Thursday, December 31, 2015

চিত্ৰলেখা


 A piece of Performance Poetry, one of the three texts under the Disposable Womaen, a Disposable Theatre venture by Kankhowa, Performed at MC Ghia Hall, Kala Ghoda, Mumbai, February 2015


"পুষ্প দি পূজিলোঁহেতেন, ভ্ৰমৰে চুমিলে
দুগ্ধ দি পূজিলোঁহেতেন, দামুৰিয়ে পিলে..."[1]


        মই সুন্দৰ নহয়, মই সুন্দৰৰ বাট
        মই প্ৰেমো নহয়, মই প্ৰেমৰ বাট
        মোৰ বাটে বাট বোলাজনেহে জানিব
        কি বা গৈ পাব তাত।



        মায়াবিনী মই জানো কত ছলনা
        তথাপি অব্যক্ত ৰয় মোৰ ভাৱনা।।
        সখি মোৰ ঊষা, কান্দে অনবৰতে
                ৰূপহ কোঁৱৰৰ চুমা পৰশতে
        বুজা নুবুজা সপোন আবেশতে 
                ৰূপহ কোঁৱৰৰ চুমা পৰশতে
        পায়ো হেৰুৱাৰ অজান বিৰহতে
        অসহনীয় এই অপ্ৰকাশ্য যাতনাতে
                মৰহি যায়, মৰহি যায়, মৰহি যায়

                ৰূপহ কোঁৱৰৰ চুমা পৰশতে
                লাজুকী কুঁৱৰী মৰহি যায়... [2]


        ধৰা দিয়া মোক
        তোমাৰ ৰূপৰ উত্তাপেৰে বিগলিত কৰা
        অস্তিত্ব নিঃশেষিত হৈ
        আৰু নাথাকক কোনো আনন্দ, কোনো শোক।।

        আজি এৰাতিৰ অভিসাৰেৰে উজ্জীত কৰা মোক
        আজি ভ্ৰমৰ বৰণ কৃষ্ণ ৰাতি
        আজি নিৰ্বাপিত ৰওক সমস্ত তাৰকা বাতি  
        মাথোঁ এৰাতিৰ অভিসাৰেৰে উজ্জীৱিত কৰা মোক

        আজি এৰাতিৰ অভিসাৰেৰে উজ্জীৱিত কৰা মোক ...

নোহে ই আজীন সম্পৰ্কৰ প্ৰতিশ্ৰুতি
নোহে কামনা জীন জোৰা
উচ্চকূলৰ স'তে সম্পৰ্ক স্থাপনাৰ বাসনা ই নোহে
স্বাৰ্থ আৰু হিচাপ নিকাচৰ উৰ্ধে ই যে ক্ষণিক মানৱীয় আৱেদন

        আজি এৰাতিৰ অভিসাৰেৰে উজ্জীৱিত কৰা মোক ...

সখী ঊষাই এবাৰ সপোনত হে দেখিলে তোমাক
চঞ্চলা মতী সখীৰ সেয়া উন্মাদনা মাথোঁ।
মই হে বিচাৰি উলিয়ালোঁ তোমাক, কৰিলোঁ ধাৰণ কল্পনাত,
পুঙ্খানুপুঙ্খকৈ জানি উঠিছোঁ তোমাক ক্ৰমশঃ
নিজাকৈ পাবলৈ ধৰিছোঁ তোমাক ক্ৰমশঃ
আৰু এনেকৈয়ে
হেৰুৱালৈ ধৰিছো তোমাক ক্ৰমশঃ

আহা। ধৰা দিয়া। ধৰা দিয়া মোক।
আহা। ধৰা দিয়া। ধৰা দিয়া মোক।

        আঁকিব খোজা ছবিখনি মই আজি আঁকিব পৰা নাই।
        ইমান কাষতে থাকিও তুমি কিয় দিয়া ধৰা নাই?


পখিলাই যি ফুলৰ মৌ চুহি খায়
সেই ফুলৰ ৰেণু ভোমোৰায়ো লয়
তথাপি পখিলাৰ ছবি তোমালোকে আঁকা
ভালপোৱা পখিলা তোমালোকে,
দেখা পখিলা খেদাৰ সপোন, সাজা পখিলাৰ ৰামধেনু

দেখানে ভোমোৰা কাহানিবা সপোনত?
আঁকানে ভোমৰাৰ ছবি মনৰ কাগজত?
অথবা
এজাক ভোমোৰাৰ গুঞ্জন শুনি ভাগে নেকি সপোন?
জাগে নেকি দিঠক?

ভোমোৰা যে ক'লা! কিয় ক'লা? কিয় ক'লা বাৰু?
কোনে কৈছিল, পোহৰতকৈ এন্ধাৰ ভাল?
জ্বলি থকা চাকিৰ শিখাৰ ভিতৰত কিয় থাকে এন্ধাৰ?
কিয় বাৰু? কিয় বাৰু ক'লা হয় আমাৰ
দুচকুৰ মণি?

