Tuesday, July 6, 2021

বিদায়

 বোলে চৰায়ে খাই নাহাগিলে

কুনকুনি জলকীয়া নহয়

 

মহাজাগতিক মহাশূন্যতাৰ বাহিৰে

অন্য শূন্যতাৰ নিজা অস্তিত্ব নাথাকে

 

এইখিনিতে জেওৰা এখন আছিল,

এতিয়া নাই বুলিলে একধৰণৰ শূন্যতা

 

তেখেত নাছিল, থকাৰ কথাও নাছিল

তেখেত নথকাৰ শূন্যতাটো আকৌ

কি বেং কথা

 

দিনটো লৰি-ধাপৰি খেলি দিনান্তত

বিদায় বুলি ঢকা এটা মৰাটো এক কথা

 

শালিকীৰো ধান-চাউল খাওঁতাৰ আকাল নাই

 

যি নাছিল, যাৰ থকাৰ কথাও নাছিল,

যাক লগ পোৱা নহ’ল, হয়তো লগ পোৱাৰ কথাও নাছিল

তাকো বিদায় বোলাটো কি বেং কথা?

 

তথাপি বিদায়।




ডেটিং (এক)

 কথাবোৰ এনেকুৱা আছিল,

নখবোৰ দীঘল হৈছে। দাঢ়ি কাটিম বুলি

ভবাতে থাকিল, কটাহে নহ'ল।

কথাবোৰ এনেকুৱা আছিল, ইমান জোৰেৰে

গান বজালে কিবা ভাল নালাগে। অ' ৰ'বা,

আজি কি হ'ল জানা? আৰম্ভহে হ'ল

কথাখিনি শেষ নহ'ল।

কি হ'ল বুলি তেওঁ নুসুধিলে,

নে মইহে নক'লোঁ‌ মনত নাই।

কথা কৈ থকাৰ মাজতে এবাৰ গমি চালোঁ‌-

আজি মই বেছিকৈ কথা কৈছোঁ‌ নেকি!

কথাবোৰ আছিল ভাতখোৱা শাকখোৱা কথা।

কিন্তু সেইখিনি সময়তে ভূচিত্ৰাৱলীৰ ৰেখাবোৰ

মচ খাই গৈ বিমূৰ্ত ৰং এসোপাহে ৰৈছিলগৈ

ফুল তুলিবলৈ ছোৱালীহঁত উভতি আহিছিল

প্ৰাচীন পুথিপাঁ‌জিৰ ভঁৰালটোতো জুই লাগিছিল

কিবা এটা অদ্ভুত চৌম্বুকীয় কাৰবাৰে

সমস্ত ঘড়ী অচল কৰি দিছিল। আমি

ইজনে সিজনৰ হাতত হাত থৈ

ঢেৰ কথা পাতিবলৈ সুযোগ পাইছিলোঁ।

মই আকৌ বেছি কথা পাতি ভাল নাপাওঁ‌ বুলিও যে

অনৰ্গল কথা পাতি আছিলোঁ‌,

কথাবোৰ ঠিক তেনেকুৱা আছিল

কথাবোৰ তেনেকুৱা আছিল।


https://www.youtube.com/watch?v=I4EYNtJIu0k

 


সমুদ্ৰ কাজল শইকীয়া

বৰ্ষান্তিক

 বছৰ এটাত যিমান যি নঘটক কিয়

বছৰৰ শেষত বছৰটো এনেয়ে অথলে যোৱা…

অবাবৰ কোমোৰা এটা যেনেই লাগে

ঘটিবলগীয়াকৈ তেনেকৈ একোৱেই নঘটে দেখোন

 

সকলোবোৰ মনত ৰখা হ’ব বুলি বুলিছিলোঁ কি

আমিও চাই ল’ম বুলি বুলিছিলোঁ কি

কি বাটে বাট বুলিম বুলি বুলিছিলোঁ কি

মণিকালৈ ফোন কৰোঁ বুলি

ফোনটো আনিবলৈ আনটো কোঠালৈ গৈ

উভতি আহোঁ

অলপ আগেয়ে সেইটো কোঠালৈ কিয় গৈছিলোঁ? 

