Sunday, July 21, 2019

বাৰটা অসম্পূৰ্ণ কবিতা সম্পৰ্কে তেৰ নম্বৰটো কবিতা


পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট

বিভিন্ন সময়ত মাত্ৰ এশাৰী লিখি আৰু আগুৱাব নোৱাৰি   
তেনেকৈয়ে পেলাই থোৱা কবিতাবোৰৰ মাজৰ বাৰটা শাৰী।



Saturday, July 20, 2019

বৃত্তৰ ইতিবৃত্ত


Pankaj Jyoti Mahanta-ৰ প্ৰতি

[পংকজ, বৃত্তৰ মাত্ৰা এক হোৱাৰ সুবিধা কি জানানে?
যিকোনো গুণফল সেই গুণকৰ সৈতে সদায়ে একে। একেই অনেক।
বৃত্ত একেসময়তে শূন্য, বৃত্ত একে সময়তে এক।]

এডাল সৰলৰেখাৰ অনন্তৰ ধাৰণাটো কেৱল এটা ধাৰণা
আপোনাৰ টোকাবহীখন বা নক্সাৰ আধাৰে
অনন্তক আগুৰিব নোৱাৰে

এটা বৃত্তই পাৰে। বৃত্ত অনাদি। বৃত্ত অনন্ত।
বৃত্ততে সমস্ত তন্ত্ৰ। বৃত্তই ঔমকাৰ।

বৃত্তৰ এখন ভিতৰ-বাহিৰ আছে।
বৃত্তৰ কৈ কৈ কাহানিও শেষ নোহোৱা এটা সাধুকথা আছে।

নিজ আৰু অন্যৰ এটা দ্বন্দ বৃত্তই সদায়ে উপভোগ কৰে

বৃত্ত স্থবিৰ হৈয়ো চঞ্চল
বৃত্ত এটা দেখি
আপোনাৰ চকুৱে পাক-ঘূৰণি খায়

বৃত্তৰ ভিতৰৰখিনিয়ে বাহিৰলৈ
আৰু বৃত্তৰ বাহিৰৰখিনিয়ে ভিতৰলৈ
অহৰহ হেঁচা প্ৰয়োগ কৰে

বৃত্ত এটা নোহোৱাকৈ আমি বৰ্তি থাকিম কেনেকৈ?
এয়া সৰ্বকালৰ সৰ্বস্থানৰ সৰ্বমানুহৰ সংকট

(বৃত্ত ভাঙিব খোজা মানুহে অঁকা বৃত্তবোৰো
দেখিবলৈ বৃত্তৰ দৰেই)

বৃত্তটো দেখিবলৈও শূন্যৰ নিচিনা গোল, কিন্তু বৃত্তৰ মাত্ৰা এক
এখন কাগজ, এডাল আঁক
দীঘ নাই, বাণি নাই
অথচ
দীঘো আছে, বাণিও আছে
ত এক্সেই ৱাই, ৱাইয়েই এক্স

সৰল ৰেখা আচলতে কিমান সৰল?
এই প্ৰশ্ন সদায়ে ৰৈছে
এখন গোলাকাৰ পৃথিৱীত, এখন ঘূৰ্ণীয়মান ব্ৰহ্মাণ্ডত
সৰল ৰেখাৰ সৰলতাৰ সংজ্ঞা সন্দিহান
ত্ৰিভূজৰো আছে বহুৰূপ, বহুৰূপ ট্ৰেপিজিয়ামৰো

একক। পৰম। সৎ।
কেৱল
বৃত্ত।

(পুনশ্চ অথবা বি:দ্ৰ:- ভাললৈ হওক বা কাললৈ হওক!)





কাণখোৱাৰ ঘৰ (তিনিটা তিনিশৰীয়া কবিতা)


১)
কেতিয়াবা নিজৰে নিজকে কিবা অন্য অন্য যেন লাগে।   
কামৰ পৰা আহি সন্ধিয়াটো ঘৰৰ পিৰালিতে কটালোঁ    
ঘৰৰ ভিতৰলৈ অন্য মানুহ সোমাই অহাটো বিচৰা নাছিলোঁ‌। 

২)
নিজৰ পৰা পলাই তোৰ কাষ চাপোতে যিটো ঘৰত আশ্ৰয় লওঁ
তোৰ পৰা পলাই নিজৰ কাষলৈ আহোতেও
ঘৰ একেটাই

