Friday, December 30, 2016

সঁকিয়নি [চনেট]

সমুদ্ৰৰ প্ৰশান্তিয়ে আমাৰ মনলৈ
চুনামিৰ কথা নানে। বাৰ্ধক্যই দিয়ে
সম্ভ্ৰম; তাকে লৈ ৰৈ থকা পাহাৰটোৱে   
আগ্নেয়গিৰিৰ কথাতো নানে মনলৈ!   
আকাশত ওপঙি থকা ডাৱৰ দেখি
ক’ব নোৱাৰি ক’ত বা পৰে বজ্ৰপাত।   
জোকাই নল’লে কিনো চাবা নিমাখিত  
দুচকু বনৰ বাঘৰ, নিৰ্জু বিনয়ী।    
নতশিৰ হৈ ৰৈছোঁ তোমাৰ সন্মুখত    
অলপ সৌহাৰ্দ্যৰ দোহাই। শুভাকাংখ্যা!  
মাথোঁ কৈ থওঁ আজি সকিয়নি পূৰ্বক-   
এই যে কথাই প্ৰতি খুচিছা বিন্ধিছা!    
কদাপি নোজোকাবা সমাধিস্থ আত্মাক,  
শান্তিপ্ৰিয় জনক দুৰ্বল নাভাবিবা।   
Image Courtesy: Pratikshya

এলাহ (চনেট)

আপোনাসৱৰ এনে হয় নে নাই নাজানো, মোৰ কিন্তু হয়।    
হেজাৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ বাগৰ কৰি আগুৱাই    
উদ্দাত্ত কণ্ঠেৰে আবৃত্তি আঁওৰাই অভিনয় প্ৰত্যাসী মই 
মঞ্চোপৱিষ্ট হৈয়ো এলাহতে স্থগিত ৰাখি থ’লোঁ অভিনয়। 
  
পৃথিৱীয়ে যাছিলে উছাহ আৰু উদ্দিপনাৰ লহৰ মোক,
ঋতুৱে ঋতুৱে উছৱ পাতি আদৰিব খুজিলে বাৰম্বাৰ।   
এলাহতে ওলাই নগ’লোঁ, এলাহতে মাত নিদিলোঁ এষাৰ-    
সখীয়তিক, দৰিকণা জাকক অথবা মাণিমুণি শাকক।  

অগণন স্বৰ্ণবিন্দুৰে বুটা বাচি বাচি তৰি দি চন্দ্ৰতাপ,    
অথবা উত্তাল মাদলেৰে আকাশে পতা অভিষেক দেখিলোঁ।   
হে অজানা, বিধাতা, নামী, অনামী, কিবা কিবি, ৰূপ বা অৰূপ!  
কোনো অভিযোগ নাই : “অমুকটো নিদিলা, তমুকটো নাপালোঁ…”  
এলাহৰ বাদে যে মোৰ অপৰাধো নাই, ই কথাও ধুৰুপ।  
জীয়াম বুলি আহিও এই পৃথিৱীলৈ এলাহতে নিজীয়ালোঁ।



Tuesday, December 27, 2016

এনেয়ে (চনেট)

[...কোঁৱৰ, সেয়া মাথোঁ এটা নিচুকণি নামহে আছিল
এনেয়ে এনেয়ে গোৱা...]
 
এনেয়ে বুলি কথা এষাৰ নাই জানোঁ?
সূৰ্যটোক নো জ্বলিবলৈ কৈছিল কোনে?
নিজতে নিজেই নজ্বলে জানোঁ? এনেয়ে।  
দেশপ্ৰেম ভাল বুলি এনেয়েতো মানোঁ।
এনেয়ে এবাৰ পাক এটা মাৰি আহোঁ
বুলিয়ে জানোঁ পৃথিৱীলৈ অহা নাছিলোঁ?  
অহাৰ আগতে নতু কি লৈ আহিছিলোঁ,  
এই পৃথিৱীৰ কথা কিটো জানিছিলোঁ?  

পৃথিৱীখন যে ঘূৰি থাকে, কিয় ঘূৰে? এনেয়ে নুঘূৰে জানোঁ?   
'কিয়' বুলি সুধিলে 'পৰ্বত যে থিয়' বুলি এনেয়ে নকওঁ নে?  
আঠশ ছহিদ এনেয়ে নমৰিল নে? অভিধানত কোনেনো  
স্বাধীনতা বুলি শব্দ এটা এনেয়ে এনেয়ে সুমুৱাই থ'লে?   
তোমাক ভালপাওঁ বুলি কিয় এবাৰ এনেয়ে ক'ব নোৱাৰোঁ?
অৰ্থলাভ? কবিযশ? এনেয়ে চনেট এটাও নিলিখিম নে?