Friday, October 29, 2021
আইনু নথকা গৈহেটী
Monday, October 18, 2021
ঘৰ
হাতখন মেলি দিওঁতেই হাত এখন পালোঁ।
এনেয়েও মোৰ গা-টো গৰম, সৰুৰে পৰাই।
হাত দুখন লগ হৈ এটা অদ্ভূত ঊমৰ উমান পালোঁ।
গম পালোঁ, ঘৰ পালোঁহি।
ঘৰ এইখিনিতেই!
নৱগ্ৰহ স্মশান (গৈহেটী)
পূৱা-গোধূলি-মাজৰাতি খিৰিকীখনেদি চাওঁ
লিকটীয়া
Saturday, August 7, 2021
জোন
কি হয় সেইটো বুজাবলৈ সি কি নহয় সেইটো
মন কৰিলেও হয়। দৰ্শনৰ (তৰ্কবিদ্যাৰ) তত্ব।
কি প্ৰয়োজনীয় সেইটো বুজাবলৈ কি প্ৰয়োজনীয় নহয়
সেইটো হিচাপ কৰিলেও হয়।
ভাড়াঘৰ সলনি কৰা মানুহে এইটো আটাইতকৈ ভালকৈ বুজে।
সাধাৰণীকৰন উচিত নহয় বুলি জানিও এই কথা ক’বই পাৰোঁ-
একোৰে একো কামত নহা বস্তু এবিধ
আমাৰ সকলোৰে জীৱনত আছে
সি হ’ল এই জোনটো
জোনটো নাথাকিলে আপোনাৰ জীৱনত কি সলনি হ’লহেতেন?
পূৰ্ণৰূপত জোনটোতো সদায়ে নাথাকে
অমাৱশ্যা বুলিয়ে কোনোবা ক’ৰবাত আওমৰণে মৰিছে নেকি?
জোনহীন পৃথিৱীত
মোৰ কি হ’লহেতেন? তাইৰ কি হ’লহেতেন? আপোনাৰ একা?
এই পৃথিৱীখনৰেই বা কি হ’লহেতেন?
তথাপি জোনটো থাকিল। আছে।
নিজৰ মতে।
তয়ো থাক।
শালিকী এ ৰতৌ তৌ
থাক থাক থাক।।
পাহৰন
মই তোমাক কাহানিও পাহৰিব নোৱাৰিম
এই কথাষাৰকে ক’বলৈ তোমাৰ ঘৰলৈ গৈছিলোঁ।
কিন্তু কেতিয়া গৈছিলোঁ তাৰ দিন-বাৰ-তাৰিখ
মোৰ মনত নাই
পাহৰিলোঁ।
(মিচিং কবি নৰহৰ কবিতাৰ অসমীয়া অনুবাদ]
#কাণখোৱাৰঅনুবাদ
গোপন
কথা আছিল কথাবোৰ
আমাৰ কথাবোৰ
মানে আমাৰ নিজৰ মাজৰ কথাবোৰ
তেনেকৈয়ে থাকক। নিজৰ মাজতে। গোপনে।
কিন্তু মই যে কবি। আৰু তুমি?
তুমিতো কেৱল মোৰ নহয়, তুমি কবিৰো প্ৰেমিকা।
মোৰ যেনেকৈ তুমি, মোৰ মাজৰ কবিজনৰো তুমি!
মই কবিয়ে এটা কবিতা লিখিলোঁ।
মই কবিয়ে এটা কবিতা লিখিলে।
(থাৰ্ড পাৰ্ছন চিংগুলাৰ নাম্বাৰ- সেয়া বৈয়াকৰনিকৰ বিচাৰ্য)!
