Tuesday, October 22, 2013

ৰবাব টেঙাৰ আবেলি


ভাবী-শহুৰৰ ঘৰৰ পৰা অনা ৰবাব টেঙা এটা বখলিয়াই
ভোট জলকীয়া ভোঁহাৰি লৈছিলোহে

জেওৰা খুটিৰে আন এটা ৰবাব টেঙা খুচি গদা এটা সাজি
সি বীৰদৰ্পে মাতিলে-
পৰ্বতত আছিলোঁ মই আলু কচু খাই...

আমাৰ বাৰীৰ পিছফালে ৰবাব টেঙাৰ গছজোপাত তেতিয়া
বেলিটো ওলমি আছিল

সেই বেলিটোতে গোৰ মাৰি দি আমি ফুটবল খেলিছিলোঁ

বেলি নহয়, পৃথিৱী।
গোলাকৃতিৰ। দুই মূৰে দুই মেৰু। মাজেদি অক্ষৰেখা।

সেয়েহে বঙালীত যেতিয়া ইয়াক বাতাবী লেবু বুলি কয়
মোৰ খং উঠে। নেমু? ই নেমু মাত্ৰ?

সেই তাহানিৰ দৰেই আমাৰ গাঁৱ ভাদমহীয়া ভাওনাত
আজিও বন-জংঘলৰ দৃশ্যাংশৰ বাবে গছৰ ডালত
ৰবাব টেঙা দুটামান বান্ধি ওলোমাই দিয়ে।
আট্টহাস কৰি ৰাক্ষসে যেতিয়া যুদ্ধৰ মাজতে তাৰে একোটা
ঐছন প্ৰকাৰে দলি মাৰি দিয়ে
আমি কীৰিলি পাৰি উঠোঁহক

নগৰীয়া ব্যস্ততাৰ মাজত হেৰুওৱা বহু কিবাকিবিৰ মাজত এটা হ'ল
আবেলি
আবেলিবোৰ হেৰালত আবেলি আবেলি গোন্ধও হেৰাল
হেৰাল তোমাৰ খোপা
হেৰাল উদাত্ত অশোকৰ থোপা
গধূলি গোপালৰ জোপা

নবখলিওৱা ৰবাব টেঙা এটা আছে, তাকে লিৰিকি বিদাৰি আছোঁ
কাণখোৱাৰ নিৰলা ঘৰত আজি ৰবাব টেঙাৰ আবেলি

ভূগোলকৰ দৰে ৰবাবটেঙাতে কোনোবাখিনিত দেখা পাওঁ নেকি মোৰ দেশ
পাওঁ নেকি দেখা তোমাৰ দেশ অথবা সিহঁতৰ দেশ
ধূৰ্! বাৰেবিংকৰা কথা ভাবি কিনো ভাল পাওঁ
আহ পৃথিৱী তোক আজি বখলিয়াই খাওঁ...

আৰু আলপ শেঁতা পৰি তললৈ নাম বেলি, মাৰাডোনা হওঁ
যমুনা পাৰৰ পৰা গোৰ এটা মাৰি ইণ্ডিয়া গে'টত গ'ল এটা কৰোঁ...  

[প্রথম প্রকাশ- 'প্রকাশ']

Sunday, September 29, 2013

দেহা হাৰমনিয়াম




দেহা, আমি যে একেলগে কটাইছিলোঁ মুখামুখি
প্ৰতিটি সন্ধিয়া- সন্মুখত নবজা হাৰমনিয়ামটো লৈ;  
ইমন কল্যানেৰে সন্ধিয়া পাৰ হৈ
আমি কাটিছিলোঁ মালকোশৰ ৰাতি

চিৰাজ ভাইৰ হাৰমনিয়ামটোৰ অভাব বাৰুকৈ অনুভৱ কৰোঁ  

দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ ভঙা হাৰমণিয়ামটোও আছিল   
এনেয়ে পৰি বহুদিন মোৰ ওচৰত বাৰে বাৰে আক'  
কোনোবাই যেন সুধিছে, সেইটো দেখিলেই মনলৈ ইয়াকে আহিছিল,-  
বুকুৰ কামিহাড় হ'লে দালি দালি কালৈ চিন্তা কৰি থাক'...   

