Tuesday, December 24, 2019

হতচিৰি ৰাষ্ট্ৰ

[ৰশ্মিৰেখা বৰাৰ হাতত]


কথা আছিল, এটাও যদি শিশু মৰে অনাহাৰত
দেশত
এজনো যদি বৃদ্ধ মৰে অৱহেলিত চিকিৎসাত
যিকোনো এটা প্ৰান্তত
তই ৰ’বি জবাবদিহি
ৰাষ্ট্ৰ

সংখ্যাৰ ফুলজাৰীত মত্ত এই গণতন্ত্ৰৰ উল্লাসৰ মাজত
এইটোওতো কথা আছিল যে
এজনো যদি ব্যক্তিয়ে দুহাত দাঙি কয়
মোৰ কথা শুনক
তই শুনিবি
ৰাষ্ট্ৰ

ল’ৰাহঁত পঢ়, ছোৱালীহঁত পঢ়,
তহঁতৰ সমস্ত সুৰক্ষাৰ ভাৰ মোৰ
তহঁতে মাথোঁ মোৰ ভৱিষ্যৎ গঢ়
কথা আছিল চূড়ান্ত বিপৰ্যয়ৰ কালতো
তোৰ মুখত এই কথাই শুনিম
ৰাষ্ট্ৰ

ৰাষ্ট্ৰ আজি তোৰ সকলো কাহিনী ৰাষ্ট্ৰ হ’ল
মানুহৰ মুখৰ মাত কাঢ়ি, পেটৰ ভাত কাঢ়ি,
আজি অপুষ্টিত নিজৰে ওফন্দি উঠা পেট তোৰ
ভূ-ভাৰস্তত ৰাষ্ট্ৰ হ’ল

তোৰ বাবে আজি আৰু গৰ্বত ওফন্দি নুঠে মোৰ বুকু
অ’ মোৰ
হতচিৰি ৰাষ্ট্ৰ, তোৰ মুখত থুই।।



সতীৰ্থ, ২০১৯


 [“हम दोनों साथ चले / दोनों एक दूसरे को नहीं जानते थे/ साथ चलने को जानते थे
-       বিনোদ কুমাৰ শুক্লা]

অন্ধকাৰৰ দিগন্তত জ্যোতিৰেখা;
কাণিমুনি নে ধলফাট, মুনিচুনি নে ফেঁহুজালি সেয়া।
ৰক্তিম উজ্জ্বল কিন্তু কুঁৱলীয়ে শেঁতা পেলোৱা
এটা বিন্দুৰ ফালে
আমি দুয়ো হাতে হাতে ধৰি আগবাঢ়িছিলোঁ‌।
হিৰন্ময় নে ৰজত পাত্ৰ সেয়া?

পিতনিত ককবকাই থাকোতে আমি
ইজনে সিজনৰ হাতদুখন পাইছিলোঁ।
আমাৰ চেতনাৰ কম্পাছ হেৰাইছিল।

হাতে হাতে ধৰি আমি সেই জিলিকি থকা বিন্দুৰ ফালে
আগবাঢ়িবলৈ শিকিছিলোঁ‌

আগবাঢ়িছিলোঁও
সেইফালে, মই যাক সূৰ্য বুলি ভাবি আছিলোঁ‌
সেইফালে, তেঁও যাক চন্দ্ৰ বুলি ভাবি আছিল।।


-       সমুদ্ৰ কাজল শইকীয়া

Monday, December 9, 2019

তৰ্জনীৰ তৰ্জমা


(যি তৰ্জনীৰে আপুনি দেশখন চলায়
সেই তৰ্জনীৰে মই খেকেৰু ঘুকুটিয়াই খাওঁ)

মৌ চেলেকিবৰ যিটি আঙুলি, টোঁৱাবৰ বাবেও সেই একেটিয়েই।
তাইৰ গোপন দুৱাৰত টুকুৰিয়াবৰো আঙুলি সেই একেটিয়েই
তৰ্জনে গৰ্জনে জোকাৰ খাই উঠে যি তৰ্জনী
চুপ থাকিবৰ বাবে ওঁঠত ৰাখিবৰ সেই একেটি আলফুল তৰ্জনী
এচিকুট ঘীৰ বাবে বেঁকা হ’ব পাৰে যি

