আমি যুঁজি যাম বান্ধৈ, এই বিষন্ন বতৰৰ বাবে
আমি যুঁজি যাম বান্ধৈ, কৃতদাস আকাংক্ষাৰ বাবে
আমি বুটলিম বান্ধৈ, জীৱনৰ তলসৰা
হাতুৰি এতিয়াও চলে, উৰুঙা নিহাৰিত
হাল এতিয়াও চলে আৰ্ত ধৰিত্ৰীৰ বুকুত
এই যুঁজ জানো আমাৰ কাম্য আছিল? প্ৰশ্নই নাচিবলৈ লয়
সেই প্ৰশ্নৰ কান্ধতে উঠি লৈ
আমি যুঁজি যাম বান্ধৈ
আমাৰ নিহত হেঁপাহবোৰৰ শপত খাই
প্ৰশমিত দৃষ্টিবোৰৰ শপত খাই
হাতত থকা দাগবোৰৰ শপত খাই
আমি যুঁজি যাম বান্ধৈ
আমি তেতিয়ালৈকে যুঁজিম
যেতিয়ালৈকে ছাগলীৰ মূত্ৰপান কৰি বাচে
ছাগলী চৰোৱা ল'ৰা
ফুলি থকা সৰিয়হৰ ফুলক
যেতিয়ালৈকে কৃষকে নিজেই আহি নুশুঙে
আৰু সেই উখহি থকা চকুৰ
গাঁৱৰ অধ্যাপিকাৰ স্বামী যেতিয়ালৈকে
যুদ্ধৰ পৰা উভতি নাহে
যেতিয়ালৈকে পুলিচৰ চিপাহীয়ে
আপোন ভাতৃৰ ডিঙি চেঁপিবলৈ বাধ্য হয়
এৰা, চাকৰীয়াল বাবুৱে
যেতিয়ালৈকে লিখে তেজেৰে আখৰ
আমি যুঁজি যাম, যেতিয়ালৈকে
পৃথিৱীত যুঁজি যোৱাৰ প্ৰয়োজনখিনি বাকী থাকে
বন্দুক নাথাকিলেও তৰোৱাল থাকে
তৰোৱালো যাৰ নাই, যুঁজাৰ অকাংক্ষা থাকে
ৰণনীতি কাক কয় যদি বুজিও নাপাওঁ
যুঁজাৰ প্ৰয়োজনীয়তাখিনি বুজোঁ ঠিকেই
আৰু আমি যুঁজি যাম, বান্ধৈ
আমি যুঁজিম
কাৰণ নুযুঁজাকৈ আমি আজিলৈকে একো পোৱা নাই
আমি যুঁজিম
এই কথা ভাবিয়ে যে এতিয়ালৈকে কিয়নো নুযুঁজিলোঁ
আমি যুঁজিম
নিজৰ অচেতনতাৰ শাস্তি মূৰ পাতি ল’বৰ বাবে
যুঁজি যুঁজি যি মৰি গ’ল
তেওঁলোকৰ স্মৃতিক জীয়াই ৰাখিবৰ বাবে
আমি যুঁজি যাম
-পাছ (অৱতাৰ সিং সান্ধু)
