Friday, December 30, 2016

সঁকিয়নি [চনেট]

সমুদ্ৰৰ প্ৰশান্তিয়ে আমাৰ মনলৈ
চুনামিৰ কথা নানে। বাৰ্ধক্যই দিয়ে
সম্ভ্ৰম; তাকে লৈ ৰৈ থকা পাহাৰটোৱে   
আগ্নেয়গিৰিৰ কথাতো নানে মনলৈ!   
আকাশত ওপঙি থকা ডাৱৰ দেখি
ক’ব নোৱাৰি ক’ত বা পৰে বজ্ৰপাত।   
জোকাই নল’লে কিনো চাবা নিমাখিত  
দুচকু বনৰ বাঘৰ, নিৰ্জু বিনয়ী।    
নতশিৰ হৈ ৰৈছোঁ তোমাৰ সন্মুখত    
অলপ সৌহাৰ্দ্যৰ দোহাই। শুভাকাংখ্যা!  
মাথোঁ কৈ থওঁ আজি সকিয়নি পূৰ্বক-   
এই যে কথাই প্ৰতি খুচিছা বিন্ধিছা!    
কদাপি নোজোকাবা সমাধিস্থ আত্মাক,  
শান্তিপ্ৰিয় জনক দুৰ্বল নাভাবিবা।   
Image Courtesy: Pratikshya

এলাহ (চনেট)

আপোনাসৱৰ এনে হয় নে নাই নাজানো, মোৰ কিন্তু হয়।    
হেজাৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ বাগৰ কৰি আগুৱাই    
উদ্দাত্ত কণ্ঠেৰে আবৃত্তি আঁওৰাই অভিনয় প্ৰত্যাসী মই 
মঞ্চোপৱিষ্ট হৈয়ো এলাহতে স্থগিত ৰাখি থ’লোঁ অভিনয়। 
  
পৃথিৱীয়ে যাছিলে উছাহ আৰু উদ্দিপনাৰ লহৰ মোক,
ঋতুৱে ঋতুৱে উছৱ পাতি আদৰিব খুজিলে বাৰম্বাৰ।   
এলাহতে ওলাই নগ’লোঁ, এলাহতে মাত নিদিলোঁ এষাৰ-    
সখীয়তিক, দৰিকণা জাকক অথবা মাণিমুণি শাকক।  

অগণন স্বৰ্ণবিন্দুৰে বুটা বাচি বাচি তৰি দি চন্দ্ৰতাপ,    
অথবা উত্তাল মাদলেৰে আকাশে পতা অভিষেক দেখিলোঁ।   
হে অজানা, বিধাতা, নামী, অনামী, কিবা কিবি, ৰূপ বা অৰূপ!  
কোনো অভিযোগ নাই : “অমুকটো নিদিলা, তমুকটো নাপালোঁ…”  
এলাহৰ বাদে যে মোৰ অপৰাধো নাই, ই কথাও ধুৰুপ।  
জীয়াম বুলি আহিও এই পৃথিৱীলৈ এলাহতে নিজীয়ালোঁ।



Tuesday, December 27, 2016

এনেয়ে (চনেট)

[...কোঁৱৰ, সেয়া মাথোঁ এটা নিচুকণি নামহে আছিল
এনেয়ে এনেয়ে গোৱা...]
 
এনেয়ে বুলি কথা এষাৰ নাই জানোঁ?
সূৰ্যটোক নো জ্বলিবলৈ কৈছিল কোনে?
নিজতে নিজেই নজ্বলে জানোঁ? এনেয়ে।  
দেশপ্ৰেম ভাল বুলি এনেয়েতো মানোঁ।
এনেয়ে এবাৰ পাক এটা মাৰি আহোঁ
বুলিয়ে জানোঁ পৃথিৱীলৈ অহা নাছিলোঁ?  
অহাৰ আগতে নতু কি লৈ আহিছিলোঁ,  
এই পৃথিৱীৰ কথা কিটো জানিছিলোঁ?  

পৃথিৱীখন যে ঘূৰি থাকে, কিয় ঘূৰে? এনেয়ে নুঘূৰে জানোঁ?   
'কিয়' বুলি সুধিলে 'পৰ্বত যে থিয়' বুলি এনেয়ে নকওঁ নে?  
আঠশ ছহিদ এনেয়ে নমৰিল নে? অভিধানত কোনেনো  
স্বাধীনতা বুলি শব্দ এটা এনেয়ে এনেয়ে সুমুৱাই থ'লে?   
তোমাক ভালপাওঁ বুলি কিয় এবাৰ এনেয়ে ক'ব নোৱাৰোঁ?
অৰ্থলাভ? কবিযশ? এনেয়ে চনেট এটাও নিলিখিম নে?

