টেঙামৰ্টন বুলি টুপুককৈ খাই থ’বলৈ মন যোৱা
উদয়াস্তৰ বেলিটোৰ বাজে
পৰুৱাই পোৱা পৰুৱাটোৰ বাজে
মগুমাহৰ গজালিটোৰ বাজে
কাৰ এনে সত আছে যি মোক কন্দুৱাব পাৰে
নৰাপেঁপাৰ সুহুৰিটোৰ বাজে
জাকৰুৱা মানুহৰ উথপথপ খোজবোৰৰ বাজে
মুঠিয়ে মুঠিয়ে জ্বলন্ত জোঁৰবোৰৰ বাজে
নিজানৰ কেতেকীটোৰ বাজে
কাৰ এনে সত আছে যি মোক কন্দুৱাব পাৰে
কিংখাপ চানেকীটোৰ গোন্ধ এটাৰ বাজে
কাছৰ পিঠিত চলংখন কিয় হয়-
এনেকুৱা প্ৰশ্ন একোটাৰ বাজে
অ’ পাহাৰৰ বাহাৰ, অ’ ভৈয়ামৰ ভৈয়াই,
কান্দোঁ বুলি কান্দিবলৈ এবাৰ বহি ল’লে
ৰহা-তিপাম-শলগুৰি এনে ক’ত কোন আছে
যি মোক নিচুকাব পাৰে
এই ভৰন্ত পৃথিৱী, এই প্ৰকাণ্ড ব্ৰহ্মাণ্ড
তাৰ বাহিৰে মোৰ বুলিবলৈ কিনো বাৰু আছে?
এখন নিঃস্ব বিশ্ব
তাকে সাবটি কান্দে কাণখোৱা ভণ্ড।