এতিয়া কবিতাটো সকলোৰে
আমাৰ কথাবোৰ সকলোৰে।
তুমি মই আমি সকলোৰে।
[আৰ্জেণ্টিনাৰ কবি জুৱান অ’ৰ’জক’ৰ (Juan Orozco) কবিতাৰ অসমীয়া অনুবাদ]
#কাণখোৱাৰঅনুবাদ
আমি
বহুসময় হ’ল তুমি আৰু মই
নদীবোৰৰ পাৰত বহি আছোঁ
বহুসময় হ’ল তোমালোক আৰু মই
মুকলি আকাশবোৰৰ তলত বহি আছোঁ
বহুসময় হ’ল তোমালোক আৰু আমি
ঘাঁহনিবোৰত বহি আছোঁ
আমি একেলগে আছোঁ।
[পাৰস্যৰ কবি হাতিফ ফাৰুকিৰ কবিতাৰ অসমীয়া অনুবাদ]
এটা মৌলিক কবিতা
প্ৰ’ষ্ঠেটিক হৃদয় এখন লৈ
মৌলিক কবিতা এটা লিখিবলৈ বহে কবি
পিছে হৃদয়ৰেতো আৰু কবিতা নিলিখে
মগজুত কিলবিলাই উঠে সমালোচক শব্দ
কবিতা যদি লিখিবই লাগে কবিতা মৌলিক হ’ব লাগে
কবিয়ে খুচৰি চায় অভিধান আৰু বিশ্বকোষ
মৌলিক বুলি কোনো মৌলিক শব্দ
কবিয়ে বিচাৰি নাপায়।
[চেকোস্লোভাকিয়াৰ কবি জোচেফ ৱেইনাৰৰ কবিতাৰ অসমীয়া
অনুবাদ (Josef Weiner, Czechoslovakia)]
জেঠী
একোৰেই যত্ন লৈ নাপালোঁ-
না নিজৰ দেহাটোৰ, না বেদান্তই দিয়া কলমটোৰ
মন্মীতে জন্মদিনত দিয়া জলকীয়া পুলিটো
পানী নাপাই দুদিনতে মৰহিছিল।
কুকুৰ পুহিব নোৱাৰোঁ, মন গ’লেও নোৱাৰোঁ
কাৰণ আবদাৰ বিচাৰে, বিচাৰে আদৰ
(এই হেন উখৰা দেহজমিত সেয়া আৰু ক’ত)?
মেকুৰী পুহিব নোৱাৰোঁ, জানাইতো স্বৰূপ,
নাকাৰ-ডেমাকীয়ে মোৰ মে’ল ইগ’ নামানিব ধূৰুপ।
ভগৱান এজনাকে পুহিম বুলিছিলোঁ, বিচাৰি পাবলৈ টান।
সেয়েহে এইবাৰ নিজগুণে আহি আৱিৰ্ভাৱ হোৱা
জেঠী এজনীকে পুহিছোঁ।
সৌৱা কাণখোৱাৰ ঘৰৰ
ৰান্ধনীশালৰ বেৰত আপোনমনে গৃহগোধিকা;
আৰু এইফালে মই হাৰাধনলৈ মনত পেলাই গুণগুণাও
‘তুমি যা দিয়েছো আপন মনে এবাৰ সকল ফিৰে নাও’…
কণিকিয়া
আজি গোটেই দিনটো বৰষুণে কেৱল কণিয়ালে।
গুলঞ্চজোপাৰ ফুলবোৰে চোতালত বুটা বাচিলে
(সৰি যোৱা ফুলৰ বাবে গছে দুখ নকৰে কিজানি!)।
দূৰে-নিকটে টোপালবোৰৰ ডল্বি-ডিজিটেল ধ্বনি।
অলেখ শব্দবৈচিত্ৰ্যৰ কোলাহলৰ মাজতো শুনি
শব্দহীন গান এটাৰহে নিৰন্তৰ গুণগুণনি।
পুণৰ্জন্ম নামানো, যদি পাওঁ তেনে কিহবাৰ গম,
অহাটো জনমত কচু হ’ম, অথবা ঢেকীয়া হ’ম।
ৰুণুমীৰ ব’হাগ ২০২১
মাকোটো সোমোৱাদি সোমাল ব’হাগ মাকোটো ওলোৱাদি ওলাল।
গুণীৰ গুণ গুণগুণাই, ব’হাগ-গুণাসূতাৰ ঘূণ নমনি।
আঙুলিৰ নখত দাগ। তেনেই উখামুখা মাকোহাত চলিল।
এতিয়া ঘূণীয়া গুণা যোৰা দিওঁতেই এপৰ যাব অ’ ৰুণুমী!
