Tuesday, August 26, 2014

প্রভাতফেৰী


চেঙেলীয়া চৰাইৰ শুনিছোঁ কিৰীলি।  
পূৱে ঙা হৈ উঠিছে চন্দ্রতাপ।  
ঙ্গপ্রৱে বাবে সাজু হৈছে বেলি।
চকু চাৎ মাৰি ধৰা মথুৰা পাগ। 

বেলিৰ মেক-আপৰ হাতনি পেৰাটোত আশ পাতি
বোন্দাপৰ দি থাকিল কাণখোৱা চোৰ ওৰেটো ৰাতি...    

সশব্দ জাগ্রত সহস্র আখি যেতিয়া উছাহে উত্তাল,  
ঈর্ষাম্বিত দুৰাচাৰী কাণখোৱা চোৰে মাৰিলে নিতাল।    

গ্রেনাইট খোদিত সমভঙ্গ প্রতিভাস! চৌর্যবৃত্তি মোৰ ইপ্সিত নোহে।   
মাথোঁ তোৰ এচিকটা ৰঙেৰে এবাৰ ৰঙাই চাব খুজিছিলোঁ নিজকে।। 

প্রৱেশ


বাটচ’ৰাত মূৰটো দোঁৱাই এবাৰ সন্মুখলৈ চাওঁ
জয় বিজয়ে বাট মোকলাই দিলে ঠিকেই, তথাপিও
দিকগজ খুটাবোৰে আগুৰা এটা দীঘলীয়া বাট

দুয়োকাষে তিৰবিৰ চকুৰ জাৰণি
দান্তে তৃণ। এই মণি এই নমণি -
চিত্রকূট

কাণখোৱাই ধেই বোলে

আঁতৰি যায় মণিকূট

Saturday, August 23, 2014

ভেম দেহা


খুটি এটা পুটি মাটিত মানুহে নাম লিখি থয় ফলকত
এই মাটি মোৰ মাটি
এই ভেম দেহা মাটি হয় আকৌ কোন বা পলকত
হয় কাণখোৱা ই কথা খাটি

মোৰ নামেৰে ক'তো মাটি নিকিনিবি পিতাই
বৰষুণ সেমেকা মাটিত চুমা এটা খালোঁ
ভালপাই
তাৰেই পৃথিৱীখন নিজৰ কৰি ল'লোঁ

মোৰ নামেৰে ক'তো ঘৰ নাসাজিবি পিতাই
কিমান ঘৰ কেনেকে পুৰি ছাই হ'ল, দেখা নাই?

এই অয়বৰ বাহিৰে মাটি ক'ত? মাটি?
এই শৰীৰ যদি মাটিৰ হয়, সঁচায়ে,
এই শৰীৰক ভালপালেই চোন মাটিক ভালপোৱা হয়

শইচৰ শাহ বিয়পক মাটিয়ে মাটিয়ে।