Wednesday, November 23, 2016

যেনিবা (চনেট)

যেনিবা ব্ৰহ্মাণ্ডত মাথোঁ এটাই সূৰ্য। 
যি বা সূৰ্য সিও এটা অগ্নিপিণ্ড মাথোঁ।
যেনিবা তেওঁ আৰু মোৰ নহয় একো। 
যেনিবা চনেট বুলিলে কেৱল চৈধ্য।
যেনিবা দেহৰ উত্তাপ মাথোঁ উত্তাপ। 
উম এটা আভিধানিক শব্দহে মাথোঁ।  
নাঙঠা দেহাটো সাবটি তোমাৰ গাটো 
গৰম বোলাটোও আছিল অহেতুক। 
কেনে আছা বোলা কথাষাৰ সম্ভাষণ  
তাৰ বাদে যেনিবা আন একো নহয় । 
শাসকৰ হঠকাৰিতাৰ নিবাৰণ   
যেনিবা নাই। উইয়ে টোকাবহী খাই 
নিষ্পাদন কৰে শতযুগৰ সাধন।  
যেনিবা তুমি নাই। যেনিবা কথা নাই। 



Thursday, November 10, 2016

আত্মজীৱনী

মই মলত্যাগ কৰিবলৈ বহোঁতেই
তোমালোকৰ গানৰ জোৱাৰ উঠিছিল

মই মলত্যাগ কৰি থাকোতেই
মানুহৰ হকে মাত মতা নেতাজনক
গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছিল

মই মলত্যাগ কৰি থকাৰ সেই সময়খিনিতেই
দেশখনলৈ পৰিৱৰ্তন আহিছিল

প্ৰতিদিনেই প্ৰাত:কৰ্ম ফেৰা কৰি
মই যেতিয়া বাজলৈ ওলাওঁ

মুখামুখি হওঁ এখন নতুন পৃথিৱীৰ ।।


Tuesday, October 25, 2016

কথা আছে (চনেট)

মনতে পাগুলি থাকিও যিবোৰ কথা কোৱা হৈ নুঠে   
সেইবোৰ কথাকো বাৰু কোনোবাই কথা বুলি কয় নে?
যদি ওকমুকাই থাকি মুকুতিৰ সি বাটকে নিচিনে?  
যদিহে কথাবোৰে কেৱল অহৰ্নিশে কথাকে গুঁঠে?  

আৰু ক'লোৱেই বাৰু। যদি তোমাৰ কাণতেই নপৰিলগৈ  
সেইবোৰ একা? ধৰি ল'লোঁ কোৱা হ'ল। শুনাও হ'ল যেনিবা।
যি নুচুলে তোমাৰ মন সেই কথাকো কথা কেনেকৈ বুলিবা?
তথাপিও কথাবোৰতো কথায়েই। কথাবোৰৰ কি হ'বগৈ?

এনে ধামখুমীয়া সময়ত য'ত জীৱনৰে কোনো মানে নাথাকে 
দেশৰো মানে নাই, য'ত মানুহৰ হেঁপাহো নাবাচে;   
ভাষাই য'ত হেৰুৱাইছে ভাৰসা, শব্দৰো ছন্দ থৰকে বৰকে -  
তাত কথাবোৰৰ কি হ'ব? কথা তো তথাপিও আছে।  
নিজতেই নিজে জন্মে। বাঢ়ে। মৰে। জীৱন একোটা কথাৰোতো থাকে।  
কথা আছে। নে কি কোৱা? কথা আছে। কথাৰো কথা আছে।   

Thursday, September 29, 2016

Misopedia

দেশ মানুহৰ সন্তান হয়, মানুহেহে দেশৰ জন্ম দিয়ে
গতিকে দেশবোৰ মানুহৰ সন্তানেই হ'
সন্তানবোৰ সচৰাচৰ অবাধ্যই হয় জাগতিক নিয়ম

এতিয়া আৰু আপোনাৰ বুজিবলৈ অসুবিধা নহ',
কিয় দেশে দেশে যুঁজ বাগৰ লাগে,
অভিমানত ওফোন্দাই মুখ, চিকুটা চিকুটি, ভাকুটকুটনি,
কথাই কথাই ইটোৰ সিটোলৈ মুখ ভেঙুচালি
এইবোৰেই ঘটি থাকে দিনৰ পিছত দিন