সমুখত ভঙা হাৰমনিয়াম মানুহ নথকা ঘৰ
দুৱাৰ আছে খিৰিকী আছে
নোলায় নোসোমায় কোনো কোনো অতিথি কোনো চোৰ

সম্ভাৱনাৰে চহকী এটা প্ৰাণহীন দেহ 
এটা ঘৰ্ষণৰ বাবে উন্মুখ কিন্তু
কাৰো হাতৰ পৰশ নপৰা এটা জুইশলা বাহ 

এদিন তই কৈছিলি চতিয়না ফুলিলে তোৰ শ্বাস-কষ্ট হয়   
মোৰ হাৰনিয়ামবোৰৰ যেন সদায়ে চতিয়না ফুলে দূৰ ব্যাপ্তি
হাপানি ৰোগীৰ দৰে কাহানিও সিহঁতৰ মাত ঠিকে নোলায়    
তথাপি হাৰমনিয়াম! আঙুলি বুলাওঁ নাজানি নুবুজি বাৰেপতি  

হাৰিমনিয়াম এটা চাৰিকুনীয়া বাকচ তাতে ছটি ছিদ্ৰ শ্বাস প্ৰশ্বাসৰ       
চাৰিবেৰৰ এটা ঘৰ লালনৰো ঘৰ, মাধৱ দাসৰো ঘৰ আৰু আজানৰ    
সেই ছটি ছিদ্ৰইদি অহা যোৱা কৰে ছজন নাৱৰীয়া ছজন চোৰ   
এই দেহ ঘৰত বাৰু ছয় চোৰে সিন্ধি খান্দে, চুৰি কৰে কোনে?   
এই দেহ নদীত ছজন মাঝিয়ে ব'ঠা মাৰে, গুৰি ধৰে কোনে?   

যমুনাৰ বালিত পৰিল ৰাজহংসৰ পাখি
'তেবা আছে মাধৱ দাসৰ পূৰ্ণানন্দ হৰি? 
কাণখোৱা তোৰ মাটিৰ শৰীৰ, মাটিৰ ঘৰ
কাহানি দাউ দাউ হয় শুকান বাঁহৰ খৰি

বুকুৰ কামিহাড়ত সঁজাল আঙুলি বুলায় কোনে?  
হাৰমনিয়ামটোৰ এই যে ক'লা বগা ক'লা বগা কামিহাঁড়      
উঠা নমা কৰে কাৰ হাতৰ পৰশত ঘনে ঘনে?    
মই এটা হাৰমনিয়াম লাগে মাথোঁ হাতৰ পৰশ তোমাৰ   

এই বাগানতেই ফুল ফুলিছে, তাৰ সৌৰভত জগত মজিছে       
মাথোন নমজিল লালনৰ মন কাণখোৱানো বাৰু কোন কূটা?
সন্ধিয়াৰ আকাশত মোৰ হাত একেবাৰে নাই, কি ফুল ফুলিছে?     
মইনো কি জানোঁ বাৰু, কোনে বাচিছে গুটি গুটি তৰাফুলৰ বুটা?      

কামৰ পৰা উভতি আহি নিতৌ থিতাতে   
হাৰমনিয়ামটো উলিয়াওঁ   
'লা আৰু বগাৰে কামিহাড় আছে তাতে   
তাতে আঙুলি সযত্নে বুলাওঁ   

একোটিকে মাৰলি শাৰী শাৰী ৰুৱা তাত
মাৰলিত বিন্ধিলে ঘূণে

বাৰে বাৰে হতাশ হওঁ, একোকে নেজানিলোঁ
অথচ এনেকৈয়ে ইয়াতে হেনো, জানোঁ জানোঁ, 
ইয়াতে শইচ ফলে ইয়াতে জুই জ্বলে ইয়াতে জীৱনে বিজুলীয়ায়   
বেলি বুৰে, বেলি উঠে _ নৃত্যৰতা হয় দেখোঁ সসাগৰা পৃথিৱী ঘনায়     

মোৰ জীৰ্ণ শীৰ্ণ শৰীৰটো একোবাৰ চুই চাওঁ    
কামিহাড়বোৰ চুলে বুজি পাওঁ কিবা এটা বাজি উঠিছে  
মাথোঁ এটা ছন্দৰ অভাৱ এনেকৈয়ে বুজি পাওঁ   
এই মনৰ লগতে এই দেহেও তোমাকেই বিচাৰিছে   

তুমি সঙ্গত নকৰিলে মই কি সুৰ কেনেকৈ বজাব পাৰোঁ কোৱাচোন? 