তুমি গান গালে মেজত মেট্ৰ’ন’ম ৰাখে যি আঙুলিয়ে,
দাদৰা ৰূপক কেহেৰৱা… এয়ে সি
অভিভাৱকত্বৰ যি আঙুলিটি, এয়ে সি
দ্বিধা সংশয়েৰে মাটি লেখে যি, এয়ে সি
এয়ে সি
এয়ে সি
এচিকুট ঘীৰ বাবে বেঁকা হ’ব পাৰে যি

বাট কেনি, কেনি বাট, মানুহে মুখ মেলি চাই ৰয় এটা তৰ্জনী কেনি
সুৰসুৰণি তুলিয়ে দিহিঙৰ গড়া খহাব পৰাকৈ এই একেটি আঙুলি

স্বমেহন আকাংক্ষী তোমাৰ ইচ্ছাকো সাৰোগত কৰিবলৈ কালিৰ উদ্যত
বিহজলকীয়া ভোঁহাৰি অহা এই একেটি তৰ্জনীয়ে
গোলামী চুবলৈ আজি নাৰাজ

অমান্য নিৰ্দেশাৱলীৰ এই তৰ্জনীটিৰ আতিশয্য যিদিনাই বাঢ়ি আহে
মধ্যমা থিয় হৈ অহাটো স্বাভাৱিক

যদিওবা তেনে এটা দিনৰ কামনা কোনেও নকৰে


যদিওবা তেনে এটা দিনৰ কামনা কোনেও নকৰে
আজিয়েই সেইটি দিন। শুনা তৰ্জনীৰ গৰ্জনী।  
তোমাৰ তৰ্জনীটিত আজি আমাৰ মধ্যমাৰ মাধমাৰ।
আমাৰ পাঁচোটা আঙুলিয়ে পিন্ধিছে মধ্যমাৰ ধ্বনি।
আজিৰ পৰা তোমাৰ তৰ্জনীটি আমাৰ।





Friday, October 4, 2019

ভোগালী ব্যভিচাৰ (লিংকুছ চনেট)


দাউ দাউ দেহৰ জুয়ে দহিছে। ভীষণ উত্তাপ।   
অপ্ৰাপ্তিৰ ৰোমাণ্টিক বিলাৰু কাম্য নহয়।  
প্ৰাপ্তিয়েই জীৱন শেষ কথা। ভোগেই সঞ্চয়।    
কাম্য নোহে বিধাতাৰ সইতেৰে গোলামী সন্তাপ।   

বিক্ষুদ্ধ বক্ষত অন্তৰ্হিত ৰ'ল সমস্ত প্ৰলাপ।    
লেলিহান জিহ্বাশিখা, লেলাৱটিৰ স্ফুলিংগ হয়  
ভোগদেশ ভোগকাল মানচিত্ৰ ৰেখাহীন হয়।    
অভিধানবৰ্জিত শব্দ হৈ ৰয় পূণ্য কিম্বা পাপ।    

আজিৰ দিনটো প্ৰাপ্তিৰ। তোৰ দেহ-জুয়ে দহিছে।   
কুকুহা হৈ উৰিব লাগিছে পথালিফোঁটাৰ শাস্ত্ৰ।
দেহৰ ঘঁহনিত নৈতিকতাৰ শিকলি খহিছে।
নিষিদ্ধ ঘাঁহনিত বাগৰে ডিছপোজেবল সূৰ্য।
খলকনি তুলি উতনুৱা নদীৰ গড়া খহিছে 
আঘাতে আঘাতে চিৎকাৰ- জহন্নামে যাওক ৰাষ্ট্ৰ।  

  

Tuesday, September 24, 2019

দুগদুগুৰ দুগদুগুৰ


দুগদুগুৰ দুগদুগুৰ কামিহাঁড় দুটুকুৰ,
দুগদুগুৰ দুগদুগুৰ মধুপুৰ বহুদূৰ;
দুগদুগুৰ দুগদুগুৰ ল.সা.গু.ৰ নে গ.সা.গু.ৰ,
দুগদুগুৰ দুগদুগুৰ জীৱন মূৰকটা মাগুৰ।।

