Wednesday, February 11, 2026

মায়ে একো নাজানে

 


বগৰী এটা খাবলৈ

মন গৈছিল বৰকৈ

মায়ে ক'লে

ময়ে বোলে 

বগৰীজোপা ৰুব লাগিবগৈ

 

বগৰী পকিব

মই হেনো বুটলি খাম 

যেতিয়া সৰিব

 

মাজতে ৰৈ যা বুলি ভিনিহিক কৈ

কলপাত এখিলা কাটি আনিলোঁগৈ

 

বগৰীনো কেনেকৈ ৰুৱে

সোধোঁতে মায়ে 

শুই থাকিবলৈহে ক'লে,

শুই থাকিলে

হাঁহোঁ ধৰিব নোৱাৰে শিয়ালে

নাজানে নেকি মায়ে

 

এইচ জি আৰ্চাৰে এদিন 

আমাৰ মাৰ কথা সুধিছিল

কেনেকৈনো কওঁ‌ 

 

আমাৰ মায়ে সঁ‌চাকে

নাজানে বুলি একোকে

উদ্বায়ু (গান)

 


সময়ৰো শেষ আছে। যাত্ৰা শেষ হয় পোহৰৰো।। - নৱকান্ত বৰুৱা

 

সঙ্গীত আমি ভালপাওঁ কাৰণ  

ই শেষ হৈ যায়

একে কাৰণতে ভালপাওঁ জীৱন  

এই আছে এই নাই

 

এই যে শেষ হৈ যোৱা বাৰে বাৰে

সেইবাবেই নেকি

তোমাকো ভালপাওঁ সেইবাবেই নেকি

 

পছিম আকাশত জিলিকা বিৰাট ৰক্তিম কান্তি।    

সিও হেনো এক মৰা সূৰ্যৰহে দৃষ্টিভ্ৰান্তি।

সূৰ্যটো সূৰ্য নহ’বও পাৰে,

হ’ব পাৰে সূৰ্যটোৰ চানেকী।

 

সকলো শেষ হয়, শেষ হৈ যায় ফুলৰো সুগন্ধি।

স্মৃতিও হেৰায়, খহে ঘৰৰ মাৰলি পান্তি।

একেখন নদীতে দুবাৰ ভৰি 

বুদ্ধই থ’ব নোৱাৰে য’ত নেকি।

গছপাত এখিলা সৰি সমুখতে পৰিল

 


গছপাত এখিলা সৰি সমুখতে পৰিল 

এই পাতখিলা আনবোৰ পাতৰ দৰে নহয়

এইখিলা পাতৰ দৰে পাত

আৰু দ্ৱিতীয় এখিলা নাই

গছপাত এখিলা সৰি সমুখতে পৰিল

গঢ় বা ঠগ, ব্যাসাৰ্ধ, সমস্ত জোখেৰে মিলা

বয়সে ৰঙে ৰূপে মিলা

দ্ৱিতীয় এখিলা নাই

গছপাত এখিলা সৰি সমুখতে পৰিল

 

গছপাত এখিলা সৰি সমুখতে পৰিল

এই যি পৰিল, এবাৰেই পৰিল

গছপাত এখিলা সৰি সমুখতে পৰিল

এই যি পৰিল, পৰিল যি পৰিলেই

সি আৰু উভতি বা উলটি আকৌ 

গছজোপাত গৈ লাগিবগৈ নোৱাৰে

এৰি অহা ঠিকনা দুনাই লিখিব নোৱাৰে

গছপাত এখিলা সৰি সমুখতে পৰিল

 

গছে মনত ৰাখেনে পাত

পাতে মনত ৰাখেনে গছ

গছপাত এখিলা সৰি সমুখতে পৰিল

 

হয়তো পাতখিলাই ভাবিছিল 

সি কেতিয়াও নসৰিব

অথবা হয়তো জানিছিল

এদিন সি সৰিব

গছপাত এখিলা সৰি সমুখতে পৰিল

 

হয়তো পাতখিলাই ভাবিছিল 

সৰি পৰাৰ পিছত 

কাৰোবাৰ ডায়েৰীৰ ভাঁজত সি ঠাই পাব

অথবা হয়তো জানিছিল 

মাটিৰ পাত মাটিত মিলিব

নিজকে দি যাব কাক? নিজকে দি যাব কাক

আন কাৰোবাৰ বাবে হব ভৱিষ্যতৰ খোৰাক 

গছপাত এখিলা সৰি সমুখতে পৰিল

 

পাতখিলা গছকি মই আগবাঢ়িলোঁ, 

এটা অসাৱধানী গছক

এটা অনুচ্ছ শব্দ মচক

 