মোৰ কাহিনীৰে তোমালোকে নিলিখা কাব্য
মই যে অনাৰ্য মূলৰ মাত্ৰ।
ঊষাৰ কাহিনী লিখা, কাৰণ, তেওঁৰ যে সম্পৰ্ক
দ্বাৰকাৰ বংশৰ স'তে, তেওঁ যে ৰজাৰ জীয়ৰী।
        পাহৰণিতে থাকে, ময়ো যে ভাৰত দেশৰে নাৰী।

হুঁ! ভোমোৰা!...

প্ৰিয় কৃষ্ণবৰ্ণ মোৰ, তুমিওতো ক'লা। শ্যামসুন্দৰ মোৰ!
যমুনাওতো ক'লা!
যি প্ৰহৰত তোমাৰ জন্ম, সেই ৰাতিওতো ক'লা!

তোমাৰ বাবেই ময়ো ক'লা।
ক'লা নহলে মই তোমাৰ স'তে এদিন গৈ কেনেকৈ মিলিত হ'ম?
মই ভোমোৰা হওঁ
মই ভোমোৰা হওঁ
        তোমাৰ প্ৰেমতে
মই ভোমৰা হওঁ
        তোমাৰ বাসনাতে
মই ভোমোৰা হওঁ
        তোমাৰ তাগিদাতেই
মই ভোমোৰা হওঁ

ঊষা যে পখিলা মাথোঁ, বাহিৰৰ শোভা
মই হে তোমাৰ, একান্ত তোমাৰ

মই যে ক'লা
তুমিও ক'লা


"তোমাৰ ৰূপৰ সখী
তুমিয়েহে তুল
সামৰিছা মহাবিশ্ব
তোমাৰ ৰূপত,
বিশ্ব সঙ্গীত আহি
আছে গোট খাই
তোমাৰেই বিজয়ী কণ্ঠত।
কোন ৰহস্যৰ আঁৰ হৈ
ফুৰা সখী লুকাই লুকাই
মূৰ্ত্ত হৈ দিয়াচোন দেখা,
কবিৰ কল্পনা পুনু ঠন ধৰাবলে’
আহাঁ আজি সখী চিত্ৰলেখা !"[3]



 
মই সুন্দৰ নহয়, মই সুন্দৰৰ বাট
মই প্ৰেমো নহয়, মই প্ৰেমৰ বাট
মোৰ বাটে বাট বোলাজনেহে জানিব
কি বা গৈ পাব তাত।

মই চিত্ৰলেখা
মোৰ বাট পোণ- এই বাট যি প্ৰেমৰ বাট
মানুহে নিচিনা বাট
অভ্যস্ত যি তাতেই - য'ত জীৱনৰ বাট একা বেকা

পিছে মই যে চিত্ৰলেখা
তথাপি মই চিত্ৰলেখা
সেয়েহে মই চিত্ৰলেখা




 “Disposable Womaen” is a Disposable Theatre venture by Kankhowa based on three woman characters from Assamese cultural inhabitation: Mythology, History and Folklore. Chitralekha, a mythological character of a woman painter who plays a role in the Usha-Aniruddha love story anticipating the Vaishnava incursion over a Shaivite region here comes up as an individual with subjective position. Joymoti is a historical character, a martyr woman who devoted her life to save her husband and the glory of the state during the reign of the Ahom Dynasty. Tejimola is a popular name in Assamese folktales who dies out of the hatred of her step mother but gets afterlife or incarnations in several non-anthromorphic forms again and again. Bringing the three characters together the multilingual performance attempts to generate dialogues around representation of woman’s body in cultural production system along with the mapping of history and desire.  


Tribute to: Aaideu Handiqui on her birth centenary year.Tribute to: Lakhsminath Bezbaruah (Burhi Aair Xadhu and Sati Joymoti).Tribute to: Ananta Kandali (Kumar Haran), Chandra Kumar Agarwala (Tejimola), Jyoti Prasad Agarwala (Sonit KunwariChitralekhaJoymoti), Bishnu Prasad Rabha, Bhupen Hazarika Sources/ We are thankful to all of them: Uddipana Goswami (Tejimola Forever), Monalisha Saikia (Several Writings), Mridul Sharma (তেজীমলাৰ মাকৰ সাধু), Bidyut Sagar (জাতীয়তাবাদ আৰু ইতিহাসকিছু প্ৰসংগ), Himjyoti Talukdar (যাৰ বাবে 'জয়মতীআছিল এক অভিশাপ), Deva Bhushan (সতী জয়মতী), Nayan Jyoti Nath (জয়মতী বোলছবিত নাৰী চৰিত্রৰ ধনাত্মক প্রকাশ), Manoj Barpujari (Filming A Classic), Anjal Borah (অসমীয়া সাহিত্যত মালিতা বা কাহিনী প্ৰধান গীত), Bibi Bero (How a Bird Saved the Villagers and Other Stories), Diganta Saikia (for making many Assamese articles available in Unicode), Mousumi Bhuyan Chaudhury (reading of the tale Tejimola)... Debakanta Gogoi‎, Sarma Raktim,‎ Tsao Mayur Chetia, Debabrot Gogoi‎, Chao RoongCheng Gogoi, Babul Baishya, Sarma Raktim, Bhupen Boruah, Mintu Borgohain (their discussions in অসমীয়াত কথা বতৰা)...
 poems on Tejimola from:Nilamani Phukan, Rafikul Hossain, Nilim Kumar, Kabiranjan Saikia, Subhas Saha, Bipuljyoti Saikia, Archana Pujari, Ram Gogoi, Anandeshwar Sharma, Bijanlal Chaudhury, Mohankrishna Mitra, Gautam Prasad Baruah, Koushik Borah, Raju Kalita, Mili Sharma, Tridip Tiken Gogoi, Kandarpajit Kallol, Himanshu Gogoi, Nishanka Milan, Rup Goswami, Parag Pinku, Jayjit Deka, Nibedita Phukan, Ranjit Patgiri...
 Songs on Tejimola:from Anima Chaudhury, Joy Barua (Lyrics - Ibson Lal Baruah)






