Thursday, June 2, 2022

সৃজনী পৃথিৱী (অৱলীলাতত্ত্ব) (#কাণখোৱাৰগান)

 মলিয়াই থকা আমৰ ডালত কুলিয়ে ৰমলীয়ায় 

বৰষুণে কোনদিনা বা সোপাই নিয়ে মহতীয়াই।।

 

আহাৰত ৰোপন কৰা সপোন ভাদলৈ উটি যায় 

পিছে ভাওনাত মোচন দি প্ৰৱেশ কৰে দেখোঁ ভদাই।।

 

বিষন্ন বিমৰ্ষ মানুহৰ মুখ। স্মৃতিয়ে গঢ় দিয়ে মানুহৰ ৰূপ। 

মানুহ প্ৰত্নতাত্ত্বিক সৌধ। প্ৰতিজন মানুহ ধ্বংসস্তূপ। 

সাহ হেৰালেও জাহ নাযায়, জাহ যাব খুজিও সাহ বিচাৰি পায়,

ব্ৰহ্মাণ্ডৰ অৱলীলাতত্ত্ব কেৱল মানুহেহে বুজি নাপায়  

ভগ্নাৱশেষৰ দেৱাল ফালি এজুপি বটগছে শিপায়।। 

 

মৰিবলৈহে কষ্ট কৰে মানুহে, অৱলীলাই উঠে প্ৰাণ পাই 

মৰিবলৈহে যত্ন কৰে মানুহে, অৱলীলাতে উঠে প্ৰাণ পাই 

অৱলীলাক্ৰমে ঘূৰে সৃজনী পৃথিৱী, পৃথিৱীয়ে অৱলীলাৰ গান গায়।।  

 

কথাবোৰ জানে উজানত উঠা লালুকী বৰিয়লাই 

নিজানত ডকা ফুটা শব্দই কি কথা কৈ যায়।।




জেঠুৱা ঠাঁচ

জেঠৰ ৰ’দত কাঠডাল শুকুৱাদি মানুহ শুকাইছে

 

কালিদাসক মহাকবি বুলিবলৈ টান পাওঁ

শুষ্কং কাষ্ঠং তিস্থতি-ক আকৌ অকাৰণে

নিৰস তৰুবৰ পুৰত ভাতি বুলি কোৱাটো

নিৰৰ্থক কাব্যিক বিড়ম্বনা মাত্ৰ নহয়নে

 

জেঠৰ শুকান মানুহবোৰে

প্ৰেম পাহৰিছে

অন্যায়ক উভতি ধৰিবলৈ

সামৰ্থ্য হেৰুৱাইছে

 

জ্বলিপুৰি এদিন ছাই হ’ম

তাৰ বাহিৰে শুকান মানুহবোৰৰ

আন একো আকাংক্ষা নাই

তথাপি জ্বলা নাই

প্ৰচণ্ড তাপত জ্বলি থকা নিৰুত্তাপ মানুহবোৰ

 

যাদুবাস্তৱৰ ই মোৰ আচহুৱা দেশ

এইবেলি আকৌ বৰষুণৰো বেছি লেখ  

সাধুবাস্তৱৰ ই কেনে আচাভুৱা বে

 

পানী যিমানে বাঢ়িছে মানুহবোৰ সিমানে শুকাইছে

মানুহ এতিয়া শুকুৱা সাগৰৰ লুকুৱা মাণিক

কুঁহিয়াৰৰ অঁহীয়া জবৰাই উভতি ধৰিব নাজানে

কুঁহিয়াৰ পেৰা ঘানিক।।

 

-সমুদ্ৰ কাজল শইকীয়া




Tuesday, May 24, 2022

প্ৰশ্নবোৰ (বব ডিলান)

 বাৰু কিমান দূৰ বাটকুৰি বাই

মানুহে পায় পৰিচয় নিজৰ?

এধানি জিৰণিৰ আগে পাৰ হয়

পক্ষীটি বা কিমানখন সাগৰ?

আগুৰিব কিমান বাৰুদৰ ধোঁৱাই

শেষ হ'ব নে বাৰু হিংসাৰ?

