Friday, October 29, 2021

আইনু নথকা গৈহেটী

 

চেপি পেলাই দিয়া কুঁহিয়াৰৰ আঁহবোৰৰ দৰে
জংচনটোৰ আলিবোৰ পৰি আছে
পৰ্যমানে ৰঙা হ’বলৈ গৈ শেঁতা গেৰুৱা হোৱা
সূৰ্য এটা ওলমি আছে নিলাজৰ দৰে
কাতি মাহত দিনত শুব নাপায়। শুলেও নুশুলেও
কাতি আমন-জিমনৰ মাহ
পানী খাই পেলাই দিয়া নাৰিকলৰ খোলাটোৰ দৰে
এইখন উপত্যকা চহৰ, টেঙা টেঙা গোন্ধায় চহৰৰ কাষলতি
চাৰিওফালৰ পাহাৰবোৰে চহৰখনৰ পেটৰ গেছবোৰ
ওলাই যাবলৈ নিদি মেলে আৰ্দ্ৰতাৰ পোহাৰ
ক্ৰমশঃ বসবাসৰ অনুপযুক্ত হৈ অহা অচেতন মহানগৰ
কৰ’ণাকালে বিধ্বস্ত হোৱা হোৰ্ডিঙৰ মামৰে ধৰা ফ্ৰেমবোৰে
চহৰখনক পৰিত্যক্ত প্ৰতিমাৰ ভগ্নাৱশেষ কৰি ৰাখিছে
আইনু নাই
আইনু নাথাকিলে এইখন চহৰৰ একো কাম নাই।।

art: Subham Kashyap Baruah


Monday, October 18, 2021

ঘৰ

হাতখন মেলি দিওঁতেই হাত এখন পালোঁ। 

এনেয়েও মোৰ গা-টো গৰম, সৰুৰে পৰাই। 

হাত দুখন লগ হৈ এটা অদ্ভূত ঊমৰ উমান পালোঁ। 

গম পালোঁ, ঘৰ পালোঁহি। 

ঘৰ এইখিনিতেই!




নৱগ্ৰহ স্মশান (গৈহেটী)

পূৱা-গোধূলি-মাজৰাতি খিৰিকীখনেদি চাওঁ

ধোঁৱা উৰি থকা দেখোঁ। দেখোঁ একুৰা জ্বলন্ত জুই।
মৰিশালিখনত।
হেৰাক্লিটাছ ঔ, জুই চাবি? চা।
গগনচুম্বী লাইটস্তম্ভ এটা আছে সৌখিনিতে, ওৰেৰাতি জ্বলে
সম্ভৱতঃ মহানগৰৰ আটাইতকৈ শক্তিশালী লাইট
সেইকেইটা।
তাৰ বিপৰীতে নিজৰে চিল্যুৱেট নিৰ্মাণ কৰিবলৈ গৈ
বুৰ্বক ট্ৰেন্স্লুচেণ্ট ধোঁৱাবোৰ
আৰু বেছি জিলিকি জিলিকি উঠে
ভিনচেণ্টৰ টাৰ্ব্যুলেন্স
খিৰিকীখনেদি চাওঁ
গ’ল
কোনোবা এজন গ’ল (আজি বা কোন গ’ল?!)
কোন কবীৰৰ টেকেলি ভাঙিল
কোন বোধিসত্বৰ খোজ এটা পানীয়েদি উটিল
মৃত্যু উপত্যকাত ইয়ে আটাইতকৈ ডাঙৰ উৎসৱ
ভাবিয়ে ভাল লাগে
মৃত্যুৎসৱৰ অনবিল আনন্দৰ মই ভাগীদাৰ
ভূবিজ্ঞানীয়ে জানে, সভ্যতা জীয়াই থকা
মাটিৰ যি একমাত্ৰ তৰপ
সি মৃতক-ফচিলৰ তৰপ
আমি য’ত আজি থিয় দি ৰওঁ সদম্ভে সি মৃতকৰ ভূমি
চৈধ্য ভূৱনৰ চৌধাৰী মৰিছে ইয়াত, অঁ অ’ তাঁতী
কোনোবাদিনা কোনোবামুহূৰ্তত যেতিয়া ধোঁৱাবোৰ নেদেখোঁ
জুই একুৰা জ্বলি থকাৰ উমান নাপাওঁ
এক অদ্ভূত শূন্যতাই আগুৰি ধৰে
আজি কোনো ক’তো মৰা নাই, কোনো শিশু কোনো বৃদ্ধ
এই শূন্যতাৰ নাম নাই! এটা ব্যাখ্যাহীন হাহাকাৰ!



লিকটীয়া


মানুহজন ভাঙি পৰিছে বা ভাগি পৰিছে বুলি যে কোৱা হয়
সেয়া ভুল। নৰম মানুহ সহজে ভাগে বোলা ধাৰণাটো
আৰু বেছি ভুল।

টান, কঠিন আৰু গোটা বস্তুহে ভাগে। যেনে কাঁচ।
কাছৰ চলং ভাঙিলেও ভাঙিব পাৰে, কাছ নাভাঙে।
নদীৰ দলং ভাগে, নদীতো নাভাগে!
সহজে ভঙাৰ সম্ভাৱনা থকাবোৰক ঠুনুকা বোলে
ঠুনুকা মানুহ- এইষাৰ কথা আজিলৈকে শুনা নাই।
বাঁহৰ জেওৰা ভাগে, পেঞ্চিল ভাগে, পৰি হাঁহকণী ভাঙে।
নৰম বা লেহুকাবোৰ নাভাগে।
আঁচ মচা গোটা ৰবৰ ভাঙিব পাৰে, ৰাবাৰ বেণ্ড নাভাঙে।
হাঁহকণী ভাঙোতেও তাৰ খোলাটোৰ কথাহে বুজাওঁ
খোলাটো কেলচিয়ামেৰে টান। ভিতৰৰ কুহুমখিনি নাভাঙে।

মানুহ নাভাগে। মানুহ নাভাঙে।
মানুহ লোহাৰ শিকলি নহয়। মানুহ পথৰ দাঁতিৰ পাথৰ নহয়।

মানুহ লিকটীয়া জীৱ। মানুহ
নাভাগে। নাভাঙে।