Monday, May 11, 2020

বদমাচ গান


অলি বদমাচ কলি শুঙি ফুৰে
লোকৰ ফুলবনে
কুলি বদমাচ কণী পাৰি ফুৰে
লোকৰ বাহে বাহে
মন বদমাচ তুলা হৈ উৰে
দেহা বদমাচ গৰা হৈ খহে
তই বদমাচ মাথোঁ পাৱ ভালে
জোকাবলৈ পালে
মোকে জোকাবলৈ পালে,
বদমাচ! 

কি যে বদমাচ জীৱন এটা পালোঁ
নাই লিটমাছ খাৰনি টেঙেচি বুজিকে নাপালোঁ একো
সময় গ’লে কি পাবলৈ নাই, অসময়ত পালেও মূল্য নাই
বিচাৰিছিলোঁ কি পালোঁৱেই বা কি
তোকে বাৰু পালোঁ, পিছে পালোঁ জানো
পালোঁ যদি তোৰ কিমানখিনি পালোঁ
তোক পোৱা হয় ঠিক কিমানখিনি পালে
অ’ বদমাচ
বদমাচ! 


শিমলু মাগ্ৰিট


বুকুত মাগ্ৰিটৰ চকু
একোজোলা শিমলুৰ ডাৱৰ উৰি ফুৰিছে
মদৰ দোকান খোলাৰ খবৰ পাই
মানুহবোৰ ডাৱৰ গছকি আগবাঢ়িছে

এজোলা ডাৱৰে আহি
মোৰ খিৰিকীত টুকুৰিয়ায়
খিৰিকীখন খুলি দে কাণখোৱা
ভেম পাতি লাভ নাই

শিমলুৰ তুলা হৈ উৰিবৰ মন বোলা তাইক
ঘৰলৈ সুমুৱাবলৈ বিচাৰি যি ভুল কৰিছিলোঁ
কৰিছিলোঁ
এতিয়া তোকনো সোমাবলৈ দিওঁ কোন সতে?

অ’ শিমলু মেঘ, মই সূতা কাটিব নাজানো…
René Magritte: Variation for the victory, 1965




জোন সদাগৰ (গান)


মেঘ ডিঙৰাতে জোন সদাগৰে
বণিজ বেহাবলৈ যায়
জপৰা চুলিৰে এজুপি তামোলে  
ডিঙি মেলি মেলি চায়
দুগৰাহ খাই শুদাই নিকাই
সোণ মোৰ টোপনি যায়।।

ইকাণে সিকাণে কলপাতবোৰে
বিয়নী মেল বহায় 
নিশা পৰে পৰে জোন সদাগৰে 
কিনো কথা কৈ যায়     
সোধে সোণ বা শুলে নে নাই
সোণ মোৰ টোপনি যায়।।

ৰূপালী চেলেং মেৰিয়ালে গাত
ৰূপে সৰি সৰি পৰে
সোণোৱালী দাইল ৰূপোৱালী ভাত
জিলিকি জিলিকে উঠে
হেনো বাটে বাটে কৈ যায়
আজি সোণ লঘোনে নাই 
আজি কোনো লঘোনে নাই।। 




অপাংক্তেয়


ফৰিং ফুটা জোনাকত
পিৰালিৰ পৰা নঙলামুখলৈকে আমি খোজ কাঢ়িছিলোঁ
পিৰালিৰ পৰা নঙলামুখলৈকে আমি কথা পাতিছিলোঁ

চম্পা আৰু গৌৰীৰ কথা, নগৰ এখন চাৰখাৰ হৈ যোৱাৰ কথা,
নাহৰৰ গুটিৰে বাতি জ্বলোৱাৰ কথা?
কোনো কথাই সম্পূৰ্ণ নাছিল, নাছিল কোনোটো প্ৰশ্নৰে উত্তৰ
জোনাকত তামোলগছবোৰ তধা লাগি আছিল, যেনিবা কথা পতা মানা।
বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গৈ পঁইতাভাত উদঙাই খাইছিল,
আঙঠাত দি অহা আলুটো ইমানপৰে সিজিল চাগে’!
মাটিতেলৰ চাকিৰে জুপি জুপি কোনোবাই
আওঁৰাইছিল নেকি কুঁহিপাঠ? আঁহতজোপাত
সঁচাকৈয়ে আছিল নেকি বুঢ়াডাঙৰীয়া?
কথাবোৰৰ কোনো শেষ নাছিল
পিছে নঙলামুখ পাওতেই আমাৰ কাপোৰ-কানি ক’লা হ’ল

ঘৰৰ ভিতৰৰ পৰা কোনোবাই মাতিছিল নেকি আমাক?
ঘৰৰ বাজত থাকিলে ঘৰলৈ আহিছোঁ বুলি ক’ব লাগে
নে গৈছোঁ বুলি ক’ব লাগে?
ঘৰলৈ মানুহ আহে নে যায়?

