৰঙা।
প্ৰথমে প্ৰযোজক অলপ অপ্ৰস্তুত হ’ল। কাৰণ তেওঁ শুনিব খুজিছিল
সেউজীয়া।
অসম বুলিলেই সেউজীয়া।

মই বুজালোঁ। সেউজীয়াটো পশ্চাদপট। বেকগ্ৰাউণ্ড।
গছ, অৰণ্য, পথাৰ, ঘৰৰ চৌহদ- এৰা, সেউজীয়া সমস্ত।
সেউজীয়া আৰু ৰঙা বৈজ্ঞানিকভাৱে পৰিপুৰক।
কম্প্লিমেণ্টৰী কালাৰ্ছ। সেউজীয়াত ৰঙা জিলিকিব ভাল।

আমাৰ গামোচাখনত থকা ৰং-টো ৰঙা।
পগ ধৰা তামোলৰ পিকটো ৰঙা। বৰহমথুৰিৰ ৰং-টো ৰঙা।
বিহুৱতীৰ ব্লাউজ ৰঙা।
নীলা পাহাৰৰ বিপৰীতে আমাৰ ব্ৰহ্মপুত্ৰ ৰঙা।

অসমক যদি কিবা ৰঙে শুৱায়, সেয়া ৰঙা ৰঙে শুৱায়।।

(আগতে গামোচাখন)

মানুহটোৰ তেজ নোৰোৱা হৈছে, নৈ হৈ বৈছে
ঐ ধন, সোনকালে গামোচাখন লৈ আন

নাৰ্জীফুলৰ পাত চিঙি লগা, এম্বুলেন্স মাত,
আজি দেওবাৰ, ডাক্তৰ বৰদেউতা ঘৰতে থাকিব পায়,
কাষৰ ঘৰত এবাৰ মাত দে

ঐ ধন, ধন ঔ, গামোচাখন আনোতে ইমান পলম কিয় হঞে?!”

(বি: দ্ৰ: মানুহটো হিন্দু নে মুছলমান নুসুধিব)
(পুণ: বি: দ্ৰ: মানুহটোৰ আচলতে হৈছিল কি সেয়া পিছে পৰেও সুধিব পাৰিব)
(পুণশ্চ: বি: দ্ৰ: আগতে গামোচাখন আনক।)

আনিলেনে?

(গামোচাতন্ত্ৰ)

নিজৰ লজ্জা নিবাৰণৰ বাবেও অপাৰগ
এই ৰাষ্ট্ৰৰ এটাই সমস্যা
যি শাসকযন্ত্ৰই আমাক চলাইছে
তাৰ বিফলতন্ত্ৰৰ এটাই সমস্যা

এই ৰাষ্ট্ৰৰ এখন গামোচা নাই
যাৰে অন্তত: নিজৰ লজ্জানিবাৰণ কৰিব পাৰে

আমাৰ হাতত দেধাৰ গামোচা আছে
এই উলংগ ৰাষ্ট্ৰই
আমাৰ পৰা গামোচা এখন অন্তত:
ধাৰলৈতো নিব পাৰে!

(বেণ্ডেজৰ গামোচা)

গামোচাখন নাথাকিলে চেনেহৰজনক কি যাঁচিলোঁহেতেন?
গামোচাখন নাথাকিলে শ্ৰদ্ধাভাজনক কেনেকৈ আদৰিলোঁহেতেন?
গামোচাখন নাথাকিলে থাপনাত কি পাৰিলোঁহেতেন?
কিহেৰে বান্ধিলোঁহতেন প্ৰসাদ গামোচাখন নাথাকিলে?
গা ধোৱা ঘৰলৈ কি লৈ গ’লোঁহেতেন গামোচাখন নাথাকিলে?
কিহেৰে সামৰিলোঁহেতেন ৰাইজৰ পদধূলা গামোচাখন নাথাকিলে?
দৰা আদৰিলোঁহেতেন কিহেৰে?
ৰাতি বিয়লি হঠাৎ প্ৰয়োজনত ওলাই গ’লোঁহেতেন কিহৰ সাহসেৰে?
গামোচাখন নাথাকিলে কি গতে চিনিলোহেতেন বিহুৱাক?
গামোচাখন নাথাকিলে কি সতে জাৰিলোঁহেতেন দেও-ভূতক?
ঘাম, শেঙেনু আৰু চকুপানী
কিহেৰে মচিলোঁহেতেন গামোচাখন নাথাকিলে?

