দুগদুগুৰ
দুগদুগুৰ কামিহাঁড় দুটুকুৰ,
দুগদুগুৰ
দুগদুগুৰ মধুপুৰ বহুদূৰ;
দুগদুগুৰ
দুগদুগুৰ ল.সা.গু.ৰ নে গ.সা.গু.ৰ,
দুগদুগুৰ
দুগদুগুৰ জীৱন মূৰকটা মাগুৰ।।
দুগদুগুৰ
দুগদুগুৰ পোন নহয় নেগুৰ,
দুগদুগুৰ
দুগদুগুৰ খেজুৰৰ উতলা গুড়;
দুগদুগুৰ
দুগদুগুৰ হাত-কটা ঠাকুৰ,
দুগদুগুৰ
দুগদুগুৰ নাকটি নাগুৰ।।
দুগদুগুৰ
দুগদুগুৰ লক্ষিন্দৰৰ ভূৰ,
দুগদুগুৰ
দুগদুগুৰ তমসা ঘনঘোৰ;
দুগদুগুৰ
দুগদুগুৰ কথা কি পাতিবা? ধূৰ!
দুগদুগুৰ
দুগদুগুৰ এৰাবাটৰ সুৰ।।
দুগদুগুৰ
দুগদুগুৰ bigger-than-বেন-হুৰ,
দুগদুগুৰ
দুগদুগুৰ অ’ দৰৱিছ ঘূৰ;
দুগদুগুৰ
দুগদুগুৰ হুৰ বতা চৰাই হুৰ,
দুগদুগুৰ
দুগদুগুৰ শিয়ালীৰ ৰতনপুৰ।।
দুগদুগুৰ
দুগদুগুৰ
দুগদুগুৰ
দুগদুগুৰ
দুগদুগুৰ
দুগদুগুৰ তোৰ বুকুৰ
দুগদুগুৰ
দুগদুগুৰ মোৰ বুকুৰ।।