গানৰ বাইদেউ
আপুনি যেতিয়া আমাৰ সন্মুখত গান গাই আছিল, আপুনি তেতিয়া ক’ত আছিল?
ধূলিয়ৰি
বামৰলী তেতিয়া পৃথিৱী ৰঙা কৰাৰ আখৰাত মগ্ন।
আপোনাৰ
আঙুলিবোৰে হাৰমনিয়ামটোৰ ৰীডখিনিৰ ফালে আপোনাক টানিছিল।
আপোনাৰ
চকুদুটাই সযতনে আপোনাৰ নশিকাৰু সকলক নিৰিখিছিল।
আপুনি
আমাৰ চকুবোৰলৈ চাইছিল, আমাৰ মনবোৰলৈ ভুমুকিয়াইছিল।
আপোনাৰ
সুৰত সুৰ মিলাবলৈ গৈ আমি আমাক পাহৰিছিলোঁ।
আপোনাৰ
ওঁঠ দুটিয়ে আপোনাক টানিছিল সন্মুখত থকা প্ৰচেনিয়াম বক্ৰৰেখাৰ ফালে।
আপোনাৰ
ডিঙিত ভাঁজ এটা হৈছিল। থুতৰি আৰু কপাল একেটা উলম্বৰেখাত নাথাকিছিল।
যত্নৰ
আঙুলিবোৰ, যত্নৰ চাৱনিবোৰ, যত্নৰ ওঁঠযুৰি দেখিছিলোঁ।
আপুনি
আমাৰ সন্মুখতে আছিল।
দেহৰ
বনত কুলিৰে সুহুৰি কঁপিলে
গান এটা
ঘটিছিল। সেইখিনিতে জন্ম হৈ সেইখিনিতে মৰা গান এটা।
যত্নৰ
আঙুলিবোৰ, যত্নৰ চাৱনিবোৰ, যত্নৰ ওঁঠযুৰি দেখিছিলোঁ,
দেখি
তধা লাগি ৰৈ ভাবিছিলোঁ
আপুনি
তেতিয়া ক’ত আছিলে
যেতিয়া
বনৰ ফাগুন আহিলে…
আপুনি
সেইখিনিতে আছিলে
বা, আমি তেতিয়া ক’ত আছিলোঁ? আপুনি হয়তো জানিছিলে…
Tuesday, July 6, 2021
বিদায়
বোলে চৰায়ে খাই নাহাগিলে
কুনকুনি জলকীয়া
নহয়
মহাজাগতিক মহাশূন্যতাৰ
বাহিৰে
অন্য শূন্যতাৰ নিজা
অস্তিত্ব নাথাকে
এইখিনিতে জেওৰা
এখন আছিল,
এতিয়া নাই বুলিলে
একধৰণৰ শূন্যতা
তেখেত নাছিল, থকাৰ
কথাও নাছিল
তেখেত নথকাৰ শূন্যতাটো
আকৌ
কি বেং কথা
দিনটো লৰি-ধাপৰি
খেলি দিনান্তত
বিদায় বুলি ঢকা
এটা মৰাটো এক কথা
শালিকীৰো ধান-চাউল
খাওঁতাৰ আকাল নাই
যি নাছিল, যাৰ থকাৰ
কথাও নাছিল,
যাক লগ পোৱা নহ’ল,
হয়তো লগ পোৱাৰ কথাও নাছিল
তাকো বিদায় বোলাটো
কি বেং কথা?