৩)
মানুহবোৰে ফোন কৰি সোধে ঘৰলৈ কেতিয়া আহিবা।
মানুহবোৰে ফোন কৰি সোধে ঘৰলৈ কেতিয়া যাবা।
ঘৰলৈ আহিম নে ঘৰলৈ যাম? তলকিব নোৱৰাতে ৰয়।



নাৰ্চিছিষ্ট মেঘ


সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চায়
উতনুৱা মেঘ এজোলোকাৰ বাবে জুৰিটি তাকৰ পৰে
মেঘৰ সম্প্ৰসাৰণ সহজ, জুৰিটিৰ নহয়
মেঘ জোলোকাই ডাঙৰ দাপোন এখন বিচাৰে

সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চায়
চাই লাকানিয়ান নিজকে বুজি পায়
মাথোঁ বুজি নাপাওঁ
বুলে শ্বাহৰ নিজৰ নিজকে বুজি পোৱাটো বুজি পায় নে নাপায়।

জুৰিৰে নাটে
নিজৰাৰে নাটে
নদীয়ে নাটে
নদেও নাটে

পথাৰ ওপচাই পানী হয়, ঘৰৰ পদূলিলৈ পানী বাঢ়ে, হায় ঐ হায়!
মূধচ চুই পাৰ হৈ মহতিয়াই যোৱাকৈ
হয় পানী। পানী হয়। পানী আৰু পানী। কাজল মেঘে দাপোন চায়।
ঘোলা পানীত কি দেখে নাজানো, তথাপি কাজল মেঘে মুখ চায়

এনেতে আহে মেঘৰ মাক। বাচা, এয়া কি কৰিলি কাণ্ড!
মেঘ আঁতৰে। বান জামৰে।
মৰা জীৱদেহ গলি গোন্ধায়
কাৰোবাৰ বুকুত মেঘৰ ক’লা দাগ ৰৈ যায়।

দাগ আঁতৰাই হাতখনি বুলায় আমাৰ শ্যামবৰণী আই…



পা

১) 

(এজাক ল'ছালিৰ মুখৰ 
ল'ৰাধেমালিৰ সুৰেৰে মুখৰ
আছিল সন্ধিয়াটো পদুলিমুখৰ)

ইমান ইমান পানী
গেৰোৱালৈকে পানী
ইমান ইমান পানী
আঁ‌ঠুলৈকে পানী
ইমান ইমান পানী
কঁ‌কাললৈকে পানী
ইমান ইমান পানী
বুকুলৈকে পানী
ইমান ইমান পানী
ডিঙিলৈকে পানী
ইমান ইমান পানী
ইমান ইমান পা...
(ৰচনাকাল- ১৯৯৪)

২)
পা মানে পাছবুক, পা মানে
পা-পৰিয়ালৰ সম্পত্তিৰ খক।
মৰিবলৈ ওলোৱা প্ৰেম বুঢ়াৰ
পানীৰ পিয়াহ
পা মানে কোনেও বুজা নাছিল
বুজা নাছিল প্ৰেমৰ অন্তিম ছবিখন

৩)
আৰু তাৰপিছতে হেলিকপ্টাৰ আহিব
আকাশত হেলিকপ্টাৰ ঘূৰিব
মথাউৰিত ছাগলীৰ পঘা টানি টানি সি
ঘূৰি থকা হেলিকপ্টাৰ চাব
হেলিকপ্টাৰ ঘূৰি থাকিব
সি ঘূৰি থাকিব আকাশত হেলিকপ্টাৰ পাক খাব
হেলিকপ্টাৰ চাই চাই সি পাক খাব
মঞ্চৰ পোহৰ কমি আহিব
হেলিকপ্টাৰ চাই থকা তাৰ চকু পাক খাব
তাক চাই থকা দৰ্শকৰ চকু পাক খাব
(দৰ্শকে এদিন চকু পকাই ধৰিব এয়া আশাহে মাথোন)
ছাগলীৰ পঘা পাক খাব
হেলিকপ্টাৰ পাক খাব সি পাক খাব পঘা পাক খাব
পা মানে পাক খোৱা
পা মানে পা

(দীপক গগৈ আৰু পংকজ জ্যোতি ভূঞাৰ প্ৰতি)