 

কাৰোবাৰ ঘোঁৰাৰ ঘাঁহ কাটোঁতেই বছৰটো যায়

ঘঁৰিয়ালৰ খাল খান্দোতেও যায় কাৰোবাৰ

তথাপি বছৰটোৱে শূন্যহাতে নিজকে সামৰে 

 

কিজানিবা যিটো বছৰত পৃথিৱীখনেই ছাৰখাৰ হৈ যাব

সেইটো বছৰৰ শেষতো এনেকুৱাই লাগিব

মুহূৰ্তে মুহূৰ্তে কিমান গ্ৰহ নক্ষত্ৰই অস্তিত্বৰ কাহিনী সামৰিছে

তাৰ মাজত ই এখন পৃথিৱীৰ অৱলুপ্তিনো

কিটো ডাঙৰ কথা?

 

এৰা, বছৰটো যেতিয়া শেষ হ’বলৈ লয়

ডাঙৰ কথা বুলিবলৈ একো নাথাকেগৈ

  

(অৱশ্যে দুটামান ডাঙৰ কথা থাকে সেইবোৰ

কুইজত আহিব বুলি ছাত্ৰছাত্ৰীসকলে একোবাৰ জুকিয়াই লয়)।




ছবিতা

 তোমাৰ মাহটো কোনফালে আছে?

কি কথা সুধিবলৈ আহিছা? ফটোখন দেখা নাই জানো?

দেখিছোঁ বাবেইতো সুধিছোঁ

নহ’লে তোমাৰ মাহ এটা আছে বুলিনো কেনেকৈ জানিলোঁহেতেন

এতিয়া কথা হ’ল

ফটোখন কি কেমেৰাৰে তোলা। যদি ফ্ৰণ্ট কেমেৰাৰে তোলা

মাহটো আচলতে ওলোটা ফালেহে আছে বুলি ধৰিম।

এতিয়া তুমি মোক আঁকিবলৈ দিয়া ছবিখন

কাৰ মতে আঁকিম? মোৰ মতে, তোমাৰ মতে নে কেমেৰাৰ মতে?

ছবি এখনৰ মতে, এই সময়ৰ ছবিবোৰৰ মতে, মানুহে চাই ভাল পাব

সেই মতে নে কোন মতে?

ৰীতি মতে নে তিথি মতে? নে ইচ্ছা মতে? বাৰু আন নালাগে,

সদ্যহতে ইয়াকে কোৱা- 

তোমাৰ মুখৰ মাহটো মই কোনফালে আঁকিম?




হ’ল নহ’লৰ চনেট

 হ’লবোৰেৰে জীৱনটো হ’ল নে নহ’লবোৰেৰে হ’ল?

হ’লবোৰেৰে কিছুমান যে নহয় - বুজিলোঁ অতখিনি 

নহ’লবোৰেৰে হ’ল কি কি সেয়াও দেখিলোঁ ভালেখিনি।

নামটো এৰি মালিকৰ আত্মকথা পঢ়িবলৈ নহ’ল।   

 

পদূলিয়ে পদূলিয়ে কোনে ৰিঙিয়াই গ’ল, শুনো- “গ’ল”; 

গ’ল অ’ গ’ল বুলি কান্দোনৰ ৰোল উঠিল চোতালত। 

চকুলো যি নোলাল তেতিয়া, ওলাল ফুটবল খেলত

হাজাৰ মানুহে উল্লাসেৰে যেতিয়া চিঞৰিছিল- গ’ল।।

 

তোমাৰ নামটো হোৱাৰ ঘৰত ৰ’ল নে নোহোৱাৰ ঘৰলৈ গ’ল? 

পূৰ্ণতাৰ-শূন্যতাৰ নহৰু-পনৰু দুয়োটা বাতি তোমাৰে হ’ল।

ঘিটিঙাই বজা কাঁহৰ বাতিৰ ধ্বনিটোহে কিজানিবা মোৰ হ’ল।

তুমি নহালৈকে বাৰু ব্ৰহ্মাণ্ডখনেই মোৰ আছিল, এজ এ হ’ল।

তাৰপিছত অ’ ব্লেক হ’ল, বাৰ্কাৰ’ল বাৰ্কাৰ’ল, কি বা জানো হ’ল!

কি যে ৰ’ল, কি কেনি হাতে গ’ল তাকে চাবলৈকেনো কোনেই বা ৰ’ল?

 


[Email: kankhowa@gmail.com, contact: 9811375594]