চাউল কিনিবলৈ মোনাটোৰে
সৈতে দোকানলৈ গৈ থকা
টুৰিষ্ট কবিয়ে পথাৰ
এখন দেখি থমকি ৰয়
কয়, মই পথাৰ ভালপাওঁ
টুৰিষ্ট কবি আপোন
গাঁৱলৈ যায়, উপভোগ কৰে গাঁৱৰ শোভা
টুৰিষ্ট কবিয়ে আকাশলৈ
মূৰ তুলি চায়
আৱিষ্কাৰ কৰে- আকাশ
ইমান বিশাল
টুৰিষ্ট কবিয়ে মানুহ
দেখে আজি
বাট লয় মানুহবোৰ
যায় যেনি
সোণগুটি দেখে, ঘামবোৰ
কেনি?
টুৰিষ্ট কবিয়ে চাহৰ
কাপত সোহা এটা মাৰে
শ পুৰিবলৈ খৰিয়ে
নাঁটে
শবোৰ গাঁতে গাঁতে
সেউজীয়া বাগিচাত
টুৰিষ্ট কবিৰ চমকিত আঁখি
টুৰিষ্ট কবি আপোন
ঘৰলৈ ফুৰিবলৈ যায়
টুৰিষ্ট কবিয়ে কয়,
তোক বৰ ভালপাওঁ আই!
স্বগৃহে অভ্যাগত
টুৰিষ্ট কবি।
(অসম্পূৰ্ণ)
