ক্ষণিকৰ
ভৰবেগ জীৱন। আমি নাম থ'লোঁ পাৰফৰমেন্স। উত্তৰলৈ
বুলি দুজন মানুহ গৈ থাকিলে, সৰলৰেখাত হ'লেও, অন্ততঃ উত্তৰ মেৰুত তেওঁলোক মিলিত হ'বগৈ।
যদি উত্তৰে-দক্ষিণে দুটা বিপৰীত দিশতো তেওঁলোকে গতি কৰে, কোনোবা এটা নহয় এটা মেৰুত মিলিত হ'বগৈ
দুয়ো। সমান্তৰাল
ৰেখা আচলতে বিৰোধাভাসৰ সূচক নে নিৰন্তৰ সাহচৰ্যৰ? খেলি থকালৈকেহে খেলখন খেলা, খেলা
শেষ হ'লেই জীৱন লাওখোলা; মৰিশালিত হেমলেটৰ হাতত ইউৰিকৰ।পৃষ্ঠটানে সকলোকে গোল কৰি ৰাখে।
বিন্দু বিন্দু পানী, বীৰ্য, ঘাম। গোল ফুটবলে গোল পথেৰে গতি কৰে। ঘাঁহনিৰ ওপৰেৰে সি
বাগৰিওতো যাব পাৰিলেহেতেন! সৰলতা সেয়ে এটা সম্ভাৱনা মাত্ৰ। বক্ৰতাহে পৰম সত্য। স্ফীত
ডিম্বাণু। স্ফীত গৰ্ভ। সেই যি স্ফীত পৃষ্ঠত মৰা প্ৰথমটো গোৰ, সেয়ে আপোনাৰ অস্তিত্বৰ
প্ৰথম ঘোষণা। কাৰ্ল ফ্ৰীডৰিখ গ'ছে মৰা প্ৰথমটো গোৰৰ পৰা কাঢ়ি নিলে ফুটবলটো বাৰ্ণাৰ্ড
ৰীমেনে। তাৰ পৰা কাঢ়ি নিলে এলবাৰ্ট আইনষ্টাইনে চতুৰ্থ মাত্ৰাৰ সময়লৈ। মাটিৰ টানো ভুল
নিউটন। স্ফীতিটানে টানিছে। শূন্যত ভাঁহিছে ভৰন্ত শৰীৰ। উৰি
উৰি ঘূৰি ঘূৰি বুজি উঠোঁ জীৱন এটা বতাহত উৰা বতাহৰ সমষ্টি। ফুটবলে বুজে বুদ্ধৰ শূন্যতা। শূন্যতা বজ্ৰ। কেন্দ্ৰৰ
পৰা পৃষ্ঠৰ প্ৰতিটো বিন্দুলৈ দূৰত্ব সমান। মাহী আইৰ চকুৰে চোৱা কেন্দ্ৰ ফুটবলটোত নাথাকে।
সমস্যা এটাৰ সমাধান বিচাৰি সৰলৰেখাৰে আগবঢ়া সৰল মানুহ একেটা সমস্যাতে আহি ৰয়হি। গোল
আকাৰেই মন টানে, উদ্গিৰণ কৰে বাসনাৰ... curvy is sexy... বহুকাল ধৰি এৰাবাৰীত পৰি ৰওঁ
কোনোবাই আহি গোৰ এটাকে মাৰি দিয়কহি বুলি। হাততে হাত ধৰি আগুৱাই গৈ থকা মানৱশৃংখলাটো
গোল হৈ ঘূৰি নহালৈকে সম্পূৰ্ণ নহয়। গোল গোল ঘূৰে ভূমণ্ডল। গোল গোল ঘূৰে ব্ৰহ্মাণ্ডৰ
পদাৰ্থ সকল। গোল গোল ঘূৰে ফুটবল। গোল গোলকৈ ঘূৰি ঘূৰি ৰক্ষা পৰে ৰঙালাওৰ ভিতৰত থকা
সাধুকথাৰ বুঢ়ী। চিধাকথা
কাহানিকৈ ক'বি বুলি ইউক্লিডে সোধেহি আহি, কাণখোৱাৰ মুখত ভাঁহে বক্ৰাকৃতিৰ এটা হাঁহি।
সমুদ্ৰ কাজল শইকীয়া
