তুমি অনেক কথাই নাজানিছিলা
কিন্তু তুমি জানা বুলিয়ে মই ধৰি লৈছিলোঁ
তুমি অনেক কথাই কোৱা নাছিলা
কিন্তু কৈছিলা বুলিয়েই মই ধৰি লৈছিলোঁ
স্কুলীয়া দিনত মই এলজেব্রা ভালপাইছিলোঁ বৰ
ভালপাইছিলোঁ সেই এক্সটো অত-এব
যাৰে সকলো পাব পাৰি, তাতেই আছে সকলো উত্তৰ
যি এটা সম্ভাব্য, পিছলৈ সিয়েই সম্ভৱ
তোমাক ভালপাওঁ সেই এক্সটোৰ দৰেই
ময়োতো তোমাক একো ক’ব পৰা নাছিলোঁ
কিছুমান সাধাৰণ কথা আছিল তেনেই
যিবোৰ ক’বলগীয়া বুলি ভবা নাছিলোঁ
এলজেব্রাত মই বৰ এটা ব্রিলিয়ান্ট ছাত্র নাছিলোঁ
তথাপিও কিয় যে মই এক্সৰ প্রেমত বন্দি আছিলোঁ!