সেই যে খোজটো, সেই খোজটোৱেইনো 

মই আৰু কেনেকৈ কেতিয়া দিম

প্ৰতিটো খোজ, খোজটো দিয়াৰ মুহূৰ্ততে নিখোঁজ

 

মই যে কৈছিলোঁ 

জৰুৰী কথা এষাৰ তোমাক কবলৈ আছিল

এয়াই জৰুৰী খবৰ 

গছপাত এখিলা সৰি সমুখতে পৰিল

তেনেই সাধাৰণ বুলি ভাবি থকা

অথচ মহাজগতৰ এক বিৰল পৰিঘটনা

গছপাত এখিলা সৰি সমুখতে পৰিল

 

10 February 2026

Thursday, November 13, 2025

এনাস্থেচিয়াৰ স্তৱক অষ্টক

 


স্তৱক এক

তোমাক এবাৰ চুই চাবলৈ মন গৈছে

চকুত চকু থৈ (আছেনে সেই সাহস)

অপলক নয়নে তোমাকেই চাই থাকিম যেন

বিৰাট মন গৈছে

কথা পাতি থাকিম অনৰ্গল

 

স্তৱক দুই

স্তৱক দুইটো এনেয়ে

একো কথা নাই

কথাবোৰ শেষ হৈ গৈছে

 

স্তৱক চাৰি

স্তৱক চাৰিটোও এনেয়ে

সকলোবোৰ কোৱা হৈ গৈছে

কথাবোৰৰ একো কথা নাই

 

স্তৱক তিনি

এই যে ছিন্ন-বিছিন্ন দেহাংশ ছিটিকি পৰিল

অগণিত মানুহৰ আত্ৰাণিৰ সংবাদ পালোঁ দুদিন আগতে

এক ভয়ংকৰ অমানৱীয় নৃশংসতাৰ প্ৰতিক্ৰিয়া

ক’ত?

ক’ত?

 

নিজে নিজকে চিকুটি আছোঁ

 

স্তৱক ছয়

দুদৰা ধাননিৰ মাজেৰে এক দিকচৌ বাটেৰে

চাইকেল চলাই গৈ থাকিবলৈ মন গৈছে

অটব্য বাঁহনিৰ মাজৰ জঁয়াৰ আন্ধাৰত

বাট হেৰুৱাবলৈ মন গৈছে

 

স্তৱক সাত

আৰু এটা স্তৱক এনেয়ে

কোনটো স্তৱক আগৰ কোনটো বা পাছৰ

স্তৱকে স্তৱকে ভাবুক লাখৰ

 

কেৱল প্ৰশ্নবোৰ কৰাতেই জানো কথাবোৰৰ শেষ

গানৰ মাজতে ৰৈ যায় পীট চিগাৰ

 

স্তৱক পাঁচ

নিজে নিজকে চিকুটি আছোঁ

আলপিন এটা লৈ হাতৰ তলুৱাত খুঁচি চাইছোঁ

জ্বলি থকা মমডালৰ শিখাত হাতখন পাতি দিছোঁ

নিজৰে জিভাখন এবাৰ

নিজৰে দাঁতেৰে কামোৰ মাৰি দি চাইছোঁ

 

কিবা অনুভৱ হয় নে নহয়

এতিয়াও কিবা অনুভৱ হয় নে নহয়

 

স্তৱক আঠ

তোমাক নাপালে মই মৰি যাম বুলি ক’বলৈ মন গৈছে

তোমাক পাই মোৰ মৰি থাকিবলৈ মন গৈছে

মৰাৰো মৰিবলৈ মন যাবই পাৰে

 

 

সমুদ্ৰ কাজল শইকীয়া

kankhowa@gmail.com, +919811375594

Tuesday, July 15, 2025

লংগৰ

 


(…একে একে দুই দুয়ে দুয়ে চাৰি

শাৰী শাৰী কৈ পাতি ৰাশি ৰাশি)

 

বহু উত্তৰ যে পালা গণিতৰ      

পিছে আউল অজানিতে লাগে।   

কোনে জানে কাৰ জীৱনৰ লংগৰ  

কোন ঘাটত বা লাগে।।        

    

শুনিছোঁ বহু আলোকবৰ্ষৰ সিপাৰৰ    

সম্ভেদ গণিতীয় কল্পনাৰে পাব পাৰি, 

মোৰ পৰা তোমালৈকে বাটটোহে      

জুখিব নোৱাৰি।                        

সূত্ৰৰে এনেকৈ নাও জীৱনৰ          

সাঙোৰ নাখায় চাগে’।  

 

কোনটি বা সূত্ৰেৰে কোনটি বা নীতিৰে          

নাজানি আগবাঢ়িও সমিধান পাব পাৰি,   

বুজিলোঁ আজি যেতিয়া পালোঁ            

সঁহাৰি তোমাৰে ।                        

মোহনাত ৰামধেনু সজায় তোমাৰ       

সোণসেৰীয়া মাতে।।      

      

 Longor Theme Song


[Two ones are two, two twos are four

Numbers are in lines, in a row…

 

Problems of numbers are done

But some puzzles arise

Who knows where his boat of life

Finds it's shore.