Tuesday, August 20, 2013

দৈহিক

[Entre la peur et le confort]

জোন নাছিল সাগৰ নাছিল
কোনোবাখিনিত আকস্মিক জোৱাৰৰ
এটা উকমুকণি আছিল

আকাশত মেঘ নাছিল ধুমুহা নাছিল
কোনেও ক'তো বাঁহী বজোৱা নাছিল
দুটি শৰীৰক শৰীৰৰ বাদে
আন একোৰে প্ৰয়োজন নাছিল

কোনো কথা নাছিল একোৰে প্ৰতিশ্ৰুতি নাছিল
থকাৰ কথাও নাছিল
ইজনে সিজনক চুই যে শিহৰিত হৈ উঠিছিলোঁ
তাৰ মাজত কোনো শঙ্কা, দ্বিধা বা ভয় নাছিল

কমলা ৰঙৰ এটা সুৰংগ আছিল
হঠাতে নামি অহা সূৰ্যৰ বাবে এটা বাট আছিল
এটা নিচুকণি গীত গুণগূণাইছিলি তই

সেইদিনা আমাৰ কোনো দেশ নাছিল

Drawing: Chálika Del Rosario

Wednesday, August 7, 2013

আইনষ্টাইনৰ বেহেলা

আইনষ্টাইনৰ বেহেলা শুনি কাষ চাপি গৈছিলোঁ।
মই অসমৰ পৰা অহা বুলি শুনি তেওঁ এটা
ভূপালি ৰাগ বজালে। প্ৰাৰ্থনাৰ দৰে কৰুণ।
অসমীয়া সঙ্গীতত হেনো ভূপালিৰ কিবা এটা
এৰাব নোৱাৰা সম্পৰ্ক আছে।
আমাৰ দেশৰ কথা আৰু কি জানে বুলি সোধাত ক'লে
তেওঁ ভালপায় এই ভূখণ্ড - হেনো সাইলাখ গেলেক্সী
অযুত তৰাৰ সমাবেশ
হু আলোকবৰ্ষৰ কাহানিবাই নিৰ্বাপিত কোনোবাটো তৰা
এতিয়াও ঢিমিকিয়াই আছে
এই অদ্ভূত দেশ। সময়ৰো এইখিনিতেই শেষ।

মই তেওঁৰ মুখতে টপৰাই ক'লোঁ, তেনেহ'লে আপুনি ক'ব নেকি
এইখিনিতেই পোহৰৰো শেষ?
মোৰ কথা শুনি তেওঁ জিভাখন উলিয়াই হাঁহিলে মাথোঁ।
নৱকান্তই ক'লে তাৰমানে? মই ক'লোঁ-
ঠিক তেনেকৈ মুখামুখিকৈ লগ পোৱা নাই অৱশ্যে। পিছে ক'ত আছে তেওঁ?
তেওঁ নাই। বুদ্ধক দিবলৈ বুলি সৰিয়হ বিচাৰি
গ'লগৈ। সৰিয়হ নাপালে।

তেনেতে ভূপেন চকীদাৰে ঘণ্টিত দিলে কোব
পঞ্চম স্বৰত বাজি উঠিল ঢং
ডিফুৰে ভাইটি, শদিয়াৰে ভণ্টি
কোকৰাঝাৰৰ ৰাভাৰ সৈতে লোহিতমুখৰ কণটি
দৌৰি আহিল।

হঠাৎ কিনো হ'ল
হয়তো কোনোবা নদী বেপাৰীয়ে ক'ৰবাত 
বান্ধ খুলি দিলে
ফেনে ফটোকাৰে লুইতৰ পানী ঢলে বলে আহিল
মাটিয়ে ফাট মেলিলে। তৰ্জনে গৰ্জনে মাটি ফাটিবলৈ ল'লে।
তুলসীৰ তলত মৃগপহুৰ স'তে আখৰা কৰি আছিল প্ৰভূ ৰামে।
ল'ৰাহঁতে প্ৰভূ ৰামক বিপদৰ কথা ক'লত, এয়ে সময়
মাটি ফালি উলিয়াম ক'ত আছে মোৰ সীতা সুন্দৰী বুলি
প্ৰভূ ৰামেও আৰু হে বেছিকৈ খান্দিবলৈ ল'লে মাটি
জিয়'প্লাটনিক গতি বিধিৰ অধ্যয়ণ কৰা গবেষক সকলেও
ছেগ বুজি আৰম্ভ কৰিলে গবেষণা। ফলা মাটি আৰু অলপ
দ কৈ ফালি তেওঁলোকে বিচাৰিলে
অধ্যয়ণৰ সমল।

মাটি ফাটি ফাটি, পানী বিয়পি গোটেইখনতে
একো একোটা সৰু সৰু দ্বীপ হ'ল।
একো একোটা নিৰ্জন দ্বীপত ৰৈ গ'ল একো একোজন
নিঃসংগ মানুহ।

দিখৌৰ বালিত আছ নেকি কোনোবা খুচৰি বালিৰ বুকু
আছে নেকি, ইয়াতে আছে নেকি ক'ৰবাত আজানৰ চকু
হাতীপটিয়েদি বাট বুলি গৈ থকা ঐৰাৱতৰ পিঠিত উঠি
আইনষ্টাইনে বেহেলা বজাইছে

ক'ৰবাত হয়তো এতিয়াও ৰুণুমীয়ে আইতাকৰ পৰা তাঁতৰ কাম শিকিছে।
ছিগা সূতা ভালকৈ জোৰাবি আই
নহ'লে লাগিব লেঠা।
ময়ো ভুলতে মন্দিৰত সোমোবা ছাগলী এটা দেখি
তাৰ পিছে পিছে খোজ ল'লোঁ-
এই ছাগলীটোৰ পিছ লৈয়েই এদিন
কবীৰা তাঁতীৰ ঘৰ ওলামগৈ। ইমান দিনে

বোৱা-কটাৰ কাম শিকা যে নহ'ল...  