কাক সুধিবা, মোৰ বন্ধু হে'ৰা, নক'বা পিছে উত্তৰ যে নাই।

বতাহত পাবা, উশাহত পাবা, পাবা নিজেই নিজকে ধিয়াই।।

 

সাগৰে আহি বুৰাই পেলাবৰ বাবে

পৰ্বতে জানো থাকে বাট চাই?

মুকুতিৰ উশাহ নেপালেও কাৰো

জীৱনৰ তৃষা জানো নাই?

আৰু কিমান দিন তুমি মুখ লুকুৱাই

'বা তুমি একো দেখা নাই?

কাক সুধিবা, মোৰ বন্ধু হে'ৰা, নক'বা নক'বা উত্তৰ নাই।

বতাহত পাবা, উশাহত পাবা, পাবা নিজেই নিজকে ধিয়াই।।

 

বাৰু কিমান বাৰ মূৰ তুলি চাই

সঁচা আকাশ দেখা পোৱা যায়?

বাৰু কিমানখন কাণেৰে উনাই

মানুহৰ কান্দোন শুনা যায়?

পাবলে' মানুহে মানুহৰ দাম,

লাগে কিমান মত্যুৰ বিনিময়?

কাক সুধিবা, মোৰ বন্ধু হে'ৰা, নক'বা নক'বা উত্তৰ নাই।

বতাহত পাবা, উশাহত পাবা, পাবা নিজেই নিজকে ধিয়াই।।

 

(টোকা- ডিলানৰ এই গীত/কবিতা ইতিমধ্যেই বহুধৰণেৰে বহুবাৰ অসমীয়ালৈ অনুবাদ হৈ গৈছে। অসমীয়াকৰণ কৰাৰ পিছতো তাক প্ৰায় একেধৰণৰ সুৰ-বিন্যাসেৰে গাব পৰা যায় নেকি বুলি অলপ খেলৰ ছলেৰে এই অনুবাদটো কৰা হৈছিল)।

https://soundcloud.com/discover/sets/track-stations:176277644?utm_source=clipboard&utm_medium=text&utm_campaign=social_sharing

Saturday, May 21, 2022

বগাফুল (কাণখোৱাৰ গান)

 বগাফুল অ' বগাফুল 

ধূলি মাকতি পৰে দিনৰ দিনটো তোৰে 'পৰে

তথাপি যে মলিয়ন নহয় বদন 

কিহৰ পালি তই এনে বোল? 

কোনে দিলে তোক এনে বোল? 



আমাৰ দেখোন ৰ'দত পুৰি ক'লা পৰে গা 

কাপোৰ কাণি ক'লা পৰে এদিনৰ এটা বেলাতে 

কাৰোবাৰ এটা সৰু কথাতে 

এঙাৰ হয় আমঠু চা 

মোৰ ভুল নে তাৰ ভুল, কাৰ ভুল অ' ফটাঢোল


গহনৰ মনবোৰেই অন্ততঃ হৈ ৰওক 

তহঁতৰ দৰে নিকা, এইকণ কথাৰে ৰাখিবি মোল 

বগাফুল অ' বগাফুল 

আমাৰ কথাৰ নকৰিবি তই তগাফুল।।


Friday, May 13, 2022

ধনটি (গান)

 বেলি শুলে তৰা শুলে

আৰু শুলে জোনটি

নৈ খিল খিল সাৰে থাকিল

সাৰে থাকিল ধনটি।। 


বুজাবলে’ টান মহা চয়তান 

মাটি খন্দা লাগে খন্তি 

বনৰ মাজত বগৰী তলত 

হেৰালে হেনো মনটি।। 


কাইলৈ আছে বহুতো কাম 

মানিমুনি শাক বুটলি খাম 

গাত বল পালে দেশৰ কথা গাম 

এতিয়া শুই থাক কণটি।।


আকাশ শুলে পাহাৰ শুলে

নুমাল ঘৰৰ বন্তি 

ঝিলী-কুমটিও গ’ল ঘুমটি 

শুব আমাৰ সোণটি

শুব আমাৰ ধনটি।।




ভুল কবি (মেটা-আত্ম)