Title of the project: Disposable Womaen (Spelling violation intended)
Date of the performance:  9TH FEB 2015
Time of the performance:  7 PM
Venue of the performance: - MC GHIA HALL (BEHIND RHYTHM HOUSE , ABOVE COPPER CHIMNEY RESTAURANT)
Genre: Disposable Theatre, Interactive, Installation Based, Musical, Space and Time specific, Experimental Theatre
Production and Support: Kahini Foundation
Production Coordination: Chandan Kumar Deka
Working Team: Kankhowa
Language: Multilingual (Assamese, English, Hindi, Marathi and Gibberish)
Concept, Text and Design: Samudra Kajal Saikia
Duration: One Hour (and may be lifetime)
Special Attraction: Joy Barua Live as a part and extension of the project
Casts: Mridupankhi Rajkumari, Pallavi Dutta, Papori Medhi, Srishti Shreyam
Spatial Design and Interaction: Shilpa Joglekar, Mahan Jyoti Dutta, Jitendra
Soundscape: Ankita Baruah, Shakti Bhatt
Documentation: Monali Bharadwaj
Rehearsal: Nine Schools of Art



সমুদ্র কাজল শইকীয়া
kankhowa@gmail.com




[1] আইনাম
[2] "শোণিত কুঁৱৰী" নাটকৰ গীত
[3] জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতাৰ অংশ

Monday, December 28, 2015

ভেবেলা মানুহ (দিল্লী মেট্ৰ' চনেট ০০১)

ভেবেলাটোৰ দৰে মই ইটোৰ মুখলৈ চাওঁ - সিটোৰ মুখলৈ চাওঁ -   
তেনেই চিনাকি যেন লগা মানুহবোৰো দেখোন অচিনাকি হৈ ৰয়।   
কোনেও কাৰো চকুলৈ নাচায় কিয়, কিয় বা কোনেও একো নকয়...  
সহস্ৰ অভিনেতাৰ সমাবেশৰ এই নাটত মোৰো অসাৰ ভাও!   

এই চলমান মঞ্চত উপবিষ্ট হ'লেই সকলো নিজান নিমাও  
দুখবোৰ, হাঁহিবোৰ, চকুলোবোৰ- কেনেকৈ যে ক'ত নোহোৱা হৈ যায় 
প্ৰাপ্তি নাই, অপ্ৰাপ্তি নাই, মানুহবোৰৰ শৰীৰত কোনো ভাষা নাই 
তুমুল ব্যস্ততাৰ ধামখুমীয়াতো বাহাল ৰয় স্থবিৰতাৰ শাও!   

নিৰ্জী বস্তুৱেও কিবা কয়- ৰাস্তাত পৰি থকা বুটামে কথা কয়;  
এখিলা সৰাপাতে, বেৰত লাগি থকা এটা আঁচোৰে, দিয়ে কিবা ঊহ 
সন্ধিয়া তৰপীয়া এন্ধাৰে, মেজত চাহৰ কাপ থোৱা দাগ এটাই...  
সকলোৱে দেখোন কিবা কয়েই কয়; সলাই লয় সুখ কিম্বা দুখ   
দিল্লীৰ মেট্ৰ'ত আউট অফ দা স্পেচ-  অগণন মানুহ। ভাষা নাই।
স্মাৰ্ট চিটিত স্মাৰ্ট ফোন হাতে হাতে। আহে আৰু যায় ভেবেলা মানুহ।


কাণখোৱাৰ ঘৰ যতনোৱা

সোত-মো খোৱা কাপোৰবোৰত কিবা গোন্ধ এটা লাগি আছে
কাপোৰবোৰ এতিয়া কি কৰোঁ

ধুব নোৱাৰোঁ
পেলাই দিব নোৱাৰোঁ

যতনাবলৈ গ'লেই যে গোন্ধটো হেৰাই যায়...

সেয়েইতো মোৰ ঘৰটো লেতেৰা।
কেতিয়াবা

আলাই আথানিও যতনৰেই অন্য নাম