দুগদুগুৰ দুগদুগুৰ পোন নহয় নেগুৰ,
দুগদুগুৰ দুগদুগুৰ খেজুৰৰ উতলা গুড়;
দুগদুগুৰ দুগদুগুৰ হাত-কটা ঠাকুৰ,
দুগদুগুৰ দুগদুগুৰ নাকটি নাগুৰ।।

দুগদুগুৰ দুগদুগুৰ লক্ষিন্দৰৰ ভূৰ,
দুগদুগুৰ দুগদুগুৰ তমসা ঘনঘোৰ;
দুগদুগুৰ দুগদুগুৰ কথা কি পাতিবা? ধূৰ!
দুগদুগুৰ দুগদুগুৰ এৰাবাটৰ সুৰ।।

দুগদুগুৰ দুগদুগুৰ bigger-than-বেন-হুৰ,
দুগদুগুৰ দুগদুগুৰ অ’ দৰৱিছ ঘূৰ;
দুগদুগুৰ দুগদুগুৰ হুৰ বতা চৰাই হুৰ,
দুগদুগুৰ দুগদুগুৰ শিয়ালীৰ ৰতনপুৰ।।

দুগদুগুৰ দুগদুগুৰ
দুগদুগুৰ দুগদুগুৰ
দুগদুগুৰ দুগদুগুৰ তোৰ বুকুৰ
দুগদুগুৰ দুগদুগুৰ মোৰ বুকুৰ।।



Sunday, August 11, 2019

মেঘ-কথা (ডিছপোজেবল মেঘ)


১) 
মেঘ-মৃত্যু


কবিৰা, 
ভঙা কলহটোৰ সুখেই সৰি পৰা মেঘৰো সুখ। 
আত্মবিলোপনৰ আনন্দ? নে ভৱিষ্যতৰ এখন জীপাল ধৰা? 
নিজে শেষ হৈ যাবলৈ পয়োধৰ সদা উন্মুখ।

২) 
মেঘ-চক্ৰ

ফকিৰা, ই দেশ সি দেশ পৰিভ্ৰমী গৈ 
মেঘে নাপাহৰে কোন আছে ৰৈ।
কোনোবা প্ৰান্তিকৰ এটা মাত্ৰ চাতকৰ 
আহ্বানত ঘূৰ্ণায়মান জলচক্ৰ সমস্ত। সকাতৰ।

৩) 
মেঘ-বৰ্ণ

মাটিত ফুলা ফুলৰ ৰংবোৰো মেঘে গোটায় সূৰ্যৰ পৰা 
মুহূৰ্তে মুহূৰ্তে সলনি হয় তৰপে তৰপে ৰং মেঘদেশৰ
আমি সকলোবোৰ সেই প্ৰাচুৰ্যৰ তলসৰা।

৪) 
মেঘ-পুঙা

পৃথিৱীখন আৱৰি মেঘ ঘূৰে। 
পৃথিৱীখন সাৱটি মেঘ ঘূৰে।

মূৰ্খ মাটিৰ মানুহেহে ভাবে মেঘডোঙা 
আলাসত ওপঙা 
উৰুলিপুঙা।

৫)
মেঘ-ওহাৰ

যমুনা ওফন্দি আহে। ওলমি পৰিছে মেঘ ওহাৰ। 
বুকু ভৰে, বুকু ভাগে, বুকু কোমলে, বুকু ওপচে 
মেঘশ্যাম দেখি উথলি বুকু টান হৈ আহে ৰাধাৰ।

৬) 
মেঘ-খেল

মেঘে জিৰণি লয়। ধাৱমান হয় মেঘ ত্বড়িৎ গতিত। 
মেঘে মেঘে সখি পাতে। মেঘে মেঘে পতা মুখচুপতিত 
উৰাবাতৰি বয়। খেলিয়াখেলি লাগি চাগে 
মেঘৰ সবাহতো কাৰোবাৰ সংসাৰ ভাগে! 
ভূমাখচিত বাৰিবাহ মেঘ অৱশেষত ভূপতিত।

৭)
মেঘ-নীতি

মেঘে মেঘে সংঘাত হয়, আকাশত ফিৰিঙতি চিটিকায়। 
বৰ মেঘে সৰু মেঘক খায়।
বৰ মেঘে সৰু মেঘক খায়।
পৃষ্ঠটান স্বভাৱৰ অচিলা লৈ চলে মেঘৰ মৎস্যন্যায়।