সাংঘাতিক ঘটনা কিছুমান ঘটি থাকে অহৰহ অনৰ্গল

ক’ৰবাৰ পৰা ফুল এপাহ আহি পৰেহি, ক’ৰবাৰ পৰা পাত এখিলা

খেৰ-কূটাডাল আহি নিজে নিজে পৰেহি

জাহ যোৱা জীণ যোৱা অস্তিত্ববোৰৰ পৰা 

এটা নতুন অংকুৰণ দেখোঁ 

অনস্তিত্বৰ পৰা অস্তিত্বলৈ

অসতো মা সৎগময় 


অথচ 

ময়ে দেখোন কৈছিলোঁ থীয়’ৰী অফ ৰেণ্ডমনেছৰ কথা 

অথচ ময়ে দেখোন তেনেই অলপ সময়ৰ বাবে 

বহি শুনি চাই আছিলোঁ চাৰি হাজাৰ বছৰ 

অথচ ময়ে দেখোন তেনেই অকমাণি ঠাইতে বিচৰণ কৰিছিলোঁ 

এই পৃথিৱীখনৰ দৰে এক ক্ষুদ্ৰতম ঠাইত 


ক্ষুদ্ৰত্ব শিকোৱা পৃথিৱীয়ে নিজেই নাজানে বিশালত্বৰ কাহিনী


সেই যে একালত 

সাংঘাতিক বুলিবলৈ সাংঘাতিক একোৱেই নঘটে দেখোন

বুলি যে কবিতা লিখিছিলোঁ 

মইনো এনে কি সাংঘাতিক কিবা এটা বিচাৰি আছিলোঁ


মই তেন্তে কি গোটেই জীৱনজুৰি 

ভুল কবিতা লিখি থকা ভুল কবি? মই মস্ত ভুল কবি




Wednesday, May 11, 2022

উত্তৰ-প্ৰশ্ন

 (কবিবন্দনা পৰম্পৰা, প্ৰতি নীলমণি)

 

হে কবি, প্ৰশ্নৰ কবি, প্ৰস্তৰ কবি 

প্ৰশ্নবোৰতে প্ৰশ্নবোৰৰ উত্তৰ 

প্ৰশ্নবোৰতে প্ৰশ্ন বাঢ়ে উত্তৰোত্তৰ

 

হিৰণ্ময় পাত্ৰত আছিল

উপনিষদৰ কবিৰ যি প্ৰশ্নবোৰ 

আকৌ তুলিছিল নৱকান্তই 

সৌটো কি সৌটো কি

একেবোৰ প্ৰশ্নকেই তুলি গ

নীলমণিয়ে 

পূৱত সৌটো কি হিৰণ্ময় পাত্ৰ 

 

প্ৰশ্নবোৰ। যাৰ কোনো উত্তৰ নাই 

প্ৰশ্ন কৰি যোৱাটোৱেই যত শেষ কথা 

উত্তৰ মীমাংসা নহয় 

 

কাৰ সাধ্য পকা পাতবোৰ নসৰাকৈ ধৰি ৰাখিব পাৰে

এইটো প্ৰশ্ন আপুনি কৰা নাই। আন কোনোবাই কৰিছিল

কিন্তু প্ৰশ্নটো আপোনাৰো। আমাৰো

 

প্ৰশ্নৰ উপৰি প্ৰশ্ন, বাই তোৰ কোন গাঁৱত ঘৰ 

ই যেনে প্ৰশ্ন

তেনেকৈয়ে প্ৰশ্ন 

আন্ধাৰতহে ধানে গেঁৰ ধৰে কিয়

বৰষুণ কিয় হয় কিয় হয়

পুৰুষৰ বীৰ্য নাৰীৰ স্তনত গাখীৰ

 

হে প্ৰশ্নৰ কবি

আমাক প্ৰশ্ন কৰিবলৈ শিকাওক 

(আমি পাহৰিছোঁ হয়তো)! 

‘বুৰঞ্জী’ত নৱকান্তই তাহানিতেই পাহৰিছিল আচৰিত হ’বলৈ

 

হাতে হাতে উত্তৰ লৈ ঘূৰি ফুৰা মানুহবোৰলৈ 

মোৰ এটাই প্ৰশ্ন 

উত্তৰবোৰ বাৰু ভালেই, প্ৰশ্নবোৰ ক? প্ৰশ্নবোৰ ক? 



