নান্দী সুহাই কম্পমান
ৰজা মৰে প্ৰজা মৰে
সলনি হয় দেশ, দেশান্তৰ হয় সন্ত্ৰস্ত মুণি
অৰুণ চৰণ ৰেণু উৰে, চমকিত উপবিষ্ট সভাসদ...
তৰপীয়া বৈকুন্ঠ সপ্ত উজ্বালি
কোমোৰাটো জ্বলি থাকে
কোমোৰাটো জ্বলি থাকে
নিদ্ৰালু চকুবোৰে টিপিয়ায়
ভোকৰ পেটবোৰৰ কেঁচু কুমটিয়ে দপদপায়
আউল লাগে বচন, বেসুৰা হয় পয়াৰ,
নাট পৰি আহে, মানুহ ঘৰাঘৰি যায়, আকৌ উঠি আহে
মানুহে জুমুৰি দি ধৰে
ৰাতি কাতি হৈ আহে
কোমোৰাটো জ্বলি থাকে ওৰেটো ৰাতি
উমি উমি ভাঁহে খৰমান
বগাইছিলি কোমোৰা কাৰ বা চালত
সাধিছিলি কি পুইন কোন বা কালত
কটা যায় তোৰ ধবল তনু
কাৰোবাৰ ক্ষোভৰ জ্বালাতো হেনো
হংস সহিতে তোৰ, ইও এক কথা,
মুকুতিৰ বাট মোকলে অন্যথা
ধইন ধইন কুষ্মাণ্ড অপঘন
স্তিমিত কুষ্মাণ্ডৰ তেল অলপ হাতৰ তলুৱাত ল'লোঁ
এই দেহ কুষ্মাণ্ড মোৰো থাকক জ্বলি
জগতৰ নাটঘৰ মুখৰিত কৰি
(টোকা- আমাৰ গাঁৱৰ
বছেৰেকীয়া ভাওনাৰ ৰাতি কোমোৰা এটা কাটি তাতে তেল শলিতা দি ভোটা জ্বলোৱা হয়,
সেই ভোটাৰ পোহৰতে নাটখন মঞ্চস্থ হয়। অন্যান্য
গাঁৱত কোমোৰা কাটি ভোটা জ্বলোৱা প্ৰথা আছে নে নাই নাজানোঁ।)