মুলুক ফকীৰৰ আলখাল্লা

মুলুক ফকীৰৰ আলখাল্লাত ৰমজানতে দাগ
ওভটাই দে আলখাল্লা ভাগ ফকীৰ ভাগ।

টানি আজুৰি আলখাল্লা সকলোৱে বোলে দে
আৰ পৰা আনি তাৰ পৰা আনি জোৰা কাপোৰখিনি দে।

কোনোবা এজনীৰ হালধীয়া ফ্ৰক আছিল কৰবাত লাগি
ৰঙা এটুকুৰ কাৰো ব্লাউজৰ পৰা আহিছিল ছিগি

নীলা এডোখৰ আছিল তাতে কাৰোবাৰ লুঙীৰ পৰা
যিয়ে যেনেকে' য'ৰ পৰা পাৰে ছিঙিলে কাণি-ডোৰা।

ফ্ৰকটো ব্লাউজটো লুঙ্গীখন কত বিচাৰি পায়
লাভৰ মুৰত হাতে হাতে ফটা কাণিৰ হে ঠাই

কি আলখাল্লা আছিলি কি আলখাল্লা হ'লি
হৈ হুল্লুৰ হাল্লা গোল্লা আৰু হুলাবুলা হ'লি। 


ঘৰ আং বাং দেশ বেবেৰিবাং

[কাণখোৱা তোৰ ঘৰটো আজি হেলেক পেলেক
হাত সাবটি কিনো চাই আছ পেলেকা পেলেক?]

খেনোৱে দিছে খোলত বোল
খেনোৱে টানিছে ভাঙ
বীৰ ৰসত খেনো মছগুল
দিছে তৰোৱালত শাণ

খেনোৱে বিচাৰি পুৰণি হেং দাং
খেপিয়াইছে ধোঁৱা চাং
আকাশত দেখি কাকতি ফৰিং
মেলি দিছে কুকুৰ ৰাং

খেনো যদিও চালাক চতুৰ
খেনো তেনেই হেবাং
বাহিৰত দেখি বুট জোতাৰ ঢং
দুবাৰত দিছে দাং

মিছাতে নাপাতি আকাশত চাং
বুধি এটাকে পাঙ
নিজৰ ঘৰ তেনেই ধোবাং বাং
সোপাকে হ'ব সাং

Monday, July 15, 2013

মৈত্রেয়ী (চনেট)



তোমাক ক'ব খোজা কথাষাৰনো মই ক'ত কেনেকৈ ক'ম? 
নদীৰ পাৰত ক'লে নৈয়ে শুনে, হাবিত ক'লে বিৰিখে শুনে। 
অৰঙে দৰঙে গা ঘেলাই ফুৰা নৈ চৰিত্র কি বখানিম?  
জানাইতো সকলো, বিৰিখৰো যে বতাহৰ স'তে মেল জমে।

বাৰে বাৰে কিবা এটা ক'ব খোজোঁ এটি দুটি কবিতাতে    
নিশকতীয়া কবি মই, মোৰ কবিতাৰোতো কোনো ভাৰসা নাই
আজিলৈকে একো কামেই কৰিব পৰা নাই ঠিকমতে
কাৰো অশ্রু মচিব পৰা নাই, ক'তো জুই নুমুৱাব পৰা নাই  

যিমানে খুলি দিওঁ হাতৰ মুঠি, ঘূৰি মোৰ এন্ধাৰলৈকে সোমাই আহে
নিজতে গুজৰি নিজতে গুমৰি মোৰ কবিতা নিজতে জামৰি পৰে  
মোৰ শব্দবোৰ কেনেকৈ জিয়াব বাৰু তোমাৰ উশাহৰ উম নাপালে?  
মোৰ কবিতা হৈ পৰিল নন বায়োডিগ্রেডেবল্‌ আৱর্জনাৰ দৰে  

নগৰে চহৰে ঘূৰি ঘৰে ঘৰে বহু দুৱাৰত টুকুৰিয়ালে   
তোমাৰ তেজৰ বাটটোহে মোৰ কবিতাই আজিলৈ নিচিনিলে।