খাদ্য লৈ হেতা ওপৰা, পানী লৈ দ্বন্দ, মাটি লৈ আজোৰা আজুৰি
ইটোৰ দাবীৰ ওপৰত সিটোৰ দাবীৰ সজোৰ আস্ফালন
কিয় হয় সেইবোৰ আপুনি এতিয়া বুজি পাব
এই অবাধ্য সন্তানবোৰৰ মাজত

অহৰ্নিশে অৰিয়াঅৰিতে নিবিষ্ট
সন্তানৰ উৎপাতত আপুনি ব্যতিব্যস্ত
দেখোঁ আপোনাৰ অসহায় মুখ

আপুনি মানুহ আপুনি মাথোঁ পাৰে বাট চাই ৰ'
কেতিয়া যে এই দেশবোৰ ডাঙৰ হ'... 

যুদ্ধ বিষয়ক

 
Art: Anupam Roy
আপোনালোকৰ যিসকল যুদ্ধৰ পক্ষত
অনুগ্ৰহ কৰি আপোনালোকে পৰিবেশ দিসত গছপুলি নুৰুব
শিশুৰ কলকলনিত কবিতা নিলিখিব
উপস্থিত নাথাকিব শিক্ষানুষ্ঠানৰ স্বৰ্ণজয়ন্তী সমাৰোহত

অনাহকত শক্তি ক্ষয়ৰ কথা আমাক আৰু নুশুনাব
নক'ব অপ্ৰয়োজনত বিজুলী বাতি নুমুৱাই থ'বলৈ
অথবা পানীৰ নল খোলা এৰিবলৈ যদিহে আপোনালোক
যুদ্ধৰ সমৰ্থনত
আৱৰ্জনা নিয়ন্ত্ৰণৰ কথাও নক', নক'ব স্বচ্ছ ভাৰতৰ কথা

ঘূৰি পকি যদি আজিৰ নতুন পুৰুষে যুদ্ধৰ কথাকেই পাতে
অফিচে দপ্তৰে, আলিয়ে গলিয়ে, লগ হ'লে ইজনে সিজনে
আপোনালোকে আৰু নাৰী শিক্ষাৰ কথা নক'
যমুনাৰ পানী সংশোধনৰ কথাও নক'

মূল্যবৃদ্ধিৰ কথা নাপাতিব আৰু নাপাতিব পেট্ৰোল ডিজেলৰ কথা
সূৰ্যনমষ্কাৰ আৰু যোগাসনেৰে জীৱন জগতৰ মঙ্গলাচৰণৰ কথা
আপোনাকে আৰু নাপাতিব যদিহে যুদ্ধই উদবাউল কৰে আপোনাক

যুদ্ধ হ'লে কি হয় আমি সকলোৱে জানোঁ

যুদ্ধ হ'লে মানুহ মৰে নিৰুদ্দিষ্ট হয় ঠিকনা
দূষিত হয় পানী আৰু বতাহ হয় অপচয় পৃথিৱীৰ সম্পদৰ
যুদ্ধ হ'লে নোহোৱা হয় মানুহৰ ভোকৰ ভাত
যুদ্ধ হ'লে থমকি ৰয় উন্নয়ণ পিছুৱাই যায় সভ্যতা
নস্যাৎ হয় নিমিষতে মনুষ্যত্বৰ গৌৰৱ
মূল্যহীন হৈ পৰি ৰয় শিক্ষাৰ সৌধ স্থবিৰ হয় যাত্ৰা
এইবোৰ কথা আমি আটায়ে জানোঁ
আমি আটায়ে জানোঁ, জানোঁ, জানোঁ আমি যুদ্ধ হ'লে কি হয়

যুদ্ধ মানেই সকলোতে কেৱল ভুল, ভুল আৰু মাথোঁ ভুল
তথাপি কেৱল পুৰুষত্বৰ ধ্বজাবহনৰ আনন্দত আমি মছগুল।।   