কিন্তু গামোচাখন আছে। এইখনেৰে সকলো অঘৈয়া হূল কাঢ়িব পাৰিম।
এইখনেই আজিৰ আমাৰ বেণ্ডেজৰ গামোচা।

আমাৰ দৰে মূৰ্তমান ভগৱান নথকা জাতিৰ গামোচাই ভগৱান।

শিল্পী : ধ্ৰুৱজিৎ


ব্ৰহ্মাণ্ড


অসমখনত যিবোৰ ঘটনা ঘটিবলৈ লৈছে
সেইবোৰলৈ চাই ভাবোঁ
অসমখন এৰিয়েই দিওঁ নেকি!
যেন, আন ক’ৰ’বালৈ গুছি যাওঁ

অসমেই নহয়, সমস্ত ভাৰততে যিবোৰ ঘটিব লাগিছে
সেইবোৰলৈ চাই ভাবোঁ
ভাৰতখনকে এৰিয়েই দিওঁ নেকি!
যেন, আন ক’ৰ’বালৈ গুছি যাওঁ

পিছে সমগ্ৰ বিশ্বজুৰি যিবোৰ ঘটনা ঘটি আছে
সেয়াও জানো কম?
সেইবোৰলৈ চাই ভাবোঁ
পৃথিৱীখনকে এৰিয়েই দিওঁ নেকি!
যেন, আন ক’ৰ’বালৈ গুছি যাওঁ

কিন্তু
অসম বা ভাৰত বা পৃথিৱী দূৰৰ কথা
মই তোমাকেই এৰিব নোৱাৰোঁ

তুমি যে ব্ৰহ্মাণ্ড!



এটা অদৰকাৰী প্ৰেমৰ গদ্য


বাটেদি খোজকাঢ়ি আহি আছিলোঁ
সন্মুখতে শুকান পাত এখিলা সৰি পৰিল

নাই নাই তাতকৈ অধিক একো কথা নাছিল
পাতখিলা সৰি পৰাতে কোনো মহাভাৰত অশুদ্ধও নহ’ল
কোনোবা তুমুল বিপ্লৱৰ জাগৰণো নহ’ল
কথাষাৰ সাধাৰণ যি সাধাৰণ তেনেই সাধাৰণ
ফাগুণ আহিবৰ পৰত পাত সৰি পৰাৰ দৰেই সাধাৰণ
পাতখিলাও হাজাৰখিলা পাতৰ দৰেই এখিলা পাত
বাটটোও মই হাজাৰবাৰ অহাযোৱা কৰা বাট
(আচলতে নহয়, কিন্তু সেই সম্পৰ্কে এতিয়া ভবা নাই)
তেনেহ’লে কি কথা আছিল? মই কি ভাবি আছিলোঁ?
কি এনে কথা আছিল যিটো মই ক’বলৈ তোমাক বিচাৰিছিলোঁ?

কথা একো নাছিল। কি কথা আছিল?
একোৱেই যে কথা নাছিল, হয়তোবা সেইটোৱেই কথা আছিল।
পাত এখিলা ৰাস্তাৰ কাষত সৰি পৰিলে কাৰো একো নাহে নাযায়
একো কথাতেই আৰু একো নাহে নাযায়
যোৱা দুমাহত কিমান মানুহ আওমৰণে মৰিল?
কিমান নাৰীৰ পেটত মতা পুলিচে লঠিয়ালে? কাৰাগাৰৰ পৰা
কিমান অপৰাধী বাজলৈ ওলাল, কিমান নিৰীহ জেলত সোমাল?
কোনটো কথাত কাৰ কি আহিল গ’ল?

বাৰু সেইবোৰ বাদ এতিয়া। মোৰ কি ক’বলৈ আছিল?
পাত এখিলা সৰি পৰিল। তাতে কি ঘটিল? একো নঘটিল?
তাতে কি ক’বলৈ থাকিল।
এয়া এইমাত্ৰ পাত এখিলা সৰি পৰিল, সেইটোকে ক’বলৈ আছিল।

ক’লে কি হ’ব? একো নহয়। নক’লেনো কি হ’ব? একো নহয়।
কিয়নো ক’ব লাগে? নাজানো। কোৱাটো জৰুৰী নেকি?
এৰা তাকে লৈ লিখিবলৈ বহাটো হয়তো অদৰকাৰীয়ে আছিল
পিছে, কোৱাটো
আৰু ক’বলৈ কাষত তোমাক পোৱাটো
দৰকাৰী আছিল।  

কথাষাৰ কওঁ বুলি তোমাক বিচাৰি কাষত নাপাই
বুকু চমচমাই যায়। বুকুখন মোচৰ মাৰি যায়।।