Monday, September 21, 2015

ৰামচন্দ্ৰৰ জন্ম হৈছিল আমাৰ গাঁৱত

ৰামচন্দ্ৰৰ জন্মৰ চন তাৰিখ
মোৰ দেশৰ মানুহে কাহানিও সোধা নাছিল
কাৰণ সেই সবিশেষ আইতাই জানিছিল

ৰামচন্দ্ৰৰ জন্ম হৈছিল আমাৰ গাঁ
এজোপা তুলসীৰ তলত সি ঘূৰি ফুৰিছিল

আজি এইখন দেশ মোৰ দেশ নহয়

মোৰ ব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৰিছিল মোৰ মাতৃভাষাই
মাটিৰে বেৰ লেপি ঘৰ সজা মোৰ আয়ে জানিছিল
মানুহ মাটিৰ ঘৰ
মাটিয়ে নিচিনে আপোন পৰ

দবাৰ কোবত দোঁ খাইছিল চকুৰ পতা
ঢোলৰ চাপৰত আপুনি খহিছিল নদীৰ গড়া

ভাগতৰ -টো নজনা গধূলি গোপালে
জানিছিল ভকতিৰ কথা

চকুৰ পতাৰ কঁপনি, বুকুৰ ধপধপনি 
আৰু নিজাৰ ৰাতিৰ উচুপনি -
সংজ্ঞায়িত নোহোৱাকৈয়ে ৰৈছিল সিবোৰ অতকাল

মূৰ্তি আমি সজা নাছিলোঁ, ছবি আমি অঁকা নাছিলোঁ
উঁইয়ে খায়, শেলায়ে ঢাকে
ভেঁকুৰ গজে চুকে কোণে

কৃষ্ণৰ ভৰিৰ নেপুৰ বাজিছিল শুকান মেদেলুৱা
শ্যামকানুৰ দেহৰ ৰং দেখিছিলোঁ মুকলি আকাশত

হঠাৎ আজি দেখিলোঁ মোৰ দেশলৈ আহিছে ৰাম
হঠা আজি দেখিলোঁ মোৰ দেশলৈ আহিছে কৃষ্ণ

'লৈ গৈছিলি ৰাম তই চিন হেৰুৱালি
কেলেই যে কৃষ্ণ তই উৰাল ভাঙিছিলি...

কিমান বাৰ যে আই বোপায়ে সোঁৰাইছিল
কলীয়া দূৰলৈ নাযাবি, কলীয়া চমুতে চৰাবি ধেনু...


Thursday, September 10, 2015

দেশ লৈ কি লাওখোলাটো কৰিম!

মোৰ দেশখন যদি কেতিয়াবা আনৰ হৈ যায়, মোৰ কোনো আপত্তি নাই
মুছলমানৰ সংখ্যাবৃদ্ধিত মই অকনো উৎকণ্ঠিত নহওঁ
বাংলাদেশীৰ প্ৰৱজনে কেতিয়াও মোৰ চকুৰ টোপনি হৰণ কৰা নাই

দেশৰ নামেৰে হৈ চৈ মোৰ ভাল নালাগে

মোৰ দেশখন ভাগি টুকুৰা টুকুৰ হৈ গ'লেও মোৰ কোনো আপত্তি নাই
আপত্তি নাই যেনেকৈ তিনিআলিৰ মূৰত কাৰোবাৰ প্ৰতিমূৰ্তি
স্থাপিত হ'ল কি নহ'ল তাকে লৈ
কাৰ মাটিত কোনে আহি কৰিলেহি খেতি- তাকে লৈ
মোৰ বিচলিত হ'বৰ কোনো কাৰণ নাই
মই ভাবি বিচলিত হওঁ মাথোঁ খেতিডৰা হ'ল নে নহ'

প্ৰতিবাদৰ সংজ্ঞাক ভেঙুচালি কৰি
এই যে প্ৰাত্যহিক জীৱন স্থবিৰ কৰি দিয়া হয় বাৰম্বাৰ
মোৰ আপত্তি সেইখিনিতহে
জীৱনক উপহাস কৰি এই যে আত্মিক মৌনতা,
তাৰ বিপৰীতে ক্ষমতা প্ৰৰোচিত এই যে হৈ চৈ,
মোৰ আপত্তি সেইখিনিতহে
মুকলি পথাৰখন যে গেলা বস্তি হৈ পৰে উন্নয়নৰ নামত,
মোৰ আপত্তি সেইখিনিতহে
নৈ বিল জান জুৰিৰে ভৰা, বৰষুণে অহৰহ সেমেকাই ৰখা
এইখন দেশতো যে মাছ-পুঠিৰ জুই ছাই দাম
মোৰ আপত্তি সেইখিনিতহে

এপৃথিৱী মৰম নেওচি এখন ঘৃণাৰ দেশ মোক নালাগে

আজিও যে মানুহে ধৰ্মৰ নামেৰে মানুহে মানুহ বিভাজে
মোৰ আপত্তি সেইখিনিতহে

যদি মানুহ হৈয়েই থাকিব নোৱাৰিলোঁ, দেশ লৈ কি লাওখোলাটো কৰিম?

দেশ মানুহকহে লাগে



কেঞা আঙুলিটো ধৰি ৰৈ আছোঁ-

[এদিন বুবুৱে আহি শোৱাপাটীৰে পৰাই জগাই দি মোক সুধিছিল-
'কাজুদা, মানুহ মৰিলে ভূত হয়, গৰু মৰিলে কি হয়?']

এটা আঙুলিত কিমান বুলি ধৰিম?
সকলো হিচাপতো আৰু আঙুলিৰে নহয়,
সেয়েহে এটা আঙুলিক একোটা একক হিচাপে ধৰি লওঁ

নাও তল গ'ল, শিল ওপঙি,
কোৱা বগা হ, উজাই বলে লুইত

সেই দিন আহি গ'ল দেউ

মানুহে কেনে আছা বুলিলে
ভালে আছোঁ বুলিয়েই কওঁ
মোৰ পুৰা বিশ্বাস যে ৰাস্তাত বাট আগচি
আপোনাক খবৰ সুধিলেও আপুনি
'ভালে আছোঁ' বুলিয়েই ক'

শ-ৰ ঘৰত কৰিম নে হিচাপ? নে হাজাৰৰ ঘৰত?
এটা আঙুলি মানে এশ নে এহাজাৰ?
কিমান মানুহ মৰিব এইবাৰ? দেউ, কিমান মানুহ?
কিমান বা ঘৰ জ্বলিব এইবাৰ...

মানুহ মৰিলে ভূত হয়, ঈশ্বৰ মৰিলে একা?
নাজানো দেউ (নিৎসেই জানিলে হেতেন বা!)

কেঞা আঙুলিটো ধৰি ৰৈ আছোঁ- কিমান বা মানুহ মৰে এইবাৰ...