৮)
মেঘ-ঘৰ

চিৰপৰিব্ৰাজক হ'লেও কিন্তু মেঘৰো এখন দেশ থাকে দেখোন। 
দেশ বুলিলে দেশান্তৰণৰো কাহিনী হেনো থাকিবই লাগে। 
এখন হেৰোৱা ঘৰৰ স্মৃতি আৰু এখন নোহোৱা ঘৰৰ সপোন 
ঘৰহীনতাই মন বেয়া কৰা মেঘৰো আছে। মেঘৰো থাকে।

৯)
মেঘ-ডাক

নীলা আকাশৰ সমুদ্ৰত মেঘজাহাজৰ জলযাত্ৰা
মেঘৰ সিপাৰে এখন দেশ আছে। গুছি যাওঁ গুছি যাওঁ লাগে। 
গৈ কোনো কাহানিও উভতি নহাসি দেশ। 
যামগৈ বুলিয়ে মাটিয়ে বনে বিৰিখে চুমা একোটাকৈ যাচোঁ। 
প্ৰতিটি চুমাই শেষ চুমা। 
প্ৰতিটি গানেই শেষ গান।

মেঘৰ চিঠিত যেন সেই অজানা দেশৰ আহ্বান
কোন কুবেৰৰ দেশ, কোন ঐশ্বৰ্যৰ দেশ, 
নাজানো। জনাৰ উপায় নাই। 
কোনোদিনে নেদেখা কোনোদিনে নোপোৱা 
কিবা এটাৰ বাবে কিবা কিবা লগা মোৰ
মেহ-পৰাণ।

১০)
মেঘ-দেশ

বায়বীয় গতিও অবাধ নহয়। মেঘদেশ উত্তাল হয়।
বিজতৰীয়া মেঘৰ অনুপ্ৰৱেশ ঘটে। 
ধৰাশায়ী মেঘ পথাৰত ৰয়।

বিজুলীৰ চমক দেখাতেহে ক্ষণিক 
অনুপ্ৰৱেশ, আগ্ৰাসন আৰু অধিকাৰৰ নেৰেটিভ
মেঘদেশতো পৌনঃপুনিক।



Monday, August 5, 2019

হুঁ‌


১) নিজগুণে

নঙলা মুখত ৰৈ থাকক কটাৰীৰে পিঠিৰ ঘামচি খজুৱাই।
মানুহ এজন চাইকেলখনেৰে বাটেদি পাৰ হৈ যাওক।
"হেই ইয়্যে"
এনেকুৱা কিবা শব্দ এটা ওলাওক।
হে'ৰা কি খবৰ, ভালনে, এনেকুৱাই কিবা এটা বুলি
বুজি লওক নিজগুণে।
উত্তৰটো দিব খুজিছিল-
অঁ‌ এয়াহে, এনেয়ে ৰৈ আছোঁ‌, বাকী ঘৰত ভালেই আৰু।
কিন্তু আপোনাৰ মুখেৰে ওলাল-
"এয়্যাও"
নে এনেকুৱাই কিবা গেঙনি বা গোঁ‌গোৱনি এটাহে।
বুজোতাই তাতে বুজিলে বুজিব লগাখিনি
নিজগুণে।
বৰদেউতাককাই নামৰ শেষত
"ঔৱা গৰৰৰ"
বুলি কৰা শব্দটোৰ দৰে। প্ৰত্যুত্তৰত সমস্ত ৰাইজে
"হৌ উৱা ভৰৰৰ"
বুলি কৰা গলহেকাৰিৰ নিচিনা শব্দবোৰৰ দৰে।
নেদেখাজনে নিজগুণে বুজি লয়
এই গেঙনি, গোঁ‌গোৱনি, ভোৰভোৰনিৰ দৰে শব্দবোৰেই
তেৰাৰ নাম লোৱা বুলি।
নিজগুণে মানুহবোৰ মানুহৰ স'তে বান্ধ খাই থাকে।
নিজগুণে মানুহবোৰ মানুহৰ স'তে বান্ধ খাই থাকে।
হাজাৰ কথাবাৰ্তা আৰু বাকবিতণ্ডাৰ শেহত এই
ভোৰভোৰনিকণেই সাৰ।

