Tuesday, August 20, 2013

দৈহিক

[Entre la peur et le confort]

জোন নাছিল সাগৰ নাছিল
কোনোবাখিনিত আকস্মিক জোৱাৰৰ
এটা উকমুকণি আছিল

আকাশত মেঘ নাছিল ধুমুহা নাছিল
কোনেও ক'তো বাঁহী বজোৱা নাছিল
দুটি শৰীৰক শৰীৰৰ বাদে
আন একোৰে প্ৰয়োজন নাছিল

কোনো কথা নাছিল একোৰে প্ৰতিশ্ৰুতি নাছিল
থকাৰ কথাও নাছিল
ইজনে সিজনক চুই যে শিহৰিত হৈ উঠিছিলোঁ
তাৰ মাজত কোনো শঙ্কা, দ্বিধা বা ভয় নাছিল

কমলা ৰঙৰ এটা সুৰংগ আছিল
হঠাতে নামি অহা সূৰ্যৰ বাবে এটা বাট আছিল
এটা নিচুকণি গীত গুণগূণাইছিলি তই

সেইদিনা আমাৰ কোনো দেশ নাছিল

Drawing: Chálika Del Rosario

Wednesday, August 7, 2013

আইনষ্টাইনৰ বেহেলা

আইনষ্টাইনৰ বেহেলা শুনি কাষ চাপি গৈছিলোঁ।
মই অসমৰ পৰা অহা বুলি শুনি তেওঁ এটা
ভূপালি ৰাগ বজালে। প্ৰাৰ্থনাৰ দৰে কৰুণ।
অসমীয়া সঙ্গীতত হেনো ভূপালিৰ কিবা এটা
এৰাব নোৱাৰা সম্পৰ্ক আছে।
আমাৰ দেশৰ কথা আৰু কি জানে বুলি সোধাত ক'লে
তেওঁ ভালপায় এই ভূখণ্ড - হেনো সাইলাখ গেলেক্সী
অযুত তৰাৰ সমাবেশ
হু আলোকবৰ্ষৰ কাহানিবাই নিৰ্বাপিত কোনোবাটো তৰা
এতিয়াও ঢিমিকিয়াই আছে
এই অদ্ভূত দেশ। সময়ৰো এইখিনিতেই শেষ।

মই তেওঁৰ মুখতে টপৰাই ক'লোঁ, তেনেহ'লে আপুনি ক'ব নেকি
এইখিনিতেই পোহৰৰো শেষ?
মোৰ কথা শুনি তেওঁ জিভাখন উলিয়াই হাঁহিলে মাথোঁ।
নৱকান্তই ক'লে তাৰমানে? মই ক'লোঁ-
ঠিক তেনেকৈ মুখামুখিকৈ লগ পোৱা নাই অৱশ্যে। পিছে ক'ত আছে তেওঁ?
তেওঁ নাই। বুদ্ধক দিবলৈ বুলি সৰিয়হ বিচাৰি
গ'লগৈ। সৰিয়হ নাপালে।

তেনেতে ভূপেন চকীদাৰে ঘণ্টিত দিলে কোব
পঞ্চম স্বৰত বাজি উঠিল ঢং
ডিফুৰে ভাইটি, শদিয়াৰে ভণ্টি
কোকৰাঝাৰৰ ৰাভাৰ সৈতে লোহিতমুখৰ কণটি
দৌৰি আহিল।

হঠাৎ কিনো হ'ল
হয়তো কোনোবা নদী বেপাৰীয়ে ক'ৰবাত 
বান্ধ খুলি দিলে
ফেনে ফটোকাৰে লুইতৰ পানী ঢলে বলে আহিল
মাটিয়ে ফাট মেলিলে। তৰ্জনে গৰ্জনে মাটি ফাটিবলৈ ল'লে।
তুলসীৰ তলত মৃগপহুৰ স'তে আখৰা কৰি আছিল প্ৰভূ ৰামে।
ল'ৰাহঁতে প্ৰভূ ৰামক বিপদৰ কথা ক'লত, এয়ে সময়
মাটি ফালি উলিয়াম ক'ত আছে মোৰ সীতা সুন্দৰী বুলি
প্ৰভূ ৰামেও আৰু হে বেছিকৈ খান্দিবলৈ ল'লে মাটি
জিয়'প্লাটনিক গতি বিধিৰ অধ্যয়ণ কৰা গবেষক সকলেও
ছেগ বুজি আৰম্ভ কৰিলে গবেষণা। ফলা মাটি আৰু অলপ
দ কৈ ফালি তেওঁলোকে বিচাৰিলে
অধ্যয়ণৰ সমল।

