আজিলৈ বন শেষ হ'ল। গছবোৰ শুলে। চৰাইবোৰ শুলে।
ঢলপূৱাতেই উঠি আদা বেপাৰলৈ যাবলগীয়াও নাই।
জাহাজৰ খবৰো একো নাই। তাহানিৰ শিয়ালবোৰো নাই।
আজি ৰাতি কুকুৰে ভুকা নাই। বলি বলি বতাহবোৰো শুলে।
কোনেও ক'তো কন্দা নাই। ক'তো বান্ধ ভঙা নাই নদীৰ ঢলে।
কাৰো ঘৰত কোনেও জুই দিয়া নাই। ক'তো কোনো মৰা নাই।
পেটৰ ভোকত কোনো শিশু সাৰে নাই। কাণখোৱা
শোৱা নাই।
কলাঘুমটিক দুষিছিলো, এইবেলি ইনচোম্নিয়াই পালে।
কুলিয়ে বিনোৱা নাই। মাজৰাতি অকস্মাৎ দুৱাৰত টোকৰ পৰা নাই।
টিক টিক শব্দ এটাও নাই, বেটাৰী শেষ হৈ ঘড়ীটোও অচল তোৰ।
বুটজোতাৰ শব্দ নাই। অসময়ত কোনেও দবাত কোব দিয়া নাই।
প্ৰেমক দোষ দি দায় সাৰিবলৈ এতিয়া বুকুত প্ৰেমো নৰজিল
তোৰ!
উজাগৰে থাকি দেশ উধাৰিবলৈ তোক কোনেও দায়িত্ব দি থোৱা নাই।
বিজুলী নাই, গাজনি নাই। শুই
থাক কাণখোৱা, এতিয়া এন্ধাৰ ঘোৰ।।