তথাপি বিদায়।
ডেটিং (এক)
কথাবোৰ এনেকুৱা আছিল,
নখবোৰ দীঘল হৈছে।
দাঢ়ি কাটিম বুলি
ভবাতে থাকিল, কটাহে
নহ'ল।
কথাবোৰ এনেকুৱা
আছিল, ইমান জোৰেৰে
গান বজালে কিবা
ভাল নালাগে। অ' ৰ'বা,
আজি কি হ'ল জানা?
আৰম্ভহে হ'ল
কথাখিনি শেষ নহ'ল।
কি হ'ল বুলি তেওঁ
নুসুধিলে,
নে মইহে নক'লোঁ
মনত নাই।
কথা কৈ থকাৰ মাজতে
এবাৰ গমি চালোঁ-
আজি মই বেছিকৈ কথা
কৈছোঁ নেকি!
কথাবোৰ আছিল ভাতখোৱা
শাকখোৱা কথা।
কিন্তু সেইখিনি
সময়তে ভূচিত্ৰাৱলীৰ ৰেখাবোৰ
মচ খাই গৈ বিমূৰ্ত
ৰং এসোপাহে ৰৈছিলগৈ
ফুল তুলিবলৈ ছোৱালীহঁত
উভতি আহিছিল
প্ৰাচীন পুথিপাঁজিৰ
ভঁৰালটোতো জুই লাগিছিল
কিবা এটা অদ্ভুত
চৌম্বুকীয় কাৰবাৰে
সমস্ত ঘড়ী অচল কৰি
দিছিল। আমি
ইজনে সিজনৰ হাতত
হাত থৈ
ঢেৰ কথা পাতিবলৈ
সুযোগ পাইছিলোঁ।
মই আকৌ বেছি কথা
পাতি ভাল নাপাওঁ বুলিও যে
অনৰ্গল কথা পাতি
আছিলোঁ,
কথাবোৰ ঠিক তেনেকুৱা
আছিল
কথাবোৰ তেনেকুৱা
আছিল।
https://www.youtube.com/watch?v=I4EYNtJIu0k
সমুদ্ৰ কাজল শইকীয়া
বৰ্ষান্তিক
বছৰ এটাত যিমান যি নঘটক কিয়
বছৰৰ শেষত বছৰটো
এনেয়ে অথলে যোৱা…
অবাবৰ কোমোৰা এটা
যেনেই লাগে
ঘটিবলগীয়াকৈ তেনেকৈ
একোৱেই নঘটে দেখোন
সকলোবোৰ মনত ৰখা
হ’ব বুলি বুলিছিলোঁ কি
আমিও চাই ল’ম বুলি
বুলিছিলোঁ কি
কি বাটে বাট বুলিম
বুলি বুলিছিলোঁ কি
মণিকালৈ ফোন কৰোঁ
বুলি
ফোনটো আনিবলৈ আনটো
কোঠালৈ গৈ
উভতি আহোঁ
অলপ আগেয়ে সেইটো
কোঠালৈ কিয় গৈছিলোঁ?
কাৰোবাৰ ঘোঁৰাৰ
ঘাঁহ কাটোঁতেই বছৰটো যায়
ঘঁৰিয়ালৰ খাল খান্দোতেও
যায় কাৰোবাৰ
তথাপি বছৰটোৱে শূন্যহাতে
নিজকে সামৰে
কিজানিবা যিটো বছৰত
পৃথিৱীখনেই ছাৰখাৰ হৈ যাব
সেইটো বছৰৰ শেষতো
এনেকুৱাই লাগিব
মুহূৰ্তে মুহূৰ্তে
কিমান গ্ৰহ নক্ষত্ৰই অস্তিত্বৰ কাহিনী সামৰিছে
তাৰ মাজত ই এখন
পৃথিৱীৰ অৱলুপ্তিনো
কিটো ডাঙৰ কথা?
এৰা, বছৰটো যেতিয়া
শেষ হ’বলৈ লয়
ডাঙৰ কথা বুলিবলৈ
একো নাথাকেগৈ
(অৱশ্যে দুটামান
ডাঙৰ কথা থাকে সেইবোৰ
কুইজত আহিব বুলি
ছাত্ৰছাত্ৰীসকলে একোবাৰ জুকিয়াই লয়)।
ছবিতা
তোমাৰ মাহটো কোনফালে আছে?