 

Heard that mystries beyond many a light years

Can be unfolded by magic of numbers

But the lane from me to you cann't be measured

Life might not be a slave of numbers…

 

Which method to be followed, which rule to be obeyed

Not knowing that solution can be achieved

Understood only when you hold my hands

Painting the rainbow with your golden voice…]


Translations- Chinmoyee Goswami 

ভাষান্তৰ- চিন্ময়ী গোস্বামী


Details for Longor Theme Song  

Longor, the theme song for a short film with the same name is just another romantic song but attempting to use the nomenclature of mathematics. Themed around a character, teacher of maths, addressing success and failure, this song of love reflects a song of life.

Audio Credits

কণ্ঠ- ৰাহুল গৌতম শৰ্মা

সুৰ আৰু সংগীত- পৰাণ বৰকটকী (জ’জ’)

গীত- সমুদ্ৰ কাজল শইকীয়া (কাণখোৱাৰ গান)

 

বাছ গীটাৰ- বুলবুল দাস 

গীটাৰ- ঋতিৰাজ গগৈ

ষ্টুডিঅ’ সহায়ক- বাদল ওৰাং

কোৰাছ- ধৃস্নিতা বৰা, স্বাশ্বত বৰা

ৰেকৰ্ডিং আৰু মিক্সিং- ধ্বনি ৰেকৰ্ডছ ষ্টুডিঅ’

 

Singer- Rahul Gautam Sharma

Composition & Music- Poran Borkatoky (Jojo)

Lyrics- Samudra Kajal Saikia (Kaankhowa’s Song)

 

Bass Guitar- Bulbul Das

Guitar- Writiraj Gogoi

Studio Assistant- Badal Urang

Chorus- Dhrisnita Bora, Swashwat Bora

Recorded and mixed at Dhwani Records Studio

 

Short Film Credits

কাৰ্যবাহী প্ৰযোজক- দিগন্ত কাকতি

কাহিনী- ৰাবুল শইকীয়া

চিত্ৰনাট্য-সংলাপ- সমুদ্ৰ কাজল শইকীয়া

পৰিচালনা- ৰূপকমল হাজৰিকা

 

সহকাৰী প্ৰযোজক- নীলা শইকীয়া

সামগ্ৰিক পৰিকল্পনা- ৰাবুল শইকীয়া, থুৰীয়া শইকীয়া

চিত্ৰগ্ৰহণ- নাহিদ আহমেদ

সম্পাদনা- হৃষিকেশ দাস

সহকাৰী পৰিচালক- ধনশ্ৰী কলিতা, নীলা শইকীয়া

আৱহ- দেৱজিৎ গায়ন

অভিনয়ত- দিগন্ত কাকতি, পংখী মহন্ত বৈশ্য, জনাৰ্দন মহন্ত, অয়নজিৎ দেৱ শৰ্মা, নিপা বৰা, নৱজ্যোতি নাথ, প্ৰতিভা হাজৰিকা (মুনু), ধনশ্ৰী কলিতা, প্ৰীতম বৰা  

 

Executive Producer- Diganta Kakati

Story- Rabul Saikia

Screenplay and Dialogue- Samudra Kajal Saikia

Director- Rupkamal Hazarika

 

Associate Producer- Nila Saikia

Concept/Planning- Rabul Saikia, Thuriya Saikia

DOP- Nahid Ahmed

Editing- Hrishikesh Das

Asst Directors- Dhanashree Kalita, Nila Saikia

Sound Designer- Debojit Gayan

Cast- Diganta Kakati, Pankhi Mahanta Baishya, Janardan Mahanta, Ayanjit Deva Sarmah, Nipa Bora, Nabajyoti Nath, Pratibha Hazarika (Munu), Dhanashree Kalita, Pritam Bora

 

চোতাল প্ৰডাকচনছৰ প্ৰস্তুতি

A Sotaal Productions Creation

 



Tuesday, July 8, 2025

বস্তু

 


১)

তুমিবস্তু

 

এদিন মদাহী এটা

বাটৰ কাষৰ বিজুলী খুঁটা এটা সাবটি শুই আছিল

এদিন কণমানি এজনীয়ে

কুকুৰ এটা সাবটি ঘুমটি মাৰিছিল

মানুহ এজন চলি থকা বাছখনতে

কাপোৰৰ টোপোলা এটা সাবটি টোপনি গৈছিল

 

