মনতে পাগুলি থাকিও যিবোৰ কথা কোৱা
হৈ নুঠে
সেইবোৰ কথাকো বাৰু কোনোবাই কথা বুলি
কয় নে?
যদি ওকমুকাই থাকি মুকুতিৰ সি বাটকে
নিচিনে?
যদিহে কথাবোৰে কেৱল অহৰ্নিশে কথাকে
গুঁঠে?
আৰু ক'লোৱেই বাৰু। যদি তোমাৰ কাণতেই
নপৰিলগৈ
সেইবোৰ একা? ধৰি ল'লোঁ কোৱা হ'ল। শুনাও
হ'ল যেনিবা।
যি নুচুলে তোমাৰ মন সেই কথাকো কথা
কেনেকৈ বুলিবা?
তথাপিও কথাবোৰতো কথায়েই। কথাবোৰৰ কি
হ'বগৈ?
এনে ধামখুমীয়া সময়ত য'ত জীৱনৰে কোনো
মানে নাথাকে
দেশৰো মানে নাই, য'ত মানুহৰ হেঁপাহো
নাবাচে;
ভাষাই য'ত হেৰুৱাইছে ভাৰসা, শব্দৰো
ছন্দ থৰকে বৰকে -
তাত কথাবোৰৰ কি হ'ব? কথা তো তথাপিও
আছে।
নিজতেই নিজে জন্মে। বাঢ়ে। মৰে। জীৱন
একোটা কথাৰোতো থাকে।
কথা আছে। নে কি কোৱা? কথা আছে। কথাৰো কথা আছে। 