কি কথা সুধিবলৈ
আহিছা? ফটোখন দেখা নাই জানো?
দেখিছোঁ বাবেইতো
সুধিছোঁ
নহ’লে তোমাৰ মাহ
এটা আছে বুলিনো কেনেকৈ জানিলোঁহেতেন
এতিয়া কথা হ’ল
ফটোখন কি কেমেৰাৰে
তোলা। যদি ফ্ৰণ্ট কেমেৰাৰে তোলা
মাহটো আচলতে ওলোটা
ফালেহে আছে বুলি ধৰিম।
এতিয়া তুমি মোক
আঁকিবলৈ দিয়া ছবিখন
কাৰ মতে আঁকিম?
মোৰ মতে, তোমাৰ মতে নে কেমেৰাৰ মতে?
ছবি এখনৰ মতে, এই
সময়ৰ ছবিবোৰৰ মতে, মানুহে চাই ভাল পাব
সেই মতে নে কোন
মতে?
ৰীতি মতে নে তিথি
মতে? নে ইচ্ছা মতে? বাৰু আন নালাগে,
সদ্যহতে ইয়াকে কোৱা-
তোমাৰ মুখৰ মাহটো
মই কোনফালে আঁকিম?
হ’ল নহ’লৰ চনেট
হ’লবোৰেৰে জীৱনটো হ’ল নে নহ’লবোৰেৰে হ’ল?
হ’লবোৰেৰে কিছুমান যে নহয় - বুজিলোঁ অতখিনি
নহ’লবোৰেৰে হ’ল
কি কি সেয়াও দেখিলোঁ ভালেখিনি।
নামটো এৰি মালিকৰ
আত্মকথা পঢ়িবলৈ নহ’ল।
পদূলিয়ে পদূলিয়ে
কোনে ৰিঙিয়াই গ’ল, শুনো- “গ’ল”;
গ’ল অ’ গ’ল বুলি
কান্দোনৰ ৰোল উঠিল চোতালত।
চকুলো যি নোলাল
তেতিয়া, ওলাল ফুটবল খেলত
হাজাৰ মানুহে উল্লাসেৰে
যেতিয়া চিঞৰিছিল- গ’ল।।
তোমাৰ নামটো হোৱাৰ
ঘৰত ৰ’ল নে নোহোৱাৰ ঘৰলৈ গ’ল?
পূৰ্ণতাৰ-শূন্যতাৰ
নহৰু-পনৰু দুয়োটা বাতি তোমাৰে হ’ল।
ঘিটিঙাই বজা কাঁহৰ
বাতিৰ ধ্বনিটোহে কিজানিবা মোৰ হ’ল।
তুমি নহালৈকে বাৰু
ব্ৰহ্মাণ্ডখনেই মোৰ আছিল, এজ এ হ’ল।
তাৰপিছত অ’ ব্লেক
হ’ল, বাৰ্কাৰ’ল বাৰ্কাৰ’ল, কি বা জানো হ’ল!
কি যে ৰ’ল, কি কেনি
হাতে গ’ল তাকে চাবলৈকেনো কোনেই বা ৰ’ল?
