Friday, March 24, 2017

ডিছপোজেবল ব্ৰহ্মপুত্ৰ

গোটা বস্তু এটা দলিয়াই পেলাবলৈ ভাল। যেনে ধৰক সূৰ্যটো।
ডিছপোজেবল সূৰ্যক লৈ সেয়েহে বহুতো কবিতা লিখিছিলোঁ।
লেতুসেতু, লেহুকা, লিকটীয়া, দীঘলীয়া বস্তু দলিয়াবলৈ টান, কিটিপ জানিব লাগে।
এই ধৰক, ৰছী এডাল নুৰিয়াই গোটা কৰি নল’লে দলিয়াব কেনেকৈ?
এই ধৰক চাবুক এডাল। কেনেকৈ চলাব লাগে কিটিপ যদি নাজানে,
তেনেহ’লে চাবুকডালৰ মূৰটো আহি চেটেপকৈ
আপোনাৰ পিঠিতেই কোবোৱাৰ চান্স পুৰামাত্ৰাই আছে।
সেয়েহে আমি ইমানদিনে ব্ৰহ্মপুত্ৰখনক ডিছপোজ কৰিব পৰা নাছিলোঁ।
এতিয়া আমি কিটিপটো শিকিলোঁ।
এটা গেৰুৱা বলত নুৰিয়াই নুৰিয়াই গোটা কৰি ল’ব পাৰিলে
ইয়াক দলিয়াই পেলাবলৈ আৰু অসুবিধা নহ’ব।
আহক আমি নুৰিয়বলৈ আৰম্ভ কৰোঁ। শুভ কাম শুভবাণীৰেই আৰম্ভ হওক।  
লিকটীয়া আবেগ এৰক। যুক্তিতো লিপিত খাই নাথাকিব।
প্ৰণিপাত জনাওক। নমামি কিটিপটো শিকক। 


Friday, March 17, 2017

স্মৃতি-জুমুঠি [A makeshift of Memory]

কাৰো বাবে কোনো নমৰে জানো, তথাপি পিছে তোমাক নেপালে
মই মৰি যাম বুলি এবাৰ হ’লেও কোৱাটো জৰুৰী      
অনন্ত প্ৰেমত আমাৰ আস্থা নাই। সময়ৰ পৰিধি      
ভেদি যাব পৰা একো নাই। তথাপি মই তোমাৰ হৈ সদায়ে  
থাকিম বুলি এবাৰ হ'লেও কোৱাটো জৰুৰী, সেয়ে নহ’লে  
বিচ্ছেদৰ সময়ত স্মৃতিহীনতাত ভোগাৰ প্ৰতীতি     
যন্ত্ৰনা নাই। আমি সকলোবোৰেই একো একোটা স্মৃতি   
বা স্মৃতিসমষ্টি মাত্ৰ। স্মৃতি। আন কাৰোবাৰ, অথবা নিজৰে।    

স্মৃতি নিৰ্মাণৰ ব্যতিৰেকে জীৱনৰ একো মানেই বিচাৰি নাপাওঁ‌ দেখোন     
তুমি নথকাৰ কালত তোমাৰ স্মৃতিও নাথাকিলে সেয়াহে পৰম শূণ্যতা    
ব্ৰহ্মাণ্ডখন নহয়। কাহানি যদি এদিনৰ বাবেও ধৰা মোৰ হাতখন      
মানি ল’বা দেই - সেই এটা মাত্ৰ দিনতেই আমাৰ সমগ্ৰ জীৱন একোটা।     
জানো এই পৃথিৱীত কোনোৱে কাৰো নহয়, তথাপিও এবাৰ কৈ চোৱাচোন    
তুমি মোৰ আৰু তোমাৰ মই। এবাৰ মুখ খুলি কোৱাটো এটা আৱশ্যকতা।    


[চনেট]


