Wednesday, July 19, 2017

চিঠি

তুমি লিখা চিঠিবোৰ মই পেলাই দিব নোৱাৰোঁযতনাই থবও নোৱাৰোঁ
ৰাস্তাৰ কাষৰ ডাষ্টবিনটোত পেলালে তাত লিখি থোৱা কথাবোৰে জানো
ৰাস্তাৰ মানুহক অসুবিধাত পেলাব। আৰু যদিহে নদীত উটাই দিওঁ
নাজানো কি যে কৰি চাকনৈয়াত পেলাব কোন মাছমৰীয়াৰ নাও।

মাটিত পুটি থ’ব নোৱাৰোঁ, কি ঠিকনা কেতিয়া সি জৰা নেমুৰ গছ হৈ ফুটে
আৰু বা-তে গা লগাই তোমাৰে মোৰে কি খন বা ৰটনা ৰটে
জ্বলায়ে বা দিওঁ কেনেকৈ, তাৰ ধোঁৱাই গৈ কাৰনো বেলকনিয়েদি সোমাই
কোনখন সংসাৰত বিহ ঢালে, তাৰেই বা কি ঠিকনা পায়!

সেয়েহে কৈছিলোঁ চিঠি নিলিখিবা, চিঠি আপদীয়া
সঁকিয়নি নুশুনিলা। আজি চিঠিবোৰ আছে, তুমি নাইকিয়া।


(প্ৰথম প্ৰকাশ - "প্ৰান্তিক") 


Monday, July 17, 2017

আবেগৰ চিঠি

কাৰোবালৈ মনত পৰি কন্দা মোৰ এয়ে প্ৰথম

কলপুলিৰ তলত আন্ধাৰে উচুপা
সেইদিনাৰ শেষ ৰাতিৰ এটা অদ্ভূত ঘ্ৰাণ
নাকত লাগিলহি

গা টলল, লাগিলহি উখল মাখল আম পাতৰ বা
চকুৰ পানীৰে চকু জলক-তবক
হালধীয়া এধাৰি ফুলৰ মালা তোমাৰ খোপাত
মই গুজি দিয়া, ভেন গঘৰ হালধীয়া ঢৌবোৰৰ দৰেই
ভাঁহি আহে আজি
যি দৰে উটি আহে পাৰ্বতি প্ৰসাদ
অপৰাজিতাৰ মালা জঁয় পৰি গ'ল

হিয়া কেনেকৈ ভাগে, নাভাগিলে অনুভ নহয়, সঁচা
মই কিমান বেছি নিঠৰুৱা হৈ গৈছিলোঁ
কোনেও জনা নাছিল, শিলত মূৰ আফালি যে
মৰিবৰ মন গৈছিল কোনেও বুজা নাছিল
চকুপানীৰ এটা লুণীয়া হ্ৰদতেই যে মই বুৰি আছিলোঁ
ৰাতি-দিন - কোনেও অনুভৱেই কৰা নাছিল 
এতিয়া এনে লাগে যেন চোঁ মাৰি গৈ
সুধি আহিম তোমাক - তুমি কেনে আছা

কাৰোবালৈ মনত পৰি কন্দা মোৰ এয়ে প্ৰথম
তোমাৰ অবিহনে মই মোৰ কথা ভাবিব পাৰিছিলোঁ কেতিয়া
তোমাৰ চকুত চকু থৈ চোৱা ছবিবোৰেৰে
তোমাৰ আঙুলিত ধৰি যোৱা ৰাস্তাবোৰেৰে
তোমাৰ ওঁঠত ওঁঠ থৈ গোৱা গানবোৰেৰে
মই মই হ'লোঁ
আজিকালি অকলেই চাওঁ মুমূৰ্ষ বেলিৰ
ছিটিকি পৰা ৰং তেজৰ। ভৰিৰ তলুৱাৰ পৰা যদি
ধৰাখন খহি খহি পৰা যেন লাগে
- আওৰাওঁ প্ৰিয় গীত তোমাৰ। আওৰাওঁ তোমাৰ
প্ৰিয় সংলাপ লভিতাৰ।

এতিয়া এনে লাগে যেন চোঁ মাৰি গৈ
মনে মনে তোমাৰ দেৱালত লিখি থৈ আহিম
তুমি এটা হাঁহি-মাতি ফুৰা শৱদেহ নহ'বা
নিজে ধৰা পৰি যোৱাৰ ভয়ত সিদিনা যিটো
কৈ পঠাবলৈ নহ'ল।


ৰচনা - ১৯৯৮

(প্ৰথম প্ৰকাশ- "প্ৰান্তিক")


