গোটা বস্তু এটা দলিয়াই পেলাবলৈ ভাল। যেনে ধৰক সূৰ্যটো।
ডিছপোজেবল সূৰ্যক লৈ সেয়েহে বহুতো কবিতা লিখিছিলোঁ।
লেতুসেতু, লেহুকা, লিকটীয়া, দীঘলীয়া বস্তু দলিয়াবলৈ টান, কিটিপ জানিব
লাগে।
এই ধৰক, ৰছী এডাল নুৰিয়াই গোটা কৰি নল’লে দলিয়াব কেনেকৈ?
এই ধৰক চাবুক এডাল। কেনেকৈ চলাব লাগে কিটিপ যদি নাজানে,
তেনেহ’লে চাবুকডালৰ মূৰটো আহি চেটেপকৈ
আপোনাৰ পিঠিতেই কোবোৱাৰ চান্স পুৰামাত্ৰাই আছে।
সেয়েহে আমি ইমানদিনে ব্ৰহ্মপুত্ৰখনক ডিছপোজ কৰিব পৰা নাছিলোঁ।
এতিয়া আমি কিটিপটো শিকিলোঁ।
এটা গেৰুৱা বলত নুৰিয়াই নুৰিয়াই গোটা কৰি ল’ব পাৰিলে
ইয়াক দলিয়াই পেলাবলৈ আৰু অসুবিধা নহ’ব।
আহক আমি নুৰিয়বলৈ আৰম্ভ কৰোঁ। শুভ কাম শুভবাণীৰেই আৰম্ভ হওক।
লিকটীয়া আবেগ এৰক। যুক্তিতো লিপিত খাই নাথাকিব।
প্ৰণিপাত জনাওক। নমামি কিটিপটো শিকক। 