Tuesday, March 14, 2017

ফুল ফুলে কষ্টত

ফুল ফুলে কষ্টত। আনন্দত নহয়।
যেতিয়া চৌদিশ ধূলিয়ৰি। শুকাই কাতৰ মাটি।
পিংগলে গ্ৰাস কৰি আহে সেউজীয়া ক্ৰমশ:

মুমূৰ্ষু যেতিয়া প্ৰতিটি পাত
সেই যন্ত্ৰনা কাতৰ অবিন্যস্ত বতৰতে ফুলে ফুল

নিৰস হৈ পৰা মাটিৰ কোন নিভৃত কোণৰ পৰা
টানি আনে ইমান বিচিত্ৰ ৰঙৰ সম্ভাৰ
শুকান বতাহতো ক’ত বিচৰি পায় ইমান কোমল পৰশ
দেই পুৰি নিয়া ৰ’দৰ পৰাও কেনেকৈ সঞ্চয় কৰে ইমান ৰঙা
কিন্তু তেনেকৈয়ে ফুলে ফুল কষ্টত। আনন্দত নহয়

সেই ফুল ফুলিবৰ দুৰ্বাৰ বাসনাতে ফাগুণৰ এদিন
বিগলিত হয় আকাশ
সেই ফুলে নিজৰ অভ্যন্তৰৰ সংগ্ৰামক বহিৰ্বিশ্বলৈ উলিয়াই দি
আকাশখনকেই যেতিয়া পুৰি পেলাব খোজে
সেই আহ্বান শুনিয়েই সঞ্চাৰ হয় নতুনৰ প্ৰাণ

কেলঢোপ কেলঢোপ জীৱনলৈ দলদোপ হেন্দোলদোপ উছাহ আহে
এপাহ ফুল ফুলাৰ যন্ত্ৰনাৰ বিনিময়ত।
আনন্দ ৰস সাগৰৰ যি জোৱাৰ আজি দেখিছা, দেখি যদি ভাবিছা
ফুল মানেই আনন্দ
তেনেহ’লে ভুল ভাবিছা

এপাহো ফুল ফুলা দেখা নাই ফাগুনৰ নিছক বিলাসিতাত 
ফুল ফুলে কষ্টত। যাতে আনন্দত
তোমলোকে নাচিব পাৰা উছৱমুখৰ বসন্তত। 

এপাহ ফুল ফুলি উঠা মানেই এটা দুৰ্বাৰ বিপ্লৱ ঘটি উঠা।
এটা বৈপ্লৱিক অভিবাদন গ্ৰহণ নকৰাকৈ ফুল ভাল পাওঁ বুলি 
ক'ব পাৰিবা জানো? যাছিবা জানো ফুলৰ তোড়া 
বিলাসী বৈঠকী আয়োজনত?



Sunday, March 12, 2017

বে-হিচাপ

তৰা ভৰা আকাশৰ তলত আমি বহি আছিলোঁ 
"কমৰেড, আমি বাৰু হাৰি গ'লোঁ নেকি এইবাৰ?"
"হাৰিবলৈ আমিনো আকৌ যুঁজত কেতিয়া নামিলোঁ?" 
দুৱাৰত টোকৰ পৰে, খকমকাই পালোঁ সাৰ     

দাপোনত মুখ চাবলৈ গৈ দেখোঁ তেনেই ধূলিৰে ভৰা। 
জাৰি জোকাৰি ধূলি মাকটি চাফা কৰোতে এপৰ হ'ল।  
এই ওলাওঁ বুলিও ওলাব নোৱাৰিলোঁ ঘৰৰ পৰা-   
চেঙেলীয়া এটাই ৰিঙিয়াই গ'ল - উৎসৱ শেষ হ'ল। 

বেলিফুলৰ খেতিৰ বাবে আনিলোঁ সঁচৰ গুটি।   
আৰু খেতিৰ মাটি এডৰা কিনিবৰ বাবে গেবাৰি খাটিলোঁ
নগৰে চহৰে ঘূৰি, দফতৰে দফতৰে ফুৰি   
বেলিফুলৰ তেলৰ ফেক্টৰিক শেষত মাটিডৰা বেচিলোঁ 