২) ভোৰভোৰনিয়েই সাৰ

দুহাতে গেবাৰি খাটে মুখে ভোৰভোৰনি সাধে।
ভোৰভোৰাই থকা মানুহজনীৰ মুখখন
বন্ধ কৰিবলৈকে পুতেকলৈ এজনী চপাই দিলে।
ভোৰভোৰনিৰ পোৰণিত ন বোৱাৰী পুৰণি হ'ল।

ভোৰভোৰনিতে নাতি হ'ল নাতিনী হ'ল। ভোৰভোৰনি নকমিল।
ভোৰভোৰনিতে এখন ঘৰ দুখন হ'ল।
ভোৰভোৰনিতে মথুৰা বৃন্দাবন। ভোৰভোৰনিতে
সাউৎকৈ পাৰ হয় কোন সৌটো জপনামুখ!
মনৰ শান্তি নহ'ল। ভোৰভোৰনি শান্ত নহ'ল।
ভোৰভোৰনিতে নুমাব ধৰা ভোটাটোত তেল অকণ পৰিল
ভোৰভোৰনিয়ে হোৱা ভাতক কৰিলে চাউল

ভোৰভোৰনি বুঢ়ীয়ে জীৱনত বিচাৰিছিলে কি
কোনেও নুবুজিলে। এদিন হঠাৎ
ভোৰভোৰনি নোহোৱা হ'ল। ঘৰখন নিজম পৰিল।

কথাবোৰ কথাই। ভাষাৰে নাটে।
ভোৰভোৰনিতে কথা, বেথা, লেঠা। ভোৰভোৰনিতে
জীৱনৰ এঠা।

ভোৰভোৰা বৌটি ভোৰভোৰা।
ভোৰভোৰা আইতা ভোৰভোৰা।

গয়া কাশী বৃন্দাৱন সকলো অসাৰ,
ৰুমালত ফুল তুলি থকাৰ মাজতে তাই গুণে-গাঁ‌ঠে
বৌটি তোৰ ভোৰভোৰনিহে সাৰ।।



Sunday, July 21, 2019

বাৰটা অসম্পূৰ্ণ কবিতা সম্পৰ্কে তেৰ নম্বৰটো কবিতা


পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট
পাৰিলোঁহেতেন চাগে’ একেলগে খোজ দিব বাকীচোৱা বাট

বিভিন্ন সময়ত মাত্ৰ এশাৰী লিখি আৰু আগুৱাব নোৱাৰি   
তেনেকৈয়ে পেলাই থোৱা কবিতাবোৰৰ মাজৰ বাৰটা শাৰী।



Saturday, July 20, 2019

বৃত্তৰ ইতিবৃত্ত


Pankaj Jyoti Mahanta-ৰ প্ৰতি

[পংকজ, বৃত্তৰ মাত্ৰা এক হোৱাৰ সুবিধা কি জানানে?
যিকোনো গুণফল সেই গুণকৰ সৈতে সদায়ে একে। একেই অনেক।
বৃত্ত একেসময়তে শূন্য, বৃত্ত একে সময়তে এক।]

এডাল সৰলৰেখাৰ অনন্তৰ ধাৰণাটো কেৱল এটা ধাৰণা
আপোনাৰ টোকাবহীখন বা নক্সাৰ আধাৰে
অনন্তক আগুৰিব নোৱাৰে

এটা বৃত্তই পাৰে। বৃত্ত অনাদি। বৃত্ত অনন্ত।
বৃত্ততে সমস্ত তন্ত্ৰ। বৃত্তই ঔমকাৰ।

বৃত্তৰ এখন ভিতৰ-বাহিৰ আছে।
বৃত্তৰ কৈ কৈ কাহানিও শেষ নোহোৱা এটা সাধুকথা আছে।

নিজ আৰু অন্যৰ এটা দ্বন্দ বৃত্তই সদায়ে উপভোগ কৰে

বৃত্ত স্থবিৰ হৈয়ো চঞ্চল
বৃত্ত এটা দেখি
আপোনাৰ চকুৱে পাক-ঘূৰণি খায়

বৃত্তৰ ভিতৰৰখিনিয়ে বাহিৰলৈ
আৰু বৃত্তৰ বাহিৰৰখিনিয়ে ভিতৰলৈ
অহৰহ হেঁচা প্ৰয়োগ কৰে