Tuesday, May 10, 2022

আজি ‘পঁচিশে বৈশাখ’ : ‘পলৰীয়া কাণখোৱাৰ পৰলীয়া ঘৰ’

ৰবীন্দ্ৰনাথ এজন পলৰীয়া আছিল 

সেই যি স্কুলৰ পৰা পলাল পলালেই আৰু 

পলাই গৈ কি কৰিলে

স্কুল এখনেই পাতিলে, আকৌ, আৰু,

আৰু

 

নাযাওঁ আজি ঘৰলৈ অভাই, নাযাওঁ ঘৰলৈ আজি- বুলি যদি 

পলাইছে, পলাই আহি ঘটকেও ঘৰ এখনেই বিচাৰিছে 

ঘৰত বন্দী অমলেও কান্দিছে, মণিপুৰৰ সাৱিত্ৰী মায়েও কান্দিছে

খুলি মোৰ ঘৰৰ চাবি লৈ যাবি কোনে মোকে

 

ঘৰৰ পৰা পলাই পলাই, ঘৰৰ চাবি ভাঙি ভাঙি

কি কৰিলে, কি কৰিলে, কি কৰিলে ৰবীন্দ্ৰনাথে

ঘৰৰ পিছত ঘৰকে সাঁজিলে 

 

উডিছি, উদয়ন, কোণাৰ্ক, শ্যামলী, পুনঃশ্চ 

 

জীৱনত সকলোৱেই এবাৰ হলেও পলাবলৈ বিচাৰে 

ময়ো পলাইছোঁ, আপুনিও পলাইছে, সি, তই, তুমি, তেওঁ

সিহঁত, আমি সমস্ত সৰ্বনাম সমস্তৰে

এই পৃথিৱীখনেই পলাই আহিছে 

বিগ-বেঙৰ সেই বিৰাট হাতোৰাৰ পৰা

(বাদ দিয়ক হে, পৃথিৱী বহু পিছৰ কথা)

সূৰ্যটোৱেই পলাই আহিছিল

এতিয়াও পলাই গৈ আছে কৰবালৈ 

হয়তোবা 

নিৰন্তৰ

 

আমি সকলো এখন পলৰীয়া পৃথিৱীৰ বাসিন্দা 

আমি সকলো এটা পলৰীয়া সূৰ্যৰ স্তাৱক

স্থানৰ সময় সলনি হৈ সময়ৰ স্থান সলনি হৈ আচলতে

আমি সকলোবোৰ স্বগৃহে পলাতক

 

আমি সকলোবোৰ স্বগৃহে পলাতক

 

সমগ্ৰ মানৱৰ ইতিহাস পলৰীয়া মানুহৰ ইতিহাস

কেৱল পলৰীয়াইহে সাধে সাধ

 

পৃথিৱীৰ সমস্ত মানুহ পলৰীয়া

পৃথিৱীৰ সমস্ত মানুহ পৰলীয়া

 

বান্ধোনৰ পৰা পলাই আহি সূৰ্যটোৱে কৰিলে কি

নিজৰ এখন সৌৰজগত গঢ়িলে 

পলৰীয়া সূৰ্যটোৱে কৰিলে কি

নিজৰ এখন জগত গঢ়িলে 

 

[মাজতে মনলৈ আহিল, কবিৰ নামো ৰবি। ইকথা ৰহোক]

 

পিণ্ডাৰে পলাশেৰ বন পালাইবো পালাইবো মন

এজন চাওতাল যুৱক পলাব খুজিছে

 

সকলো পলাইছে, পলাই পলাইহে কোনোবাই কিবা এটা পাইছে

পৃথিৱী বাদেই, সূৰ্যৰো কথা এৰ, ব্ৰহ্মাণ্ডখনেই যত পলৰীয়া 

ঐ ধন 

পলাবলৈ তোৰ ইমান ভয় কিয়? ল আমি পলাই যাওঁ

 

[ব্ৰহ্মাণ্ডখন এৰি পলাই গৈ ব’ল আমি গঢ়োঁ আন এখন ব্ৰহ্মাণ্ড

এখন পলৰীয়া আৰু পৰলীয়া ব্ৰহ্মাণ্ড!]