মই সদায়ে তোমাক সাবটি লালকাল হওঁ‌

তুমি বিজুলীৰ খুটা, তুমি কুকুৰ, তুমি টোপোলা।।

 

২)

শিল্পবস্তু

 

সংগ্ৰহালয়ৰ বীথিকালৈ সোমাওঁ‌

সুসজ্জিত লানি লানিকৈ শিল্পবস্তু য'ত।

"নুচুব" বুলি লিখা থাকে। সেয়েহে চুব নোৱাৰোঁ‌

 

কিছুমান দুষ্টলোকে মনে মনে চুই চায়

আমি নোচোওঁ‌ বাবে সিহঁ‌তেও আমাক নোচোৱে

শিল্পবস্তুবোৰ একান্ত বাধ্য গোলাম

 

শিল্পৰ স্পৰ্শৰহিত প্ৰাত্যহিকতালৈ

আমাৰ এনেকৈয়ে প্ৰত্যাৱৰ্তন ঘটে

 

অন্যথা আপুনি দুষ্ট হোৱাটো খুবেই জৰুৰী।।

 

৩)

বস্তুটো

 

তোমাক দিবলৈ মোৰ বস্তু এটা আছে বুলি কৈ

কেনেকৈ কি জানো হ'ল তাই নোহোৱা হ'ল

এতিয়া তাইলৈ মনত পৰে যিমান, তাতকৈ

বস্তুটোলৈহে বেছিকৈ মনত পৰা হ'ল

 

কাহানিও নেদেখা বস্তুটো

নজনাকৈ ৰৈ যোৱা বস্তুটো।।

 

৪)

বস্তুবাদী

 

বস্তুতেই বস্তুৰ বাস্তু। শৰীৰতে আত্মাৰ বাস।

দেহবস্তু পঞ্চভূত থকালৈকেহে আত্মাৰ ৰাস।

 

তথাপি দেখা যায় বিদেহ আত্মাৰ পূজক বেছি হয়।

মামৰে ধৰিলেহে তৰোৱালৰ ঐতিহ্য চিনাক্ত হয়।

 

অন্যথাই ঘৰৰ গৰুৰ ঘৰৰ ঘাঁহ। ঘৰ কা মূৰ্গা।

পিছে দশপদ বস্তু ত্যাগি দশমীত বিপৰ্যস্ত দূৰ্গা।

 

বস্তু এটা কাটি বস্তু একোটা গঢ়ি উলিয়ায় খনিকৰে

শিল্পী নহ'লে বস্তুৰ ভিতৰৰ বস্তু ৰৈ যায় অগোচৰে।

 

সকলো শিল্পীয়ে বস্তুবাদী। তেল যেনেকৈ তিলতে ৰয়।

নিলিখা কবিতাটোহে আচল বুলিও যিসকলে কয়,

 

সেইসকলে কৈ থকাখিনিও কিন্তু

শব্দ, ধ্বনি, তেওঁলোকৰ কথ্যবস্তু।

 

ইন্দ্ৰিয়গ্ৰাহ্যতাৰ সিপাৰে বা আছে কি চিনি কি নিচিনি

বস্তুৰ বিৰোধিতা কৰি বস্তু এটা ডুচ্যঁই আনে কিনি

 

পেচাব কৰিব নোৱৰা কৰি থয় পেচাব কৰা যতন

বস্তুৰ উৎপাদ, বস্তুৰ উৎপাত, মাজত মানুষ ৰতন।।

 

[টোকা- শিল্পকলা বুলি যিখিনি চৰ্চাৰ কথা সচৰাচৰ পাতি থকা হয় সেইখিনিক প্লাষ্টিক আৰ্ট বুলিও জনা যায়।]


৫)

বিষয়-বস্তু (চনেট)

 

("In place of a hermeneutics we need an erotics of art"

-Susan Sontag)

 

বন্ধা আছে বস্তুগত বিষয়গত একেডালেই ৰছীত।

বিষয়ীৰ বিষয়ে বুজাই দিয়ে আইডেণ্টিটী পলিটিক্স।

সন্তৰ্পনে আগুৱায় সাৰে-ৰূপভেদে নিৰীক্ষক মাৰ্ক্সিষ্ট।

বিষয়নিষ্ঠ নোহোৱাকৈ বাৰু বস্তুনিষ্ঠ নো কোনখিনিত?