আমি পাতিছিলোঁ চিলাৰ পৰ্বতত চাৰি কড়াৰ মাটি কিনাৰ কথা।
তিলেকে যুগ যায় মানে কি? গকূলো জানো নিজা ধাম?
সুবৰ্ণৰেখা নদীৰ তীৰত আমাৰ নতুন ঘৰ হ’ব, পাতিছিলোঁ তাৰ কথা।
ডালভঙা অশোকগছজোপাৰ তললৈ গৌতম উভতি যাব পৰা নাছিল।
পিছে উঘাৰ পৰা সূতাডাল লৈ গৈ
আকৌ উভতি নাহিলে কাপোৰখনো দেখোন নোলায়।

নঙলামুখ পাওঁতে পাওঁতে আমাৰ ভোক লাগিছিল
ভোকত ঘৰৰ মানুহ ঘৰলৈ ওভতে
আমিও উভতিছিলোঁ

ভোকে ভাগৰে কণমানি ছোৱালীজনীৰ দৰে তুমি লেঙেৰিয়াইছিলা
ঘৰমুৱা বাটতো যে পৰুৱাই পায় নাজানিছিলোঁ
ভোকৰ বাটত ৰেলৰ আলিত ছিন্ন ভিন্ন হৈছিল তোমাৰ শৰীৰ

তোমৰ ছিগা হাতখন হাতেৰে ধৰি
উভতি আহি মই পিৰালি পাইছিলোঁহি

পিৰালিৰ পৰা নঙলামুখলৈ গৈ
আকৌ একেটা পিৰালিলৈকে উভতি আহিব নোৱাৰি।।
Art: Mayur Rajbonshi


Thursday, May 7, 2020

সৰিয়হ


(তিনিটা পৃথক কবিতা, বুদ্ধপূৰ্ণিমা বিশেষ আপডেট)

১)
মই কোন, মইনো কি
মহামৃত্যুঞ্জয় মন্ত্ৰৰ তিয়ঁহ এটা
তেলৰ বাবে ঘানি বিচাৰি
বাগৰি ফুৰা তিল নে সৰিয়হ এটা

২)
পৃথিৱীৰ অৱস্থা কাহিল
সৰিয়হ বিচাৰি যোৱা মানুহটো উভতি নাহিল।

৩)
(#বেণুমিশ্ৰৰ মৃত্যুত)

মুখবোৰ। মানুহবোৰ। বাঙ্ময় ৰেখাবোৰ।
ৰ'ল।
তেখেত গ'ল।
শোকত ম্ৰিয়মান হোৱাৰ সকাম নাই।
মৃত্যুও এটা উৎসৱ।
আজিও ওপঙি ৰৈছে পাহাৰ আৰু গছবোৰ।
ৰঙে ৰেখায় গঢ়ে আয়তনে উদযাপিত হওক
অনিত্যতাৰ চিৰসত্য।
বুদ্ধক দিবলৈ সৰিয়হ বিচাৰি
দিহিঙে দিপাঙে যোৱাতকৈ আহক
আমি আধা ডুখৰীয়া সপোনখিনি লৈ
আগলৈ বাট লওঁ।

কদম্ব-ক’ৰ’ণা (ননচেন্স-চনেট)


আমি কোনেও দেখা নাই, শুনিছোঁহে, পেখলোঁ আখি, (১৮)
হাতে বাঁশী মুখে হাসি গলায় কদম্বেৰ মালা-   (১৭)
আমি কোনেও দেখা নাই, এমন বৰণ কালা, (১৭)
তথাপি দেখিছোঁ বুলি মানি আহিছোঁ দেখাক দেখি।  (১৮)

দুটা এপাৰ্টমেণ্ট ছীল কৰি পুলিচ আছে ৰখি, (১৮)
কাষৰ গলিটোতো ভেটা দি বন্ধ ৰাখিছে তলা; (১৭)
এজোপা কদম গছ আছে বাৰিষাকালি ফুলা,  (১৭)
জপনামুখতে সেইখিনিতে, খিৰিকীৰেই দেখি।  (১৮)

কদমৰ ফুলমঞ্জৰি গোল, ফুলবোৰ থাকে বাজলৈ মেলি,  (২২)
ক’ৰ’ণা ভাইৰাছটোও দেখিবলৈ হেনো তেনেকুৱাই কিবা।  (২২)
দেখা নাই, শুনিছোঁহে, কোনোবাই ক’লে মাইক্ৰ’স্ক’পত দেখি। (২২)
ঘৰৰ ভিতৰতে আছে ৰাধা, পাবলৈ নাই পান-বিড়ি-চাধা,  (২২)
কাণখোৱাৰ চকুত ধূলি দিম বুলি লকডাউন নামানি (২২)
সৌৱা চোৱা, বাইৰ হুৱা আছে দেখো সই কানু হাৰামজাদা।। (২২)


(7th May, 2020)