বৃত্ত এটা নোহোৱাকৈ আমি বৰ্তি থাকিম কেনেকৈ?
এয়া সৰ্বকালৰ সৰ্বস্থানৰ সৰ্বমানুহৰ সংকট

(বৃত্ত ভাঙিব খোজা মানুহে অঁকা বৃত্তবোৰো
দেখিবলৈ বৃত্তৰ দৰেই)

বৃত্তটো দেখিবলৈও শূন্যৰ নিচিনা গোল, কিন্তু বৃত্তৰ মাত্ৰা এক
এখন কাগজ, এডাল আঁক
দীঘ নাই, বাণি নাই
অথচ
দীঘো আছে, বাণিও আছে
ত এক্সেই ৱাই, ৱাইয়েই এক্স

সৰল ৰেখা আচলতে কিমান সৰল?
এই প্ৰশ্ন সদায়ে ৰৈছে
এখন গোলাকাৰ পৃথিৱীত, এখন ঘূৰ্ণীয়মান ব্ৰহ্মাণ্ডত
সৰল ৰেখাৰ সৰলতাৰ সংজ্ঞা সন্দিহান
ত্ৰিভূজৰো আছে বহুৰূপ, বহুৰূপ ট্ৰেপিজিয়ামৰো

একক। পৰম। সৎ।
কেৱল
বৃত্ত।

(পুনশ্চ অথবা বি:দ্ৰ:- ভাললৈ হওক বা কাললৈ হওক!)





কাণখোৱাৰ ঘৰ (তিনিটা তিনিশৰীয়া কবিতা)


১)
কেতিয়াবা নিজৰে নিজকে কিবা অন্য অন্য যেন লাগে।   
কামৰ পৰা আহি সন্ধিয়াটো ঘৰৰ পিৰালিতে কটালোঁ    
ঘৰৰ ভিতৰলৈ অন্য মানুহ সোমাই অহাটো বিচৰা নাছিলোঁ‌। 

২)
নিজৰ পৰা পলাই তোৰ কাষ চাপোতে যিটো ঘৰত আশ্ৰয় লওঁ
তোৰ পৰা পলাই নিজৰ কাষলৈ আহোতেও
ঘৰ একেটাই

৩)
মানুহবোৰে ফোন কৰি সোধে ঘৰলৈ কেতিয়া আহিবা।
মানুহবোৰে ফোন কৰি সোধে ঘৰলৈ কেতিয়া যাবা।
ঘৰলৈ আহিম নে ঘৰলৈ যাম? তলকিব নোৱৰাতে ৰয়।



নাৰ্চিছিষ্ট মেঘ


সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চায়
উতনুৱা মেঘ এজোলোকাৰ বাবে জুৰিটি তাকৰ পৰে
মেঘৰ সম্প্ৰসাৰণ সহজ, জুৰিটিৰ নহয়
মেঘ জোলোকাই ডাঙৰ দাপোন এখন বিচাৰে

সৌ কাজল কাজল মেঘ যি জুৰিত দাপোণ চায়
চাই লাকানিয়ান নিজকে বুজি পায়
মাথোঁ বুজি নাপাওঁ
বুলে শ্বাহৰ নিজৰ নিজকে বুজি পোৱাটো বুজি পায় নে নাপায়।

জুৰিৰে নাটে
নিজৰাৰে নাটে
নদীয়ে নাটে
নদেও নাটে

পথাৰ ওপচাই পানী হয়, ঘৰৰ পদূলিলৈ পানী বাঢ়ে, হায় ঐ হায়!
মূধচ চুই পাৰ হৈ মহতিয়াই যোৱাকৈ
হয় পানী। পানী হয়। পানী আৰু পানী। কাজল মেঘে দাপোন চায়।
ঘোলা পানীত কি দেখে নাজানো, তথাপি কাজল মেঘে মুখ চায়

এনেতে আহে মেঘৰ মাক। বাচা, এয়া কি কৰিলি কাণ্ড!
মেঘ আঁতৰে। বান জামৰে।
মৰা জীৱদেহ গলি গোন্ধায়
কাৰোবাৰ বুকুত মেঘৰ ক’লা দাগ ৰৈ যায়।

দাগ আঁতৰাই হাতখনি বুলায় আমাৰ শ্যামবৰণী আই…