কোৱাই কৈ যায়, শুনাই শুনে, বস্তুনিষ্ঠ হোৱাই উচিত।

বৰ্ণান্তত অৱধাৰিত আহি পৰে কীবোৰ্ডৰ এষ্টেৰিস্ক।

বস্তুপিণ্ড সূক্ষ্ম হতে স্হূলেতে, ননচেন্সে খায় হৰলিক্স।

পিছে বস্তু বিষয়ৰ তথা বিষয় ৰয় বস্তুৰ ৰুচিত।

 

আইতা এজনীয়ে কৈছিল, মানুহ এজন ঢুকালত।

"বস্তুটো গ'ল"। বিষয়বিশ্ব নিৰিখি গ'ল গুৰুজনাই-

বিষয় বিষধৰ, জৰজৰ বিষয়েৰেই একালত।

বিষয়ে বস্তুৱে যি ভগায় তাক ব্ৰেখটেও সকিয়ায়।

জীৱজগত। বস্তুজগত। জীৱবস্তুময় ত্ৰিজগত।

বিষয়বাদীৰো বস্তুবাদীৰো বিষয়বস্তু একেটাই।

  

৬)

বস্তুবিদ্যা

 

"ভাবি চালে লিলিমাই

এই জীৱনত ভৰ, স্থান আৰু ভৰবেগৰ বাহিৰে একো নাই"

 

সংজ্ঞা অনুসৰি হেনো বস্তুৰ ভৰ থাকে আৰু বস্তুৱে স্থান আগুৰে।

মোৰ শ্লিপ-ডিস্কৰ সমস্যা কৰিছিল দাঙিবলৈ লোৱা বস্তুৰ ভৰে।

 

এবাৰ শূন্য এটাক দশমিক বিন্দুৰ ইফালে সিফালে বহুৱাই

আমাক অংক পঢ়োৱা বীৰেন ছাৰে কৈছিল- "স্থান এৰিলে মান যায়"।

 

ঔপনিৱেশিকে বস্তুবোৰৰ স্থানান্তৰণ কৰি আমাক দেখুৱায়-

কিছুমানেহে স্থান এৰি মান হেৰুৱায়, আন কিছুমানে মান পায়।

 

কোনোটো বস্তুৱেই পৰম অৰ্থত স্থান হেৰুৱাবৰ উপায় নাই;

স্থান হেৰুওৱা মানে নতুন স্থান অধিগ্ৰহণ কৰাটোকে বুজায়।

 

এইটোৱেইতো চাৰি দশকতকৈও অধিক কাল আমাক নিবিষ্ট

কৰি ৰখা আমাৰ আটাইতকৈ বেছি পৰিচিত ৰাজনৈতিক তত্ব।

 

অৱশ্যে ভৰ আৰু স্থানৰ বাহিৰেও সকলো বস্তুৰে সময় চিন।

অসময়ৰ বস্তু আৱৰ্জনা। তথাপিও বস্তু পেলাই দিয়া কঠিন।

 

একেই সমস্যাটো মৌচুমী ভৌমিকৰো আছিল। পেলাব নোৱাৰে একো।

বস্তু পেলাব নোৱাৰাত ভৰিছিল ঘৰ সৌৰভ কুমাৰ চলিহাৰো।

 

বস্তুৱেই বস্তু, ভৰি দিবলৈ ঠাই নাই। ঘৰকে সলনি কৰোঁ বুলি

যেতিয়া বস্তুবোৰ পেক হ'ল- বুজা গ'ল- অনেক ঠাই আছে মুকলি।

 

জগতৰ আনন্দযজ্ঞত ঠাই এডোখৰ পাই গায় ৰবি ঠাকুৰে।

মই কাৰ ঠাই লৈছোঁ? কোনেও কাৰো ঠাই আগুৰিব নোৱাৰে। নে পাৰে?

 

থোৰতে ভৰবেগেই জীৱন। ভৰ, স্থান আৰু সময়- সামৰে য'ত।

বস্তু ব্যতিৰেকে জীৱন ক'ত? সুধিছোঁ পিতা, জীৱন ক'ত? পিতা ক'ত?

 

পেটৰ মাজৰ অলপমান শূন্য ঠাই ৰয় মোৰ বস্তুৰেহে ভৰে

প্ৰতিনিয়ত বস্তু লাগে, নিতে নিতে ভৰাব লাগে খালী কৰাব লাগে

 

কাণখোৱা ভোগেশ্বৰ, অ' ভোগমন ভোগাই

ভাতকে খাই দিওঁ আৰু, সামৰক ককাই।।

 

 

৭)

অবস্তু

 

বস্তুত:

অবস্তু বুলি একো নাই

বস্তুতপক্ষে

অবস্তু মানেই অনস্তিত্ব

 