তিনিটা তিনিশৰীয়া কবিতা

১) বাৰু

কথা আছিল,
যিয়েই নাথাকক,
কোনো কথা নাই।।

২) তিনিশৰীয়া কবিতা লিখাৰ নিয়ম

প্ৰথমতে প্ৰথমটো চৰণ লিখিব লাগে।
তাৰ পিছতে দ্বিতীয়টো।
তৃতীয়টো শাৰী তিনি নম্বৰত আহে।

৩) অস্তিত্ব

কবিতা বুলোঁ‌তে তিনিটি আখৰ।
আছানে? আছোঁ‌। থাকা।
তিনিটি শব্দই বাখৰ।


Thursday, July 11, 2019

বুলে শ্বাহ আৰু এডোঙা পানী


পানী এডোঙালৈ চাই আছিলোঁ‌। নৈ চিনি পাৱ? সুধিছিলোঁ‌।
জলপ্ৰপাতৰ কথা শুনিছ কাহানিবা? সুধিছিলোঁ‌।
সুধিছিলোঁ‌, সাগৰ দেখিছ?
কুঁ‌ৱা খন্দা মানুহজাক এই বাটেদিয়েই যায়।
আৰ্কিমিডিছৰ অনিয়মিত আকাৰৰ বস্তুৰ আয়তন পৰিমাপৰ
পদ্ধতিৰ আৱিষ্কাৰ সম্পৰ্কে কি জান ক।
ঈষৎ হাঁহি এটাৰে সুধিবৰ মন আছিল, ৰমন-এফেক্ট কি?
পৰৱৰ্তী বিশ্বযুদ্ধখন হেনো তেলৰ কাৰণে নহয়, জাননে?
ৰাজ্যসভাত জল সংকটৰ বিবাদ, বাতৰি বিলোৱা মানুহজন
এই বাটেদিয়ে যায়।
কিন্তু এই এডোঙা ঘোলা পানীয়ে কি জানে সেইবোৰ?
পানীত ফুলা ফুলৰ ৰং বেঙুনীয়া কিয়?
কিয় টোৰটোৰায় ভেকুলীয়ে, কাক মাতে?
শুনিছনে কাহানিবা যক্ষৰ চিঠিত লিখা বিৰহগাঁ‌থা?
অদ্যাপি আমি জনালৈকে এখনেই নীলা পৃথিৱী পয়োধৰা।

ঘোলা পানীতো নিজৰ প্ৰতিবিম্ব দেখি নেকি বুলি অলপ চাপৰিলোঁ‌।
দেখি। ছয়াময়া চিল্যুৱেট এটা দেখি। মই সোধা প্ৰশ্নবোৰৰ পিছত
এইবাৰ পানীডোঙাই মোক প্ৰশ্ন সোধাৰ পাল।

(মই কিনো জানো? কিটোনো জানো? কি বা সোধে, কিয়েই বা দিওঁ উত্তৰ!)

Art: AnupamSaikia, 2015


Saturday, July 6, 2019

মধুবালা আইতাৰ গে’জ (Gaze)


(“পাপ যিশুৰো নাছিল, অভিমন্যুৰো নাছিল, পাপবোৰ সদায়ে লোকৰ”
-       As quoted by Kankhowa from Kankhowa)

ৰত্নাকৰৰ কাহিনী শুনাই আইতাই কয়
কোনেও ল’ব নালাগে কাৰো পাপৰ ভাৰ, কাৰো পাপৰ ভাগ কোনেও নলয়;
পিছে আইতাই জানে, আইতাই জানে, কথাখিনি সঁচা নহয়;
আনৰ পাপৰ ভৰত মধুবালা আইতাৰ চকুৰ জেউতী ঢুকায়।  

ইউটিউবৰ গান চলাই থৈ আন কিবাকিবি কামত লাগি আছিলোঁ এপৰ।
দোহাৰৰ দেখিছোঁ ৰূপসাগৰে মনৰ মানুহ কেঁচাসোণ গানটো বাজি আছিল।
ফে’চবুকৰ টাইমলাইনত শেহতীয়া বাতৰি এটা আহিল- মধুবালাৰ খবৰ।  
বৃদ্ধা মধুবালা মণ্ডলক ডিটেন্সন কেম্পত ৰখা হ’ল তিনিবছৰ কাল।
এতিয়াহে ওলাল বিদেশী বুলি যালৈ সন্দেহ আছিল সেই মধুবালা নেকি
আন কোনোবাহে আছিল যি আকৌ কাহানিবাই ঢুকাল। মৃত বিদেশী?