হিচাপ কৰি উঠি সকলো খৰচ - ঘৰ ভাড়াৰ, শাক পাচলিৰ  
কাণখোৱাক সোধোঁ, দাম কিমান লিখিম অলপমান টোপনিৰ


Friday, March 3, 2017

Assamese Mash-Up Poetry

Assamese Mash-Up Poetry 003

তোৰেই কবিতা লিখোঁ তোকে সপোনত দেখোঁ

মুঠি-মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি
আজাৰৰ আন্ধাৰত তয়ে বেচ
[নহলেনো বাৰু মৰোঁ বুলি নৰ্জিলে জীলে খাব কি]
দেশে দেশে দেশ আছে
বাই তোৰ কোন গাঁৱত ঘৰ
অচিনাকি মই তোৰ তইতো আপোন মোৰ
মই তোৰ জীৱনৰ কবি

কাৰণ মইতো থাকোঁ সেই নগৰতে
ছালৰ মোনাত মই বাটে বাটে পানী বেচোঁ
দেহৰ হুলত এতিয়া মোৰ
লাগি আছে মাটিৰ কোলাহল

এতিয়া কি সতে
মই ঘৰলৈ ওভতোঁ?

Mash-Up Artist: সমুদ্ৰ কাজল শইকীয়া
QUIZ: মূল কবিতা সমূহ চিনাক্ত কৰক [*শুদ্ধ উত্তৰৰ বাবে পুৰস্কাৰ আছে]

[টোকা- #AssameseMashUpPoetry কাণখোৱাৰ উৎসৱ প্ৰতি শণিবাৰে উদযাপিত হয়]


*

Assamese Mash-Up Poetry 002:

[ক]
প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়
সেইবুলি নুৰুবানে
সোন্দাকলৰ পুলি

[খ]
কোনে জানে
তেওঁ আৰু
এই জন্মত আহিবনে নাহে
অঘৰী প্রেমিকজনে আহি
বিচাৰিব যেনি-তেনি

[গ]
শূন্যতাৰ হাতৰপৰা সৰি পৰিল
দিনৰ হিৰণ্ময় হৃদয়-পাত্র
তুমিতো জানাই এই কবিৰ আৰু একো নাই

*
Assamese Mash-Up Poetry 001: এন্ধাৰ

হেৰা শকুন্তলা তোমাৰ আঙুলিৰ অগ্নি-কণাৰে নুমাই দিয়া
ৰাজকাৰেঙৰ শলিতাৰ জুই । দুষ্মন্তৰ ভাগক স্বপ্ন।
পোহৰতকৈ এন্ধাৰ ভাল।
এন্ধাৰৰ ৰূপ এটা সঁচায়ে আছে
চকু মেলি থাকিলেও চকু মুদি দেখাৰ দৰেই লাগে
এন্ধাৰ তলাতল ভাঙি আহে পাখিলগা শব্দ
সৰি যাব খোজা ফুল মোৰ ভাল লাগে
ততোধিক ভাল লাগে অস্তগামী সূৰ্য;
এটি দুটি কৰি পমি য'ক পোহৰৰ মণি
এন্ধাৰত; স্বৰ্গ কক্ষচ্যুত, স্বৰ্গ দূৰগামী।
সন্ধিয়া আহিছে নামি? থক হেৰা নেলাগে জ্বলাব চাকি;
তাতোকৈ ব'লা এন্ধাৰতে বহোঁ।

Mash-Up Artist: সমুদ্ৰ কাজল শইকীয়া
Poets: হেম বৰুৱা, নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন, দেৱকান্ত বৰুৱা
QUIZ: মূল কবিতা সমূহ চিনাক্ত কৰক [*শুদ্ধ উত্তৰৰ বাবে পুৰস্কাৰ আছে]

[টোকা- #AssameseMashUpPoetry কাণখোৱাৰ উৎসৱ প্ৰতি শণিবাৰে উদযাপিত হ'ব]