বস্তু সৎ। অবস্তু অসৎ।

অবস্তুৰ পৰা বস্তু অভিমূখে গৈ থাকোঁতেই

এজীৱন শেষ হয়।

 

বস্তুগত্যা

সই-তই-অস্তৰেই অস্তিত্বৰ প্ৰত্যয়

অসতোমা সৎগময়।

 

 

 

বস্তু সপ্তকৰ প্ৰসংগ টোকা- (উপপাঠ/ Subtext)

 

অৰ্থকোষ (Glossary):

বস্তু- বস্তু বি. [সং. বস্ + তু] :

১)এক নিৰ্দ্দিষ্ট সামগ্ৰী, বস্তু, দ্ৰব্য, সম্ভাৰ, জিনিচ, বস্তু-বাহানি, বস্তু-বেহানি, জিনিস, পদার্থ (ঘন বস্তু); ২) সাৰ, সাৰ পদাৰ্থ; ৩) সত্য; ৪) যিটো ঘটে বা প্ৰত্যক্ষ হয়।

 

বস্তুজগত : বি. জড়জগত।

বস্তুতত্ত্ব : বি. বস্তু বা পদাৰ্থসম্বন্ধীয় বিদ্যা বা শাস্ত্র।

বস্তুনিষ্ঠা : বি. বাস্তৱবাদিতা, বস্তুতন্ত্ৰত বিশ্বাসী, প্রকৃত ঘটনাৰ প্ৰতি বিশ্বস্ততা।

বস্তুনিষ্ঠ : বিণ. বাস্তৱবাদী; সত্যনিষ্ঠ।

বস্তুবাদী : বিণ. জড়বাদী।

বস্তুতন্ত্র : বি. বস্তুতান্ত্রিকতা, বাস্তব বা ইন্দ্রিয়গ্রাহ্য বিষয়কে প্রাধান্যদান, realism.

বস্তুগত : বিণ. ১) বাস্তৱ, যথাৰ্থ, objective (বস্তুগত বৰ্ণনা); ২) বৈষয়িক, material (বস্তুগত আনুকূল্য)।

বস্তুগত্যা : ক্ৰি বিণ. প্ৰকৃতপক্ষে।

বস্তুত/ বস্তুতঃ অব্য. ক্রি-বিণ. প্রকৃতপক্ষে, বাস্তৱিকপক্ষে। বাস্তৱত সংঘটিত হোৱা মতে। (English: really, actually, in fact, indeed, truly, forsooth, truthfully) আচলতে, প্ৰকৃততে, দৰাচলতে, বাস্তৱিকতে, বাস্তৱতে, প্ৰকৃতপক্ষে, দৰাচলে, সঁচাকৈ, স্বৰূপাৰ্থত, সত্যে সত্যে, স্বৰূপতে, স্বৰূপে, ফলতঃ, বাস্তৱিকপক্ষে, বস্তুতঃ, যথাৰ্থতে, সঁচা কথা ক’বলৈ হ’লে, কাৰ্যতঃ, যথাৰ্থপক্ষে, যথাৰ্থভাৱে, বস্তুতপক্ষে, প্ৰকৃতাৰ্থত, প্ৰকৃতাৰ্থে

 

Objective : ১) (Abstract Noun - Unassigned Gender) the object, place or condition that one wants to reach or achieve. কোনোৱে পাবলৈ বা অৰ্জন কৰিবলৈ বিছৰা বস্তু, স্থান বা অৱস্থা।

English: aim, goal, target, objective,

Assamese: লক্ষ্য, লক্ষ্যস্থল, উদ্দেশ্য, লক্ষ্যবস্তু,

 

২) (Proper Adj. - Unassigned Gender) of or pertaining to something that can be known with certainty, independent of thoughts or opinions. বিষয়গত, বিষয়নিষ্ঠ, বৈষয়িক, বস্তুনিষ্ঠ,

 

অনুৰণিত উদ্ধৃতি সমূহ :

“As the ego cogito, subjectivity is the consciousness that represents something, relates this representation back to itself, and so gathers with itself” -Martin Heidegger.

 

“Postmodernism was a reaction to modernism. Where modernism was about objectivity, postmodernism was about subjectivity. Where modernism sought a singular truth, postmodernism sought the multiplicity of truths.” -Miguel Syjuco.