Art: Anupam Roy

Monday, August 22, 2016

সুজাতা

বিৰিখৰ
আঁৰে আঁৰে
ৰঙা মাটিৰ
কাঁকড় গছকি
আগবাঢ়ে
সুজাতা
শীৰত পৰমান্নৰ মলা
যেনিয়ে পৰে খোজ তাইৰ
বোধিদ্ৰুমৰ বাট
সেই যি প্ৰথম
বাজলৈ ওলাল
শিল্প
মুকলি আকাশৰ তললৈ
ওলাল শিল্প
মানুহৰ সান্নিধ্য বিচাৰি
মুক্তিৰ সন্ধানত শিল্প
আৰু 'দেখি নাই ফিৰে'
শীৰত লৈ পৰমান্নৰ মলা
ৰৈ থাকিও গৈ থাকি
গৈ থাকিও ৰৈ থাকি
কি কৈ থাকিল
সুজাতাই
সত্যান্বেষনৰ
আলোকপ্ৰপাতৰ প্ৰত্যাসী
পৰমান্ন
শীৰত তুলি
স্থিতি গতিৰ দ্যোতনাত সুজাতা

ধাৱমান সুজাতা স্থিতপ্ৰাজ্ঞ সুজাতা


Friday, August 19, 2016

সদ্যহতে

মই উভতি আঁতৰি আহিম
আহি আহি
দূৰৈৰ পর্বতটো হৈ ৰ’ম

যাক তুমি ভাল পাইছিলা
যাৰে সাহস বান্ধিছিলা বুকুত

ভাদমহীয়া ওভতনি সোঁতকে হওঁ
পথাৰৰ চোতালৰ
শাম কাটক উন্মাদনা

বনৰ ঋতু ধৰা বন্ধা মনৰ ঋতু বান্ধ নমনা

তোমাৰ চকুৰ ঠাৰতে ঋতু সলনি হয়
চকুৰ ঠাৰতেই আকৌ মেঘে গাজিব
বৰষুণ দিব। ৰঙাজান খহিব
উন্মাদ হৈ উঠিব দ’লগুৰি পথাৰ

দেহা হ’ব দিহিঙৰ গৰা

সদ্যহতে
ভাদমহীয়া ওভতনি সোঁতকে হওঁ
দুনাই দূৰৈৰ পর্বতটোকে হওঁ। কঁহুৱা গজক
মোৰ বুকুৰ বালিচৰতো

শাঁত পৰক উন্মাদনা, তোমাৰ মৰম ৰওক
ঢলতো তোমাৰ মৰম, পলতো।। 


ৰচনা- ২০০০



Thursday, August 11, 2016

নতুন বছৰৰ চনেট


উঠা ইৰম। কাগজ লোৱা। কলম লোৱা। লেখা কবিতা।   
ভাঙি দিয়া আমাৰ চেতনাৰ প্রাচীণ জৰতা। নতুন বাৰতা-   
অনাগত দিনবোৰ তোমাৰ আৰু আমাৰ। সঁচা কথা,   
সপোন দেখা মানুহৰ বাবেহে আছে সমুখত দলিচা পতা।    

বছৰে বছৰে বছৰ বাগৰে। উঠা হে ইৰম উঠা।
নতুন ৰূপত আৰম্ভ হ’ব নতুন বছৰৰ নতুন মেলা ।     
কাণ পাতি শুনা। বুট জোতাৰ গৰকত থকা সৰকা  
নহয় আৰু ৰাতি, নিজম নপৰে গাঁৱত শিপিনীৰ গৰকা।   

ৰাতিপুৱাতে ওলাই যোৱা ল’ৰাটো সন্ধিয়া চকামকা  
উভতি ঘৰ সোমাবহি। মুখত হাঁহি। দুচকুত সপোন অঁকা। 
নাই ভয়, নাই আৰু নহয় আত্মাৰ ক্ষয় এচিকটা।  
গালিবৰ দৰেই কাণখোৱাই কয় মাথোন একেটাই কথা -  

বছৰ শেষ নৌহওতেই আৰু শেষ নহয় ধানৰ ভড়াল। 
মনৰ সন্তুষ্টিৰ কাৰণেই এনেবোৰ কথা ভাবি থকা ভাল।  


ৰচনা- ২০১০
Prakash, April, 2014

Tuesday, August 2, 2016

জগত

গুলজাৰ

মাত্ৰ কেই কোটি মান বছৰতে
সূৰ্যৰ জুই নুমাব যেতিয়া
আৰু ছাই উৰিব সূৰ্যৰ পৰা
যেতিয়া নুবুৰে কোনো জোন
আৰু নুঘুৰে কোনো শ্যামলী ধৰা
তেতিয়া শীতল স্তিমিত এঙাৰৰ দৰে
ঘূৰি থাকিব এই মাটিৰ এটা টুকুৰা
অনাই বনাই
ঢিমিকি ঢিমিকি আধৰুৱা পোহৰত