মৃতকৰ দেশ কেনি? শ্বেইক্সপীয়েৰৰ সেই অজানা দেশখনতো
বিদেশী থাকে? অ’ কবিৰা, অ’ নৱকান্ত,
অনহদ কা মুছাফিৰৰো দেশ এখন থাকে?
ইহকাল এৰি যোৱা পৰকাল-দেশৰো আন এখন পৰকাল-দেশ থাকে?

এইগৰাকী মধুবালাৰ একেটি কণ্যা সন্তান, কলা-বোবা।
নিউজ এইট্টিনৰ বাতৰিৰ সৈতে সংলগ্ন ফটোখনত যি মধুবালাৰ চাৱনি
তাত শূন্যতাৰ বাহিৰে আন একো নাই।
আইতা বুলি মাতিলেও আইতাই যদি আমালৈ চায় আমি আৰু আইতালৈ চাব নোৱাৰিম।
(কিজানিবা সেই কলা-বোবা শিশুটোৰ মুখৰ মাত যাতে কাহানিও নোলায়, তাৰ বাবেহে সন্ত্ৰষ্ট ৰ’ম)
এদিন হেম বৰুৱাৰ আইতাৰ হেৰোৱা দিনবোৰৰ কথা ভাবিয়েই বিহ্বল হৈছিলোঁ।
মধুবালা আইতাৰ বাবে বিহ্বল হোৱাটো হ’ব ভণ্ডামি মাথোঁ।
অন্যহাতে ক্ৰোধান্বিত হোৱাটো এই দেশ-কালত মানা।

কোনোবা অনামী বাউলৰ গানটো শুনি আছোঁ। ৰূপসাগৰত বুৰি চাওঁ।
মনৰ মানুহ কেঁচাসোণ। এতিয়াও বিচাৰি যাম কেঁচাসোণ।
হাতখন দে আইতা। মানুহেই পৰশ পাথৰ। চুই চাওঁ।

মানুহেই যে পৰশ পাথৰ
পৃথিৱীখন ধ্বংস হৈ নোযোৱালৈকে এইধানি কথা বিশ্বাস কৰি নচলিলে আৰু উপায় নাই।
চকুলৈ নেচাওঁ বাৰু, চুই চাওঁ, আইতা, হাতখনকে দে।

Drawing by Samudra Kajal saikia, after the News of Madhubala Mandal


NEWS:
DHANANJOY NATH, Kokrajhar, June 26, 2019

In a case of mistaken identity, Madhubala Mandal, who has spent more than three years in a detention camp for foreigners in Kokrajhar district of Assam, finally walked free on June 26th, 2019.

59-year-old Madhubala was released after the police admitted to their goof-up before the Foreigners’ Tribunal. It may be mentioned that Madhubala, who is a resident of Bishnupur village of Bijni Sub-division in Chirang district of Assam, was declared a ‘foreigner’ instead of one Madhumala Das from the same village.

“The tribunal had issued the notice in the name of Madhumala Das but the police arrested Madhubala Mandal and sent her to the detention centre. Madhumala and her husband Makhan Nama Das died long before the notice was issued to the former by the tribunal,” the locals had earlier alleged.

Relatives of Madhubala said that her husband Ramakanta Mandal died a few years ago and their only daughter is deaf and dumb.

Chirang Superintendent of Police, Sudhakar Singh said,”When I received the complaint that Madhubala Mandal has become a victim of mistaken identity and has been sent to the detention centre, I swung into action and appealed to the court, supported by a detailed report following which the tribunal on June 25th, 2019 issued an order to release her.”


Earlier, the All Assam Minority Students’ Union (AAMSU) had lambasted the Assam Police (Border branch) and Foreigners’ Tribunals and demanded the early release of Madhubala. On June 10th, 2019, AAMSU president Rejaul Karim Sarkar along with other members visited Madhubala’s family and donated clothes and food items.

 https://www.time8.in/new-after-over-3-years-madhubala-walks-free-from-kokrajhar-detention-camp/?fbclid=IwAR3yPlXndPKmbOzKOJk4bxcrxo1Ldn6x4wp3h8zfN7-qU7_g-KPUIaYXMVg



কবিতা


কবিতাও এক ধৰণৰ পোহাৰী চুপতি (১৬)
শব্দৰ বিনিময়ত জীৱনৰ লেন-দেন (১৬) 
লহিয়ালে হাট জামৰিলে বহে ঘৰেপতি (১৬) 
একোখনকৈ শব্দহীনতাৰো বিয়নী মেল (১৬)