[Email: kankhowa@gmail.com, contact: 9811375594]
Sunday, April 11, 2021
কাণখোৱাৰ বিষাদ-বিলাস
টেঙামৰ্টন বুলি টুপুককৈ খাই থ’বলৈ মন যোৱা
উদয়াস্তৰ বেলিটোৰ বাজে
পৰুৱাই পোৱা পৰুৱাটোৰ বাজে
মগুমাহৰ গজালিটোৰ বাজে
কাৰ এনে সত আছে যি মোক কন্দুৱাব পাৰে
নৰাপেঁপাৰ সুহুৰিটোৰ বাজে
জাকৰুৱা মানুহৰ উথপথপ খোজবোৰৰ বাজে
মুঠিয়ে মুঠিয়ে জ্বলন্ত জোঁৰবোৰৰ বাজে
নিজানৰ কেতেকীটোৰ বাজে
কাৰ এনে সত আছে যি মোক কন্দুৱাব পাৰে
কিংখাপ চানেকীটোৰ গোন্ধ এটাৰ বাজে
কাছৰ পিঠিত চলংখন কিয় হয়-
এনেকুৱা প্ৰশ্ন একোটাৰ বাজে
অ’ পাহাৰৰ বাহাৰ, অ’ ভৈয়ামৰ ভৈয়াই,
কান্দোঁ বুলি কান্দিবলৈ এবাৰ বহি ল’লে
ৰহা-তিপাম-শলগুৰি এনে ক’ত কোন আছে
যি মোক নিচুকাব পাৰে
এই ভৰন্ত পৃথিৱী, এই প্ৰকাণ্ড ব্ৰহ্মাণ্ড
তাৰ বাহিৰে মোৰ বুলিবলৈ কিনো বাৰু আছে?
এখন নিঃস্ব বিশ্ব
Saturday, April 10, 2021
ধোঁৱা
চকুবোৰ গজাল। চকুবোৰ কাঁড়।
চকুবোৰ ধনগুলৈ। চকুবোৰ কঁঠালৰ আঠা।
চকুবোৰ কটা তামোলে লগোৱা জগৰৰ কাহিনী।
চকুবোৰ হাতুৰী। চকুবোৰ নক্ষত্ৰ। চকুবোৰ আঙঠা।
চকুবোৰ বাঁহপাত।
চকুবোৰ ছজন অন্ধ মানুহৰ হাত।
চকুবোৰ দিখৌত উটি যোৱা আজানৰ মাত।
চকুবোৰ কলঙেদি উটি অহা মুণ্ডহীন এজনী ছোৱালী।
চকুবোৰ জোন পাৰিবৰ মন-হাকুটি।
আন্ধাৰত তিৰাইবিৰাইছিল যি চকুবোৰ
নগৰত জগৰ লগাইছিল যি চকুবোৰে
সাগৰ কজলা চকুবোৰত আজি ধোঁৱা
সাগৰ নীলা চকুবোৰত আজি ধোঁৱা
এন্ধাৰৰ দৰে সত্য
চকুবোৰত আজি ধোঁৱা
Wednesday, March 10, 2021
বাসন্তী ইলেকচন ২০২১-ৰ চনেট
ইঘাটে পানী খায় কাণখোৱাই, সিঘাটেও খায় পানী, (২০)
মন্দমতি ঘোঁৰাই পলকতে ভাও
দিয়ে : চাতক! (১৮)
এই দুনীয়াত আন একো নাই, সকলো
নাটক। (১৮)
স্বভাৱতে নাই যি, সি কি সহজে
ঘটে? - লালনৰ বাণী। (২০)
এদিম চেদিম বা বুলি ডাক চাৰিওদিশে
শুনি শুনি (২০)
দেশ উদ্ধাৰিবা? হৌৰা বোপা,
কোন কিহৰ লায়ক? (১৮)
অ’ ডাঙৰীয়া, এতিয়া ভেকো-ভাওনাখন
পাতক। (১৮)
আমনিহে লাগিছে এই প্ৰাক-বৰষুণ
গাজনিখিনি। (২০)
আকাশত বোপা, মেলি দিছা শিপা,
উৰিবই বতাহত। (২০)
দেশ বুলিছা উশাহত, বুজিছোঁ,
আচলতে উলাহত। (২০)
কণী পাৰিবলৈ কুলী হৈ, বিচাৰিছা
কাউৰীৰ বাহত। (২০)
ক’ৰ’ণাৰ ভয় দেখুৱাইছা সজ ফাগুনীয়া
কাহত। (২০)
শৰাইঘাটৰ শেষ ৰণৰ নিচান দেখোঁ
নিজানত (২০)