 

“Complete objectivity is not an option. We are all subjective about the way we respond to 'what is,' whether it's the people we encounter, the circumstances in our lives, or ourselves. What we can do is reduce our subjectivity - what I call 'I see, therefore it is.'” -Elizabeth Thornton

 

"মামৰে ধৰিলেহে তৰোৱালৰ ঐতিহ্য চিনাক্ত হয়"।

Archiving অৰ্থাৎ বস্তু সংগ্ৰহ আৰু সংৰক্ষণ সম্পৰ্কীয় এলানি গৱেষণাৰ সৈতে যুক্ত হৈ থকাৰ সময়ত হোৱা কিছুমান উপলব্ধি। "বুঢ়ী আইৰ কলিজাৰে গজে বন নহৰুৰ ফুল” শীৰ্ষক আমাৰ গৱেষণাৰ এটি সুদীৰ্ঘ আলোচনা আছে। তদুপৰি দৈনিক অসমৰ দেওবৰীয়া চ'ৰাত "পেখু পেখু" স্তম্ভতো আলোচনা আগবঢ়োৱা হৈছে।

 

"শিল্পী নহ'লে বস্তুৰ ভিতৰৰ বস্তু ৰৈ যায় অগোচৰে"।

শিল্পী মাইকেলেঞ্জেলো (Michelangelo)-ৱে কোৱা কথা : “Every block of stone has a statue inside it and it is the task of the sculptor to discover it.”

 

"সকলো শিল্পীয়ে বস্তুবাদী" + "প্লাষ্টিক আৰ্ট"

শিল্পীৰ ৰং ৰূপ ঘ্ৰাণ আদি ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ সৈতেই নিকট সম্বন্ধ। শিল্পকলা বুলিলে সততে দৃষ্টিগ্ৰাহ্য আৰু স্পৰ্শক্ষম যিখিনি চৰ্চা বুজি থাকোঁ সেই সমূহক সেয়েহে প্লাষ্টিক আৰ্ট বুলিও জনা যায়।

 

"তেল যেনেকৈ তিলতে ৰয়"।

কবিৰৰ দোহা- "য্য' তিল মে তেল হ্যেঁ, য্য' চকমক মে আগ/ তেৰা সাঁই তুঝ মেঁ হ্যেঁ, তু জাগ চকে ত' জাগ।" আমাৰ অনুবাদত এনেকুৱা ৰূপ লৈছিল-

"তেল নিহিত তিলতে থাকে, টিঙিৰি শিলতে জুই,

তোৰ মাজতেই চেতনা আছে, উঠ' যদি সাৰ পাই"।।

 

"পেচাব কৰিব নোৱৰা কৰি থয় পেচাব কৰা যতন"

বিংশ শতিকাৰ আটাইতকৈ বেছি চৰ্চিত, ‘কুখ্যাত’ মাৰ্চেল ডুচ্যঁৰ "ফাউণ্টেইন, ১৯১৭" নামৰ শিল্পৰ উপস্থাপন। এই সম্পৰ্কে আঠটা খণ্ডত আমাৰ সুদীৰ্ঘ আৰু বিশদ আলোচনা প্ৰকাশ পাইছিল "প্ৰকাশ" আলোচনীত- "এটা পেচাবগাৰৰ এশ বছৰ"।

 

"মানুষ ৰতন"

-বাউল আৰু ফকীৰ গীতৰ পৰা। বিশেষকৈ লালন ফকীৰৰ গীতৰ অনুষংগেৰে।

 

"বস্তুৰ উৎপাদ, বস্তুৰ উৎপাত"

-জাৰ্মান সাংস্কৃতিক সমালোচক ৱাল্টাৰ বেঞ্জামিনৰ "যান্ত্ৰিক পুনৰোৎপাদনৰ যুগত শিল্পকৰ্ম" (The Work of Art in the Age of Mechanical Reproduction)-ৰ অনুষংগ।

 

চুজান চোন্তাগৰ উদ্ধৃতিটো য’ৰ পৰা লোৱা হৈছে সেই "Against Interpretation"-ৰ সন্দৰ্ভত : "Against Interpretation" is a collection of essays by Susan Sontag published in 1966. It includes some of Sontag's best-known works, including "On Style," and the eponymous essay "Against Interpretation." In the last, Sontag argues that in the new approach to aesthetics the spiritual importance of art is being replaced by the emphasis on the intellect. Rather than recognizing great creative works as possible sources of energy, she argues, contemporary critics were all too often taking art's transcendental power for granted, and focusing instead on their own intellectually constructed abstractions like "form" and "content." In effect, she wrote, interpretation had become "the intellect's revenge upon art." The essay famously finishes with the words, "in place of a hermeneutics we need an erotics of art".

