Wednesday, March 10, 2021

বাসন্তী ইলেকচন ২০২১-ৰ চনেট

 ইঘাটে পানী খায় কাণখোৱাই, সিঘাটেও খায় পানী,  (২০)

মন্দমতি ঘোঁৰাই পলকতে ভাও দিয়ে : চাতক!  (১৮)

এই দুনীয়াত আন একো নাই, সকলো নাটক।  (১৮)

স্বভাৱতে নাই যি, সি কি সহজে ঘটে? - লালনৰ বাণী।  (২০)

 

এদিম চেদিম বা বুলি ডাক চাৰিওদিশে শুনি শুনি  (২০)

দেশ উদ্ধাৰিবা? হৌৰা বোপা, কোন কিহৰ লায়ক?  (১৮)

অ’ ডাঙৰীয়া, এতিয়া ভেকো-ভাওনাখন পাতক।  (১৮)

আমনিহে লাগিছে এই প্ৰাক-বৰষুণ গাজনিখিনি।  (২০)

 

আকাশত বোপা, মেলি দিছা শিপা, উৰিবই বতাহত।  (২০)

দেশ বুলিছা উশাহত, বুজিছোঁ, আচলতে উলাহত।  (২০)

কণী পাৰিবলৈ কুলী হৈ, বিচাৰিছা কাউৰীৰ বাহত।  (২০)

ক’ৰ’ণাৰ ভয় দেখুৱাইছা সজ ফাগুনীয়া কাহত।  (২০)

শৰাইঘাটৰ শেষ ৰণৰ নিচান দেখোঁ নিজানত  (২০)

পৰি ৰৈছে কাণখোৱাৰ ঘৰৰ এৰাবাৰীৰ ঘাঁহত।  (২০) 

অসাৰ জীৱন

 হৰকান্তৰ জীৱনটো তেনেই অসাৰ। ইমানেই অসাৰ যে

কোনেও ঘুকুটিয়াই তাৰ

নাড়ীভুঁৰিখিনি বাহিৰ কৰি নাপালে।

কোনেও আজিলৈকে মূৰত হাতুৰি এটাৰে নটঙনিয়ালে।

হৰকান্তৰ জীৱনটো ইমানে সাধাৰণ ভাবে গ’ল যে

তাৰ ঘৰত পৰমাণু বোমা এটাও আহি নপৰিলহি

ঘটনাক্ৰমে বা ভুলক্ৰমেও।

আঙুলিবোৰ হেক্সাব্লেড এখনেৰে ৰেপি ৰেপি কাটি নি

লো-শলখাৰে বিন্ধি আঙঠাৰ ওপৰত থৈ

কোনেও বাৰ্বিকিউ খাই নাপালে।

তাৰ ঘৰত চোৰে কাহানিবা সিন্ধি খন্দাটোতো দূৰৰে কথা

কোনেও তাৰ চকু দুটা উঘালি অনাৰো কোনো ৰেকৰ্ড নাই।

ভঙা জাহাজৰ মাস্তুল হাতৰ মুঠিতে ধৰি অগা পিছা কৰি

হৰকান্তই বাসনাৰ কোবাল ঢৌ পাৰ হ’ম বুলি গৈ থাকিল।

ব্ৰহ্মাণ্ডৰ শূন্যতাত কোনোদিনে চিলনীসাঁতোৰ দি নোপোৱা

হৰকান্ত কিমান অকৰ্মণ্য- কিনো ক’ম আৰু?

হৰকান্ত ইমানেই এক নিমাখিত মানুহ যে

কেৱল ভোট দিয়া আৰু কৰকাটল দিয়াটোৱেই

জীৱনত একমাত্ৰ কাম বুলি ভাবি বহি থাকিল।

চেকুলাৰ গড

 চেকুলাৰ ভগৱান এটা। মহা বইজাত!

মিচিকিয়াই হাঁহে

সকলো ঈশ্বৰেই বইজাত।

যিদিনাই মানুহে ভগৱানক বল দে বুদ্ধি দে বুলিলে

সেইদিনাৰে পৰাই বল বুদ্ধি সাং হ’ল।

এতিয়া আকৌ

ক’ত জানো হেৰাই পাই বুটলি আনি

অধৰ্মী কাণখোৱাই কয়

এইটো মই কাকো নিদিওঁ

এইটো মই পুহিম

ধুই!

নিজৰে অস্তিত্বৰ স্বাভিমানক কাঠগড়াত ঠিয় কৰাই

ভগৱান এটা পুহি থকাটো কি মুখৰ কথা?

গ্ৰন্থমেলা

এইবাটেদি দেখিছিলা নেকি বুলে শ্বাহক যোৱা?

মন্দিৰ-মছজিদবোৰ ভাঙি আহি হৈ ঘৰমূৱা-

কথা আছিল বোলে কিতাপবোৰ জ্বলাই পেলোৱা।

হাতত জুইশলাবাহটো লৈ ৰৈ থাকে কাণখোৱা।।