বিৰহী যক্ষ

সহস্ৰ বৰ্ষৰ ভূমিপুত্ৰ যক্ষ মই
আজি কুবেৰৰ দ্বাৰপাল

দূৰে দূৰে থাকি ভালে থকা দুটা শৱদেহ আমি
ভাল ঘৰ, ভাল ভাত, ভাল ভাল আমাৰ পৰিচ্ছদ
'খবৰ কেনে' বুলি সুধিলে 'ভাল' 'ভাল' বোলা আমি
নমৰিও মৰা দুটা সৎ

শইচেৰে পৃথিৱী জীপাল কৰা একালৰ মই
আজি পৃথিৱীৰ হাৰমাল  
এয়া যে কুবেৰৰে একাল, বৃন্দাবনৰে একাল

আমাৰ বিৰহৰ অনলে পুৰি
তোলে আৰু উজ্জ্বল কৰি
সোণৰ পাহাৰ
কুবেৰৰ

এমপ্লইমেণ্ট নিউজৰ টুকুৰাবোৰ কাটি কাটি সাঁচি
কিহৰ সপোনত তোৰ হিয়ালি জিয়ালি

আজি
মেঘৰ বুকুত লিখি যাম বিৰহৰ গাঁ‌থা,
দিহিঙে দিপাঙে গৈ সেয়ে বৰষিব,
অৰঙে দৰঙে
বৈ যাব ঢল

ধন,
কাহানিবা যদি কান্দিবই লাগে
মেঘৰ দৰে কান্দিবি
চকুলোৰে ওপচাই নদীৰ দুকুল
মাটিকে খান্দিবি  

মুখে মুখে তোৰে মোৰে নাম ৰ'ব
যুগে যুগে ব'ব
বিৰহৰ সুৰে বিদ্ৰোহৰ সুৰে
যিদিনা একাকাৰ হ'ব  

যক্ষ দ্বাৰপাল
এইবাৰ তোৰ
বিশ্বাসঘাতক হ'বৰ পাল


Monday, July 10, 2017

ৰিলীফ

পানী বাঢ়িছে। ঘৰ সোমাইছে।
জন্তু উটিছে। মানুহ ভাঁহিছে। ঘৰ খহিছে।
বাঘে ছাগে একেলগে সাঁতোৰে
ত্ৰাহি ত্ৰাহি আত্ৰাণি। যিয়ে যিহকে পায় তিহকে আজোৰে।
খামুচি ধৰিবৰ তোৰে মোৰে একেটি জীউ।
ভালপাবৰ ঘিণাবৰ,
আশীৰ্বাদে অভিশাপে একেখনি পিথৱী।
পিথৱীখন বুৰিলেও খামুচিবৰ হাত এখন
ক'ৰবাত কেনেবাকে নুবুৰাকৈ ৰয়।  
সোণ
বৰষাৰ পেমৰ কবিতা সদ্যহতে তেহেলৈ য'ক।  
তথাপি এইকণ কথা থাউকতে নক'লে নহয় -  
বানে আহি আমাৰ পেমবোৰ আৰু বেছি লিকটীয়া কৰি থৈ যায়।
বানে আহি আমাৰ পেমবোৰ আৰু বেছি আলতীয়া কৰি থৈ য'ক। 


Thursday, July 6, 2017

অপ্ৰাকৃতিক

পৃথিৱীখন যিমানে তোমাৰ, সিমানে মোৰো
দেশখন যিমানে তোমাৰ, সিমানে মোৰো
বেলিটো যিমানে তোমাৰ, সিমানে মোৰো
আকাশখন যিমানে তোমাৰ, সিমানে মোৰো
তুমি
যিমানে তোমাৰ,
সিমানে মোৰো

যেতিয়া প্ৰতিটো বস্তুৱেই তোমাৰ পৰা
পইচা দি কিনিবলগীয়া হয়
বুজি পাওঁ
মুৰ্খামী বাঢ়ে যিমানে তোমাৰ,

সিমানে মোৰো... 

PC- Debajit Goswami


Tuesday, July 4, 2017

সঁজাল কথোপকথন

পূৱাৰে পৰাই তোলৈ মনত পৰি মনটো সেমেকি আছে।
দেউতাই ফোনত একেষাৰ কথাকে ক’লে, হেনো এইবাৰো
পথাৰত পানী হোৱা নাই। লৰ মাৰি গৈ এতিয়াই পাছে
পথাৰখন চাই আহিবতো নোৱাৰোঁ।
এনেয়ে আৰু ভাত খোৱা শাক খোৱা দুই এটা কথা
পাতিলোহেতেন বা
সঁজাল কথোপকথনৰ কোঁহে কোঁহেও দেখোন
জীৱনে বিজুলী বুলায় চা
চকুৰ পানীৰে হ’লেও মানুহে মাটি তিয়াই
হীৰন্ময়ী বাখৰবোৰ মুঠি মুঠি কৰি সিঁচিছে
তই হে দেখা নাই।
হেজাৰ হেজাৰ মানুহে হাত ওপৰলে’ কৰি লহৰি তুলিছে