 

"বিষয়ীৰ বিষয়ে বুজাই দিয়ে আইডেণ্টিটী পলিটিক্স"

subjective (English): Proper Adj. - Neuter Gender

based on or influenced by personal feelings, tastes, or opinions. "his views are highly subjective" ব্যক্তিগত ধ্যান ধাৰণা, অনুভূতিৰ ওপৰত প্ৰতিস্থিত, বিষয়ীগত আৰু বস্তিনিষ্ঠ দুয়োটা শব্দই সচৰাচৰ ব্যৱহৃত হৈ থাকে।

 

“সাৰে-ৰূপভেদে”

ভাৰতীয় চিত্ৰকলাৰ ছটা অংগক একেলগে ষড়ঙ্গ বুলি কোৱা হয়।

"ৰূপভেদ প্ৰমাণানি ভাৱ-লাৱণ্য-যোজনম

সাদৃশ্যম ৱৰ্ণকাভংগম ইতি চিত্ৰম ষড়কম"।।

 

"নিৰীক্ষক মাৰ্ক্সিষ্ট"

"[The] divorce between reality (or content or essence) and the way it appears (or form) is a central aspect of Marx‘s (dialectical) thought. It forges the link between abstract concepts (such as class and value for example) and their concrete and practical presence in everyday life (through wages, prices and profits)" -Fine, Ben, and Alfredo Saad-Filho. Marx's Capital. London: Pluto Press, 2004. P. 4

 

"ব্ৰেখটেও সকিয়ায়"

“One must not expect too much from people who use the word ‘form’ too fluently as signifying something other than content, or as connected with content, whatever, or who are suspicious of ‘technique’ as something ‘mechanical’. One must not pay too much attention to the fact that they quote the classics (of Marxism) and that the word ‘form’ occurs there too; the classics did not teach the technique of writing novels.”

-Bertolt Brecht

[Bloch, Ernst, Georg Lukács, Bertolt Brecht, Walter Benjamin, and Theodor Adorno. Aesthetics and Politics. London: Verso Editions, 1980. P. 76]

 

"বস্তুপিণ্ড সূক্ষ্ম হতে স্হূলেতে"

-সুকুমাৰ ৰায়ৰ ননচেন্স পদ্য আবোল তাবোলত সন্নিবিষ্ট “বুঝিয়ে বলা” নামৰ পদ্যৰ পৰা।

 

"বিষয় বিষধৰ, জৰজৰ বিষয়েৰেই একালত"।

ভৌতিক বস্তুগত জগত, ভাব-ভাষাৰ বিষয় আৰু ব্যক্তি-পৰিচয়ৰ বিষয়ী উপস্থিতিৰ সমান্তৰাল উপস্থাপন। বিষয় হিচাপে ব্যক্তি আৰু ব্যক্তিৰ সৈতে বাসনাৰ সংযোগেৰে ‘বিষয়’ শব্দৰ দ্বৈত অনুষংগ শংকৰদেৱৰ বৰগীতত আছে।  

 

“ঔপনিৱেশিকে বস্তুবোৰৰ স্থানান্তৰণ কৰি আমাক দেখুৱায়”

-Archive সম্পৰ্কীয় অধ্যয়ণৰ উপলব্ধি। বস্তু সংগ্ৰহৰ পিছত তাক সদায়ে তাৰ স্থান আৰু কালৰ প্ৰসংগৰ পৰা আঁতৰাই অনা হয়। সেই সমলক সংৰক্ষণৰ ব্যৱস্থাক তাক আকৌ পুনৰ-প্ৰসংগায়িতকৰণ কৰা হয়।

 

"স্থান হেৰুওৱা মানে নতুন স্থান অধিগ্ৰহণ কৰাটোকে বুজায়"

দেশান্তৰন আৰু অনুপ্ৰৱেশ সমসাময়িক ৰাজনীতিৰ জলন্ত বিষয়।

 

"একেই সমস্যাটো মৌচুমী ভৌমিকৰো আছিল"

মৌচুমী ভৌমিকৰ গান- "কিছু ফেলতে পাৰি না"।

 

"বস্তু পেলাব নোৱৰাত ভৰিছিল ঘৰ সৌৰভ কুমাৰ চলিহাৰো"

সৌৰভ কুমাৰ চলিহাৰ এটা গল্পৰ বৰ্ণনা।

 

"অসতোমা সৎগময়"

সৎ মানে আমি দৈনন্দিন কথাবাৰ্তাত সত্যবাদিতা, সৎ পথত চলা আদিকে বুজাই থাকোঁ যদিও আদি উপনিষদৰ এইখিনি কথাত সৎ শব্দৰ তাৎপৰ্য আৰু বেছি গভীৰ। সৎ শব্দ অস্তিত্বৰ সূচক। অসতোমা সৎগময়- মানে অনস্তিত্বৰ পৰা অস্তিত্বৰ প্ৰতি গমন।

 

 

সমুদ্র কাজল শইকীয়া

Rajya Sabha Television (RSTV),

3rd Floor, Talkatora Stadium Annexe Building,

New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594