সেই সময়ত যদি
কাগজত লিখা এফাকি কবিতা কেনেবাকৈ
উৰি উৰি সূৰ্যত পৰেগৈ

তেন্তে কিজানি সূৰ্য পুণৰাই জ্বলি উঠিব


Wednesday, July 27, 2016

ধৰাহওক এক্স (চনেট)

তুমি অনেক কথাই নাজানিছিলা    
কিন্তু তুমি জানা বুলিয়ে মই ধৰি লৈছিলোঁ
তুমি অনেক কথাই কোৱা নাছিলা  
কিন্তু কৈছিলা বুলিয়েই মই ধৰি লৈছিলোঁ

স্কুলীয়া দিনত মই এলজেব্রা ভালপাইছিলোঁ বৰ
ভালপাইছিলোঁ সেই এক্সটো অত-এব   
যাৰে সকলো পাব পাৰি, তাতেই আছে সকলো উত্তৰ
যি এটা সম্ভাব্য, পিছলৈ সিয়েই সম্ভৱ  

তোমাক ভালপাওঁ সেই এক্সটোৰ দৰেই 
ময়োতো তোমাক একো ক’ব পৰা নাছিলোঁ
কিছুমান সাধাৰণ কথা আছিল তেনেই  
যিবোৰ ক’বলগীয়া বুলি ভবা নাছিলোঁ  

এলজেব্রাত মই বৰ এটা ব্রিলিয়ান্ট ছাত্র নাছিলোঁ 

তথাপিও কিয় যে মই এক্সৰ প্রেমত বন্দি আছিলোঁ!


Friday, July 22, 2016

চনেটৰ চনেট

চনেটৰ চনেট (পেট্রাৰ্কীয়)

চৈধ্যটা আখৰ চৰণত বহুৱাবা         (, ১৪
ত্ৰিপদীৰ পংক্তিপ্ৰতি পদসংখ্যা তিনি,     (, ১৪)
চাৰি 'লে তাকে কওঁ চতুষ্পদী বুলি   (, ১৪)
দুশাৰী মিলিলে তাক দ্বিপদী বুলিবা  (, ১৪)

পেট্রাৰ্কীয় মিলনত কখখক বৰ্ণ -       (, ১৪)
প্ৰথমে চতুৰ্থই, দ্বিতীয় তৃতীয়ই,        (, ১৪)
মিলিব পৰষ্পৰে দেখিবা নিশ্চয়        (, ১৪)
চতুষ্পদী দুটা মিলি অষ্টক সম্পূৰ্ণ      (, ১৪)

ষষ্টক ' পূৰ্ণ তিনি দ্বিপদী মিলি      (, ১৪)
দুই ত্ৰিপদী বুলিও তাক জনা যাব    (, ১৪)
আছে দ্বিপদী, ত্ৰিপদী আৰু চতুষ্পদী    (, ১৪)
একত্ৰে যদিহে - লোকে চনেট বুলিব (, ১৪)  
চৈধ্য চৰণে পাবা ছন্দ সমস্তখিনি       (, ১৪)
চনেট সেয়ে ছন্দৰ সম্ৰাজ্ঞী হৈ '    (, ১৪)


*
চনেটৰ চনেট  (শ্বেইক্সপীয়েৰীয়)

তিনিটাকৈ সুকীয়া চতুষ্পদী দেখিবা
শ্বেইক্সপীয়েৰীয় চনেটৰ বেলিকা    
শেষত এটা দ্বিপদীৰে অন্ত কৰিবা 
আৰু তাতে তোমাৰ সাৰভাগ ৰাখিবা 

অসমীয়া ভাষাত প্ৰিয়তমাৰ চিঠি
হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম চনেট,  
পেট্রাৰ্কীয়শ্বেইকছপীয়েৰৰ আৰ্হি-    
যি বৰবৰুৱাৰ কাণৰ থুৰীয়াত    

বান্ধোনতে থাকে মুক্তিৰ সঁচাৰ-কাঠী   
পূৱা জনমি নিতে গোধূলি মৰে ৰবি  
চৈধ্য ভূনৰ চৌধুৰীও ' মাটি   
মৰিব ডিছপোজেবল কাব্যৰ কবি  

অসমীয়া অধমে এৰি কাব্যৰ ছন্দ  
আঁকোৱালি 'লে মাথোঁ অহেতুক দ্বন্দ।