Monday, February 27, 2017

দুই মিনিট

দুই মিনিটৰ বাবে তোমাক ভাল পাই পেলাইছিলোঁ।
পেটৰ পৰা বুকুৱেদি ডিঙিলৈকে কিবা শোক এটা
উজাই আহিছিল
এটা অসহনীয় শোক - কিজানিবা মই তোমাক নাপাওঁ
সেই শোকে হেঁচা মাৰি মোৰ শ্বাস প্ৰশ্বাস ৰুদ্ধ কৰিছিল
দুই মিনিটৰ বাবে সেই যি তোমাৰ প্ৰেমত পৰিছিলোঁ
মই মোৰ মৰণ দেখা পাইছিলোঁ
এতিয়া সেইবোৰ স্মৃতি
সনন্তদাৰ ভাষাৰে ক'লে যদি শুৱায় তেনেহ'লে
মলিয়ন হৈ পৰা এডোখৰ চন্দন ফলক
মৰহি পৰা ফুলৰ পাপৰি

দুই মিনিটৰ বাবে পৃথিৱীখন আৰু বেছি ধুনীয়া হৈ উঠিছিল
আৰু সেই সময়তে বুজি উঠিছিলোঁ
মোৰ হাততে যে আছে অপাৰ ক্ষমতা
বাকী ৰোৱা যত অসুন্দৰক কেনেকৈ সলাই দিব পাৰোঁহক
দুই মিনিটৰ ভিতৰতে

দুই মিনিটৰ বাবে বুজি উঠিছিলোঁ
পাহৰণিয়েই ভাল
ইতিহাসৰ সকলো শিক্ষা অসাৰ
এক পৰম তৃপ্তিৰ মাজেৰে মই নিজৰ মৰণ দেখা পাইছিলোঁ
সেই দুই মিনিটতে
তোমাক সহস্ৰবাৰ পাহৰি পেলাইছিলোঁ
আকৌ ন-কৈ চিনি উলিয়াইছিলোঁ তোমাক
সেই দুই মিনিটতে

দুই মিনিটৰ বাবে তোমাক নিজৰ বুলি ভাবিবলৈ লৈছিলোঁ
তেতিয়াই দেখিছিলোঁ
কণাসৰি পুখুৰীৰ লালুকীজাকৰ পৰা অনন্তৰ নিহাৰিকালৈকে
সকলোৱেই দেখোন মোৰ হৈ পৰিছিল
সদায়ে ঘৰহীনতাত ভোগা এই উদ্বাস্তু মনে
ঘৰ বিচাৰি পাইছিল
সেই দুই মিনিটতে

দুই মিনিটৰ বাবে ইতিহাসৰ পৃষ্ঠাবোৰ ওলট পালট হৈ গৈছিল
এজোপা শালগছৰ ডাল ভাঙিছিল শ্ৰাৱস্তীৰ কোনোবা এটা বাটত
ভৰিৰ তলৰ মাটি হেৰুৱাই সুখী হৈছিলোঁ প্ৰথম বাৰৰ বাবে
সেই দুই মিনিটতে

বিদ্ৰোহী বিপ্লৱী হৈছিলোঁ, ধ্যানমগ্ন যোগী হৈছিলোঁ, উন্মাদ হৈছিলোঁ
তীব্ৰ আনন্দত উজ্বলি উঠিছিলোঁ, পৰম বিষাদত ভাগি পৰিছিলোঁ
নিজে নিজৰ ভিতৰতে শেষ হৈ গৈছিলোঁ
নিজকে যেন ক’ৰবাত বিচাৰি পাইছিলোঁ
আৰু কি কি হৈছিলোঁ
আৰু কি কি কৰিছিলোঁ

সেই দুই মিনিটৰ সময়ত

এই যে দেখিছা আজি মোক, মোৰ সমস্তবোৰ
এই সমস্তবোৰ

সেই দুই মিনিটৰ ধ্বংসাৱশেষ মাত্ৰ

ফেব্ৰুৱাৰী, ২০১৭

Wednesday, February 15, 2017

আমাৰ কাহিনী

[আমাৰ সাধু - খায় কঠালৰ বাদু!]

আমাৰ কাহিনী নদীয়ে নকয়
কাৰণ আমি কি কথা পাতিছিলোঁ
কোনো নদীয়ে শুনা নাছিল

আকাশৰ তৰাই আমাৰ কাহিনী সোঁৱৰাই নাথাকে
কাৰণ তৰাভৰা আকাশৰ তলত আমি
কাহানিও বাগৰ সলোৱা নাছিলোঁ

পাহাৰত প্ৰতিধ্বনিত হোৱা হেজাৰ শব্দৰ কোনোটোৱে
আমাৰ কাহিনী নকয়
যিহেতু আমি কোনোদিনে পাহাৰ বগোৱা নাছিলোঁ

ঘৰৰ অন্ধকাৰ কোণবোৰে জানিছিল আমাৰ কাহিনীৰ
এডোখৰ দুডোখৰ
পিছে ধুমুহা নাহোতেই ভাগি পৰে যি ঘৰ
নিভৃত কোণৰ কাহিনীৰো তাত নেথাকে অৱশিষ্ট  

সেয়েহে


আমাৰ কাহিনীটোৰ কোনো কাহিনী নাই।। 


Saturday, February 4, 2017

ডিছপোজেব্‌ল সূর্য ৫ (চনেট)

বেলিৰ স’তে এদিন কথা হৈছিলোঁ। কিবা এটা নতুন কৰাৰ কথা কৈছিলোঁ। 
তাক সোঁৱৰাই দিছিলোঁ অতীত। তাৰ বিৰক্তিকৰ প্রাত্যহিক পুণৰাবৃত্তি;
সাৰশূণ্য ই জীৱন জগত - বাৰে বাৰে দেখোঁ সেই একেটি বেলি দিনে-প্রতি।
একো যেন বুজা নাই, অঁকৰাটোহে! খং উঠিছিল। তথাপি তাক বুজাইছিলোঁ।

ইমান সঠিক হোৱাটোও যে বেঠিক, মাথোঁ বিড়ম্বনা তাকেই বুজাইছিলোঁ   
বাৰম্বাৰ একেদৰে লাহ দি আবেলি বুৰ মৰা; আকৌ পূৱা দিয়া ফেঁহুজালি
ব্যতিক্রমহীন ভাবে। গতানুগতিকতা কিয় বেয়া, বুজাইছিলোঁ মনপুতি। 
আৱদ্ধ তাৰ নিয়মানুৱর্ত জীৱন পৰিক্রমা। নতুনত্বহীন সি - কৈছিলোঁ।

ক্ষমা কৰা, বেলিয়ে খুলিলে মুখ, তুমি কি কোৱা, কাণখোৱা, বুজিকে নাই পোৱা।
ইমানবোৰ কথা মই নুবুজোঁ, তুমি কোৱাৰ দৰে অন্যদিন সম্পর্কে চোন-    
মোৰ ধাৰণাই নাই। মই মাত্র সাৰ পাই উঠিলোঁ এই আজিহে ৰাতিপূৱা।
ঠিক আজিয়েহে মই জীয়াম, মোৰ এয়ে মাথোঁ, এটাই মাত্র দিনৰ জীৱন-   
জীবলৈ যি, মৰিবলৈকো সি। তাকে মই জীম। এটাই জীৱন, দিনতে ঢুকুৱা। 
স্মৃতিৰ বাবেও, বিস্মৃতিৰ বাবেও। আগলৈ পাছলৈ বুলি একো নাই এথোন।। 

("গৰীয়সী"-ত প্ৰকাশিত)