Thursday, June 27, 2019

যতিচিহ্নসিন্নিবেশৰহিত এষাৰ


এই মুহূৰ্তত মই ক’ব খোজা কথাষাৰ
ডিডেৰোৱে কৈছিল
অন্ধত্বৰ অন্ধকাৰত
আখৰ হৈছিল নে নহৈছিল তাকো মনিব নোৱৰাকৈয়ে
লিখি পেলাইছিল
এই মই ক’ব খোজা কথাষাৰ ফইজে কৈছিল
কাৰাগাৰত আছিল তেতিয়া তেওঁ
এজন মৃন্ময় ভাস্কৰে কেঁ‌চা মাটিত আঁ‌চ বোলাই
তাক পুৰিবৰ পৰত ভাবি আছিল
এই একেষাৰ কথা
হয়তোবা
এই মুহূৰ্তত মোৰ ক’বলৈ থকা একেষাৰি কথা
সেয়া চাৰি হেজাৰ সাতশ বছৰৰ আগৰ কথা
এজন উপনিষদৰ কবিয়ে
সূৰ্যটোলৈ চাই কিবাকিবি বিৰবিৰাইছিল
বাৎসায়নৰ শিষ্যই চৌষষ্টিটা ধৰণেৰে ক’বলৈ বিচাৰিছিল
কোনোবাই হয়তো পালে
অথবা নাপালে
কোনোবাই যে কাগজ এটুকুৰাত লিখি
উটুৱাই দিছিল পানীত
একেষাৰিয়ে কথা
এজাক কিতাপৰ কোঢ়ালৰ মাজত
বৰ্হেছে বিৰবিৰাইছিল
উচ্চাৰিত হৈছিল বাণীকান্তৰ বাণী
ইতিমধ্যেই কোৱা হৈ গৈছে সকলো কথা
কিবা এষাৰ কোৱা
নোকোৱা কিয়
মোৰ সন্মুখতহে তোমাৰ মুখৰ মাত নোহোৱা হয়
যেতিয়া তোৰ আপত্তি শুনো
ভাবোঁ‌
কেনেকৈনো কওঁ
সাধ্যানুসাৰেহে ভাষাটো ওলায়





সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594


নিচুকনিৰ চনেট


সোণ মোৰ টোপনি যা। এতিয়া এয়া নিজম ৰাতি।  (১৮)
গছবোৰ শুলে। চৰাইবোৰ শুলে। বাটৰ কুকুৰো নিমাত।  (২২)
মুজ্জাফৰপুৰৰ ডেৰশ শিশু শুলে। মানুহবোৰো নিমাত।  (২২)
জোৰবোৰ এতিয়া জ্বলা নাই। নুমাই আছে বাতি।  (১৮)

শটো পেলালোঁ কথা ক’ব নোৱৰাকৈ ডিঙিটো কাটি।  (১৮)
কণ্ঠবোৰ এতিয়া বন্ধকত, নহ’লেবা ঘাতকৰ জিম্মাত।  (২২)
শুনিও নুশুনি শিয়ালৰ ৰাও, কোনেনো কৰে জানো বাজিমাৎ!  (২২)
সোণ মোৰ টোপনি যা। এয়া নিজম নিমাও ৰাতি।  (১৮)

প্ৰশ্নবোৰ মাটিত পুটি থ’লেই তাতে গজে ন্যায়নিষ্ঠা।  (২০)
সোণ মোৰ টোপনি যা। নিজান এন্ধাৰত কোনেও কাৰো নিচিনে ভেশ।  (২৫)
আজি সকলো সুখী; ভেনামাখিবোৰো, দেখি সৰ্বত্ৰ বিষ্ঠা।  (২০)
ভজি মন মজি মন ভকতিত সকলো শুলে এতিয়া পাহৰি ক্লেশ।  (২৫)
সুখৰ বাতৰিৰে ভৰি থাকে বাতৰি-কাকতৰ পৃষ্ঠা।  (২০)
সকলো ভাল এতিয়া ইয়াত এইখন ঈশ্বৰৰ জন্ম হোৱা দেশ।।  (২৫)