মাটি ফাটি ফাটি, পানী বিয়পি গোটেইখনতে
একো একোটা সৰু সৰু দ্বীপ হ'ল।
একো একোটা নিৰ্জন দ্বীপত ৰৈ গ'ল একো একোজন
নিঃসংগ মানুহ।

দিখৌৰ বালিত আছ নেকি কোনোবা খুচৰি বালিৰ বুকু
আছে নেকি, ইয়াতে আছে নেকি ক'ৰবাত আজানৰ চকু
হাতীপটিয়েদি বাট বুলি গৈ থকা ঐৰাৱতৰ পিঠিত উঠি
আইনষ্টাইনে বেহেলা বজাইছে

ক'ৰবাত হয়তো এতিয়াও ৰুণুমীয়ে আইতাকৰ পৰা তাঁতৰ কাম শিকিছে।
ছিগা সূতা ভালকৈ জোৰাবি আই
নহ'লে লাগিব লেঠা।
ময়ো ভুলতে মন্দিৰত সোমোবা ছাগলী এটা দেখি
তাৰ পিছে পিছে খোজ ল'লোঁ-
এই ছাগলীটোৰ পিছ লৈয়েই এদিন
কবীৰা তাঁতীৰ ঘৰ ওলামগৈ। ইমান দিনে

বোৱা-কটাৰ কাম শিকা যে নহ'ল...  



মুলুক ফকীৰৰ আলখাল্লা

মুলুক ফকীৰৰ আলখাল্লাত ৰমজানতে দাগ
ওভটাই দে আলখাল্লা ভাগ ফকীৰ ভাগ।

টানি আজুৰি আলখাল্লা সকলোৱে বোলে দে
আৰ পৰা আনি তাৰ পৰা আনি জোৰা কাপোৰখিনি দে।

কোনোবা এজনীৰ হালধীয়া ফ্ৰক আছিল কৰবাত লাগি
ৰঙা এটুকুৰ কাৰো ব্লাউজৰ পৰা আহিছিল ছিগি

নীলা এডোখৰ আছিল তাতে কাৰোবাৰ লুঙীৰ পৰা
যিয়ে যেনেকে' য'ৰ পৰা পাৰে ছিঙিলে কাণি-ডোৰা।

ফ্ৰকটো ব্লাউজটো লুঙ্গীখন কত বিচাৰি পায়
লাভৰ মুৰত হাতে হাতে ফটা কাণিৰ হে ঠাই

কি আলখাল্লা আছিলি কি আলখাল্লা হ'লি
হৈ হুল্লুৰ হাল্লা গোল্লা আৰু হুলাবুলা হ'লি। 


ঘৰ আং বাং দেশ বেবেৰিবাং

[কাণখোৱা তোৰ ঘৰটো আজি হেলেক পেলেক
হাত সাবটি কিনো চাই আছ পেলেকা পেলেক?]

খেনোৱে দিছে খোলত বোল
খেনোৱে টানিছে ভাঙ
বীৰ ৰসত খেনো মছগুল
দিছে তৰোৱালত শাণ

খেনোৱে বিচাৰি পুৰণি হেং দাং
খেপিয়াইছে ধোঁৱা চাং
আকাশত দেখি কাকতি ফৰিং
মেলি দিছে কুকুৰ ৰাং

খেনো যদিও চালাক চতুৰ
খেনো তেনেই হেবাং
বাহিৰত দেখি বুট জোতাৰ ঢং
দুবাৰত দিছে দাং

মিছাতে নাপাতি আকাশত চাং
বুধি এটাকে পাঙ
নিজৰ ঘৰ তেনেই ধোবাং বাং
সোপাকে হ'ব সাং